জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ডিএনপি লিমিটেড
ডিএনপি লিমিটেড (DNP Limited) অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। অসম গেছ কোম্পানী লিমিটেড, নুমলীগড় তেল শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত ডিএনপি লিমিটেড ২০০৭ চনৰ ১৫ জুন তাৰিখে স্থাপন কৰা হৈছিল।
-
ডিমিট্ৰী মেণ্ডেলিভ
ডিমিট্ৰী ইভানোভিচ মেণ্ডেলিভ (Дми́трий Ива́нович Менделе́ев; ৮ ফেব্ৰুৱাৰী ১৮৩৪ – ২ ফেব্ৰুৱাৰী ১৯০৭) আছিল এজন ৰাছিয়ান ৰসায়নবিদ, যিজনে পৰ্যাবৃত্ত তালিকা বা মৌলসমূহৰ পৰ্যায়বদ্ধ সূচীৰ আধুনিক ৰূপ প্ৰস্তুত কৰিছিল।
-
ডিম্পল হায়াথি
ডিম্পল হায়াথি (জন্ম ২১ আগষ্ট ১৯৯৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মুখ্যতঃ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে।
-
ডিম্পী গাংগুলী
ডিম্পী গাংগুলী (ইংৰাজী: Dimpy Ganguli; জন্ম নাম: সৌমশ্ৰী গাংগুলী; ২৫ জুলাই ১৯৮৮) এগৰাকী ভাৰতীয় মডেল আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে নাচ বলিয়ে ৫ আৰু বিগ বছ ৮-ত অংশগ্ৰহণ কৰাৰ বাবে পৰিচিত।
-
ডিম্পু বৰুৱা
ডিম্পু বৰুৱা (Dimpu Baruah) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এজন ইউটিউবাৰ। অসমীয়া ভাষাত ভিডিঅ’ আপল’ড কৰা তেওঁৰ ডিম্পু বৰুৱা (Dimpu Baruah) আৰু ডিম্পুছ ভ্লগ্ছ (Dimpu's Vlogs) ইউটিউব চেনেলদুটাই ইতিমধ্যে ২মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তেওঁৰ Diiimpu নামেৰে হিন্দী ভাষাতো এটা ইউটিউব চেনেল আছে।
-
ডিয়ান ছাস্ত্ৰোৱাৰ্দয়ো
ডিয়ান পৰমিতা ছাস্ত্ৰোৱাৰ্দোয়ো (জন্ম: ১৬ মাৰ্চ ১৯৮২), অধিক পৰিচিত ডিয়ান ছাস্ত্ৰো নামেৰে, এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী আৰু মডেল। তেওঁ ২০০১ চনৰ ইণ্ডোনেছিয়ান চলচ্চিত্ৰ আদা আপা দেনগান চিন্তা?ত চিন্তা চৰিত্ৰত কৰা মুখ্য অভিনয়ৰ বাবে বিশেষভাৱে জনপ্ৰিয়।
-
ডিয়েগো ভেলাস্কেজ
ডিয়েগো ৰড্ৰিগেজ ডি চিলভা ৱাই ভেলাস্কেজ (৬ জুন ১৫৯৯ – ৬ আগষ্ট ১৬৬০) আছিল এজন স্পেনিছ চিত্ৰশিল্পী, স্পেইন আৰু পৰ্তুগালৰ ৰজা চতুৰ্থ ফিলিপৰ দৰবাৰৰ আৰু স্পেনিছ সোণালী যুগৰ আগশাৰীৰ শিল্পী। সাধাৰণতে তেওঁক পশ্চিমীয়া শিল্পৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ শিল্পী হিচাপে গণ্য কৰা হয়।
-
ডেই জাং-গাম
জাং-গাম বা লেডী জাং-গাম বা ডেই-জাং-গাম (Lady Jang-geum) হৈছে কোৰিয়াৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ৰাজবৈদ্য বা ৰয়েল ফিজিচিয়ান। তেওঁৰ বিষয়ে জোছন ৰাজবংশৰ নথিপত্ৰত ১০ বাৰ উল্লেখ পোৱা গৈছে।
-
ডেইজী এডগাৰ-জোনছ
ডেইজী জেচিকা এডগাৰ-জোনছ (ইংৰাজী: Daisy Edgar-Jones; জন্ম: ২৪ মে' ১৯৯৮) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক ক’ল্ড ফীট (২০১৬–২০২০) আৰু ৱাৰ অফ দ্য ৱৰ্ল্ডছ (২০১৯–২০২১)-ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
ডেইজী ৰিডলী
ডেইজী জাজ ইছ’বেল ৰিডলী (ইংৰাজী: Daisy Ridley; জন্ম: ১০ এপ্ৰিল ১৯৯২) এগৰাকী ইংৰাজ অভিনেত্ৰী। ২০১৫ চনৰ পৰা ২০১৯ চনলৈ ষ্টাৰ ৱাৰ্ছ ছিকুৱেল ত্ৰিলজীত ৰে'ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে।
-
ডেনা কেপলান
ডেনা এমি কেপলান ( Dena Amy Kaplan); জন্ম: ২০ জানুৱাৰী ১৯৮৯, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী আৰু ডিজে। ডান্স একাডেমীত এবিগেল আৰ্মষ্ট্ৰংৰ ভূমিকাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
ডেনিছ কক্স
ডেনিছ কক্স এগৰাকী আমেৰিকান পেট্ৰলিয়াম ভূ-তত্ত্ববিদ আৰু ফ্ল'ৰিডাৰ পানামা চহৰত অৱস্থিত তেল আৰু গেছ অন্বেষণ কোম্পানী ষ্টৰ্ম এনাৰ্জি লিমিটেডৰ প্ৰাক্তন অধ্যক্ষ। ১৯৮৪ চনত সংস্থাটোত যোগদান কৰাৰ পাছত কক্স আমেৰিকান এছ’চিয়েশ্যন অৱ পেট্ৰলিয়াম জিঅ’লজিষ্ট (AAPG)ৰ দীৰ্ঘদিনীয়া কাৰ্যবাহী সদস্যও আছিল।
-
ডেনিয়েল এৰন-ৰোজা
ডেনিয়েল এৰন-ৰোজা (জন্ম ১৯৩৪) চকুৰ অস্ত্ৰোপচাৰৰ বাবে পাইকোছেকেণ্ড, চকুৰ Nd:YAG লেজাৰ বিকশিত কৰাৰ বাবে আটাইতকৈ পৰিচিত এজন ফৰাচী-টিউনিছিয়ান চকুৰোগ বিশেষজ্ঞ আৰু চিকিৎসক-বিজ্ঞানী। ফ্ৰান্স ফেনখাউজাৰৰ সৈতে চকু চিকিৎসাৰ দুগৰাকী সন্মানীয় লেজাৰ অগ্ৰগামী হিচাপে তেওঁক অভিহিত কৰা হৈছে।
-
ডেনিয়েল গিলিছ
ডেনিয়েল জছুৱা গিলিছ হৈছে এজন নিউজিলেণ্ডৰ অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁ দ্য ভেম্পায়াৰ ডায়েৰীজ আৰু ইয়াৰ স্পিন অফ দ্য অৰিজিনেলছত এলিজা মাইকেলছনৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ চেভিং হোপ ধাৰাবাহিকত ড° জুৱেল গোৰানৰ ভূমিকা পালন কৰিছিল।
-
ডেনিয়েলা উইলছন
ডেনিয়েলা এ উইলছন স্ব-সমাৱেশ, পলিমাৰ ৰসায়ন আৰু নেন’মটৰৰ সম্পৰ্কে গৱেষণাৰ বাবে পৰিচিত জৈৱ ৰসায়ন বিজ্ঞানৰ এগৰাকী ৰোমানিয়ান বিজ্ঞানী। বৰ্তমান তেওঁ ৰেডবৌড বিশ্ববিদ্যালয় নিজমেগেনত চিষ্টেম ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু ইনষ্টিটিউট ফৰ মলিকিউলছ এণ্ড মেটেৰিয়েলছৰ অধ্যক্ষ।
-
ডেনিয়েলা ৰুৱা
ডেনিয়েলা ছফিয়া কৰ্ণ ৰুৱা ওলচেন (ইংৰাজী: Daniela Sofia Korn Ruah Olsen; জন্ম: ২ ডিচেম্বৰ ১৯৮৩) এগৰাকী আমেৰিকান-পৰ্তুগীজ অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ চিবিএছ পুলিচ প্ৰচিডিউৰেল ধাৰাবাহিক এনচিআইএছ: লছ এঞ্জেলছ-ত এনচিআইএছ স্পেচিয়েল এজেণ্ট কেন্সি ব্লাইৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সৰ্বাধিক পৰিচিত।
-
ডেনীজ কুইননচ
ডেনীজ মেৰী কুইননচ আগষ্ট (ইংৰাজী: Denise Quiñones; জন্ম: ৯ ছেপ্টেম্বৰ, ১৯৮০) এগৰাকী পুৱেৰ্টো ৰিকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য ৰাণী, যিয়ে মিছ ইউনিভাৰ্ছ ২০০১ৰ খিতাপ জয় কৰিছিল।
-
ডেভিদ এটেনবৰো
ছাৰ ডেভিড ফ্ৰেডৰিক এটেনবৰো (জন্ম ৮ মে ১৯২৬) এজন ব্ৰিটিছ প্ৰকৃতিবিদ আৰু দূৰদৰ্শনৰ দ্বাৰা প্ৰচাৰিত জনপ্ৰিয় ব্যক্তি।তেওঁ এজন ব্ৰিটিছ সম্প্ৰচাৰক, জীৱবিজ্ঞানী, প্ৰাকৃতিক ইতিহাসবিদ আৰু লেখক। তেওঁ বিবিচি ষ্টুডিঅ' নেচাৰেল হিষ্ট্ৰী ইউনিটৰ সৈতে একেলগে লিখা আৰু উপস্থাপন কৰাৰ বাবে সৰ্বাধিক জনাজাত।
-
ডেভিদ মুতা
ডেভিদ মুতা (জন্ম ২৪ অক্টোবৰ ১৯৮৭) পাপুৱা নিউগিনিৰ এগৰাকী ফুটবল খেলুৱৈ। তেওঁ হেকাৰি ইউনাইটেড আৰু পাপুৱা নিউগিনি ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ মিডফিল্ডাৰ প্লেয়াৰ হিচাপে খেলে আৰু লগতে তেওঁ দলৰ অধিনায়কো।
-
ডেমি মুৰ
| children = ৩ গৰাকী | parents = | awards = | signature = Demi Moore signature.svg }} ডেমি মুৰ (ইংৰাজী: Demi Moore; জন্ম: ১১ নৱেম্বৰ, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী। আশীৰ দশকত জনপ্ৰিয়তা লাভ কৰাৰ পিছত ১৯৯৫ চনৰ ভিতৰত তেওঁ বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী হৈ পৰে।
-
ডেলাৰা (গায়িকা)
আমাণ্ডা ডেলাৰা নিকমান (ফাৰ্চী: آماندا دلارا نیکمن; জন্ম ১৯৯৭), তেওঁৰ পেছাদাৰী নাম ডেলাৰা (পূৰ্বতে আমাণ্ডা ডেলাৰা) হিচাপে বেছি জনাজাত। তেওঁ এগৰাকী নৰৱেজিয়ান আৰু ইৰানী গায়িকা।
-
ডেলিলা হাটুৱেল
ডেলিলা হাটুৱেল (Delila Hatuel, דלילה חטואל; জন্ম: ১৫ নৱেম্বৰ, ১৯৮০) এগৰাকী ইজৰাইলী অলিম্পিক ফয়েল ফেন্সাৰ। তেওঁ ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ইজৰাইলক প্ৰতিনিধিত্ব কৰিছিল, আৰু এসময়ত ফেন্সিং খেলত বিশ্বৰ নৱম স্থানত আছিল।
-
ডোজা কেট
আমালা ৰত্না জাণ্ডিলে ড্লামিনি (জন্ম ২১ অক্টোবৰ, ১৯৯৫), পেছাগতভাৱে ডোজা কেট নামে জনাজাত, এগৰাকী আমেৰিকান ৰেপাৰ, গায়িকা, গীতিকাৰ আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁক বহু প্ৰকাশনীৰ দ্বাৰা "পপ-ৰেপৰ ৰাণী" বুলি অভিহিত কৰা হৈছে।
-
ডোনিয়া দাদ্ৰাছান
ডোনিয়া দাদ্ৰাছান (জন্ম: ১৫ মাৰ্চ ২০০১) হৈছে এগৰাকী ইৰানী কণ্ঠশিল্পী। ডোনিয়া বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বসবাস কৰে। তেওঁ ৪ জনীয়া এটা পৰিয়ালত বাস কৰে আৰু বৰ্তমান "বৰদিয়া জাদেহ"ৰ সৈতে বিবাহপাশত আবদ্ধ। তেওঁৰ মাতৃৰ নাম নুচিন আৰু এজন সৰু ভাইেক আছে যাৰ নাম ডানিয়েল।
-
ডোৰা চেটাৰ্জী
ডোৰা চেটাৰ্জী ( Dora Chatterjee) হ'ল পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক হোৱা তৃতীয়গৰাকী ভাৰতীয় মহিলা আৰু পঞ্জাৱৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা। তেওঁ হোছিয়াৰপুৰত ডেনি হস্পিতাল ফৰ উইমেন এণ্ড চিলড্ৰেন প্ৰতিষ্ঠা কৰে।
-
ড্ৰিটা জিৰি
ড্ৰিটা জিৰি (ইংৰাজী: Drita Ziri; জন্ম: ২৬ মে' ২০০৫) এগৰাকী আলবেনীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ আৰ্থ ২০২৩-ৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ আৰ্থৰ খিতাপ জয় কৰা আৰু চাৰিখন বৃহৎ সৌন্দৰ্য প্ৰতিযোগিতাৰ ভিতৰত যিকোনো এখনত জয়ী হোৱা প্ৰথমগৰাকী আলবেনীয়।
-
ডৰথী এবট
ডৰথী এবট (ইংৰাজী: Dorothy Abbott; ১৬ ডিচেম্বৰ, ১৯২০ – ১৫ ডিচেম্বৰ, ১৯৬৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। ১৯৪০ চনৰপৰা ১৯৬০ চনৰ ভিতৰত তেওঁ হলিউডৰ বহুতো উল্লেখযোগ্য চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত সৰু-বৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।
-
ডৰথী ৰিডল
ডৰথী ৰিডল (Dorothy Riddle; জন্ম: ১২ জানুৱাৰী, ১৯৪৪) এগৰাকী আমেৰিকান-কানাডিয়ান মনোবিজ্ঞানী, নাৰীবাদী আৰু অৰ্থনৈতিক উন্নয়ন বিশেষজ্ঞ। ৰিডল হমফবিয়া স্কেলৰ লেখিকা হিচাপে পৰিচিত আৰু তেওঁ নাৰীঅধ্যয়ন, হমফবিয়া, সেৱা আৰু আধ্যাত্মিকতাবাদৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰে।
-
ডৰ্কাছ হ’য়াৰ
ডৰ্কাছ হ’য়াৰ (জন্ম নাম গ্যালি; প্ৰায় ১৬৩৪ – ১২ জুলাই, ১৭১১) ১৬৯২ চনৰ চেলেম ডাইনী বিচাৰৰ সময়ত ডাইনীৰ অভিযোগত অভিযুক্ত এগৰাকী বিধৱা আছিল। দোষী সাব্যস্ত কৰি ফাঁচি দিয়াৰ শাস্তি ঘোষণা কৰা হয় যদিও তাৰ পিছত স্বীকাৰোক্তি দিয়ে আৰু কেইবাজনো মন্ত্ৰীৰ সমৰ্থনত সাময়িকভাৱে ৰেহাই দিয়া হৈছিল, যদিও ইতিমধ্যে…
-
ড’ৰা কামিনস্কি
ড’ৰা ডেব’ৰা কামিনস্কি (জন্ম: ১৯০৯– মৃত্যু: ১৯৭৭) এগৰাকী আমেৰিকান শিল্পী আছিল।