অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তাশি চোদেন

তাশি চোদেন চম্বাল (বা: তাশি চম্বাল দৰ্জী; জন্ম ২৯ মাৰ্চ ১৯৯৮) এজনী ভূটানী ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা খিতাপধাৰী। ২০২২ চনত, তেওঁ মিছ ভূটান খিতাপ জিকিছিল, আৰু মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভূটানৰ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভূটানৰ প্ৰথম গৰাকী মুকলিভাৱে সমকামী ব্যক্তিৰ ভিতৰত অন্যতম।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

তাশি চোদেন চম্বাল (বা: তাশি চম্বাল দৰ্জী; জন্ম ২৯ মাৰ্চ ১৯৯৮) এজনী ভূটানী ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা খিতাপধাৰী। ২০২২ চনত, তেওঁ মিছ ভূটান খিতাপ জিকিছিল,১ আৰু মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভূটানৰ প্ৰতিনিধিত্ব কৰিছিল।২ তেওঁ ভূটানৰ প্ৰথম গৰাকী মুকলিভাৱে সমকামী ব্যক্তিৰ ভিতৰত অন্যতম।

প্ৰাৰম্ভিক জীৱন

তাশি চোদেনৰ মাতৃ, কিনলে ৱাংমো, ৱাংডুৱে ফ’ড্ৰাংত ব্যৱসায় কৰিছিল, আৰু তেওঁৰ পিতৃ চম্বাল খাম অঞ্চলৰ তিব্বতৰ এক ব্যৱসায়ী আছিল। তেওঁৰ পিতৃ-মাতৃ থিম্পুত মিলিত হৈছিল, আৰু তেওঁলোকৰ কন্যা জন্মৰ পিছত, পৰিয়ালটো ভাৰতৰ নাগালেণ্ড ৰাজ্যলৈ গুচি যায়। পিছত তেওঁ মাতৃৰ লগত পুনৰ ৱাংডুৱে ফ’ড্ৰাংলৈ উভতি আহে। তেওঁৰ পিতৃ তেওঁৰ ৪ বছৰ বয়সত মৃত্যু হয়, আৰু তেওঁৰ মাতৃ পুনৰ বিবাহ কৰে। ১৪ বছৰ বয়সত, তেওঁৰ মাতৃৰো মৃত্যু হয়। তেওঁ তেওঁৰ খুৰী আৰু আইতাৰ তত্ত্বাৱধানত ডাঙৰ হয়।

তাশি চোদেনে পাৰো জিলা আৰু ৱাংডুৱে ফ’ড্ৰাংৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰিছিল। উচ্চ শিক্ষাৰ সলনি তেওঁ ম’ডেলিং আৰু অভিনয়ক জীৱিকা হিচাপে বাছি লয়। ১৫ বছৰ বয়সত তেওঁ ম’ডেলিং আৰম্ভ কৰে আৰু বহু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ৪ জুন ২০২২ তাৰিখে, তেওঁ মিছ ভূটান খিতাপ লাভ কৰে।৩

ব্যক্তিগত জীৱন

১৫ বছৰ বয়সতে তেওঁ নিজকে উভলিঙ্গ প্ৰবণ বুলি ঘোষণা কৰিছিল।৪ ভূটানত ২০১৯ চনত সমকামিতা অপৰাধ মুক্ত কৰা হয়, আৰু ২০২১ চনত এই আইন কাৰ্যকৰী হয়। ২০২১ চনৰ জুন মাহত (Pride Month), তাশি চোদেনে তেওঁৰ পৰিয়াল আৰু সমাজৰ আগত খোলাখুলি নিজকে সমকামী হিচাপে পৰিচয় দিয়ে।৫

উল্লেখযোগ্য ভাষণ

২০২২ চনৰ ৯ জুন, তাশি চোদেনে সংযুক্ত ৰাষ্ট্ৰৰ সহায়ত অনুষ্ঠিত Bhutan Dialogues মঞ্চত লৈ "লিংগ আৰু যৌন বৈচিত্ৰ্যৰ চেতনা" বিষয়ত বক্তৃতা প্ৰদান কৰে।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2022-06-06). তাশি চোদেন ফ্ৰ’ম ৱাংডুৱে ফ’ড্ৰাং ক্ৰাউণ্ড মিছ ইউনিভাৰ্ছ ভূটান ২০২২. BBSCL
  2. ↑ Who Is Tashi Choden Chombal? First Queer Miss Bhutan Winner
  3. ↑ Newspaper, Bhutan's Daily. Picture story. Kuensel Online
  4. ↑ Breaking stereotypes and conventions: Miss Universe Bhutan. The Bhutanese
  5. ↑ Bhutan's trailblazing beauty queen speaks up for LGBTQ community. France 24
  6. ↑ eSolutions, Green. Reckoning with Gender and Sexual Diversity. · Bhutan Dialogues

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিভূটানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাশি চোদেন” প্ৰবন্ধৰ সংশোধন ৫৩৬৫৭১ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।