জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গণেশ পাইন
গণেশ পাইন (Ganesh Pyne; ১১ জুন ১৯৩৭ - ১২ মাৰ্চ ২০১৩) এজন ভাৰতীয় চিত্ৰশিল্পী আৰু নক্সা-শিল্পী; পশ্চিম বংগৰ কলকাতাত তেওঁৰ জন্ম। পাইন হৈছে বেংগল স্কুল অৱ আৰ্টৰ অন্যতম উল্লেখযোগ্য সমসাময়িক শিল্পী যিজনে বাংলা লোককাহিনী আৰু পৌৰাণিক কাহিনীৰ বিষয়বস্তুক ভিত্তি কৰি "কাব্যিক সৰ্বজনীনতা", কল্পনা আৰু…
-
গদাধৰ পণ্ডিত
গদাধৰ পণ্ডিত (Gadadhar Pandita;; गदाधर पंडित) শ্ৰীমতী ৰাধাৰাণীৰ এক অৱতাৰ আছিল। তেওঁ পণ্ডিত গোস্বামী নামেৰেও পৰিচিত। তেওঁ গৌড়ীয় বৈষ্ণৱবাদৰ প্ৰতিষ্ঠাপক চৈতন্য মহাপ্ৰভুৰ ঘনিষ্ঠ শৈশৱৰ বন্ধু আছিল।
-
গম্ভৰী দেৱী
গম্ভৰী দেৱী (১৯২২ – ৮ জানুৱাৰী ২০১৩) এগৰাকী ভাৰতীয় লোক সংগীতশিল্পী, লোকনৃত্যশিল্পী, লোকসংস্কৃতিবিদ। হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত জন্ম গ্ৰহণ কৰা গম্ভৰী দেৱী হিমাচলী লোকসংস্কৃতিৰ পুৰোধা ব্যক্তি। তেওঁ হিমাচল প্ৰদেশৰ লোকসংগীত, লোকনৃত্য আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিখ্যাত।
-
গাইছু য়াৰী
গাইছু য়াৰী (Gaisu Yari) এগৰাকী আফগান মানৱ অধিকাৰ আৰু মহিলা অধিকাৰ কৰ্মী, লেখিকা, ব্লগাৰ আৰু বক্তা। আফগানিস্তানৰ মহিলা অধিকাৰৰ ক্ষেত্ৰত তেওঁক অন্যতম প্ৰচাৰক হিচাপে গণ্য কৰা হয়। তালিবানৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি পোনপটীয়াকৈ তালিবানৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁ সুপৰিচিত।
-
গাইটি হাছান
গাইটি হাছান (Gaiti Hasan; ১৯ নৱেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় বিজ্ঞানী। আণৱিক জীৱবিজ্ঞান, জেনেটিক্স, স্নায়ুবিজ্ঞান আৰু কোষ সংকেত তেওঁৰ গৱেষণাক্ষেত্ৰ। হাছান ভাৰতীয় বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ শীৰ্ষ সংস্থা ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ (আই.এন.এছ.এ.) এগৰাকী ফেল'।
-
গাজি বুৰহানুদ্দিন
চৈয়দ গাজী বুৰহানুদ্দিন (সৈয়দ গাজী বুরহানউদ্দীন) আছিল চিলেটত বাস কৰা চতুৰ্দশ শতিকাৰ চুফী মুছলমান ব্যক্তি। লোককথাত তেওঁক চিলেট অঞ্চলত বাস কৰা প্ৰথমজন মুছলমান হিচাপে উল্লেখ কৰা হয়।
-
গাজী পীৰ
গাজী পীৰ(Gazi Pir) যাক ঘাজী পীৰ, গাঝী পীৰ, বৰখান গাজী বা গাজী চাহেব বুলিও জনা যায়, বংগত ইছলাম ধৰ্ম প্ৰসাৰৰ সময়ত দ্বাদশ বা ত্ৰয়োদশ শতিকাত বাস কৰা এজন বাঙালী মুছলমান গাজী আৰু পীৰ (যোদ্ধা সন্ত) আছিল। ভয়ায়ক বন্য প্ৰাণীৰ ওপৰত তেওঁৰ ক্ষমতা আৰু প্ৰাকৃতিক উপাদান নিয়ন্ত্ৰণৰ বাবে তেওঁ পৰিচিত আছিল।
-
গাণ্টী বিজয়া কুমাৰী
বিজয়া কুমাৰী গাণ্টী (Ganti Vijaya Kumari) অন্ধ্ৰপ্ৰদেশৰ অমলাপুৰমৰ পৰা ত্ৰয়োদশ লোকসভালৈ নিৰ্বাচিত হোৱা এগৰাকী প্ৰাক্তন সদস্য। তেওঁ লোকসভাৰ অধ্যক্ষ জি.এম.চি. বালযোগীৰ পত্নী৷ তেওঁৰ মৃত্যুৰ পিছত অনুষ্ঠিত উপ-নিৰ্বাচন (২০০২)ত গাণ্টী বিজয়া কুমাৰীয়ে জয় সাব্যস্ত কৰে।
-
গাণ্ডীকোটা সৰ্ব লক্ষ্মী
গাণ্ডীকোটা সৰ্ব লক্ষ্মী: Gandikota Sarva Lakshmi ভাৰতীয় ক্ৰিকেট মেচৰ ৰেফাৰী আৰু প্ৰাক্তন ঘৰুৱা ক্ৰিকেটাৰ আৰু প্ৰশিক্ষক। তেওঁ আছিল এগৰাকী সোঁহাতৰ বেটছৱমেন আৰু সোঁহাতৰ দ্ৰুত-মধ্যম আউটছুইং বলাৰ।
-
গাদ্দাম পদ্মজা ৰেড্ডী
গাদ্দাম পদ্মজা ৰেড্ডী ( Gaddam Padmaja Reddy; জন্ম: ১ জানুৱাৰী ১৯৬৭) এগৰাকী আগশাৰীৰ কুচিপুড়ি নৃত্যশিল্পী আৰু সংগীত শিক্ষক। তেওঁ পৌৰাণিক আৰু সমসাময়িক সামাজিক বিষয়ৰ আধাৰত বেলেও পৰিবেশন কৰে। তেওঁ কুচিপুড়িৰ এটা ৰূপ কাকতিয়ামৰ নৃত্য ৰচনা কৰিছিল।
-
গানছ্ এন ৰজেছ
গানছ্ এন ৰজেছ হৈছে ১৯৮৫ চনত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত এল.এ.গানছ আৰু হলিউড ৰোজৰ পৰা গঠন হোৱা এটা আমেৰিকান হাৰ্ড ৰক বেণ্ড। ১৯৮৬ চনত গেফেন ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত বেণ্ডটোৰ "ক্লাছিক" লাইনআপত কণ্ঠশিল্পী এক্সল ৰোজ, মুখ্য গীটাৰিষ্ট স্লেছ, ৰিদম গীটাৰিষ্ট ইজি ষ্ট্ৰেডলিন, বেছিষ্ট ডাফ মেককেগান আৰু…
-
গাব্ৰিয়েলা টাফুৰ
গাব্ৰিয়েলা টাফুৰ নাদেৰ (ইংৰাজী: Gabriela Tafur; জন্ম: ৭ জুলাই ১৯৯৫) এগৰাকী কলম্বিয়ান অধিবক্তা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ কলম্বিয়া ২০১৮ ৰ মুকুট পিন্ধিছিল।
-
গাম্যা ৱিজয়দাসা
গাম্যা ৱিজয়দাসা (সিংহলী: ගම්යා විජයදාස) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৯ চনত ডেনানা ভিট মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ খিতাপ জয় কৰিছিল আৰু ২০০৯ চনৰ ১২ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০০৯ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল।
-
গায়ত্ৰী ইছাৰ কুমাৰ
গায়ত্ৰী ইছাৰ কুমাৰ (: Gaitri Issar Kumar); জন্ম ২০ জুন ১৯৬২) ১৯৮৬ চনৰ ব্যাচৰ পৰা ভাৰতীয় বৈদেশিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া। তেওঁৰ কাৰ্য্য কালৰ শেষৰ পদটো আছিল যুক্তৰাজ্যত ভাৰতৰ উচ্চায়ুক্ত হিচাপে। ইয়াৰ পূৰ্বে তেওঁ বেলজিয়াম, ইউৰোপীয় সংঘ আৰু লাক্সেমবাৰ্গত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক (Gayatri Chakravorty Spivak; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় পণ্ডিত, সাহিত্য তত্ত্ববিদ আৰু নাৰীবাদী সমালোচক। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু প্ৰতিষ্ঠানটোৰ ইনষ্টিটিউট ফৰ কম্পাৰেটিভ লিটাৰেচাৰ এণ্ড ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য।
-
গায়ত্ৰী দেৱী (ৰাজনীতিবিদ)
গায়ত্ৰী দেৱী, জন্ম:৫ ডিচেম্বৰ ১৯০৫ চন আৰু মৃত্যু: ১০ মে’ ২০০২ চন, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী চৰণ সিঙৰ পত্নী আছিল। উত্তৰ প্ৰদেশৰ কৈৰানাৰ পৰা সংসদৰ নিম্ন সদন, সপ্তম লোকসভালৈ নিৰ্বাচিত হয়। একেদৰে উত্তৰ প্ৰদেশৰ বিধানসভালৈও নিৰ্বাচিত হৈছিল।
-
গায়ত্ৰী ভাৰদ্বাজ
গায়ত্ৰী ভাৰদ্বাজ (ইংৰাজী: Gayatri Bhardwaj; জন্ম: ১৭ জুন ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী, যিয়ে মুখ্যত হিন্দী আৰু তেলুগু ছবিত কাম কৰে।
-
গায়ত্ৰী শংকৰণ
গায়ত্ৰী শংকৰণ এগৰাকী দৃষ্টিহীন গায়িকা, যিয়ে কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত জগত এক সম্পদ। তাই কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত গায়িকা আৰু বেহালাবাদক। তেওঁ তামিলনাডু চৰকাৰৰ পৰা কালাইমামানি পুৰস্কাৰ পাইছে।
-
গায়ত্ৰী হাজৰিকা
গায়ত্ৰী হাজৰিকা (Gayatri Hazarika) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰিও ভালেসংখ্যক অসমীয়া কথাছবি আৰু এককভাৱে গীত গাইছে।
-
গালেন
গালেন (Galenus, আনুমানিক ১২৯ – ২০০/২১৬ খ্ৰীষ্টাব্দ) আছিল এগৰাকী প্ৰাচীন ৰোমান চিকিৎসক, দাৰ্শনিক আৰু চিকিৎসা-সাহিত্যৰ অন্যতম বিশিষ্ট লেখক। তেওঁ গ্ৰীক ভাষাত হিপোক্ৰেটিচৰ চিকিৎসা মতবাদৰ ওপৰত আধাৰিত বহু গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ জন্ম হৈছিল পাৰ্গামামৰ এগৰাকী ধনী স্থপতিৰ ঘৰত।
-
গাৰ্গী বেনাৰ্জী
গাৰ্গী বেনাৰ্জী (ইংৰাজী: Gargi Banerjee; জন্ম: ২০ জুলাই ১৯৬১) এগৰাকী প্ৰাক্তন টেষ্ট আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ যিয়ে ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল।
-
গাৰ্চেল ব’ভে
গাৰ্চেল ব’ভে (ইংৰাজী: Garcelle Beauvais; জন্ম: ২৬ নৱেম্বৰ, ১৯৬৬) এগৰাকী হাইটিয়ান-আমেৰিকান অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ বিশেষকৈ ছিটকমন (sitcom) দ্য জেমি ফক্স শ্ব’ আৰু ক্ৰাইম ড্ৰামা ধাৰাবাহিক এনৱাইপিডি ব্লুত কৰা মুখ্য অভিনয়ৰ বাবে পৰিচিত।
-
গিনি ৰোমেটি
ভাৰ্জিনিয়া মেৰী ৰোমেটি (জন্ম ২৯ জুলাই, ১৯৫৭) এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী যিয়ে ২০২০ চনৰ ১ এপ্ৰিলত মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ কৰাৰ পিছত আই বি এমৰ কাৰ্যবাহী অধ্যক্ষ আছিল।
-
গিন্নী মাহী
গিন্নী মাহী (জন্ম ১৯৯৮) হৈছে ভাৰতৰ পঞ্জাৱৰ জলন্ধৰৰ বাসিন্দা এগৰাকী ভাৰতীয় পাঞ্জাৱী লোক, ৰেপ আৰু হিপ-হপ গায়িকা। তেওঁ তেওঁৰ ফেন বাবা চাহিব দি আৰু ডেঞ্জাৰ চামাৰ গানৰ দ্বাৰা বিখ্যাত হৈছিল যিটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল।
-
গিলিয়ান এণ্ডাৰছন
গিলিয়ান লেই এণ্ডাৰছন (ইংৰাজী: Gillian Leigh Anderson; জন্ম: ৯ আগষ্ট, ১৯৬৮) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে দ্য এক্স-ফাইলছ ধাৰাবাহিকত এফবিআইৰ বিশেষ এজেণ্ট ডানা স্কুলী, টেৰেন্স ডাভিছৰ ছবি দ্য হাউচ অৱ মিৰ্থ (২০০০)-ত লিলি বাৰ্ট, বিবিচি/আৰটিই অপৰাধমূলক ড্ৰামা টেলিভিছন…
-
গিৰিজা ব্যাস
গিৰিজা ব্যাস (Girija Vyas; জন্ম: ৮ জুলাই ১৯৪৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, কবি আৰু লেখক। চিত্তৰগড় সমষ্টিৰ পৰা তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদনৰ ১৫ নং লোকসভাৰ সদস্য তথা ভাৰতীয় মহিলা আয়োগৰ প্ৰাক্তন সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।
-
গিৰিজা শ্বেট্টাৰ
গিৰিজা শ্বেট্টাৰ (ইংৰাজী: Girija Shettar; জন্ম: ২০ জুলাই ১৯৬৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী, যি দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
গীত চতুৰ্বেদী
গীত চতুৰ্বেদী (জন্ম: ২৭ নবেম্বৰ ১৯৭৭) এজন হিন্দী কবি, চুটি গল্প লেখক, গীতিকাৰ, চিত্ৰনাট্যকাৰ আৰু ঔপন্যাসিক। তেওঁক ‘এভাংগাৰ্ড’ (যিজনে নিজৰ ধাৰাটোৰ সদায় আগশাৰীত থাকে) লেখক বুলি কোৱা হয়। তেওঁ ২০০৭ চনত কবিতাৰ বাবে ভাৰত ভূষণ আগৰৱালা বঁটা আৰু ২০১৪ চনত কল্পকাহিনীৰ বাবে কৃষ্ণ প্ৰতাপ বঁটা লাভ কৰে।
-
গীতা কাপুৰ (কলা সমালোচক)
গীতা কাপুৰ (Geeta Kapur; জন্ম ১৯৪৩) হ'ল নতুন দিল্লীত বসবাস কৰা এগৰাকী বিশিষ্ট ভাৰতীয় কলা সমালোচক, কলা ইতিহাসবিদ আৰু কিউৰেটৰ। সমালোচনামূলক কলা লিখনিৰ তেওঁ হ'ল ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ব্যক্তি; ইণ্ডিয়ান এক্সপ্ৰেছ মতে তেওঁ, "তিনি দশক ধৰি ভাৰতীয় সমসাময়িক কলা তত্ত্বৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰি…
-
গীতা চন্দ্ৰন
গীতা চন্দ্ৰন এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কণ্ঠশিল্পী। কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণ প্ৰাপ্ত আৰু তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ এগৰাকী প্ৰসিদ্ধ শিল্পী। গীতাই থিয়েটাৰ, নৃত্য, শিক্ষা, ভিডিঅ' আৰু চলচ্চিত্ৰত এই কৰা কামৰ বাবেও স্বীকৃত।