অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গায়ত্ৰী হাজৰিকা

গায়ত্ৰী হাজৰিকা (Gayatri Hazarika) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰিও ভালেসংখ্যক অসমীয়া কথাছবি আৰু এককভাৱে গীত গাইছে।

হালনাগাদ: ৬ জুন ২০২৫ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

গায়ত্ৰী হাজৰিকা (Gayatri Hazarika) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰিও ভালেসংখ্যক অসমীয়া কথাছবি আৰু এককভাৱে গীত গাইছে।১ ২০২১ চনত ৰত্নাকৰ বোলছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে তেখেতে শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা শাখা)ৰ ‘প্ৰাগ্ চিনে এৱাৰ্ড’ লাভ কৰে। অসমীয়া চিৰিয়েল বৈদেহী, ৰ’দালী, দামিনী, মমতা, পৰিনীতা, আলপনা আদিৰ শীৰ্ষ গীতত তেখেতে কণ্ঠ নিগৰাইছে। ইয়াৰোপৰি বহুতো অসমীয়া জনপ্ৰিয় গীতত তেখেতে কণ্ঠ নিগৰাইছে। তেখেতৰ একক কণ্ঠৰ শ্ৰব্য সংকলন দুটাৰ নাম- ‘মিঠা আৱেশেৰে’(২০১৪) আৰু ‘সুৰৰ আৱেশেৰে’(২০১৭)।

পৰিচয়

পিতৃৰ নাম ফুনু হাজৰিকা আৰু মাতৃৰ নাম অৰুণা হাজৰিকা। তেখেতৰ স্বামীৰ নাম প্ৰশান্ত হাজৰিকা। হাজৰিকাৰ জন্ম হৈছিল ১৯৮০ চনত।

শিক্ষা জীৱন

স্কুলীয়া শিক্ষা গ্ৰহণ কৰে টি.চি.গাৰ্লছ হাইস্কুল আৰু এম.পি. হাইস্কুলৰপৰা। মেট্ৰিক পৰীক্ষাত তেখেতে সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্ছ নম্বৰ পাইছিল। হাজৰিকাই উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰপৰা। পৰৱৰ্তী সময়ত কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰপৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত ‘এম. মিউজ’ ডিগ্ৰী লাভ কৰে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ, লক্ষ্ণৌৰ পৰা।

সংগীত শিক্ষা

শৈশৱেত তেজপুৰৰ এচ. মজুমদাৰৰ ওচৰত সংগীতৰ শিক্ষা লাভ কৰে। তাৰ পাছত গুৱাহাটীৰ দ্বিজেন দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। তাৰ পাছত গুণদা দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ লগতে আধুনিক গীতৰ শিক্ষা লাভ কৰে। সেইদৰে দিলীপ শৰ্মাৰ ওচৰত ৰবীন্দ্ৰ সংগীতৰ শিক্ষা, অনন্ত ওজাৰ ওচৰত বৰগীতৰ শিক্ষা আৰু পণ্ডিত মোহনলাল মিশ্ৰ, পণ্ডিত আলোক চেটাৰ্জী, মীৰা দত্ত ৰায় আৰু সুবিৰ নন্দীৰ ওচৰত শাস্ত্ৰীয়, লঘু-শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। সেইদৰে তেওঁ জয় প্ৰকাশ মেধি আৰু জিতেন বসুমতাৰীৰ ওচৰতো সংগীতৰ শিক্ষা লাভ কৰে। তেখেতে প্ৰায় ১১ বছৰমানৰপৰাই মঞ্চত প্ৰথম গীত পৰিৱেশন কৰে। সেইদৰে ১৯৯২ চনত আকাশবাণী গুৱাহাটী আৰু ডী ডী অসমত শিশু শিল্পী হিচাপে গীত পৰিৱেশন কৰিছিল।১

এলবাম

  1. মিঠা আৱেশেৰে, ২০১৪, সংগীত ব্যৱস্থাপক- ৰূপম তালুকদাৰ, ৬টা গীতৰ এটি শ্ৰব্য সংকলন।
  2. সুৰৰ আৱেশেৰে, ২০১৭, সংগীত ব্যৱস্থাপক- ৰূপম তালুকদাৰ,৬টা গীতৰ এটি শ্ৰব্য সংকলন।

জনপ্ৰিয় গীত

  1. আবেলিৰ হেঙুলী আকাশে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কল্পনা বৰুৱা, সুৰঃ জে.পি. দাস)
  2. ইমান সেমেকা (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
  3. জোনাক নাছিল বনত (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ হিৰেণ ভট্টাচাৰ্য, সুৰঃ জয় প্ৰকাশ মেধি)
  4. তুমি অহাৰ বাতৰি পালে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কেশৱ দত্ত, সুৰঃ মনজ বৰুৱা)
  5. তোমালৈ মোৰ মৰম (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথা/সুৰঃ কাজল শৰ্মা)
  6. মন মোৰ উৰি ফুৰে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
  7. মাথোঁ এজাক বৰষুণ (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথা/সুৰঃ কাজল শৰ্মা)
  8. যেতিয়া জোনাক নামিছিল (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ অৰূপ বৰঠাকুৰ, সুৰঃ মনজ্যোৎস্না মহন্ত)
  9. সৰা পাতে পাতে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
  10. সোণৱালী সপোন (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ বীণা কাকতি, সুৰঃ জিৰিমি কাকতি)

বঁটা আৰু সন্মান

  1. ২০১৯ চনত তেওঁ কণ্ঠ দিয়া ‘ক্ৰোধ’ বোলছবিৰ সংগীতৰ বাবে বাবে ‘গপচপ মিউজিকেল এৱাৰ্ড’।
  2. ২০১৯ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ‘এ’ গ্ৰেড কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে।
  3. ২০২১ চনত ৰত্নাকৰ বোলছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে ‘প্ৰাগ্ চিনে এৱাৰ্ড’। শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা শাখাত)।১

মৃত্যু

১৬ মে', ২০২৫ তাৰিখে ৪৫ বছৰ বয়সত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত তেওঁৰ মৃত্যু হয়।২৩৪৫

তথ্যসূত্ৰ

  1. ↑ Short Introduction – সংগীত জেউতী. Sangeet Jeuti
  2. ↑ বিশিষ্ট গায়িকা গায়ত্ৰী হাজৰিকাৰ দেহাৱসান. নিয়মীয়া বাৰ্তা
  3. ↑ গায়িকা গায়ত্ৰী হাজৰিকাৰ দেহাৱসান. দৈনন্দিন বাৰ্তা
  4. ↑ আসামৰ জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান. News18 Assam
  5. ↑ জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান. ETV Bharat

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰী হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৫১৫৫১৮ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।