গম্ভৰী দেৱী (১৯২২ – ৮ জানুৱাৰী ২০১৩) এগৰাকী ভাৰতীয় লোক সংগীতশিল্পী, লোকনৃত্যশিল্পী, লোকসংস্কৃতিবিদ। হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত জন্ম গ্ৰহণ কৰা গম্ভৰী দেৱী হিমাচলী লোকসংস্কৃতিৰ পুৰোধা ব্যক্তি।১ তেওঁ হিমাচল প্ৰদেশৰ লোকসংগীত, লোকনৃত্য আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিখ্যাত।২ ২০১১ চনত তেওঁ সংগীত নাটক একাডেমীৰ পৰা ঠাকুৰ একাডেমী পুৰস্কাৰ লাভ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৫০তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি দেশৰ ১০০ গৰাকী শিল্পীলৈ আগবঢ়োৱা এই বঁটা গম্ভৰী দেৱীয়ে পৰিৱেশ্য কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে লাভ কৰিছিল।৩৪ ২০০১ চনত তেওঁ হিমাচল কলা একাডেমীৰ পৰা হিমাচল কলা একাডেমী বঁটা লাভ কৰিছিল। ২০১৩ চনৰ ৮ জানুৱাৰী তাৰিখে ৯১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৫
প্ৰাৰম্ভিক জীৱন
১৯২২ চনত হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাৰ বান্দলা গাঁৱত গম্ভৰী দেৱীৰ জন্ম হৈছিল। তেওঁ মাত্ৰ আঠ বছৰ বয়সতে লোকনৃত্য প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত প্ৰচলিত ৰীতি মতে তেওঁৰ কম বয়সতে বিয়া হৈছিল। সাধাৰণতে তেওঁলোকৰ গাঁৱৰ ছোৱালীসকলৰ নৃত্য-গীতৰ লগত জড়িত হোৱা নিষেধ আছিল। কিন্তু বিৰোধীতাৰ সত্বেও তেওঁ লোকসংগীত আৰু নৃত্যৰ চৰ্চা অব্যাহত ৰাখিছিল।
ৰাজহুৱা জীৱন
অতি কম সময়ৰ ভিতৰতে গম্ভৰী দেৱীৰ পাৰদৰ্শিতাৰ বাবে জনপ্ৰিয়তা লাভ কৰে। সমাজত ছোৱালীৰ নৃত্যগীত নিষেধ থকা সত্বেও তেওঁক বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। পিছলৈ যিকোনো উৎসৱ তেওঁৰ পৰিবেশনৰ অবিহনে সম্পূৰ্ণ নোহোৱাৰ পৰ্যায় লাভ কৰিছিল। লাহে লাহে তেওঁক প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা আৰম্ভ হৈছিল। তেওঁৰ নৃত্য-গীতৰ অনুষ্ঠান উপভোগ কৰিবলৈ বহু দূৰৰ পৰা মানুহ উপস্থিত হৈছিল। তেওঁৰ লগত এজন ঢোলবাদক আৰু মুষ্টিযুদ্ধবিদ পিস্তু ওৰফে বসন্ত পেহেলৱানে পৰিবেশনত বাদ্য বজাইছিল। তেৱোঁ গম্ভৰী দেৱীৰ দৰে বিখ্যাত হৈ পৰিছিল। তেওঁলোক একেলগে বহুবছৰ থকাৰ পিছতো বিয়া পতা নাছিল। সেয়ে তেওঁলোকে সমাজৰ পৰা ভাল ব্যৱহাৰ পোৱা নাছিল। সমাজৰ লোকে তেওঁৰ পৰিবেশনত আমোদ লাভ কৰিলেও তেওঁৰ মুকলিমূৰীয়া ব্যৱহাৰ গ্ৰহণ কৰিবলৈ অপাৰগ আছিল। পিছলৈ গম্ভৰী দেৱীয়ে পিছলৈ নিজৰ প্ৰেম বিসৰ্জন দি বসন্ত পেহেলৱানক আন এগৰাকী মহিলাৰ লগত বিবাহপাশত আবদ্ধ হবলৈ অনুৰোধ জনাইছিল।
তেওঁ জীৱৰ শেষৰ কালছোৱাৰ সময়লৈকে ৰাজহুৱা মঞ্চত লোকসংগীত আৰু নৃত্য প্ৰদৰ্শন কৰিছিল। পিছলৈ বাৰ্ধক্য আৰু স্বাস্থ্যজনীত কাৰণত জীৱৰ শেষৰ মাহ কেইটাত ৰাজহুৱা জীৱন ত্যাগ কৰিছিল।
বঁটা আৰু সন্মান
তেওঁ লোকসংগীত, লোকনৃত্য আৰু লোকসংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। ২০১১ চনত তেওঁ সংগীত নাটক একাডেমীৰ পৰা ঠাকুৰ একাডেমী পুৰস্কাৰ লাভ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৫০তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি দেশৰ ১০০ গৰাকী শিল্পীলৈ আগবঢ়োৱা এই বঁটা গম্ভৰী দেৱীয়ে পৰিৱেশ্য কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে লাভ কৰিছিল।৬৭ ২০০১ চনত তেওঁ হিমাচল কলা একাডেমীৰ পৰা হিমাচল কলা একাডেমী বঁটা লাভ কৰিছিল।
মৃত্যু
২০১৩ চনৰ ৮ জানুৱাৰী তাৰিখে ৯১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৮
তথ্যসূত্ৰ
- ↑ (15 Aug 2012). London Olympics silver medallist Vijay Kumar conferred Rs 1 crore and Himachal Gaurav Award. Economic Times
- ↑ Ashoka Jerath. (1995). The Splendour of Himalayan Art and Culture. Indus Publishing. পৃ. 151–. ISBN 978-81-7387-034-7
- ↑ (2011). Sangeet Natak Akademi Ratna and Akademi Puraskar. Sangeet Natak Akademi
- ↑ List of recipients of Tagore Akademi Puraskar. Press Information Bureau, Government of India
- ↑ (9 January 2013). Folk singer Gambhari Devi passes away, लोक गायिका गंभरी देवी का निधन. Amar Ujala
- ↑ (2011). Sangeet Natak Akademi Ratna and Akademi Puraskar. Sangeet Natak Akademi
- ↑ List of recipients of Tagore Akademi Puraskar. Press Information Bureau, Government of India
- ↑ (9 January 2013). Folk singer Gambhari Devi passes away, लोक गायिका गंभरी देवी का निधन. Amar Ujala
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গম্ভৰী দেৱী” প্ৰবন্ধৰ সংশোধন ৪৪৩৯৮৪ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।