তাহেৰেহ ছাফৰ্জাদেহ (Tahereh Saffarzadeh) (জন্ম, ১৯৩৬ ইৰাণৰ কেৰমান প্ৰদেশৰ চিৰজানত – মৃত্যু,ইৰাণৰ তেহৰাণত ২৫ অক্টোবৰ, ২০০৮) এগৰাকী ইৰাণী কবি, লেখক, অনুবাদিকা আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আছিল।১
শিক্ষা
তেৰ বছৰ বয়সত ছাফাৰজাদাহে তেওঁৰ স্কুলৰ দেৱাল আলোচনীত বাবে “বীনাভা ৱা জিমিস্তান” (নিঃস্ব আৰু শীতকাল) শীৰ্ষক কবিতা এটা ৰচনা কৰিছিল। এই কৃতিত্বই তাইক হাইস্কুলৰ দ্বিতীয় পৰ্যায়ত সাহিত্যক মেজৰ হিচাপে বাছি ল’বলৈ প্ৰেৰণা যোগাইছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত শ্বিৰাজ বিশ্ববিদ্যালয়ত আইন, পাৰ্চী সাহিত্য আৰু ইংৰাজী সাহিত্য নামৰ তিনিটা সম্ভাৱ্য ক্ষেত্ৰৰপৰা ইংৰাজী ভাষা আৰু সাহিত্য নিৰ্বাচন কৰে।
১৯৬০ চনত ইংৰাজী ভাষা আৰু সাহিত্যত বি এ লাভ কৰে। কিছু বছৰৰ পাছত ইৰাণ এৰি ইংলেণ্ড আৰু তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। আন্তৰ্জাতিক লেখা কাৰ্যসূচীৰ সদস্য হিচাপে গ্ৰহণ কৰাৰ পাছত তেওঁ বিশ্ববিদ্যালয় পৰ্যায়ত ব্যাৱহাৰিক কৰ্মশালা আৰু তাত্ত্বিক পাঠ্যক্ৰমৰ জৰিয়তে লেখিকা, কবি, চিত্ৰশিল্পী আদিয়ে নিজ নিজ ক্ষেত্ৰত শিক্ষকতা কৰিব পৰাকৈ প্ৰস্তুত কৰা এম এফ এ কাৰ্যসূচীতো নামভৰ্তি কৰে। ডিগ্ৰীৰ বাবে ব্যাৱহাৰিক সাহিত্য সমালোচনা আৰু অনুবাদ কৰ্মশালাৰ ওপৰত বিশেষ গুৰুত্ব দি সমসাময়িক বিশ্বৰ প্ৰধান সাহিত্য অধ্যয়ন কৰিছিল। ২
কৰ্ম
ছাফৰ্জাদেহৰ চৈধ্যটা খণ্ডৰ কবিতা পুথি প্ৰকাশ পাইছে। সাহিত্যিক, বৈজ্ঞানিক, কোৰান গ্ৰন্থৰ অনুবাদৰ নীতিৰ ওপৰত দহখন গ্ৰন্থৰ গ্ৰন্থ প্ৰকাশ হৈছে।
অনুবাদ বিজ্ঞানৰ ফলপ্ৰসূতাৰ সন্দৰ্ভত চফ্ফৰ্জাদেই কেইবাটাও তত্ত্ব উপস্থাপন কৰিছে, ইয়াৰে "অনুবাদৰ জৰিয়তে বৈজ্ঞানিক অগ্ৰগতি" তত্ত্বক আটাইতকৈ উল্লেখযোগ্য বুলি গণ্য কৰা হয়। "অনুবাদ: পৱিত্ৰ কোৰানৰ মৌলিক অৰ্থ" (১৯৯৯) পৱিত্ৰ কোৰানৰ ইংৰাজী আৰু পাৰ্চী অনুবাদৰ ওপৰত কৰা তথ্যচিত্ৰ অধ্যয়নত—তেওঁ যিবোৰ মূল ভুল আৰু বিচ্যুতি আছিল সেইবোৰ চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। আৰু সেই ভুলবোৰ বিতংভাৱে উজ্জ্বল কৰি তাই কোৰআনৰ অনুবাদত প্ৰতিশব্দ বা অৰ্থ নিৰ্ণয়ৰ এক নতুন পদ্ধতিৰ দুৱাৰ মুকলি কৰি দিলে; যাৰ ফলত এই অসাধাৰণ অৰ্থগত অনুবাদৰ উন্মেষ ঘটে।২ ২০০১ চনত তেওঁ পৱিত্ৰ কোৰানৰ দ্বিভাষিক অনুবাদ পাৰ্চী আৰু ইংৰাজী ভাষা ভাষাত প্ৰকাশ কৰে; ৩ এইখন পৱিত্ৰ কোৰানৰ প্ৰথম দ্বিভাষিক অনুবাদ আৰু এগৰাকী মহিলাই ইংৰাজীলৈ অনুবাদ কৰা পৱিত্ৰ কোৰানৰ প্ৰথম সংস্কৰণ।৪৫৬
পুৰস্কাৰ আৰু সন্মান
- ২০০৬ চনৰ মাৰ্চ মাহত ছাফৰ্জাদেহে ২০০৫ চনৰ ইছলামিক ৱৰ্ল্ডৰ মহিলা পণ্ডিত উপাধি লাভ কৰে, যিটো ইজিপ্তৰ আফ্ৰিকান-এছিয়ান লেখক সংস্থাই প্ৰতি বছৰে নিৰ্বাচিত কৰে।
মৃত্যু
২৭ ছেপ্টেম্বৰত মগজুৰ টিউমাৰ আঁতৰাবলৈ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও ১৩ অক্টোবৰত তেওঁ ক’মালৈ গৈছিল। সেই সময়ত তেওঁ ইমাম আলী (আঃ)ৰ নিৰ্বাচিত নাহজ-উল-বালাঘাক পাৰ্চী আৰু ইংৰাজীলৈ অনুবাদ কৰাত তেওঁ ব্যস্ত আছিল। ২০০৮ চনত মগজুৰ কেন্সাৰত আক্ৰান্ত হৈ ৭২ বছৰ বয়সত মৃত্যু হয়।৭
Sources
- zamaaneh.com/news/2008/10/post_6780.html
- www.farsnews.ir/newstext.php?nn=8708040168
- atiban.com/article.aspx?id=3164{{Dead link|date=July 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Muslimah Writers Alliance Muslim Women Making History: Tahereh Saffarzadeh
- ↑ Saffarzade's website
- ↑ BelTA News Agency eng.belta.by Tahereh Saffarzadeh: Iranian scholar pioneered English Quran
- ↑ Saffarzadeh Commemoration Due Iran Daily, October 18, 2010
- ↑ Art News in Brief Tehran Times, October 28, 2008
- ↑ (2007). The Sublime Quran. Islamicworld.com. ISBN 978-1567447507
- ↑ upi.com www.upi.com Iranian poet Saffarzadeh dead at age 72 - UPI.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাহেৰেহ ছাফৰ্জাদেহ” প্ৰবন্ধৰ সংশোধন ৬৩১৩৬৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।