তালাত বাছাৰী (Talat Basari, ইৰানী কবি আৰু লেখিকা, ১৯২৩ – ১৮ ছেপ্টেম্বৰ ২০২০) আছিল এগৰাকী ইৰানী বাহায়ী ধৰ্মাৱলম্বী কবি, নাৰীবাদী, শিক্ষাবিদ আৰু লেখিকা।
জীৱনী
কেছপিয়ান সাগৰৰ পাৰৰ বাবল চহৰত জন্মগ্ৰহণ কৰা বাছাৰীয়ে ফাৰ্চী ভাষা আৰু সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু ইৰানৰ ৰাজধানী তেহৰাণৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যাপনা কৰিছিল।১ ১৯৬০ৰ দশকত আহভাজৰ জুন্দিশাপুৰ বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাত তেওঁ ইৰানৰ কোনো বিশ্ববিদ্যালয়ৰ উপ-আচাৰ্য হিচাপে নিযুক্ত হোৱা প্ৰথমগৰাকী মহিলা আছিল।২ প্ৰাচীন ছাছাৰ্নিড সাম্ৰাজ্যৰ গুণ্ডেশাপুৰ একাডেমীৰ স্মৃতিত বিংশ শতিকাত পহ্লৱী ৰাজবংশই এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। ইছলামিক বিপ্লৱৰ পৰৱৰ্তী সময়ত আৰু বাহায়ী ধৰ্মৰ প্ৰতি থকা বিশ্বাসৰ বাবে তেওঁক বিশ্ববিদ্যালয়ৰ পদৰ পৰা বৰ্খাস্ত কৰা হয় আৰু অৱশেষত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে।৩
বাছাৰীয়ে বিখ্যাত পাৰ্চী কবি ফেৰদৌছীয়ে ৰচনা কৰা ৰাষ্ট্ৰীয় মহাকাব্য শ্বাহনামাকে ধৰি ফাৰ্চী সাহিত্যৰ ওপৰত ব্যাপক সমালোচনা প্ৰকাশ কৰিছিল।৪ তেওঁৰ সমালোচনাসমূহ বিশিষ্ট ইৰানী ইতিহাসবিদ ইৰাজ আফছাৰে শ্বাহনামা সাহিত্যৰ চাৰিওফালৰ বৰ্ণনাক পঢ়িবলৈ পৰামৰ্শ দিয়া বুলি তালিকাভুক্ত কৰিছে।৫ ২০১৮ চনত তেওঁ উইমেন অৱ শ্বাহনামা নামৰ এখন ৩৪৭ পৃষ্ঠাৰ কিতাপ প্ৰকাশ কৰে যিয়ে মহাকাব্যখনৰ মহিলা চৰিত্ৰসমূহৰ অধ্যয়ন কৰিছিল। প্ৰতিটো চৰিত্ৰ পৃথকে পৃথকে বিশ্লেষণ কৰা হৈছে আৰু ইয়াত অন্তৰ্ভুক্ত আছে শ্বাহ কাই কাভুছৰ পত্নী ছৌদাবেহ, নায়ক ৰোষ্টমৰ পত্নী তাহমিনেহ, সাহস আৰু মহিলাৰ বাবে আশাৰ প্ৰতীক স্বৰূপ চেম্পিয়ন গৰ্দাফাৰিদ আৰু বৰ্ণ সাম্ৰাজ্যৰ নায়ক ফেৰেডাউনৰ মাতৃ ফাৰানাক।৬ ১৯৬৭ চনত তেওঁ ইৰানৰ নাৰীবাদী আন্দোলনৰ অন্যতম অগ্ৰণী নেত্ৰী জান্দোখত চিৰাজীৰ জীৱনীও প্ৰকাশ কৰিছিল।৭
তেওঁ নিউ জাৰ্চীত বাস কৰিছিল।৮ নিউ জাৰ্চী ভিত্তিক আলোচনী পাৰ্চিয়ান হেৰিটেজৰ সম্পাদনা মণ্ডলীৰ লগতো তেওঁ কাম কৰিছিল।৯ তেওঁ নিজকে বাহায়ী বুলি পৰিচয় দিছিল।১০ বাছাৰীয়ে প্ৰভাৱশালী পাৰ্চী বাহায়ী কবি তাহিৰিৰ জীৱনৰ ওপৰত লিখা কিতাপত সহায় কৰিছিল আৰু শিক্ষাজগতত পাৰ্চীৰ পৰা ইংৰাজী ভাষা অনুবাদত অৰিহণা যোগাইছিল।১১১২
স্বীকৃতি
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলৰ ইছাকুয়া হাইলেন্ডছত অনুষ্ঠিত উইমেন অৱ পাৰ্চিয়া শিল্প প্ৰদৰ্শনীত প্ৰদৰ্শিত হোৱা প্ৰতিকৃতিসমূহৰ ভিতৰত তেওঁৰ এটা প্ৰতিকৃতিও আছিল।১৩
বাহ্যিক সংযোগ
- তালাত বাছাৰী, ৱৰ্ল্ডকেট
তথ্যসূত্ৰ
- ↑ Iranian Women's Equality Calendar
- ↑ Academy of Gundishapur. iranreview.org
- ↑ (30 May 2011). History of the Exclusion of Iranian Baha'is from Higher Education after the Islamic Revolution. Iran Press Watch
- ↑ WorldCat Profile Page. WorldCat
- ↑ Omidsalar, Mahmoud. Notes on Some Women of Shahnameh. Name-ye Lran-e Bastan. California State University. পৃ. 23–48
- ↑ (10 June 2018). Ketabsara Publishes Talat Bassari's 'Women in Shahnameh'. Financial Tribune
- ↑ Paidar, Parvin. (1997). Women and the Political Process in Twentieth-Century Iran. Cambridge University Press. পৃ. 371. ISBN 9780521595728
- ↑ Pirnia, Mansoureh. (1995). سالار زنان ايران: Pioneer Women of Iran – Salar Zanan e Iran – Pirnia. Mehriran Publishing Co. Ltd. পৃ. 94–5. ISBN 9780963312938
- ↑ Persian Heritage Magazine
- ↑ Eshraghieh and Mahmoud Rabbani Collection. bahai-library.com
- ↑ Ahdieh, Hussein; Chapman, Hillary. (2017). The Calling: Tahirih of Persia and Her American Contemporaries. Ibex Publishers. ISBN 9781588141453
- ↑ Pickover, Clifford A. (2009). The Loom of God: Tapestries of Mathematics and Mysticism. Sterling Publishing Company, Inc. পৃ. 10. ISBN 9781402764004
- ↑ Ball, Linda. (17 April 2014). 'Women of Persia' exhibit honors strong, powerful women. Issaquah Reporter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তালাত বাছাৰী” প্ৰবন্ধৰ সংশোধন ৬০৮৮৩৭ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।