তামাৰা জেনকিন্স (ইংৰাজী ভাষা: Tamara Jenkins; জন্ম: ২ মে', ১৯৬২) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন চলচ্চিত্ৰ নিৰ্মাতা আৰু মাজে-সময়ে অভিনয় কৰা এগৰাকী অভিনেত্ৰী। তেওঁ মূলত তেওঁৰ কাহিনীচিত্ৰ স্লমছ অৱ বেভাৰ্লী হিলছ (১৯৯৮), দা চেভেজ (২০০৭) আৰু প্ৰাইভেট লাইফ (২০১৮)-ৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁ দা চেভেজ বোলছবিখনৰ বাবে শ্ৰেষ্ঠ মূল চিত্ৰনাট্যৰ একাডেমী বঁটাৰ মনোনয়ন লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
জেনকিন্সৰ জন্ম হৈছিল ফিলাডেলফিয়াত। তেওঁ লিনিয়ান আৰু মেনুৱেল জেনকিন্সৰ কন্যা।১ তেওঁৰ পিতৃ ইহুদী সম্প্ৰদায়ৰ আৰু মাতৃ ইটালীয়ান-আমেৰিকান আছিল।২৩ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ পিছত, এজন প্ৰাক্তন নাইট ক্লাবৰ স্বত্বাধিকাৰী তেওঁৰ পিতৃয়ে তেওঁ আৰু তেওঁৰ তিনিজন ভাতৃৰ দায়িত্ব লয়। তাৰপিছত তেওঁলোকৰ পৰিয়ালটো কেলিফৰ্ণিয়ালৈ গুচি যায় আৰু তাত পিতৃয়ে গাড়ী বিক্ৰেতা হিচাপে কাম কৰিবলৈ লয়।৪৫ তেওঁ পিতৃ আৰু ভাতৃসকলৰ সৈতে বেভাৰ্লী হিলছত বাস কৰিছিল আৰু ডেৰ বছৰ ধৰি বেভাৰ্লী হিলছ হাইস্কুলত অধ্যয়ন কৰিছিল।
১৯৮০ৰ দশকত জেনকিন্স নিউয়ৰ্ক চহৰলৈ যায় আৰু তাত চিকাগো, লে মিজাৰেবলছ আৰু কেট্ছৰ দৰে প্ৰথম ৰাষ্ট্ৰীয় ভ্ৰমণমূলক নাট্য প্ৰদৰ্শনীত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ ১৯৯৩ চনৰ ব্ৰডৱে পুনৰুজ্জীৱিত নাটক মাই ফেয়াৰ লেডীতো অভিনয় কৰিছিল।৬ ১৯৯০ৰ দশকত তেওঁ নিউয়ৰ্ক ইউনিভাৰ্চিটিৰ টিচ স্কুল অৱ দা আৰ্টচত স্নাতক পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণ পাঠ্যক্ৰমত নাম ভৰ্তি কৰে।৭ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে গুগেনহেইম ফেল’শ্বিপ বিজয়ী জেনকিন্সে চানডেন্স ইনষ্টিটিউটৰ চিত্ৰনাট্য আৰু চলচ্চিত্ৰ নিৰ্মাতা লেবত অংশগ্ৰহণ কৰিছিল।৮ চলচ্চিত্ৰ বিদ্যালয়ত পঢ়ি থকা সময়ত জেনকিন্সে পৰিচাৰিকা আৰু সহায়িকা হিচাপেই ধৰি বিভিন্ন কাম কৰিছিল।৯
ব্যক্তিগত জীৱন
২০০২ চনৰপৰা জেনকিন্স সহ-চিত্ৰনাট্যকাৰ জিম টেইলৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আছে। টেইলৰ নিজেও চাইডৱেছ (২০০৪) বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ একাডেমী বঁটা বিজয়ী হোৱাৰ লগতে অন্যান্য বহুতো মনোনয়ন লাভ কৰিছে।১০ ২০১৯ চনৰ তথ্য অনুসৰি তেওঁলোকৰ এজনী কন্যা সন্তান আছে আৰু তেওঁলোকে নিউয়ৰ্ক চহৰত বাস কৰে।১১ এই দম্পতীয়ে ২০১৮ চনৰ বোলছবি জুলিয়েট, নেকেডৰ (নিক হৰ্ণবিৰ একে নামৰ উপন্যাসৰপৰা অভিযোজিত) চিত্ৰনাট্যখন ছবিখনৰ পৰিচালক জেচি পেৰেটজৰ ভগ্নী ইভজেনিয়া পেৰেটজৰ সৈতে মিলি যুটীয়াভাৱে লিখিছিল।১২
বাহ্যিক সংযোগ
- Tamara Jenkins on FilmBug.com
- Tamara Jenkins, Laughing with 'The Savages', a November 2007 interview on Fresh Air
তথ্যসূত্ৰ
- ↑ (November 30, 1961). Tamara Jenkins - Yahoo! Singapore Movies. Sg.movies.yahoo.com
- ↑ (December 14, 2007). Civilization makes a comeback in 'The Savages'. Jweekly.com
- ↑ (February 22, 2008). Celebrities. Jweekly.com
- ↑ Lim, Dennis. (November 7, 2007). Unblinking Look at Death Without Nobility. The New York Times
- ↑ Giles, Jeff. "Dysfunction Junction." Newsweek 132.7 (1998): 61. Academic Search Complete. Web. May 15, 2012
- ↑ Tamara Jenkins Theatre Credits, News, Bio and Photos. www.broadwayworld.com
- ↑ Tobias, Scott. (November 29, 2007). Tamara Jenkins Interview. The A.V. Club
- ↑ Klein, Joshua. (August 26, 1998). 90210: Tamara Jenkins. The A.V. Club
- ↑ Screenwriter and director Tamara Jenkins on holding onto your vision – The Creative Independent. thecreativeindependent.com
- ↑ Landes, Jennifer. (2019-04-03). Jenkins and Taylor: Masters of the Cinema Universe. The East Hampton Star
- ↑ McCracken, Kristin. (2019-03-14). Screenwriting Explained: Tamara Jenkins + Jim Taylor on April 6. Hamptons International Film Festival
- ↑ Peretz, Evgenia. (2018-08-17). Juliet, Naked: How Adapting a Famous Novel was Like Solving a Puzzle for Its Screenwriter. NoFilmSchool
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তামাৰা জেনকিন্স” প্ৰবন্ধৰ সংশোধন ৫৯৬৯০৬ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।