তপন কুমাৰ ডেকা (Tapan Kumar Deka; জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আৰু বৰ্তমান ভাৰতীয় চোৰাংচোৱা সংস্থাৰ ২৮ সংখ্যক সঞ্চালক প্ৰধান।১২ তেওঁ হিমাচল প্ৰদেশ কেডাৰৰ ১৯৮৮ বৰ্ষৰ (৪১আৰ আৰ) ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া।৩ ২০২১ চনত তেওঁক আৰক্ষী সঞ্চালক প্ৰধানৰ সমপৰ্যায়ত নিযুক্তি দিয়া হয়।৪৫ তেওঁৰ পূৰ্বসূৰী অৰবিন্দ কুমাৰৰ কাৰ্যকাল ২০২২ চনৰ ৩০ জুনত শেষ হোৱাৰ পিছত ডেকাৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যকাল ১ জুলাইৰ পৰা আৰম্ভ হয়।৬ ইয়াৰ পূৰ্বে ডেকাই হিমাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান পদ লাভ কৰিছিল যদিও তেওঁ এই পদ অস্বীকাৰ কৰে।৭
আৰক্ষী সেৱাৰ সময়ছোৱাত তপন ডেকাই বেছিভাগেই ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সৈতে কাম কৰিছিল। তেওঁক শীৰ্ষ চোৰাংচোৱা আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ ঘনিষ্ঠ সহায়ক হিচাপে গণ্য কৰা হয়।৮ ১৯৯৮ চনত ডেকায়ে চোৰাংচোৱা সংস্থাত যোগদান কৰিছিল। কেবিনেটৰ নিযুক্তি সমিতিৰ দ্বাৰা ঘোষণা কৰা অনুসৰি ডেকাৰ কাৰ্যকাল ২০২৫ চনৰ জুন মাহলৈকে চোৰাংচোৱা সংস্থাৰ(আই বি) মুৰব্বী হিচাপে ম্যাদ বৃদ্ধি কৰা হয়।৯ ১০
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৩ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত তপন ডেকাৰ জন্ম হৈছিল।১১ তেওঁ প্ৰাৰম্ভিক শিক্ষা তেজপুৰত গ্ৰহণ কৰিছিল। ১৯৭৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।১২ ছাত্ৰাৱস্থাৰ পৰাই তপন ডেকা অত্যন্ত মেধাৱী আছিল। অসম আন্দোলনৰ সময়ত তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা হিচাপে সক্ৰিয় আছিল। কটন কলেজত পঢ়ি থকা সময়ত তেওঁ কটনৰ ছাত্ৰ একতা সভাৰ তৰ্ক বিভাগৰ সম্পাদকো আছিল।
তেওঁ গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপেও কিছুদিন কাম কৰিছিল। তেওঁ প্ৰথম প্ৰচেষ্টাতে সংঘ লোকসেৱা আয়োগে অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱা লাভ কৰে।১৩
কৰ্মজীৱন
ভাৰত চৰকাৰে তপন ডেকাক কাশ্মীৰৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে।১৪১৫ তেওঁ আনুষ্ঠানিকভাৱে চোৰাংচোৱা ব্যুৰোৰ উপ-সঞ্চালক, যুটীয়া সঞ্চালক, আৰু অতিৰিক্ত সঞ্চালক, বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। অসমত নাগৰিকত্ব সংশোধনী আইনৰ হিংসাত্মক প্ৰতিবাদৰ সময়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শ মতে ৰাজ্যৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে দায়িত্ব লাভ কৰিছিল।১৬১৭
তেওঁ ২০০৮ চনৰ অসম বোমা বিস্ফোৰণৰ গোচৰৰ তদন্তৰ মুৰব্বীও আছিল।১৮ তেওঁ পাথানকোট বিমান ঘাটি আক্ৰমণ আৰু পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব চম্ভালিছিল। নেপালৰ পৰা ইণ্ডিয়ান মুজাহিদিন (আই এম)ৰ প্ৰতিষ্ঠাপক ইয়াচিন ভাটকলক গ্ৰেপ্তাৰ কৰাৰ আঁৰৰ মুখ্য ব্যক্তি হিচাপে তেওঁক গণ্য কৰা হয়।১৯ পাকিস্তানৰ বালাকোটত সংঘটিত হোৱা বিমান আক্ৰমণৰ মূল বিষয়া ডেকা বুলি ধাৰণা কৰা হয়।২০
বঁটা আৰু সন্মান
২০১২ চনত তেওঁ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰে।২১
তথ্যসূত্ৰ
- ↑ Singh, Jitendra Bahadur. (24 June 2022). Tapan Kumar Deka appointed as Director of Intelligence Bureau. India Today
- ↑ (2022-06-26). Assam's Tapan Kumar Deka to assume office as IB director
- ↑ Alumni Gallery: 41RR. Sardar Vallabhbhai Patel National Police Academy
- ↑ (16 February 2021). Tapan Kumar Deka IPS empanelled as Director General, GoI · Indian Bureaucracy is an Exclusive News Portal. Indian Bureaucracy
- ↑ (12 February 2021). Central govt empanelled 29 IPS officers as DG or DG equivalent
- ↑ Sharma, Neeta. (24 June 2022). Centre's Plan With 2 Appointments At Intelligence Agencies. NDTV
- ↑ आईपीएस तपन कुमार डेका ने डीजीपी की डीपीसी के लिए किया इनकार. Dainik Bhaskar
- ↑ Mishra, Sunil. (8 October 2021). घाटी पहुंचा असम आंदोलन का हीरो NSA डोवाल के खास Top Indian Spy तपन डेका. India Ahead Hindi. India Ahead
- ↑ (24 June 2024). Intelligence Bureau Chief Tapan Deka Gets One Year Extension. NDTV. Press Trust of India
- ↑ (24 June 2024). Intelligence Bureau chief Tapan Kumar Deka gets one year extension. The Indian Express. Press Trust of India
- ↑ (2022-06-26). Assam's Tapan Kumar Deka to assume office as IB director
- ↑ India; Ministry of Home Affairs. The Civil list of Indian police service.. The Civil List of Indian Police Service.. পৃ. 49
- ↑ Bureau, EastMojo News. (26 August 2019). Ex-AASU leader & top 'spy' Tapan Deka to be next Assam DGP?. East Mojo
- ↑ (11 October 2021). At least 500 detained and questioned in J&K over killing of civilians. Hindustan Times
- ↑ (12 April 2022). IB counter-terror chief on ground, security grid holds high-level meeting ahead of PM Narendra Modi's April 24 visit to J&K. Times Now
- ↑ Gupta, Shishir. (16 December 2019). J&K to Assam, government moves swiftly for national security. Hindustan Times
- ↑ Nanjappa, Vicky. (16 December 2019). Quick thinking: How Amit Shah's top men handled Assam during CAA protests. Oneindia
- ↑ (26 August 2019). Ex-AASU Member, IPS Tapan Deka to be Appointed as the Next DGP of Assam. Inside NE
- ↑ Tiwary, Deeptiman. (24 June 2022). Tapan Deka is new IB chief, R&AW head Samant Goel gets another extension. The Indian Express
- ↑ (24 June 2022). Tapan Kumar Deka to be new chief of Intelligence Bureau, R&AW director Samant Goel gets extension. The New Indian Express. IANS
- ↑ PRESIDENT'S POLICE MEDAL FOR DISTINGUISHED SERVICE: INDEPENDENCE DAY-2012. Ministry of Home Affairs, India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তপন ডেকা” প্ৰবন্ধৰ সংশোধন ৫২৯০০৪ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।