অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক

গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক (Gayatri Chakravorty Spivak; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় পণ্ডিত, সাহিত্য তত্ত্ববিদ আৰু নাৰীবাদী সমালোচক। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু প্ৰতিষ্ঠানটোৰ ইনষ্টিটিউট ফৰ কম্পাৰেটিভ লিটাৰেচাৰ এণ্ড ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য।

হালনাগাদ: ৩১ জুলাই ২০২৬ ৩২৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক (Gayatri Chakravorty Spivak; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় পণ্ডিত, সাহিত্য তত্ত্ববিদ আৰু নাৰীবাদী সমালোচক।১ তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু প্ৰতিষ্ঠানটোৰ ইনষ্টিটিউট ফৰ কম্পাৰেটিভ লিটাৰেচাৰ এণ্ড ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য।২

উত্তৰ-ঔপনিৱেশিক কালৰ অন্যতম প্ৰভাৱশালী বুদ্ধিজীৱী বুলি গণ্য কৰা স্পিভাক তেওঁৰ ৰচনা কেন দ্য চাবঅলটাৰ্ন স্পিক? আৰু জেক ডেৰিডাৰ De la gramatologie-ৰ অনুবাদ আৰু পাতনিৰ বাবে বিশেষভাবে জনাজাত।৩৪ মহাশ্বেতা দেৱীৰ বহু গ্ৰন্থ মহাশ্বেতাৰ জীৱন আৰু লেখনশৈলীৰ পৃথক সমালোচনাত্মক টোকাৰ সৈতে তেওঁ ইংৰাজীলৈও অনুবাদ

“গোলকীকৃত বিশ্বৰ সম্পৰ্কত বৌদ্ধিক ঔপনিৱেশিকতাৰ বিৰুদ্ধে মানৱীয় বিষয়ৰ হৈ কথা কোৱা এগৰাকী সমালোচনাত্মক তত্ত্ববিদ আৰু শিক্ষাবিদ” ৰূপে স্পিভাকক ২০১২ চনত কলা আৰু দৰ্শনৰ কিয়’ট’ বঁটা প্ৰদান কৰা হয়।৫৬ ২০১৩ চনত তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ লাভ কৰে।৭

যদিও উত্তৰ-ঔপনিৱেশিকতাবাদৰ সৈতে জড়িত, স্পিভাকে এই বিষয়টোৰ পৰা আঁতৰি এ ক্ৰিটিক অৱ পোষ্টকলনিয়েল ৰিজন (১৯৯৯) ৰচনা কৰিছিল; এই স্থিতি তেওঁ ২০২১ চনত জানুছ আনবাউণ্ডে প্ৰকাশ কৰা জাৰ্নেল অৱ ক্ৰিটিকেল ষ্টাডিজৰ হাউ দ্য হেৰিটেজ অৱ প'ষ্টকলনিয়েল ষ্টাডিজ থিংকছ কলনিয়ালিজম টুডে শীৰ্ষক ৰচনা এখনতো বজাই ৰাখিছে।৮

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

কলিকতাত পৰেশ চন্দ্ৰ আৰু শিৱানী চক্ৰৱৰ্তীৰ ঘৰত গায়ত্ৰী চক্ৰৱৰ্তী নামেৰে স্পিভাকৰ জন্ম হৈছিল।[10] ছেইণ্ট জনছ ডাইচেচন গাৰ্লছ হাইয়াৰ ছেকেণ্ডাৰী স্কুলত মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পিছত স্পিভাকে কলকাতা বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰেচিডেন্সি কলেজত পঢ়ে আৰু ১৯৫৯ চনত তাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৯

স্পিভাকৰ দুবাৰ বিবাহ হয়; প্ৰথমবাৰ তালব’ট স্পিভাকৰ সৈতে। এই বিবাহ ১৯৬৪ চনৰ পৰা ১৯৭৭ চনলৈকে স্থায়ী হৈছিল। তাৰ পিছত বাসুদেৱ চেটাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ কোনো সন্তান নাই।১০

কৰ্ম

ডেৰিডাৰ ডে লা গ্ৰামেট'লজীৰ অনুবাদেৰে স্পিভাকে অনুবাদৰ ক্ষেত্ৰখনত বিশিষ্ট স্থান লাভ কৰে। ১১ ইয়াৰ পিছত ছাবঅলটাৰ্ন ষ্টাডিজ কালেকটিভৰ সদস্য হিচাপে তেওঁ ধাৰাবহিকভাবে সাম্ৰাজ্যবাদ আৰু আন্তঃৰাষ্ট্ৰীয় নাৰীবাদৰ ঐতিহাসিক অধ্যয়ন আৰু সাহিত্য সমালোচনা চলাই গৈছিল। তেওঁ নিজকে প্ৰায়ে “ব্যৱহাৰিক মাৰ্ক্সবাদী-নাৰীবাদী-বিনিৰ্মাণকাৰী” বুলি উল্লেখ কৰে। ১২ এডৱাৰ্ড ছেইডে স্পিভাকৰ কামৰ বিষয়ে লিখিছে, “তেওঁ অ-প্ৰাশ্চাত্য মহিলাৰ সাহিত্য তত্ত্বৰ অধ্যয়নৰ পথ প্ৰদৰ্শক আছিল আৰু আমাৰ বাবে উপলব্ধ সেই ভূমিকাৰ আটাইতকৈ প্ৰাচীন আৰু সুসংহত পন্থাবোৰ এটা প্ৰস্তুত কৰিছিল।” ১৩

স্বীকৃতি

  • ১৯৯৭: মহাশ্বেতা দেৱীৰ চুটিগল্প সংকলনৰ Imaginary Maps নামেৰে ইংৰাজীলৈ কৰা অনুবাদৰ বাবে সাহিত্য অকাডেমী অনুবাদ বঁটা।
  • ২০১২: ‘চিন্তা আৰু নৈতিকতা’ শিতানত কিয়’ট’ বঁটা
  • ২০১৩: ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণ প্ৰদান।

তথ্যসূত্ৰ

  1. ↑ "Spivak, Gayatri." Encyclopædia Britannica. Encyclopædia Britannica Ultimate Reference Suite. Chicago: Encyclopædia Britannica, 2014
  2. ↑ Gayatri Chakravorty Spivak. Department of English and Comparative Literature. Columbia University in the City of New York
  3. ↑ Simons, Jon. (2010-09-10). From Agamben to Zizek: Contemporary Critical Theorists: Contemporary Critical Theorists. Edinburgh University Press. ISBN 9780748643264
  4. ↑ Morton, Stephen. (2010). From Agamben To Zizek Contemporary Critical Theorists. Edinburgh University Press. পৃ. 210. ISBN 978-0-7486-3973-1
  5. ↑ The Kyoto Prize / Laureates / Gayatri Chakravorty Spivak. Inamori Foundation
  6. ↑ Columbia University Professor Gayatri Spivak Selected as 2012 Kyoto Prize Laureate in Arts and Philosophy. Kyoto Symposium Organization. Kyoto Prize USA
  7. ↑ (25 January 2013). Padma Awards Announced. Ministry of Home Affairs (India)
  8. ↑ Gayatri Chakravorty, Spivak. (11 November 2021). How the Heritage of Postcolonial Studies Thinks Colonialism Today. Janus Unbound: Journal of Critical Studies. পৃ. 19–29
  9. ↑ (1996). The Spivak Reader. Routledge. পৃ. 1–4. ISBN 978-0415910019
  10. ↑ Smith, Dinitia. (2002-02-09). Creating a Stir Wherever She Goes. The New York Times
  11. ↑ (1996). The Spivak Reader: Selected Works of Gayatri Chakravorty Spivak. Routledge. পৃ. 1–4. ISBN 9780415910019
  12. ↑ Lahiri, Bulan. (6 February 2011). Speaking to Spivak. দ্য হিন্দু
  13. ↑ Dinitia Smith, "Creating a Stir Wherever She Goes," New York Times (9 February 2002) B7

সম্পৰ্কিত শ্ৰেণী

পদ্মভূষণ বঁটা বিজয়ীসাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ীভাৰতীয় মূলৰ আমেৰিকানভাৰতীয় নাৰীবাদীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক” প্ৰবন্ধৰ সংশোধন ৬২১৯৩২ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।