অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গায়ত্ৰী ইছাৰ কুমাৰ

গায়ত্ৰী ইছাৰ কুমাৰ (: Gaitri Issar Kumar); জন্ম ২০ জুন ১৯৬২) ১৯৮৬ চনৰ ব্যাচৰ পৰা ভাৰতীয় বৈদেশিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া। তেওঁৰ কাৰ্য্য কালৰ শেষৰ পদটো আছিল যুক্তৰাজ্যত ভাৰতৰ উচ্চায়ুক্ত হিচাপে। ইয়াৰ পূৰ্বে তেওঁ বেলজিয়াম, ইউৰোপীয় সংঘ আৰু লাক্সেমবাৰ্গত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গায়ত্ৰী ইছাৰ কুমাৰ (: Gaitri Issar Kumar); জন্ম ২০ জুন ১৯৬২) ১৯৮৬ চনৰ ব্যাচৰ পৰা ভাৰতীয় বৈদেশিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া। তেওঁৰ কাৰ্য্য কালৰ শেষৰ পদটো আছিল যুক্তৰাজ্যত ভাৰতৰ উচ্চায়ুক্ত হিচাপে। ইয়াৰ পূৰ্বে তেওঁ বেলজিয়াম, ইউৰোপিয়ান ইউনিয়ন আৰু লাক্সেমবাৰ্গত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পেৰিছত থকা ভাৰতীয় দূতাবাসত মিছনৰ উপ-মুখ্য, আৰু জেনেভাত ভাৰতৰ স্থায়ী মিছনৰ পৰামৰ্শদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। লগতে দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়তো কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬২ চনৰ ২০ জুনত বাংগালুৰুত এটা পাঞ্জাবী পৰিয়ালত গায়ত্ৰী জন্মগ্ৰহণ কৰিছিল। ছফিয়া হাইস্কুলত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি বঙ্গালোৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ স্নাতক পৰ্য্যায়ত ইতিহাস, অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।

পেছাদাৰী কেৰিয়াৰ

১৯৮৬ চনৰ ব্যাচৰ বিষয়াৰ অংশ হিচাপে ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। ২০১২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ সামাজিক সচিবকে ধৰি কেইবাটাও ভূমিকাত কাৰ্যনিৰ্বাহ কৰাৰ পিছত১২ গায়ত্ৰী কুমাৰক ২০১৭ চনৰ ১৪ জুনত বেলজিয়াম আৰু ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়।৩ পূৰ্বৰ ৰুচি ঘানাশ্যামৰ অৱসৰৰ পিছত কুমাৰ ২০২০ চনৰ জুন মাহত লণ্ডনত উচ্চায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে।৪উচ্চ আয়ুক্ত হিচাপে, তেওঁ ব্ৰেক্সিটৰ পিছত ভাৰত-আমেৰিকা যুক্তৰাজ্যৰ সম্পৰ্ক আৰু বাণিজ্য গভীৰ কৰিবলৈ বিশেষ প্ৰাধান্য গ্ৰহণ কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ (1 April 2013). Civil List of the Indian Foreign Service. Indian Foreign Service
  2. ↑ High Commissioner. High Commission of India, London
  3. ↑ (14 June 2017). India appoints envoys to Italy, Denmark, Belgium, EU. The Tribune
  4. ↑ New Indian High Commissioner Gaitri Kumar arrives in the UK. Outlook India
  5. ↑ UK, India need very clear roadmap to strengthen ties, says High Commissioner Gaitri Kumar. Businessworld. ANI

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰী ইছাৰ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৮৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।