গায়ত্ৰী ভাৰদ্বাজ (ইংৰাজী ভাষা: Gayatri Bhardwaj; জন্ম: ১৭ জুন ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী, যিয়ে মুখ্যত হিন্দী ভাষা আৰু তেলুগু ভাষা ছবিত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৮ প্ৰতিযোগিতাত নতুন দিল্লী ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল, য'ত তেওঁ ফেমিনা মিছ ইণ্ডিয়া ইউনাইটেড কন্টিনেন্টছ ২০১৮ ৰ মুকুট পিন্ধিছিল আৰু মিছ ইউনাইটেড কন্টিনেন্টছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১২ ২০২১ চনত তেওঁ ঢিন্ডোৰা নামৰ এখন ভাৰতীয় ইউটিউব কমেডী ৱেব-চিৰিজত অভিনয় কৰিছিল, যাৰ জৰিয়তে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি ঘটিছিল।
প্ৰাৰম্ভিক জীৱন
গায়ত্ৰী ভাৰদ্বাজৰ জন্ম ১৯৯৫ চনৰ ১৭ জুনত ভাৰতৰ দিল্লীত হৈছিল।৩ তেওঁ মডাৰ্ণ স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল।৪ পুনেৰ ভাৰতী বিদ্যাপীঠ ডেন্টাল কলেজৰ পৰা দন্ত চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভৰ বাবে অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ 'কেম্পাছ প্ৰিন্সেছ ২০১৮'ৰ জৰিয়তে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল।৫৪ পিছলৈ তেওঁ ফেমিনা মিছ ইণ্ডিয়া দিল্লী ২০১৮৬ আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১৮ত অংশগ্ৰহণ কৰিছিল।৭ তেওঁ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী আৰু ফুটবল খেলিছিল।৪
কেৰিয়াৰ
২০১৮ চনত আকাশ পুৰীৰ বিপৰীতে তেলুগু ৰোমান্টিক ড্ৰামা ৰোমান্টিকৰ বাবে তেওঁক মুখ্য অভিনেত্ৰী হিচাপে নিৰ্বাচন কৰা হৈছিল। নিৰ্মাতাসকলে পুৰুষ অভিনেতাগৰাকীৰ বিপৰীতে এটা নতুন মুখৰ সন্ধান কৰি আছিল আৰু ভাৰদ্বাজৰ মডেলিং কেৰিয়াৰ তথা কেমেৰাৰ সন্মুখত তেওঁৰ স্বাচ্ছন্দ্যবোধৰ বাবে তেওঁক বাছনি কৰিছিল।৮ অৱশ্যে পিছলৈ তেওঁৰ ঠাইত কেতিকা শৰ্মাক লোৱা হয়।৯
২০২১ চনত ভাৰদ্বাজে ভুৱন বামৰ বিপৰীতে ঢিন্ডোৰাত ডাঃ তাৰা ৰামপামৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।১০১১ এই ৱেব ধাৰাবাহিকখনত তেওঁৰ নামটো ২০০৭ চনৰ হিন্দী ছবি তা ৰা ৰাম পামৰ শিৰোনামটোৰ এক শব্দৰ খেল (word play)।
২০২২ চনত ভাৰদ্বাজে লক্ষ্মণ উটেকাৰৰ ইট্টু চি বাতৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰে। ইয়াত তেওঁ ভূপেন্দ্ৰ জাডাৱটৰ বিপৰীতে স্বপ্নাৰ চৰিত্ৰত অভিনয় কৰিছিল।১২
ইয়াৰ পিছত ভাৰদ্বাজে ইস্ক এক্সপ্ৰেছত তানিয়াৰ চৰিত্ৰত আৰু হাইৱে লাভত ইনায়াৰ চৰিত্ৰত ঋত্বিক সাহোৰৰ বিপৰীতে অভিনয় কৰে।১৩১৪
তেওঁ ৰবি টেজা আৰু নূপুৰ চাননৰ বিপৰীতে তেলুগু ছবি টাইগাৰ নাগেশ্বৰ ৰাওত অভিনয় কৰি টলিউডত আত্মপ্ৰকাশ কৰে। তেওঁ টাইগাৰৰ পত্নী মণিৰ চৰিত্ৰত অভিনয় কৰিছিল।১৫১৬ ১৭ অক্টোবৰৰ এটা সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে পৰিচালক ভামচিয়ে তেওঁক ঢিন্ডোৰাত অভিনয় কৰা দেখিছিল। পৰিচালকজনৰ মতে, ধাৰাবাহিকখনত তেওঁক দেখাৰ লগে লগে তেওঁৰ মনত থকা মণিৰ চৰিত্ৰটোৰ সৈতে ভাৰদ্বাজ মিলি গৈছিল। ছবিখন ২০২৩ চনৰ ২০ অক্টোবৰত মুক্তি পাইছিল আৰু ই বক্স অফিচত সফলতা লাভ কৰিছিল যদিও মিশ্ৰিত সমালোচনা লাভ কৰিছিল।
২০২৪ চনত তেওঁ বাডী নামৰ আন এখন তেলুগু ছবিত অভিনয় কৰে য'ত তেওঁ অল্লু চিৰিছৰ বিপৰীতে অভিনয় কৰিছিল। এই ছবিখন তামিল ছবি টেডিৰ ৰিমেক। ছবিখন ২ আগষ্টত মুক্তি পায় আৰু মিশ্ৰিত সমালোচনা লাভ কৰে। তেওঁ মোহৰে নামৰ এখন হিন্দী ৱেব ধাৰাবাহিকতো অভিনয় কৰিছে য’ত তেওঁ ৰাচেল পিণ্টো নামৰ এগৰাকী অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে। এই ৱেব ধাৰাবাহিকখন ৬ ডিচেম্বৰত এমএক্স প্লেয়াৰ আৰু প্ৰাইম ভিডিঅ'ত মুক্তি পাইছিল।
মিডিয়া
২০১৮ চনত টাইমছ অৱ ইণ্ডিয়াৰ '৫০ গৰাকী মোষ্ট ডিজাইৰেবল ৱুমেন'ৰ তালিকাত ভাৰদ্বাজে পঞ্চম স্থান লাভ কৰিছিল।১৭
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | প্ৰসংগ |
|---|---|---|---|---|
| ২০২২ | ইট্টু চি বাত | স্বপ্না মাথুৰ | হিন্দী | ১৮ |
| ২০২৩ | টাইগাৰ নাগেশ্বৰ ৰাও | মণি | তেলুগু | ১৯ |
| ২০২৪ | বাডী | পল্লৱী | ২০ | |
| ২০২৬ | কাল্ট | ঘোষণা হ’বলৈ বাকী |
ৱেব ধাৰাবাহিক
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | ভাষা | প্ৰসংগ |
|---|---|---|---|---|
| ২০২১ | ঢিন্ডোৰা | ডাঃ তাৰা ৰামপাম | হিন্দী | ২১ |
| ২০২২ | ইস্ক এক্সপ্ৰেছ | তানিয়া | ২২ | |
| ২০২৩–২০২৪ | হাইৱে লাভ | ইনায়া | ২৩ | |
| ২০২৪ | মোহৰে | ৰাচেল পিণ্টো | ২৪ |
মিউজিক ভিডিঅ'
বঁটা আৰু মনোনয়ন

| বৰ্ষ | বঁটা | বিভাগ | কাম | ফলাফল | প্ৰসংগ |
|---|---|---|---|---|---|
| ২০২৩ | দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – তেলুগু | টাইগাৰ নাগেশ্বৰ ৰাও | ২৯ |
তথ্যসূত্ৰ
- ↑ Gayatri Bhardwaj: I feel honoured to represent Delhi. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Miss United Continents India 2018 Gayatri Bhardwaj Talks About Her Bollywood Plans!
- ↑ (19 June 2020). Miss India United Continents 2018 Gayatri Bhardwaj marks her birthday by distributing food, masks in Gurgaon. The Times of India
- ↑ Gayatri Bharadwaj’s bold and most stylish black outfits are a must see. Mid-day
- ↑ (9 April 2018). NCR girls take a step closer towards the crown. The Times of India
- ↑ Colors femina miss india delhi: Introducing FBB Colors Femina Miss India Delhi 2018 Gayatri Bhardwaj. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (20 June 2018). Miss India 2018: Anukreethy Vas won Beauty with a Purpose, here are other sub-contest winners
- ↑ (27 November 2018). Delhi girl Gayatri Bharadwaj bags a role in Tollywood. Deccan Chronicle
- ↑ (30 October 2021). 'Romantic' movie review: Voyeuristic dram. The Hindu
- ↑ (14 December 2021). Gayatri Bhardwaj makes impressive screen debut with 'Dhindora'
- ↑ 'He is the funniest person': Gayatri Bharadwaj shares her experience of working with Bhuvan Bam in 'Dhindora'
- ↑ Exclusive! Gayatri Bhardwaj: In times when love is so accessible, Ittu Si Baat will remind viewers of 'shiddat wala pyaar'
- ↑ Gayatrii Bhhardwaj, Ritvik Sahore share their experience of working on 'Ishq Express'
- ↑ Gayatri Bhardwaj walks down the memory lane with Highway Love
- ↑ (13 August 2023). Ravi Teja Pins Hopes on Real-life Story. Deccan Chronicle
- ↑ (29 March 2023). Ravi Teja's 'Tiger Nageswara Rao' to release on October 20. The Hindu
- ↑ Times 50 Most Desirable Women 2018
- ↑ Ittu si baat: Gayatri Bhardwaj's next, 'Ittu Si Baat' to release this June! - Bombaytimes on Mobile
- ↑ (2 April 2022). Gayatri Bhardwaj to Play Second Female Lead in Ravi Teja's Tiger Nageswara Rao
- ↑ Dundoo, Sangeetha Devi. (2 August 2024). ‘Buddy’ movie review: Barring the bear, there is not much to root for in this Allu Sirish, Gayatri Bhardwaj starrer. The Hindu
- ↑ (14 December 2021). Dhindora review: Bhuvan Bam's show works when he plays to his strengths - but only then
- ↑ (23 June 2022). 5 reasons why Ishq Express is a must-watch
- ↑ Highway Love star Gayatri Bhardwaj talks about her weakest days, biggest fears, says 'my story just started'
- ↑ Mohrey Season 1 Review: A familiar feud of gangster-cop rivalry with solid performances. The Times of India
- ↑ D Soldierz's Call is the new peppy number you cannot miss
- ↑ D Soldierz drop the new party track – Level
- ↑ Presenting the ultimate party track Patola
- ↑ (18 November 2023). Badshah Releases Surprise Birthday Single 'Jawaab'; Watch Here
- ↑ Gayatri Bhardwaj gets nominated for Best Debutant Actress at SIIMA 2024. www.femina.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰী ভাৰদ্বাজ” প্ৰবন্ধৰ সংশোধন ৬০২১৭২ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।