অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গিৰিজা শ্বেট্টাৰ

গিৰিজা শ্বেট্টাৰ (ইংৰাজী: Girija Shettar; জন্ম: ২০ জুলাই ১৯৬৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী, যি দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

গিৰিজা শ্বেট্টাৰ (ইংৰাজী ভাষা: Girija Shettar; জন্ম: ২০ জুলাই ১৯৬৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী, যি দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।১

কৰ্মজীৱন

১৯৮৯ চনত শ্বেট্টাৰে মণি ৰত্নমৰ তেলুগু ভাষা ছবি গীতাঞ্জলি আৰু প্ৰিয়দৰ্শনৰ পৰিচালনাত মালয়ালম ভাষা ছবি বন্দনমত অভিনয় কৰিছিল।

১৯৯২ চনত তেওঁ জো জিতা ৱহি চিন্দৰৰ মুখ্য মহিলা চৰিত্ৰৰ বাবে চুক্তিবদ্ধ হৈছিল, কিন্তু পূৰ্বৰ এটা কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ ছবিখন মাজভাগতে এৰি থৈ গৈছিল। প্ৰথম পৰ্যায়ৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ পিছত আয়েশা জুলকাই তেওঁৰ ঠাই লয়। অৱশ্যে ছবিখনৰ চূড়ান্ত সংস্কৰণত ৰখা "আৰে ইয়াৰো" গীতটোত তেওঁক নাচি থকা দেখা যায়।২

সেই একে বছৰতে তেওঁ এ ৰঘুৰামী ৰেড্ডীৰ পৰিচালনাত আন এখন তেলুগু ছবি হৃদয়াঞ্জলিত অভিনয় কৰে, যিখনে চাৰিটা ৰাজ্যিক নন্দী বঁটা লাভ কৰিছিল। ছবিখন ১৯৯২ চনতে সম্পূৰ্ণ হৈছিল যদিও ২০০২ চনতহে মুক্তি লাভ কৰিছিল।৩

ব্যক্তিগত জীৱন

১৯৬৯ চনৰ ২০ জুলাইত এচেক্সৰ অৰছেটত গিৰিজা শ্বেট্টাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন কন্নড় চিকিৎসক আৰু মাতৃ ব্ৰিটিছ আছিল। ১৮ বছৰ বয়সৰপৰাই গিৰিজাই ভৰতনাট্যমৰ প্ৰশিক্ষণ লৈছিল। ২০০৩ চনত তেওঁ কাৰ্ডিফ বিশ্ববিদ্যালয়ৰপৰা ইণ্টিগ্ৰেল যোগ দৰ্শন আৰু ভাৰতীয় আধ্যাত্মিক মনোবিজ্ঞানৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ পুডুচেৰীৰ শ্ৰী অৰবিন্দ আশ্ৰমত যিমান পাৰি বেছি সময় অতিবাহিত কৰে।৪ গিৰিজা বৰ্তমান লণ্ডনত বসবাস কৰা এগৰাকী লেখিকা। পূৰ্বে চিকিৎসা প্ৰযুক্তিৰ নিউজলেটাৰ এটাত কাম কৰাৰ পাছত এতিয়া তেওঁ এটা জাহাজ বিষয়ক আলোচনীৰ বাবে লিখা-মেলা কৰি আছে।৫ ২০১১ চনত তেওঁৰ হাইকু কবিতাৰ এখন পুথি "দিছ য়েৰ, ডাফোডিলছ" প্ৰকাশ পাইছিল। ২০১৪ চনত লণ্ডনৰ চিহৰ্চ জাৰ্নালিষ্ট এৱাৰ্ডছত তেওঁ বৰ্ষটোৰ শ্ৰেষ্ঠ ছ’চিয়েল মিডিয়া জাৰ্নালিষ্টৰ বঁটা লাভ কৰিছিল।৬

গীতাঞ্জলি মুক্তিৰ পিছত তেওঁ ১৯৮৯ চনৰ ৩০ জুনৰ ভাৰতীয় আলোচনী স্ক্ৰীণৰ বেটুপাতত স্থান পাইছিল। ২০০২ চনত ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটত মণি ৰত্নমৰ কৰ্মৰাজিৰ প্ৰদৰ্শনীৰ সময়ত প্ৰদৰ্শিত পাঁচখন ছবিৰ ভিতৰত গীতাঞ্জলিও আছিল। ভাৰতীয় চলচ্চিত্ৰত শক্তিশালী নায়িকাৰ চৰিত্ৰৰ উদাহৰণ হিচাপে এই ছবিসমূহ নিৰ্বাচিত কৰা হৈছিল।

চলচ্চিত্ৰপঞ্জী

বৰ্ষশীৰ্ষকচৰিত্ৰভাষাটোকাৰেফাৰেন্স
১৯৮৯গীতাঞ্জলিগীতাঞ্জলিতেলুগু ভাষাতেলুগু অভিষেক মনোনীত - শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (तेलুগু)৭
বন্দনমগাধা ফাৰ্নাাণ্ডেজমালয়ালম ভাষামালয়ালম অভিষেক৮
ধনুষকোটিগিৰিজামুক্তি লাভ নকৰা৯
১৯৯২জো জিতা ৱহি চিকন্দৰহিন্দী"আৰে ইয়াৰো মেৰে প্যাৰো" গীতত বিশেষ উপস্থিতি১০
২০০২হৃদয়াঞ্জলিমায়াতেলুগু১৯৯২ চনতে চিত্ৰগ্ৰহণ সম্পূৰ্ণ হৈছিল যদিও ২০০২ চনতহে মুক্তি পায়১১
২০০৩তুঝে মেৰি কচমনিজেহিন্দী ভাষাকেমিঅ’ উপস্থিতি১২
২০২৪ইব্বানি তাব্বিদা ইলেয়ালিমধুমিতাকন্নড় ভাষা১৩

তথ্যসূত্ৰ

  1. ↑ Latest News – Memoirs of film actress Girija Shettar Part III
  2. ↑ (22 May 2021). Did you know: Before Ayesha Jhulka, this actress had shot as the female lead for 'Jo Jeeta Wohi Sikandar'. The Times of India
  3. ↑ Yellow Pages: Film Marketing
  4. ↑ A Journal of Integral studies – February 2005 – Sri Aurobindo ... Theuniversityoftomorrow
  5. ↑ Girija Shettar
  6. ↑ (11 December 2014). Seahorse Journalist Awards 2014. The Loadstar
  7. ↑ (12 September 2017). I used to dream about the possibility of a sequel to Geetanjali: Girija Shettar. The Indian Express
  8. ↑ (11 September 2017). This is what Vandanam's Gadha looks like now!. Malayala Manorama
  9. ↑ (5 March 2012). The Silver Screen Jinx. The New Indian Express
  10. ↑ (15 May 2015). Love at first song. Bangalore Mirror
  11. ↑ Srihari, Gudipoodi. lacks soul. The Hindu
  12. ↑ Smrity Sharma, 'Riteish behind CM-dad's resignation?', India Times Movies 2 December 2008
  13. ↑ Yesteryear Actor Girija Shettar Returns To The Big Screen For A Kannada Film. The Times of India

সম্পৰ্কিত শ্ৰেণী

মালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিৰিজা শ্বেট্টাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৪২০৭ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।