চৈয়দ গাজী বুৰহানুদ্দিন (সৈয়দ গাজী বুরহানউদ্দীন) আছিল চিলেটত বাস কৰা চতুৰ্দশ শতিকাৰ চুফী মুছলমান ব্যক্তি। লোককথাত তেওঁক চিলেট অঞ্চলত বাস কৰা প্ৰথমজন মুছলমান হিচাপে উল্লেখ কৰা হয়।১
জীৱন
কোৱা হয় যে তুলটিকাৰ মহল্লাত বসতি স্থাপন কৰা মুঠতে ১৩টা মুছলমান পৰিয়াল আছিল আৰু এই সংখ্যালঘু গোটৰ প্ৰধান আছিল বুৰহানুদ্দিন৷ এই তেৰটা পৰিয়ালৰ পূৰ্বপুৰুষসকলে অষ্টম শতিকাৰ আৰম্ভণিতে মহম্মদ বিন কাছিমে সিন্ধ বিজয় কৰাৰ পিছত উপমহাদেশখনত প্ৰৱেশ কৰিছিল আৰু জাহাজেৰে চিটাগঙলৈ যাত্ৰা কৰিছিল। তাৰ পৰাই অৱশেষত দাৱাহ আৰু ব্যৱসায় সম্পৰ্কীয় কামত তেওঁলোক চিলেটত উপস্থিত হয়। তেৰটা পৰিয়ালে বসতি স্থাপন কৰা গাঁওখন আজিও তুলটিকাৰত আছে আৰু ইয়াক তেৰো ৰতন গাঁও (তেররতন, অৰ্থ:তেৰটা মুকুতা) বুলি জনা যায়।২
নৱজাত পুত্ৰৰ আকিকা উদযাপনৰ সময়ত বুৰহানুদ্দিনে গৰু বলি দিয়াৰ সিদ্ধান্ত লয়।৩ চিলেটৰ ৰজা গৌৰ গোবিন্দই হিন্দু বিশ্বাসৰ বাবে এই কথাত ক্ষুদ্ধ হৈ পৰে আৰু তেওঁ নৱজাতক গুলজাৰ আলমক হত্যা কৰে৷ ইয়াৰ লগতে বুৰহানুদ্দিনৰ সোঁহাতখনো কাটি পেলোৱাৰ ব্যৱস্থা কৰে।৪৫ গোবিন্দই ইছলাম, বৌদ্ধ আৰু হিন্দু ধৰ্ম অনুসৰণ কৰা কিছুমান সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতি অসহিষ্ণুতা প্ৰকাশ কৰিছিল। এই ঘটনাৰ কিছু দিনৰ পাছতে তাৰাফৰ কাজী নুৰুদ্দিনে পুত্ৰৰ বিবাহ অনুষ্ঠানত খাবৰ বাবে গৰু বধ কৰি শাসক অচক নাৰায়নৰ দ্বাৰা শাস্তি লাভ কৰে। শাস্তি পোৱাৰ পিছত বুৰহানুদ্দিন আৰু নুৰুদ্দিনৰ ভাতৃ হেলিমুদ্দিন উত্তৰ বংগলৈ যায় আৰু তাতে চুলতান ছামছুদ্দিন ফিৰোজ শ্বাহৰ সৈতে নিজৰ সমস্যাৰ সমাধান কৰে৷
চিলেট জয় কৰিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ কেইবাখনো যুদ্ধ সংঘটিত হৈছিল৷ এই যুদ্ধবোৰত বুৰহানুদ্দিনে পথ প্ৰদৰ্শক হিচাপে কাম কৰিছিল। এই সমগ্ৰ অভিযানক চিলেট বিজয় বুলি জনা যায়। অৱশেষত ১৩০৩ চনত শ্বাহ জালাল আৰু তেওঁৰ সংগীসকলৰ নেতৃত্বত এই অঞ্চল জয় কৰা হয়।৩
উত্তৰাধিকাৰ
চিলেটৰ এটা পথ বুৰহানুদ্দিনৰ নামেৰে বুৰহানাবাদ ৰখা হৈছে৷ এই পথতে গাজী বুৰহানুদ্দিন প্ৰাথমিক বিদ্যালয় নামৰ এখন বিদ্যালয় স্থাপন কৰা হয়।৬ ৰাস্তাটোত তেওঁৰ সমাধিস্থলটোও আছে।৩ লণ্ডনৰ কমাৰ্চিয়েল ষ্ট্ৰীটৰ পূৰ্বৰ আৰক্ষী থানাখন ১৯৮৭ চনত হাউছিং ব্লকলৈ পুনৰ উন্নীতকৰণ কৰা হয় আৰু তেওঁৰ নামেৰে বুৰহানুদ্দিন ভৱন ৰখা হয়।৭ ইয়াৰ লগতে লণ্ডনৰ ইষ্ট এণ্ডত বেথনাল গ্ৰীণৰ বাকফাষ্ট ষ্ট্ৰীটত তেওঁৰ নামেৰে বুৰহানুদ্দিন মছজিদ নামৰ এটা মছজিদ স্থাপন কৰা হয়।
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি. www.sylhetsadar.sylhet.gov.bd
- ↑ Qurashi, Ishfaq. (December 2012). শাহজালাল(রঃ) এবং শাহদাউদ কুরায়শী(রঃ)
- ↑ Hussain, Muhammad Sahul. Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ EB, Suharwardy Yemani Sylheti, Shaikhul Mashaikh Hazrat Makhdum Ghazi Shaikh Jalaluddin Mujjarad, in Hanif, N. "Biographical Encyclopaedia of Sufis: Central Asia and Middle East. Vol. 2". Sarup & Sons, 2002. p.459
- ↑ (1 April 2019). আৰ্কাইভ কপি. Bangladesh Pratidin
- ↑ Chowdhury, Muhammad Farruk Ahmed. Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ The Bengali East End - Histories of life and work in Tower Hamlets. Tower Hamlets
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাজি বুৰহানুদ্দিন” প্ৰবন্ধৰ সংশোধন ৬১৭০০৯ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।