অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতা কাপুৰ (কলা সমালোচক)

গীতা কাপুৰ (Geeta Kapur; জন্ম ১৯৪৩) হ'ল নতুন দিল্লীত বসবাস কৰা এগৰাকী বিশিষ্ট ভাৰতীয় কলা সমালোচক, কলা ইতিহাসবিদ আৰু কিউৰেটৰ। সমালোচনামূলক কলা লিখনিৰ তেওঁ হ'ল ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ব্যক্তি; ইণ্ডিয়ান এক্সপ্ৰেছ মতে তেওঁ, "তিনি দশক ধৰি ভাৰতীয় সমসাময়িক কলা তত্ত্বৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰি…

হালনাগাদ: ৭ মে’ ২০২৬ ৩৭৬ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

গীতা কাপুৰ (Geeta Kapur; জন্ম ১৯৪৩) হ'ল নতুন দিল্লীত বসবাস কৰা এগৰাকী বিশিষ্ট ভাৰতীয় কলা সমালোচক, কলা ইতিহাসবিদ আৰু কিউৰেটৰ।১ সমালোচনামূলক কলা লিখনিৰ তেওঁ হ'ল ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ব্যক্তি; ইণ্ডিয়ান এক্সপ্ৰেছ মতে তেওঁ, "তিনি দশক ধৰি ভাৰতীয় সমসাময়িক কলা তত্ত্বৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰি আহিছে।" ২৩ তেওঁৰ ৰচনাসমূহৰ ভিতৰত ভিতৰত আছে শিল্পীৰ মনোগ্ৰাফ, প্ৰদৰ্শনী সূচী, কিতাপ, আৰু কলা, চলচ্চিত্ৰ আৰু সাংস্কৃতিক তত্ত্বৰ বিষয়ে‍ বিস্তাৰিতভাৱে‍ সংকলন কৰা প্ৰবন্ধৰ সংকলনসমূহ।৪

তেওঁ কন্টেম্পৰেৰী ইণ্ডিয়ান আৰ্টিষ্টছ (১৯৭৮), ৱেন ৱাজ মডাৰ্নিজম: এছেছ অন কন্টেম্পৰেৰী কালচাৰেল প্ৰেকটিছ ইন ইণ্ডিয়া (২০০০) আৰু ক্ৰিটিক’ছ কম্পাছ: নেভিগেটিং প্ৰেকটিছ (আগন্তুক) আদি বিভিন্ন গ্ৰন্থ লিখিছে।৫ গীতা কাপুৰ জাৰ্নেল অৱ আৰ্টছ এণ্ড আইডিয়াছ৬ (দিল্লী)ৰ অন্যতম প্ৰতিষ্ঠাপক-সম্পাদক। থাৰ্ড টেক্সট৭ (লণ্ডন), মাৰ্গ (মুম্বাই), আৰু এ আৰ টিমাৰ্জিন্সৰ পৰামৰ্শদাতা ব'ৰ্ডতো তেওঁ যোগদান কৰিছে।

তেওঁ ভেনিচৰ বিয়েনালেছ (২০০৫), ডাকাৰ (২০০৬), আৰু শ্বাৰজাহ (২০০৭)ৰ জুৰীৰ সদস্য আছিল। গুগেনহাইম সংগ্ৰহালয়, হংকঙৰ এছিয়া আৰ্ট আৰ্কাইভ আৰু কোচি-মুজিৰিছ বিয়েনালেৰ এছিয়ান আৰ্ট কাউন্সিল৮ ৰ গীতা কাপুৰ এগৰাকী সদস্য। তেওঁ দিল্লীৰ শ্বেৰ-গিল সুন্দৰাম আৰ্টছ ফাউণ্ডেশ্যন (এছ এছ এ এফ)ৰ ট্ৰাষ্টী আৰু আৰ্ট ডকুমেণ্টছ (এছ এছ এ এফ–তুলিকা বুকছ)ৰ ধাৰাবাহিক সম্পাদিকা।

২০০৯ চনত ভাৰত চৰকাৰে কলা ক্ষেত্ৰলৈ‍ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।৯ ইয়াৰ পূৰ্বে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰিছিল।১০

তেওঁৰ স্বামী শিল্পী বিৱন সুন্দৰম। ২০১১ চনত হংকং ভিত্তিক এছিয়া আৰ্ট আৰ্কাইভ১১ (AAA)-এ তেওঁলোকৰ আৰ্কাইভক ডিজিটেলাইজ কৰে আৰু ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আন এক জীৱন শীৰ্ষক এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰে।১২

জীৱনী

এম এন কাপুৰ আৰু অমৃতা কাপুৰৰ ঘৰত ১৯৪৩ চনত গীতা কাপুৰৰ জন্ম হৈছিল৷ নাট্য পৰিচালক অনুৰাধা কাপুৰ তেওঁৰ কনিষ্ঠ ভগ্নী।১৩

নতুন দিল্লীৰ মডাৰ্ণ স্কুলৰ চৌহদত তেওঁ ডাঙৰ-দীঘল হৈছিল আৰু ১৯৪৭ চনৰ পৰা ১৯৭৭ চনলৈকে তেওঁৰ পিতৃ সেই অনুষ্ঠানৰ অধ্যক্ষ আছিল।১৪ তেওঁৰ স্বামী বিভান সুন্দৰম আছিল ইনষ্টলেচন আৰ্টিষ্ট৷ নতুন দিল্লীত জন্মগ্ৰহণ কৰা গীতা কাপুৰে‍ নতুন দিল্লীতে কাম অব্যাহত ৰাখিছে আৰু বসবাস কৰি‍ আহিছে।

কাপুৰে দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে (১৯৬২);১৫ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা সূক্ষ্ম কলাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে (১৯৬৪); আৰু লণ্ডনৰ ৰয়েল কলেজ অৱ আৰ্টৰ পৰা সমালোচনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে (১৯৭০)।১৬

১৯৬৭ চনৰ পৰা ১৯৭৩ চনলৈ তেওঁ আই আই টি দিল্লীৰ মানৱীয় আৰু সমাজ বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বক্তৃতা প্ৰদান কৰাৰ লগতে‍ চিমলাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ক্লেয়াৰ হল আৰু নতুন দিল্লীৰ তিনমূৰ্তিৰ নেহৰু মেম'ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীৰ ভিজিটিং ফেল'শ্বিপ লাভ কৰিছে।১৭

তথ্যসূত্ৰ

  1. ↑ (29 January 2007). https://www.nytimes.com/2007/01/29/arts/design/29femi.html
  2. ↑ (8 Jun 2008). http://www.hindu.com/mag/2008/06/08/stories/2008060850200700.htm
  3. ↑ (5 May 2002). http://www.indianexpress.com/oldStory/2013/
  4. ↑ Kapur Geeta. iniva
  5. ↑ Sher-Gil Sundaram Arts Foundation · Trustees
  6. ↑ Library, Digital South Asia. (October 1982). Journal of Arts and Ideas.. dsal.uchicago.edu
  7. ↑ Third Text. thirdtext.org
  8. ↑ Asian Art Council. The Guggenheim Museums and Foundation
  9. ↑ Padma Awards Directory (1954-2009). Ministry of Home Affairs
  10. ↑ people - Sharjah Art Foundation. sharjahart.org
  11. ↑ Archive, Asia Art. Home. aaa.org.hk
  12. ↑ (18 Feb 2011). The byte of history. Mint
  13. ↑ Kapur, Geeta. (2000). When was Modernism: Essays on Contemporay Cultural Practice in India. Tulika. পৃ. xv. ISBN 81-85229-14-7
  14. ↑ Principals - Modern School
  15. ↑ people - Sharjah Art Foundation. sharjahart.org
  16. ↑ Adil Jusswalla; Eunice De Souza. (1989). Statements:anthology of Indian Prose in English. Orient Blackswan. পৃ. 153. ISBN 0-86125-263-2
  17. ↑ Geeta Kapur, Curator, Writer InIVA website

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা কাপুৰ (কলা সমালোচক)” প্ৰবন্ধৰ সংশোধন ৬০৫০১৫ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।