জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ক্লাউডিয়া আলেকজেণ্ডাৰ
ক্লাউডিয়া জোয়ান আলেকজেণ্ডাৰ (৩০ মে’, ১৯৫৯ – ১১ জুলাই, ২০১৫) এগৰাকী ভূ-পদাৰ্থবিজ্ঞান আৰু গ্ৰহ বিজ্ঞানৰ বিশেষজ্ঞ। তেওঁ কানাডাত জন্মগ্ৰহণ কৰিছিল আমেৰিকান গৱেষণা বিজ্ঞানী আছিল। আমেৰিকাৰ ভূ-তাত্ত্বিক জৰীপ আৰু নাছাৰ জেট প্ৰপালচন লেবৰেটৰীত কাম কৰিছিল।
-
ক্লাৰা আবকাৰ
ক্লাৰা আবকাৰ (Clara Abkar; আৰ্মেনিয়ান: Կլարա Աբգար; জন্ম: ১৯১৬ – মৃত্যু: ২০ মাৰ্চ, ১৯৯৬) এগৰাকী ইৰাণী-আৰ্মেনিয়ান ক্ষুদ্ৰ চিত্ৰশিল্পী আৰু আন ধাতুৰ ওপৰত সোণৰ পাতৰ কাম কৰা শিল্পী আছিল। তেওঁ আছিল প্ৰথম ইৰাণী মহিলা ক্ষুদ্ৰ চিত্ৰশিল্পী।
-
ক্লাৰা এণ্ডাৰচন
ক্লাৰা এলিজাবেথ এণ্ডাৰছন ( Clara Elisabeth Andersen) জন্ম ১৩ মে ১৮২৬ চন আৰু মৃত্যু ২৮ আগষ্ট ১৮৯৫ চন, এগৰাকী ডেনিছ নাট্যকাৰ আৰু ঔপন্যাসিক। তেওঁ ৰচনা কৰা বহু নাটকৰ বাবেই তেওঁ ১৯ শতিকাৰ আটাইতকৈ সফল ডেনিছ নাট্যকাৰ হিচাপে পৰিগণিত হয়।
-
ক্লাৰা চৌ
ক্লাৰা চৌ এগৰাকী অষ্ট্ৰেলিয়ান হৃদৰোগ বিশেষজ্ঞ যি ছিডনীৰ ৱেষ্টমিড হাস্পতালৰ সম্প্ৰদায়ভিত্তিক হৃদৰোগ সেৱাৰ প্ৰগ্ৰেম ডাইৰেক্টৰ। ছিডনী বিশ্ববিদ্যালয়ৰ হৃদযন্ত্ৰৰ ৰোগ মহামাৰী বিজ্ঞান, প্ৰতিৰোধ, চিকিৎসা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানৰ অধ্যাপিকা।
-
ক্লিওফিছ
ক্লিওফিছ (সংস্কৃত: কৃপা ) আছিল এগৰাকী আছাকানী ৰাণী আৰু আছাকানী জনগোষ্ঠী আৰু মহান আলেকজেণ্ডাৰৰ মাজৰ যুদ্ধৰ মূল ব্যক্তিত্ব। খ্ৰীষ্টপূৰ্ব ৩২৬ চনত আলেকজেণ্ডাৰৰ আক্ৰমণৰ সময়ত আছাকানিসকলৰ যুদ্ধ নেতা আছাকানাছৰ মাতৃ আছিল ক্লিওফিছ।
-
ক্লেয়াৰ ভেলুট
ক্লেয়াৰ মেৰী জিন ভেলুট (Claire Vellut; ১৯২৬–২০১৩) আছিল বেলজিয়ামত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় কুষ্ঠৰোগ বিশেষজ্ঞ, মানৱতাবাদী আৰু ডেমিয়েন ফাউণ্ডেশ্যন ইণ্ডিয়া ট্ৰাষ্ট (এক অলাভজনক বেচৰকাৰী সংস্থা প্ৰতিষ্ঠাপক)ৰ প্ৰতিষ্ঠাপক যি ভাৰতত কুষ্ঠ আৰু যক্ষ্মা ৰোগত আক্ৰান্ত লোকসকলৰ চিকিৎসা আৰু পুনৰ্বাসন সেৱা…
-
ক্লেয়াৰ মেলৰী
ক্লেয়াৰ মেলৰী জন্ম নাম উইনিফ্ৰেড কনষ্টেন্স মেককুইলকানৰ ছদ্ম নাম। (২৫ ছেপ্টেম্বৰ ১৯১৩ – ২০ এপ্ৰিল ১৯৯১) ১৯৪৭ চনৰপৰা ১৯৫১ চনৰ ভিতৰত প্ৰকাশিত দহখন শিশু গ্ৰন্থ লিখিছিল। ক্লেয়াৰ মেল’ৰীক মূলতঃ ছোৱালীৰ স্কুলৰ কাহিনীৰ এগৰাকী উচ্চমানৰ প্ৰতিষ্ঠাপক হিচাপে স্মৰণ কৰা হয়।
-
ক্লেয়াৰ হ'ল্ট
ক্লেয়াৰ ৰিয়ানন হ'ল্ট (জন্ম ১১ জুন ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান-আমেৰিকান অভিনেত্ৰী। ২০০৯ চনত আমেৰিকালৈ গৈ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তেওঁ ফেণ্টাছি ধাৰাবাহিক এইচ টু অ': জাষ্ট এড ৱাটাৰ (২০০৬–২০০৮)-ত এমা গিলবাৰ্টৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল।
-
ক্লোক অৰ্কিন
ক্লো মেভ অৰ্কিন (ইংৰাজী: Chloe Meave Orkin) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কুইন মেৰী ইউনিভাৰ্চিটি অৱ লণ্ডনৰ এইচআইভি/এইডছ চিকিৎসা বিজ্ঞানৰ অধ্যাপিকা। তেওঁ বাৰ্টছ হেল্থ এনএইচএছ ট্ৰাষ্টৰ অন্তৰ্গত ৰয়েল লণ্ডন হাস্পতালত এগৰাকী পৰামৰ্শদাতা হিচাপে কাম কৰে।
-
ক্লোয়ি কাৰ্ডাশিয়ান
ক্লোয়ি আলেকজেণ্ড্ৰা কাৰ্ডাশিয়ান (জন্ম: ২৭ জুন ১৯৮৪) এগৰাকী আমেৰিকান সংবাদ মাধ্যমৰ ব্যক্তিত্ব, চচিয়েললাইট আৰু ব্যৱসায়ী। ২০০৭ চনৰ পৰা ২০২১ চনলৈ ৰিয়েলিটী টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছত নিজৰ পৰিয়ালৰ সৈতে অভিনয় কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
ক্ল’ই বেইলী
ক্ল’ই এলিজাবেথ বেইলী (ইংৰাজী: Chloe Elizabeth Bailey; জন্ম: ১ জুলাই, ১৯৯৮), যাক কেৱল Chlöe নামেৰেও জনা যায়, এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক আৰু অভিনেত্ৰী। তেওঁ নিজৰ ভগ্নী হেলি বেইলীৰ সৈতে 'ক্ল’ই এক্স হেলি' হিচাপে জনপ্ৰিয়তা অৰ্জন কৰে।
-
ক্ষীৰেন ৰয়
ক্ষীৰেন ৰয় অসমৰ পৰা প্ৰকাশিত কিছুমান ইংৰাজী আৰু অসমীয়া দৈনিক কাকতৰ প্ৰবীণ সাংবাদিক আৰু সম্পাদক আছিল। তেওঁ অসমৰ গোৱালপাৰা জিলাৰ মাটিয়াৰ এখন গাঁৱত জন্ম লাভ কৰে।
-
ক্সেনিয়া চুখিনোভা
ক্সেনিয়া ভ্লাদিমিৰোভনা চুখিনোভা (ইংৰাজী: Ksenia Vladimirovna Sukhinova; জন্ম: ২৬ আগষ্ট ১৯৮৭) এগৰাকী ৰাছিয়ান টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী যিয়ে মিছ ৱৰ্ল্ড ২০০৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰা দ্বিতীয়গৰাকী ৰাছিয়ান মহিলা আছিল।
-
ক্ৰান্তি শ্বাহ
ক্ৰান্তি শ্বাহ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ভাৰতৰ স্বেচ্ছাসেৱী, সামাজিক, শৈক্ষিক, সাংস্কৃতিক আৰু যুৱ আন্দোলন যুৱক বিৰাদাৰী (ভাৰত)ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। ১৯৭৪ চনৰ পৰা তেওঁ সমাজ কল্যাণ আৰু যুৱ বিকাশৰ বাবে কাম কৰি আহিছে। তেওঁৰ সামাজিক কামৰ বাবে ২০১০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰে
-
ক্ৰিছ জেনাৰ
ক্ৰিষ্টেন মেৰী জেনাৰ (ইংৰাজী: Kristen Mary Jenner; জন্ম ৫ নৱেম্বৰ, ১৯৫৫) এগৰাকী আমেৰিকান মিডিয়া ব্যক্তিত্ব, চচিয়েলিটি আৰু ব্যৱসায়ী মহিলা। তেওঁ নিজৰ পৰিয়ালৰ সৈতে ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্দাশিয়ানছ (২০০৭–২০২১)-ত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।
-
ক্ৰিষ্টাল ৰিড
ক্ৰিষ্টাল মেৰী ৰিড (জন্ম ৬ ফেব্ৰুৱাৰী, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ টিন উলফ (২০১১–২০১৪) ধাৰাবাহিকত এলিছন আৰ্জেণ্টৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে। তৃতীয় ছিজনৰ পিছত তেওঁ ধাৰাবাহিকখন এৰি যায় যদিও পঞ্চম ছিজনত এলিছনৰ পূৰ্বপুৰুষ মেৰী-জিন ভেলেট হিচাপে অতিথি চৰিত্ৰত উপস্থিত হৈছিল।
-
ক্ৰিষ্টিন ক্ৰুক
ক্ৰিষ্টিন ল’ৰা ক্ৰুক (জন্ম ৩০ ডিচেম্বৰ ১৯৮২) এগৰাকী কানাডিয়ান অভিনেত্ৰী। কিশোৰ ড্ৰামা ধাৰাবাহিক এজমেণ্টৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা ক্ৰুক মূলতঃ চুপাৰহিৰো টেলিভিছন ধাৰাবাহিক স্মলভিলত (২০০১–২০০৯) লানা লেং, দ্য চি-ডব্লিউৰ কল্পবিজ্ঞান ধাৰাবাহিক বিউটি এণ্ড দ্য বিষ্টত (২০১২–২০১৬) কেথেৰিন চেণ্ডলাৰ…
-
ক্ৰিষ্টিনা এগুইলাৰ
ক্ৰিষ্টিনা এগুইলাৰ (থাই: คริสติน่า อากีล่าร์; জন্ম ৩১ অক্টোবৰ ১৯৬৬) এগৰাকী থাই গায়িকা যাক থাই নৃত্যৰ ৰাণী হিচাপে জনা যায়। তেওঁৰ প্ৰথম এলবাম নিঞ্জা ১ মিলিয়ন কপি বিক্ৰীৰ বাবে প্লেটিনাম প্ৰমাণিত হৈছিল – যিটো থাই মহিলা গায়িকাৰ বাবে প্ৰথমটো।
-
ক্ৰিষ্টিনা এগুইলেৰা
ক্ৰিষ্টিনা মাৰিয়া এগুইলেৰা (জন্ম: ১৮ ডিচেম্বৰ, ১৯৮০) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ, অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব। তেখেতে হুইচেল ৰেজিষ্টাৰলৈকে বিস্তৃত চাৰি অষ্টক কণ্ঠৰ পৰিসৰ, কলাত্মক পুনৰ উদ্ভাৱন আৰু সংগীতত বিতৰ্কিত বিষয়-বস্তু অন্তৰ্ভুক্ত কৰাৰ বাবে বিখ্যাত।
-
ক্ৰিষ্টিনা ৰিচি
ক্ৰিষ্টিনা ৰিচি (ইংৰাজী: Christina Ricci; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। ডাৰ্ক এজ বা কিছু অস্বাভাৱিক চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত ৰিচিয়ে বেছিভাগেই স্বতন্ত্ৰ বা ইনডিপেণ্ডেণ্ট ছবিত কাম কৰে, যদিও তেওঁ অসংখ্য বক্স অফিচ হিট ছবিতো অভিনয় কৰিছে।
-
ক্ৰিষ্টিয়ান ছেৰাট’চ
ক্ৰিষ্টিয়ান মেৰী ছেৰাট’চ (জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৯০) এগৰাকী আমেৰিকান অভিনেত্ৰী। একে নামৰ কমিক বুকৰ আধাৰত নিৰ্মিত এএমচিৰ ধাৰাবাহিক দ্য ৱাকিং ডেডত ৰ’জিতা এস্পিনোজাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ক্ৰিষ্টিয়ান নুছলেইন-ভলহাৰ্ড
ক্ৰিষ্টিয়ান নুছলেইন-ভলহাৰ্ড (জন্ম ২০ অক্টোবৰ ১৯৪২) এগৰাকী জাৰ্মান বিকাশশীল জীৱবিজ্ঞানী আৰু ১৯৯৫ চনত শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী। জাৰ্মানীৰপৰা বিজ্ঞান শাখাত নোবেল বঁটা লাভ কৰা একমাত্ৰ মহিলা।
-
ক্ৰিষ্টোফাৰ মাৰ্লো
ক্ৰিষ্টোফাৰ মাৰ্লো (২৬ ফেব্ৰুৱাৰী ১৫৬৪-৩০ মে ১৫৯৩), যাক কিট মাৰ্লো বুলিও জনা যায়, এলিজাবেথ যুগৰ এজন ইংৰাজ নাট্যকাৰ, কবি আৰু অনুবাদক। সমকালীন নাট্যকাৰসকলৰ ভিতৰত মাৰ্লো আছিল আটাইতকৈ বিখ্যাত।
-
ক্ৰীষ্টিন ফান
ক্ৰীষ্টিন ফান ৱেই-চি (ইংৰাজী: Christine Fan; জন্ম: ১৮ মাৰ্চ, ১৯৭৬), যাক তেওঁৰ জনপ্ৰিয় উপনাম ফানফ্যান নামেৰেও জনা যায়, এগৰাকী আমেৰিকান গায়িকা আৰু দূৰদৰ্শনৰ আঁতধৰোঁতা। তেওঁ মূলতঃ টাইৱানত থাকি নিজৰ কেৰিয়াৰ চলাই আহিছে।
-
ক্ৰীষ্টিন লাগাৰ্ড
ক্ৰীষ্টিন মেডেলিন অডেট লাগাৰ্ড ( Christine Madeleine Odette Lagarde; জন্ম ১ জানুৱাৰী ১৯৫৬) এগৰাকী ফৰাচী ৰাজনীতিবিদ আৰু অধিবক্তা যিয়ে ২০১৯ চনৰ পৰা ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ক্ৰীষ্টিনা পেৰী
ক্ৰীষ্টিনা জুডিথ পেৰী (জন্ম ১৯ আগষ্ট ১৯৮৬) এগৰাকী আমেৰিকান গায়িকা আৰু গীতকাৰ। তেওঁৰ ডেবিউ একক "জাৰ অৱ হাৰ্টছ" ২০১০ চনত টেলিভিছন শ্ব’ "চু ইউ থিংক ইউ ক্যান ডান্স"ত প্ৰদৰ্শিত হোৱাৰ পাছত, পেৰী এটলাণ্টিক ৰেকৰ্ডছৰ সৈতে চুক্তি কৰিছিল আৰু তেওঁৰ প্ৰথম এক্সটেণ্ডেড প্লে, "দ্য অচিয়ান ৱে চেচনছ" মুক্তি দিছিল।
-
ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড
ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড(Credit Information Bureau (India) Limited) হৈছে ভাৰতত কাম কৰা এটা ক্ৰেডিট তথ্য কোম্পানী। ই ৬০০ নিযুত ব্যক্তি আৰু ৩২ নিযুত ব্যৱসায়ৰ ওপৰত ক্ৰেডিট ফাইল বজাই ৰাখে।
-
কৰডেল ক্লিয়েৰ
কৰডেল ক্লিয়েৰ (Cordell Cleare; জন্ম:-৫ ডিচেম্বৰ, ১৯৬৫) নিউয়ৰ্ক চহৰৰ হাৰ্লেমৰ এগৰাকী আমেৰিকান কৰ্মী আৰু ৰাজনীতিবিদ। ডেম'ক্ৰেটিক পাৰ্টিৰ সদস্য হিচাপে তেওঁ ১৯৯০ চনৰ শেষৰ ফালৰ পৰা হাৰ্লেমত ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছিল আৰু বৰ্তমান নিউয়ৰ্কৰ ৩০ সংখ্যক ৰাজ্যিক চেনেট জিলাৰ ৰাজ্যিক চিনেটৰ।
-
কৰিকোজৰ মেৰী
কৰিকোজৰ মেৰী (১৩২১ – ১৪০৫ চনৰ আগতে) ১৩৪৪–১৩৬৩ আৰু ১৩৬৫–১৩৭৩ চনত ক্ৰমে তৃতীয় কনষ্টেণ্টাইন আৰু চতুৰ্থ কনষ্টেণ্টাইন ৰজাৰ সৈতে বিবাহৰ জৰিয়তে আৰ্মেনিয়াৰ ৰাণী পত্নী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কৰিমুল হক
কৰিমুল হক (Karimul Haque) পশ্চিমবঙ্গৰ চাহবাগিছাৰ এজন কৰ্মচাৰী। স্থানীয়ভাবে তেওঁ বাইক-এম্বুলেঞ্চ-দাদা নামেৰেও জনাজাত। ধলাবাৰী আৰু ইয়াৰ কাষৰীয়া গাঁওসমূহৰ ৰুগীয়া লোকসকলক মটৰচাইকেল এম্বুলেঞ্চেৰে হাস্পাতাললৈ কঢ়িয়াই নিয়া এই লোকজনক তেওঁৰ সামাজিক কৰ্মৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা…