জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গুৰবিন্দৰ কৌৰ ব্ৰাৰ
গুৰব্ৰিন্দৰ কৌৰ ব্ৰাৰ (Gurbrinder Kaur Brar,১২ আগষ্ট ১৯২২ – ৭ ছেপ্টেম্বৰ ২০১৩) ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।
-
গুৰমীত বাৱা
গুৰমীত বাৱা ( Gurmeet Bawa; ১৮ ফেব্ৰুৱাৰী ১৯৪৪ – ২১ নৱেম্বৰ ২০২১) এজন ভাৰতীয় পাঞ্জাবী লোকগীতৰ শিল্পী। প্ৰায় ৪৫ ছেকেণ্ডলৈকে ধৰি ৰাখিব পৰা দীঘলীয়া হেকৰ (গীতৰ সময়ত উশাহ বন্ধ কৰি ৰখা) বাবে তেওঁক লম্বী হেক দি মালিকা (অনুবাদ. দীঘলীয়াকৈ উশাহ টানি গোৱা গীতৰ ৰাণী) বুলি জনা গৈছিল।
-
গেইম্ল'ফ্ট
গেইম্ল'ফ্ট এছ ই হৈছে ফ্ৰান্সৰ এটা ভিডিঅ’ গেম প্ৰস্তুতকৰ্তা কোম্পানী আৰু ইয়াৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। এই কোম্পানীটোৱে ইতিমধ্যে ম’বাইল ফোন, টেবলেট ইত্যাদিৰ বাবে যথেষ্টসংখ্যক ভিডিঅ’ গেম প্ৰস্তুত কৰি উলিয়াইছে। ২০০০ চনত মাইকেল গিলিমটৰ দ্বাৰা গেইম্ল'ফ্টৰ উদঘাটন হৈছিল।
-
গেইল এ বিচপ
গেইল এ বিচপ আইঅ’ৱা বিশ্ববিদ্যালয়ৰ মাইক্ৰ’বায়’লজী আৰু ইমিউন’লজীৰ আমেৰিকান অধ্যাপিকা আৰু কাৰভাৰ কলেজ অৱ মেডিচিনৰ চেণ্টাৰ ফৰ ইমিউন’লজি এণ্ড ইমিউন-বেছড ডিজিজৰ পৰিচালক।
-
গেইলিন মেণ্ডনকা
গেইলিন মেণ্ডনকা (ইংৰাজী: Gaelyn Mendonca) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু এমটিভি ইণ্ডিয়াৰ ভিজে। তেওঁ মূলতঃ ডব্লিউডব্লিউই নাও ইণ্ডিয়া আৰু এমটিভি হাছল আঁত ধৰাৰ বাবে পৰিচিত।
-
গেনী ঠাকুৰ
গেনিবেন নাগাজিভাই ঠাকুৰএগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাট বিধানসভাৰ বিধানসভাৰ সদস্য আছিল৷ তেওঁ ভাভ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ২০১৭ চনৰ গুজৰাট বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জনতা পাৰ্টিৰ শংকৰ চৌধাৰীৰ বিৰুদ্ধে জয়লাভ কৰিছিল।
-
গেব্ৰিয়েলা এম্ব্ৰ’চিঅ’
গেব্ৰিয়েলা এম্ব্ৰ'চিঅ' ( Gabriella Ambrosio; জন্ম: নৱেম্বৰ ১৯৫৪) এগৰাকী ইটালীয় লেখিকা, সাংবাদিক, একাডেমিক আৰু বিজ্ঞাপন সৃষ্টিশীল পৰিচালক। তেওঁৰ ৰচনা Siamo Quel che Diciamo ("আমি যি কওঁ") আৰু Le Nuove Terre della Pubblicita ("নতুন বিজ্ঞাপন ভূমি") ইটালীৰ কেইবাখনো বিশ্ববিদ্যালয়ত প্ৰয়োজনীয়…
-
গেহাদ হামদি
গেহাদ হামদি (Gehad Hamdy) হৈছে লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে কাম কৰা ইজিপ্তৰ এগৰাকী দন্ত চিকিৎসক আৰু নাৰীবাদী কৰ্মী। ২০২২ চনত তেওঁ বিবিচি ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়। তেওঁ স্পিক আপ নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে আৰু কানেক্টিং হিউমেনিটিৰ অন্যতম নেত্ৰী।
-
গেৰী ৰছিংটন
গেৰী ৰবাৰ্ট ৰ 'ছিংটন (ইংৰাজী: Gary Robert Rossington, ৪ ডিচেম্বৰ ১৯৫১-৫ মাৰ্চ ২০২৩) এগৰাকী আমেৰিকান সংগীতজ্ঞ আছিল যিজন দক্ষিণৰ ৰক বেণ্ড লিনাৰ্ড স্কাইনাৰ্ড প্ৰতিষ্ঠাপক গীটাৰিষ্ট হিচাপে জনাজাত আছিল, যাৰ সৈতে তেওঁ মৃত্যুপৰ্যন্ত অনুষ্ঠান পৰিৱেশন কৰিছিল।
-
গেৰ্ট্ৰুড কেৰ'লিন এডাৰলে
গেৰ্ট্ৰুড কেৰ'লিন এডাৰলে (: Gertrude Caroline Ederle /ˈɛdərli/; ২৩ অক্টোবৰ, ১৯০৫ – ৩০ নৱেম্বৰ, ২০০৩) এগৰাকী আমেৰিকান প্ৰতিযোগিতামূলক সাঁতোৰবিদ, অলিম্পিক চেম্পিয়ন আৰু পাঁচটা ইভেণ্টত বিশ্ব অভিলেখধাৰী আছিল। ১৯২৬ চনৰ ৬ আগষ্টত তেওঁ ইংৰাজী চেনেল সাঁতুৰি পাৰ হৈ যোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
-
গোপিচান্দ পৰমানন্দ হিন্দুজা
গোপিচান্দ পৰমানন্দ হিন্দুজা (: Gopichand Parmanand Hinduja; ২৯ জানুৱাৰী ১৯৪০ – ৪ নৱেম্বৰ ২০২৫) ভাৰতীয় সংঘবদ্ধ হিন্দুজা গ্ৰুপ নিয়ন্ত্ৰণ কৰা এজন ভাৰতীয়-ব্ৰিটিছ কোটিপতি ব্যৱসায়ী আছিল। তেওঁৰ ভ্ৰাতৃ শ্ৰীচান্দ “এচ. পি.” হিন্দুজাৰ সৈতে একেলগে বহু দশক ধৰি হিন্দুজা গ্ৰুপৰ নেতৃত্ব দিছিল।
-
গোবিন্দ নিহলানী
গোবিন্দ নিহলানী (Govind Nihalani; ১৯ ডিচেম্বৰ ১৯৪০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিনেমাটোগ্ৰাফাৰ, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক; বিশেষকৈ সমান্তৰাল হিন্দী চিনেমা আন্দোলনৰ বাবে তেওঁ পৰিচিত। তেওঁ ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আৰু পাঁচটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
গোলশ্বিফতেহ ফাৰাহানী
ৰাহাৱাৰ্ড ফাৰাহানী (ফাৰ্চী: رهاورد فراهانی; জন্ম: ১০ জুলাই, ১৯৮৩), পেছাগতভাৱে গোলশ্বিফতেহ ফাৰাহানী নামেৰে পৰিচিত, এগৰাকী ইৰানী আৰু ফৰাচী অভিনেত্ৰী। তেওঁ এম ফৰ মাদাৰ (২০০৬), বডী অব লাইজ (২০০৮), এবাউট এলি (২০০৯), দ্য পেচেন্স ষ্টোন (২০১২), পেটাৰচন (২০১৬), গাৰ্লছ অব দ্য ছান (২০১৮), এক্সট্ৰেকচন (২০২০)…
-
গোলাব আদিনেহ
গোলাব মোস্তায়েন (ফাৰ্চী: گلاب مستعان; ১৩ নৱেম্বৰ ১৯৫৩) এগৰাকী ইৰানী অভিনেত্ৰী, যাক পেচাগতভাৱে গোলাব আদিনেহ নামেৰে জনা যায়। তেওঁ ঔপন্যাসিক হোছেইনঘোলী মোস্তায়েনৰ কন্যা আৰু ১৯৭০ৰ দশকত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
গোলাম কুদ্দুছ
গুলাম কুদ্দুছ (২০ জানুৱাৰী ১৯২০ – ১৩ ডিচেম্বৰ ২০০৬) এজন বিশিষ্ট কমিউনিষ্ট বাঙালী কবি, কল্পকাহিনী লেখক আৰু সাংবাদিক।
-
গোলাম মোস্তফা
গোলাম মোস্তাফা (Golam Mostofa; জন্ম: ১৮৯৭ - মৃত্যু: ১৩ অক্টোবৰ ১৯৬৪) এগৰাকী বাঙালী লেখক আৰু কবি।
-
গোলামৰেজা ছলেইমানী
গোলামৰেজা ছলেইমানী (জন্ম, ১৯৬৪ – মৃত্যু,১৭ মাৰ্চ ২০২৬) ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ বাছিজ অৰ্ধসামৰিক বাহিনীত জ্যেষ্ঠ বিষয়া আৰু অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৬ চনৰ ইৰাণ-ইৰাক যুদ্ধৰ সময়ত ইজৰাইলৰ আক্ৰমণত তেওঁ নিহত হৈছিল।
-
গোলিনেহ আটাই
গোলিনেহ আটাই ( Golineh Atai) (জন্ম ৮ ডিচেম্বৰ, ১৯৭৪, তেহৰাণ) এগৰাকী মহিলা জাৰ্মান সাংবাদিক আৰু টিভি-সংবাদদাতা। বিশেষকৈ ৰাছিয়াৰ বিশেষজ্ঞ হিচাপে পৰিচিত। এ আৰ ডিত(ARD) জড়িত হোৱাৰ আগতে তেওঁ বিভিন্ন সম্প্ৰচাৰ কেন্দ্ৰ (ৰেডিঅ’ আৰু টিভি)—যেনে SWR, SDR, ৰেডিঅ’ ফ্ৰান্স, জেডডিএফ, আৰু ফিনিক্সৰ বাবে ফ্ৰীলান্স…
-
গোলোজিন
গোলোজিন আৰ্দেস্তানী (ফাৰ্চী: گل آذین اردستانی), তেওঁৰ পেছাদাৰী নাম গোলা হিচাপেহে বেছি জনাজাত। তেওঁ লণ্ডনত থকা এগৰাকী ইৰানী মূলৰ ব্ৰিটিছ-আমেৰিকান গায়ক-গীতিকাৰ, সংগীতবিজ্ঞানী, কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ পিয়ানো, চন্তুৰ, দাম্মাম (ইৰানীয় বাদ্যযন্ত্ৰ) আৰু বাঁহী বজায়।
-
গোহৰ মামাজীৱালা
গোহৰ মামাজীৱালা বা গৌহৰ বা সম্পূৰ্ণ নাম: গোহৰ আব্দুল কায়ুম মামাজীৱালা (Gohar Mamajiwala; ১৯১০-১৯৮৫) ১৯১০ চনত ব্ৰিটিছ ভাৰতৰ লাহোৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক আছিল। ১৯২৫-ৰ পৰা ১৯৪০-লৈ মিচ গোহৰ নামেৰে জনাজাত এই গৰাকী ব্যক্তি অভিনেত্ৰীৰূপে জনপ্ৰিয়তাৰ তুংগত আছিল।
-
গোৰ্লা ৰোহিনী
গোৰ্লা ৰোহিনী ( Gorla Rohini; জন্ম: ১৪ এপ্ৰিল ১৯৫৫) এগৰাকী প্ৰাক্তন ভাৰতীয় ন্যায়াধীশ আৰু বৰ্তমান ভাৰতৰ অন্যান্য পিছপৰা শ্ৰেণীৰ শ্ৰেণীসমূহৰ তদন্ত কৰা চৰকাৰী আয়োগৰ মুৰব্বী।
-
গোৱেণ্ডোলিন ক্ৰীষ্টি
গোৱেণ্ডোলিন ট্ৰেচি ফিলিপা ক্ৰীষ্টি (ইংৰাজী: Gwendoline Tracey Philippa Christie; জন্ম: ২৮ অক্টোবৰ, ১৯৭৮) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ এইচবিঅ’ৰ (HBO) ফেণ্টাচী-ড্ৰামা ধাৰাবাহিক গেম অৱ থ্ৰোন্ছ (২০১২–২০১৯)-ত ব্ৰিয়েন অৱ টাৰ্থৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
গৌতম আদানী
গৌতম শান্তিলাল আদানী (জন্ম ২৪ জুন ১৯৬২) এজন ভাৰতীয় কোটিপতি ব্যৱসায়ী যি ভাৰতৰ বন্দৰ উন্নয়ন আৰু পৰিচালনাৰ সৈতে জড়িত বহুজাতিক সংঘ আদানী গ্ৰুপৰ প্ৰতিষ্থাপক আৰু অধ্যক্ষ।
-
গৌতমী
গৌতমী তাদিমাল্লা (জন্ম ২ জুলাই ১৯৬৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, সমাজসেৱিকা, ৰাজনীতিবিদ আৰু সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেত্ৰা কাঝগমৰ উপ-প্ৰচাৰ সচিব। তেওঁ মুখ্যতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰ উদ্যোগত কাম কৰিছে; লগতে মালয়ালম, হিন্দী আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
গৌহৰ খান
গৌহৰ খান (জন্ম: ২৩ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০০২ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ ২০১৩ চনৰ বিগ বছ ছিজন ৭-ৰ বিজয়ী আছিল। গৌহৰে হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনতো অভিনয় কৰিছে।
-
গৌৰ গোপাল দাস
গৌৰ গোপাল দাস (Gaura-Gopāla dāsa) এগৰাকী খ্যাতনামা ভাৰতীয় জীৱনশৈলী প্ৰশিক্ষক আৰু প্ৰেৰণাদায়ক বক্তা। তেওঁ পূৰ্বতে এইছ পি(Hewlett Packard- HP)-ত অভিযন্তা হিচাপে কৰ্মৰত আছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ সচেতনতা সমাজ(ইস্কন) (International Society for Krishna Consciousness-ISKCON)ৰ এগৰাকী সদস্য।
-
গৌৰী গিল
গৌৰী গিল:Gauri Gill (জন্ম ১৯৭০) নতুন দিল্লীত বাস কৰা এগৰাকী ভাৰতীয় সমসাময়িক আলোকচিত্ৰশিল্পী। নিউয়ৰ্ক টাইমছ য়ে তেওঁক "ভাৰতৰ অন্যতম সন্মানীয় ফটোগ্ৰাফাৰ" বুলি বৰ্ণনা কৰিছে, আৰু দ্য ৱায়াৰত তেওঁক "বৰ্তমান ভাৰতৰ আটাইতকৈ সক্ৰিয় চিন্তাশীল ফটোগ্ৰাফাৰ" বুলি অভিহিত কৰিছে।
-
গৌৰী মা
গৌৰী মা (Gauri Ma, ১৮৫৭ ফেব্ৰুৱাৰী – ১ মাৰ্চ ১৯৩৮)ৰ জন্মতে নাম ৰখা হৈছিল মৃদাণী৷ তেখেত ৰামকৃষ্ণ পৰমহংসৰ এগৰাকী প্ৰসিদ্ধ শিষ্যা, সাৰদা দেৱীৰ সতীৰ্থ আৰু কলিকতাত স্থাপিত হোৱা সাৰদেশ্বৰী আশ্ৰমৰ প্ৰতিষ্ঠাতা৷ দক্ষিণেশ্বৰত থকাৰ সময়ত শ্ৰীৰামকৃষ্ণই গৌৰী মাক সন্যাসিনীৰ গেৰুৱা পোছাক প্ৰদান কৰিছিল আৰু…
-
গৌৰী মৌলেখী
গৌৰী মৌলেখী: Gauri Maulekhi;ভাৰতৰ এগৰাকী পশু কল্যাণ কৰ্মী।লোকসভাৰ সংসদ শ্ৰীমতী মানেকা গান্ধীয়ে প্ৰতিষ্ঠা কৰা ভাৰতৰ সৰ্ববৃহৎ পশু কল্যাণ সংস্থা পিপল ফৰ এনিমেলছৰ ট্ৰাষ্টী।
-
গৌৰৱ চৌধুৰী
গৌৰৱ চৌধুৰী (Gaurav Chaudhary) (জন্ম:৭ মে" ১৯৯১) এগৰাকী ভাৰতীয় ইউটিউবাৰ। তেওঁ "Technical guruji" হিচাপে জনাজাত। চৌধুৰী প্ৰযুক্তিবিদ্যা বিষয়ত ইউটিউবত হিন্দী ভাষাৰ ভিডিঅ' নিৰ্মাণৰ বাবে জনপ্ৰিয়।