গাম্যা ৱিজয়দাসা (সিংহল ভাষা: ගම්යා විජයදාස) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৯ চনত ডেনানা ভিট মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ খিতাপ জয় কৰিছিল আৰু ২০০৯ চনৰ ১২ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০০৯ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
ৱিজয়দাসা [[ছিংগাপুৰ[[লৈ যোৱাৰ আগতে কলম্বোৰ মিউচিয়াছ কলেজত ষষ্ঠ শ্ৰেণীলৈকে পঢ়িছিল। ইয়াৰ পিছত তেওঁ মাৰ্চিলিং কলেজত অধ্যয়ন কৰে। তেওঁ অষ্ট্ৰেলিয়াৰ ষ্ট্ৰেথমোৰ চেকেণ্ডাৰী কলেজতো শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
কৰ্মজীৱন
২০০৯ চনৰ ২২ জুলাই বুধবাৰে শ্ৰীলংকাৰ মাউণ্ট লাভিনিয়া হোটেলত ১১ গৰাকী সুন্দৰীক পৰাস্ত কৰি ৱিজয়দাসা মিছ শ্ৰীলংকা ২০০৯ হিচাপে নিৰ্বাচিত হয়। তেওঁ ডেনানা ভিট মিছ শ্ৰীলংকা ২০০৯ প্ৰতিযোগিতাত মিছ ভিট বিউটিফুল লেগছ্, মিছ পাৰ্চনেলিটি আৰু মিছ ভিট বিউটিফুল স্কিনৰ দৰে উপ-খিতাপো জয় কৰিছিল।২
২০০৯ চনৰ অক্টোবৰ মাহত দেশৰ প্ৰতি আগবঢ়োৱা ১০ বছৰীয়া সমাজসেৱাৰ স্বীকৃতি স্বৰূপে ৱিজয়দাসাক শ্ৰীলংকাৰ বাবে ৰাষ্ট্ৰসংঘৰ সদিচ্ছা দূত হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ উপৰিও তেওঁ শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় যুৱ সংগঠন "তৰুণ্যত হেটক"ৰ প্ৰতিনিধি হিচাপেও কাম কৰি আছে।
ৱিজয়দাসাৰ কামৰ মূল লক্ষ্য হৈছে পুনৰ সংস্থাপন প্ৰক্ৰিয়া, উত্তৰ শ্ৰীলংকাৰ আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলৰ কল্যাণ আৰু যুৱ শিক্ষা।
২০১২ চনত ৱিজয়দাসা বলীউডৰ চিনেমা আলাপৰ প্ৰযোজক মনিষ মাণিকপুৰীক লগ পায় আৰু তেওঁক ছবিখনৰ এটা আইটেম নম্বৰৰ বাবে নিৰ্বাচিত কৰা হয়।৩
সমাজসেৱা
ৱিজয়দাসা ১৩ বছৰ বয়সৰ পৰাই স্বেচ্ছাসেৱক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ এগৰাকী স্বেচ্ছাসেৱী সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু মিছ শ্ৰীলংকাৰ খিতাপ লাভ কৰাৰ আগতেই সমাজসেৱাৰ বহু ক্ষেত্ৰত অৱদান আগবঢ়াইছিল।
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | তথ্যসূত্ৰ |
|---|---|---|---|
| ২০১২ | আলাপ | 'চঢ়তি জৱানী' গীতৰ আইটেম ডান্স | |
| ২০১৯ | ইউ টাৰ্ণ | মায়া | |
| ২০২৪ | ১৯৭০ লাভ ষ্টৰী |
বাহ্যিক সংযোগ
- බොලිවුඩ් අහසට අපෙන් තවත් තරුවක් (সাৰাভিয়া ডট এলকেত প্ৰকাশিত প্ৰবন্ধ)
তথ্যসূত্ৰ
- ↑ Gamya Wijayadasa. Glamnglory.com
- ↑ http://www.zimbio.com/Sri+Lankan+Models+And+Actress/articles/Ya28uwwJ9mS/Gorgeous+Gamya+Wijayadasa+Miss+Sri+Lanka+2009
- ↑ (2012-02-15). I don’t expect Jacqueline to help me: Gamya Wijayadasa. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাম্যা ৱিজয়দাসা” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৮৫ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।