অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গায়ত্ৰী দেৱী (ৰাজনীতিবিদ)

গায়ত্ৰী দেৱী, জন্ম:৫ ডিচেম্বৰ ১৯০৫ চন আৰু মৃত্যু: ১০ মে’ ২০০২ চন, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী চৰণ সিঙৰ পত্নী আছিল। উত্তৰ প্ৰদেশৰ কৈৰানাৰ পৰা সংসদৰ নিম্ন সদন, সপ্তম লোকসভালৈ নিৰ্বাচিত হয়। একেদৰে উত্তৰ প্ৰদেশৰ বিধানসভালৈও নিৰ্বাচিত হৈছিল।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

গায়ত্ৰী দেৱী, জন্ম:৫ ডিচেম্বৰ ১৯০৫ চন আৰু মৃত্যু: ১০ মে’ ২০০২ চন, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী চৰণ সিঙৰ পত্নী আছিল। উত্তৰ প্ৰদেশৰ কৈৰানাৰ পৰা সংসদৰ নিম্ন সদন, সপ্তম লোকসভালৈ নিৰ্বাচিত হয়। একেদৰে উত্তৰ প্ৰদেশৰ বিধানসভালৈও নিৰ্বাচিত হৈছিল। তেওঁ মথুৰাৰ প্ৰথম আৰু একমাত্ৰ মহিলা বিধায়িকা আছিল।১২৩

প্ৰাথমিক জীৱন

তেওঁ ১৯০৫ চনৰ ৫ ডিচেম্বৰত ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ ছোনিপাত জিলাৰ গড়ী কুণ্ডল গাঁৱত জন্মগ্ৰহণ কৰে।৪

কেৰিয়াৰ

উত্তৰ প্ৰদেশ বিধানসভা

১৯৬৯ চনত মথুৰা জিলাৰ ভাৰতীয় ক্ৰান্তি দলৰ যুদ্ধংদেহী ৰাজনৈতিক দলসমূহে ইজনে সিজনৰ প্ৰাৰ্থিত্বৰ ওপৰত একমত হ’ব নোৱাৰাৰ বাবেই গায়ত্ৰী দেৱীয়ে তেওঁৰ অনিচ্ছাকৃত ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। ১৯৬৯ চনত ভাৰতীয় ক্ৰান্তি দলৰ বেনাৰত প্ৰথম কাৰ্যকালৰ বাবে ইগলাছ সমষ্টিৰপৰা উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয়।৫ ইয়াৰ পিছত ১৯৭৪ চনত মথুৰা জিলাৰ গকুল বিধানসভাৰপৰাও দ্বিতীয়বাৰৰ বাবে জয়ী হয়।৬ চৰণ সিঙৰ নেতৃত্বত ভাৰতীয় ক্ৰান্তি দলৰ বেনাৰত এই দুয়োখন বিধানসভালৈ নিৰ্বাচিত হৈছিল। আজিলৈকে তেওঁ মথুৰাৰপৰা বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছে।১৭

সাংসদ, লোকসভা

ৰাজ্যিক বিধানসভাত কাৰ্যকালৰ পিছত তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিলৈ পৰিৱৰ্তিত হয়। উত্তৰ প্ৰদেশৰ কৈৰানা সমষ্টিৰপৰা জনতা পাৰ্টি (চেকুলাৰ)ৰ সদস্য হিচাপে সপ্তম লোকসভালৈ সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৮০ চনৰ ১৮ জানুৱাৰীৰপৰা ১৯৮৪ চনৰ ৩১ ডিচেম্বৰলৈকে তেওঁ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৮

ব্যক্তিগত জীৱন

১৯২৫ চনৰ ৫ জুনত ভাৰতৰ ৫ম প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ সৈতে তেওঁৰ বিবাহ হয়।৯ বিশিষ্ট ৰাজনীতিবিদ আৰু লগতে প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী অজিত সিংকে ধৰি এই দম্পতীৰ ছটা সন্তান আছিল।

মৃত্যু

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত ২০০২ চনৰ ১০ মে'ত ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১০১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ जिले की एक महिला ही पहुंची विधानसभा, गायत्री देवी ही बड़ी कशमकश से बचा पाई थीं सीट. Dainik Bhaskar
  2. ↑ Members of Lok Sabha. লোকসভা
  3. ↑ STATISTICAL REPORT ON GENERAL ELECTION, 1969 TO THE LEGISLATIVE ASSEMBLY OF UTTAR PRADESH. ভাৰতৰ নিৰ্বাচন আয়োগ
  4. ↑ Member's Bioprofile. লোকসভা
  5. ↑ Uttar Pradesh Assembly Election Results in 1969. www.elections.in
  6. ↑ Uttar Pradesh Assembly Election Results in 1974. www.elections.in
  7. ↑ लोकसभा चुनाव फ्लैश बैक: जनता ने गायत्री देवी को हाथ जोड़ने से कर दिया था मना, कहा-आप वोट न मांगें. Amar Ujala
  8. ↑ IndiaVotes PC: Uttar Pradesh (1947 - 1999) 1980. IndiaVotes
  9. ↑ Charan Singh. Lok Sabha Documents
  10. ↑ LABOUR MINISTER CONDOLES THE DEATH OF SMT. GAYATRI DEVI. Press Information Bureau
  11. ↑ Ajit Singh's mother dead. The Tribune India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰী দেৱী (ৰাজনীতিবিদ)” প্ৰবন্ধৰ সংশোধন ৫৮৩৫৮২ (২৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।