অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গিৰিজা ব্যাস

গিৰিজা ব্যাস (Girija Vyas; জন্ম: ৮ জুলাই ১৯৪৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, কবি আৰু লেখক। চিত্তৰগড় সমষ্টিৰ পৰা তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদনৰ ১৫ নং লোকসভাৰ সদস্য তথা ভাৰতীয় মহিলা আয়োগৰ প্ৰাক্তন সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ২৯১ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

গিৰিজা ব্যাস (Girija Vyas; জন্ম: ৮ জুলাই ১৯৪৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, কবি আৰু লেখক। চিত্তৰগড় সমষ্টিৰ পৰা তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদনৰ ১৫ নং লোকসভাৰ সদস্য তথা ভাৰতীয় মহিলা আয়োগৰ প্ৰাক্তন সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।১

ব্যক্তিগত জীৱন

১৯৪৬ চনৰ ৮ জুলাইত কৃষ্ণ শৰ্মা আৰু যমুনা দেৱী ব্যাসৰ ঘৰত গিৰিজা ব্যাসে জন্মগ্ৰহণ কৰিছিল।২

দৰ্শনত ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ উদয়পুৰৰ মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয় আৰু ডেলাৱেৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।

তেখেতে আঠখন গ্ৰন্থ ৰচনা কৰিছে৷ ইয়াৰে তিনিখনত তেওঁৰ কবিতা সন্নিবিষ্ট কৰা হৈছে। এহছাছ কে পাৰৰ উৰ্দু কবিতা, ছিপ, সমুন্দৰ ঔৰ মতিৰ হিন্দী আৰু উৰ্দু দুয়োটা কবিতা আছে আনহাতে নষ্টালজিয়া ইংৰাজী পদ্যৰে সমৃদ্ধ।

ৰাজনৈতিক কেৰিয়াৰ

১৯৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ৰাজস্থানৰ উদয়পুৰৰ পৰা তেওঁ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ১৯৯০ চনলৈকে ৰাজস্থান চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।৩

১৯৯১ চনত লোকসভাত ৰাজস্থানৰ উদয়পুৰক প্ৰতিনিধিত্ব কৰি ভাৰতীয় সংসদলৈ নিৰ্বাচিত হয় আৰু নৰসিংহ ৰাও মন্ত্ৰালয়ত ভাৰতীয় ফেডাৰেল চৰকাৰৰ উপ-মন্ত্ৰী (তথ্য আৰু সম্প্ৰচাৰ) হিচাপে নিযুক্তি লাভ কৰে।

তেওঁৰ বিভিন্ন পদাধিকাৰসমূহ হৈছে- ১৯৯৩ চনৰ পৰাঃ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি;

১৯৯৩-৯৬: পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য; সদস্য, সদন আৰু বৈদেশিক পৰিক্ৰমা স্থায়ী সমিতি;

১৯৯৬: ১১ নং লোকসভালৈ পুনৰ নিৰ্বাচিত (দ্বিতীয় কাৰ্যকাল);

১৯৯৬ চনৰ পৰা: সদস্য, ৰাজ ভাষা সমিতি; মহিলা সবলীকৰণ সমিতিৰ সদস্য; পেট্ৰলিয়ামৰ স্থায়ী সমিতিৰ সদস্য; সদস্য, পৰামৰ্শদাতা সমিতি, গৃহ পৰিক্ৰমা মন্ত্ৰালয়;

১৯৯৯: পুনৰ ত্ৰয়োদশ লোকসভালৈ নিৰ্বাচিত (তৃতীয় কাৰ্যকাল);

১৯৯৯-২০০০: পেট্ৰলিয়াম আৰু ৰাসায়নিক সমিতিৰ সদস্য;

২০০১ চনৰ পৰা ২০০৪ চনলৈ ৰাজস্থান প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভানেত্ৰীও আছিল। বৰ্তমান তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ আৰু ভাৰত-ইউৰোপীয় ইউনিয়নৰ নাগৰিক সমাজৰ সদস্য।

২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত কংগ্ৰেছ পাৰ্টিয়ে ইউ.পি.এ. মনমোহন সিং চৰকাৰে তেওঁক সাংবিধানিক আৰু বিধিগত সংস্থা পঞ্চম ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ পদত মনোনীত কৰে, যিটো পদত তেওঁ ০১/০৮/২০১১ লৈকে আছিল।

তেওঁ বিধায়ক হিচাপেও নিৰ্বাচিত হৈছিল। ২০১৩ চনত তেওঁ গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা নিৰ্মূলকৰণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ prsindia.org/mptrack/15-lok-sabha/girijavyas
  2. ↑ www.myneta.info/rajasthan2018/candidate.php?cand
  3. ↑ Girija Vyas Biography, Girija Vyas Bio

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিৰিজা ব্যাস” প্ৰবন্ধৰ সংশোধন ৫৯২০২৪ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।