অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গায়ত্ৰী শংকৰণ

গায়ত্ৰী শংকৰণ এগৰাকী দৃষ্টিহীন গায়িকা, যিয়ে কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত জগত এক সম্পদ। তাই কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত গায়িকা আৰু বেহালাবাদক। তেওঁ তামিলনাডু চৰকাৰৰ পৰা কালাইমামানি পুৰস্কাৰ পাইছে।

হালনাগাদ: ১৯ ডিচেম্বৰ ২০২৩ ৩২৭ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গায়ত্ৰী শংকৰণ এগৰাকী দৃষ্টিহীন গায়িকা, যিয়ে কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত জগত এক সম্পদ।১ তাই কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত গায়িকা আৰু বেহালাবাদক।২৩ তেওঁ তামিলনাডু চৰকাৰৰ পৰা কালাইমামানি পুৰস্কাৰ পাইছে৪৫। সংগীতত তেওঁৰ অৱদানৰ বাবে ২০০৬ চনত ভাৰত সৰকাৰ ৰাষ্ট্ৰীয়ৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক পদক পদ্মশ্ৰী প্ৰদান কৰে গায়ত্ৰী শংকৰণক। তেওঁয়েই প্ৰথম দৃষ্টি প্ৰতিবন্ধী নাৰী, যিয়ে পদ্মশ্ৰী বঁটা লাভ কৰে।৬২৭

জীৱনী

গায়ত্ৰী শংকৰণ কৰ্ণাটক শাস্ত্ৰীয় সংগীত জগতৰ এক নক্ষত্ৰৰ নাম। গীত গোৱাৰ উপৰিও তেওঁ ভাল সুন্দৰকৈ বীণা বজাব পাৰে আৰু বেহালা বজাব পাৰে।৮ অন্ধ্ৰপ্ৰদেশৰ চামালকোটৰ পৰা আহি তামিলনাডুৰ চেন্নাইত বসবাস আৰম্ভ কৰে তেওঁৰ পৰিয়াল। কেৱল তিনি বছৰ বয়সত তাই তাইৰ মাক সুব্বুলক্ষ্মী গুৰনাথনৰ পৰা গীত গোৱাৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰু ইয়াৰ পিছত গীত শিকিছিল আল্লামাৰাজু ছোমেশ্বেৰা ৰাও-ৰ পৰা। পাক্কালা ৰমাদাসৰ পৰা বেহালা বজাব শিকিছিল তেওঁ।

তেওঁ কলাক্ষেত্ৰ ফাউণ্ডেচনত ভৰ্তি হৈছিল। তাত ৰুক্মিণী দেৱী অৰুণ্ডেলৰ পৰা সংগীত শিকিছিল তেওঁ। ইয়াৰ উপৰিও, তেওঁ লাগুন্দি জয়ৰামন, কে জে যেসুদাস, পুদ্দুক্কদু কৃষ্ণমূৰ্তিৰ নিচিনা সংগীতজ্ঞৰ অধীনত দীক্ষা লৈছিল।

১৯৮৮ চনত আকাশবাণীত যোগদানৰ মাধ্যমত তেওঁৰ কৰ্মজীৱন আৰম্ভ হয়। আকাশবাণীত তেওঁ কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰিছিল।

দৃষ্টি প্ৰতিৱন্ধী এই নাৰী পঢ়া-শুনাত থমকি থকা নাই। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰী লাভ কৰিছিল তেওঁ। তেওঁৰ শিৰোনাম আছিল 'ষ্টাইলিষ্টিক এনালাইচিচ অব কালিদাইকুৰিচি বেদান্ত ভাগাবতাৰ'।৭

গায়ত্ৰী শংকৰণ তেওঁৰ ঘৰত আৰু অন্তৰ্জালৰ মাধ্যমত শিক্ষাৰ্থীসকলোক সংগীত শিক্ষা দি থাকে।২৮৯তেওঁ তেওঁৰ শিক্ষাৰ্থীসকলোৰ মাজত জনপ্ৰিয়। তেওঁ দেশ আৰু দেশৰ বাহিৰত বিভিন্ন অনুষ্ঠানত সংগীত পৰিৱেশনা কৰি থাকে।৩১০

তেওঁ সংস্কৃতি মন্ত্ৰণালয় (ভাৰত)-ৰ দক্ষিণাঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ প্ৰ'গ্ৰাম কমিটিৰ এগৰাকী সদস্যা। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অব চচিয়েল জাষ্টিচ এণ্ড এম্পাৱাৰমেণ্টৰ বঁটা প্ৰদান কমিটিৰ এগৰাকী সদস্যা।১১

সংগীত শাস্ত্ৰত তেওঁৰ অসামান্য অৱদানৰ বাবে তেওঁ ভূষিত হৈছে নানা বঁটাৰে। তেওঁ ২০০৬ চনত ভাৰতৰ তৎকালীন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল।২৬ ২০১১ চনত তামিলনাডু ৰাজ্য চৰকাৰ তেওঁক কালাইমামানি বঁটা প্ৰদান কৰে৪৫। তেওঁ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অব চ'চ্যাল জাষ্টিচ এণ্ড এমপাৱাৰমেণ্ট-ৰ পৰা ৰোল মডেল নেচনাল এৱাৰ্ড লাভ কৰে। মুম্বাইৰ সুৰ চিঙ্গাৰ ছামছাথৰ পৰা লাভ কৰিছিল সুৰমনি বঁটা। ইয়াৰ উপৰিও তেওঁ ইচাই চুডাৰ বঁটা, পল্লৱী চিঙ্গাৰ বঁটা, শ্ৰেষ্ঠ শিক্ষক বঁটা, গানা কুইল বঁটা, ৰোটাৰি প্ৰফেচনাল এক্সেলেঞ্চ এৱাৰ্ড, ইণ্ডিয়ান ফাইন আৰ্টচ চ'চাইটি এৱাৰ্ড, ৱাৰ্ল্ড তেলুগু ফেডাৰেচন এৱাৰ্ড, এচেন্দাচ এক্সেলেঞ্চ এৱাৰ্ড, কালাইমামানি বঁটা আৰু স্বৰ্ণ তৰঙ্গিণী বঁটা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ PadmaShri Dr. Gayatri Sankaran - Begada Varnam 'Intha Chala সংগ্ৰহ -১৩-০২-২০২০
  2. ↑ ICCK L সংগ্ৰহ ১৩-০২-২০২০
  3. ↑ Tamili Isai Manram সংগ্ৰহ ১৩-০২-২০২০
  4. ↑ Kalaimamani সংগ্ৰহ ফেব্ৰুৱাৰী ১৩, ২০২০
  5. ↑ Lakshman Sruti সংগ্ৰহ ফেব্ৰুৱাৰী ১৩, ২০২০
  6. ↑ পদ্নশ্ৰী পুৰস্কাৰ সংগ্ৰহৰ তাৰিখ ফেব্ৰুৱাৰী ১৩, ২০২০
  7. ↑ The Hindu Report সংগ্ৰহৰ তাৰিখ ফেব্ৰুৱাৰী ১৩, ২০২০
  8. ↑ Indian Arts and Artists সংগ্ৰহৰ তাৰিখ ফেব্ৰুৱাৰী ১৩, ২০২০
  9. ↑ Swann সংগ্ৰহৰ তাৰিখ ফেব্ৰুৱাৰী ১৩, ২০২০২
  10. ↑ Indian in Quwait
  11. ↑ We Got Guru সংগ্ৰহৰ তাৰিখ ফেব্ৰুৱাৰী ১৩, ২০২০

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰী শংকৰণ” প্ৰবন্ধৰ সংশোধন ৩৯৮১৫৮ (১৯ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।