গাদ্দাম পদ্মজা ৰেড্ডী ( Gaddam Padmaja Reddy; জন্ম: ১ জানুৱাৰী ১৯৬৭) এগৰাকী আগশাৰীৰ কুচিপুড়ি নৃত্যশিল্পী আৰু সংগীত শিক্ষক। তেওঁ পৌৰাণিক আৰু সমসাময়িক সামাজিক বিষয়ৰ আধাৰত বেলেও পৰিবেশন কৰে। তেওঁ কুচিপুড়িৰ এটা ৰূপ কাকতিয়ামৰ নৃত্য ৰচনা কৰিছিল। ২০০৬ চনত কলা ৰত্ন, ২০১৫ চনত ভাৰতৰ কলাৰ ক্ষেত্ৰখনৰ সৰ্বোচ্চ সন্মাম সংগীত নাটক একাডেমী বঁটা আৰু ২০২২ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে তেওঁক সন্মানিত কৰা হয়।
প্ৰাৰম্ভিক জীৱন
১৯৬৭ চনৰ ১ জানুৱাৰীত১ অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ পামাৰুত এটা ৰেড্ডী পৰিয়ালত তেওঁৰ জন্ম হয়।২ দেউতাক আৰু মাকৰ নাম আছিল ক্ৰমে জি ভি ৰেড্ডী আৰু স্বৰাজ্যলক্ষ্মী। ৩৪ তেওঁ পামাৰুৰ ককাক-আইতাকৰ ঘৰত ডাঙৰ-দীঘল হয়। পিছলৈ তেওঁ হাইদৰাবাদলৈ গুচি যায়। ৫ তেওঁৰ পৰিয়ালটো ইউছুফগুড়াত বাস কৰিছিল। তেওঁ প্ৰথমে চেণ্ট থেৰেছা স্কুলত শিক্ষা গ্ৰহণ আৰু তাৰ পিছত ৰেড্ডী কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লয়। ৬
কুচিপুড়ি নৃত্য
ৰেড্ডীয়ে শোভা নাইডুৰ পৰা কুচিপুড়িৰ প্ৰশিক্ষণ লৈছিল।১ সত্যভামা আৰু ৰুদ্ৰমা দেৱীৰ চৰিত্ৰত কুচিপুড়ি পৰিবেশন কৰি ৰেড্ডীয়ে স্বীকৃতি লাভ কৰে।৩ এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে পৌৰাণিক বিষয়তকৈ তেওঁ সাধাৰণ এক অনন্য বিষয়ত পৰিবেশন কৰিব বিচাৰে।২ তেওঁ সমসাময়িক সামাজিক বিষয়সমূহৰ ওপৰত সজাগতা গঢ়ি তোলা কেইবাটাও কুচিপুড়ি নৃত্যৰ ৰূপ বিকশিত কৰি পৰিবেশন কৰিছিল, ইয়াৰে কিছুমান হ’ল- বেলে ব্ৰুন হত্যালু, জাগ্ৰুতি, বজ্ৰ ভাৰতী, নমস্তে ইণ্ডিয়া, ছিজন অৱ ফ্লাৱাৰছ। ব্ৰুন হত্যালুত কন্যা গৰ্ভপাতক গৰিহণা দিয়া হয়, জাগ্ৰুতীয়ে এইচ আই ভি/এইডছ সম্পৰ্কীয় বিষয়সমূহ সামৰি লৈছে আৰু বজ্ৰ ভাৰতীয়ে মানুহৰ মাজত জাতীয় অখণ্ডতাৰ আগ্ৰহ জগাই তুলিবলৈ চেষ্টা কৰিছে।৭৮ সামাজিক বিষয়ৰ উপৰিও তেওঁ পৌৰাণিক কাহিনীৰ সৈতে জড়িত বেলে পৰিবেশন কৰে। তেওঁৰ কিছুমান পৌৰাণিক কৰ্মৰ ভিতৰত আছে- ভামকলপম, মহিষাসুৰ মৰ্দিনী, নৱদুৰ্গালু আৰু কাকতীয়ম আদি অন্যতম।৯১০
কাকতিয়ম
ৰেড্ডীয়ে এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ তেলংগানাৰ সংস্কৃতিৰ আধাৰত এটা শাস্ত্ৰীয় নৃত্যৰ ৰূপ গঢ়ি তুলিব বিচাৰে। কাকতীয় বংশৰ সময়ছোৱাত ৰামাপ্পা মন্দিৰৰ ইতিহাস আৰু বিষয়বস্তু, ভাস্কৰ্য্য আৰু নৃত্যৰ ৰূপৰ ওপৰত ভিত্তি কৰি দুটা খণ্ডৰ কুচিপুড়ি নৃত্যৰ এটা ৰূপ কাকতিয়ম বিকশিত কৰে। নৃত্যৰ ৰূপটোৰ গঠনৰ ক্ষেত্ৰত ৰামাপ্পা মন্দিৰ, সহস্ৰ স্তম্ভ মন্দিৰ আৰু ৱাৰংগল দুৰ্গৰ ওপৰত কৰা গৱেষণাৰ ভিত্তিত ধাৰণাটো লোৱা হৈছে বুলিও তেওঁ কৈছিল।১১২ তেওঁৰ মতে, ই এজন কাকতীয় সেনাপতি জয়পা সেনানীৰ গ্ৰন্থ নৃত্য ৰত্নাৱলীৰ আধাৰত ৰচনা কৰা হৈছে, য'ত ত্ৰয়োদশ শতিকাৰ নৃত্যৰ ৰূপসমূহ নথিভুক্ত কৰা হৈছে।৪৯
ব্যক্তিগত জীৱন
১৯৮৮ চনত পদ্মজা ৰেড্ডীৰ গাদ্দাম শ্ৰীনিবাস ৰেড্ডীৰ সৈতে বিবাহপাশত আবদ্ধ হয়,৫ যিজন প্ৰাক্তন সংসদ আৰু বিধানসভাৰ সদস্য গাদ্দাম গংগা ৰেড্ডীৰ পুত্ৰ। তেওঁলোকৰ এজন পুত্ৰ প্ৰণৱ।৪ ৰেড্ডীয়ে হায়দৰাবাদৰ ওচৰৰ বেগুম্পেটত বাস কৰে।১২
তথ্যসূত্ৰ
- ↑ (11 November 2022). పద్మజారెడ్డికి నేడు మహిళా వర్సిటీ డాక్టరేట్ ప్రదానం. Andhra Jyothi
- ↑ Anjali. (12 September 2017). Kuchipudi Dancer Padmaja Reddy Exclusive Interview. iDream Telugu Movies
- ↑ (26 January 2022). మాజీ ఎంపీ గడ్డం గంగారెడ్డి చిన్నకోడలికి 'పద్మశ్రీ'. Sakshi
- ↑ Revalla, Venkateswarlu. (27 January 2022). ఇది శివుడిచ్చిన వరం. Eenadu
- ↑ (3 November 2016). తెలంగాణ కోడలైనందుకు గర్వపడుతున్నా.. Namasthe Telangana
- ↑ (2 January 2018). Exclusive Interview with Dr.Padmaja Reddy. Jaya Jaya Shankara Tv
- ↑ (11 November 2022). Governor Biswabhusan lauds SPMVV for responding to challenges. The Hans India
- ↑ Reddy, Nirmala. (26 December 2021). కాకతీయం: చారిత్రక నృత్య సౌరభం. Sakshi. পৃ. 12
- ↑ (2022). Padma Shri - Smt. Gaddam Padmaja Reddy. ভাৰত চৰকাৰ
- ↑ Chakravorty, Reshmi. (6 December 2017). An honourable moment. Deccan Chronicle
- ↑ (23 December 2021). Kuchipudi dancer Padmaja Reddy is all set to perform at Shilpakala Vedika. Telangana Today
- ↑ (28 January 2022). Padma Shri Awardee Dr. Padmaja Reddy joins Green India Challenge. Telangana Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাদ্দাম পদ্মজা ৰেড্ডী” প্ৰবন্ধৰ সংশোধন ৪৩১১৯৯ (৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।