জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কৰিশ্মা কোটক
কৰিশ্মা কোটক (ইংৰাজী: Karishma Kotak) এগৰাকী ইংৰাজ মডেল, অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা।
-
কৰিশ্মা তন্না
কৰিশ্মা কে. তন্না (ইংৰাজী: Karishma K. Tanna; জন্ম: ২১ ডিচেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব’ত কাম কৰে। ২০০১ চনত ‘কিউকি ছাছ ভী কভী বহু থী’ ধাৰাবাহিকৰ জৰিয়তে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে।
-
কৰুণা নন্দী
কৰুণা নন্দী (Karuna Nundy) এগৰাকী ভাৰতীয় অধিবক্তা আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, ২০২৪ চনত জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়। তেওঁ ভাৰত আৰু নিউয়ৰ্ক উভয়তে প্ৰেকটিছ কৰাৰ যোগ্যতা অৰ্জন কৰে।
-
কৰ্ছনদাস মুলজী
কৰ্ছনদাস মুলজী ( Karsandas Mulji; জন্ম: ২৫ জুলাই ১৮৩২ – মৃত্যু: ২৮ আগষ্ট ১৮৭৫) এজন সাংবাদিক, সমাজ সংস্কাৰক আৰু প্ৰশাসক আছিল। এলফিনষ্টন কলেজৰ প্ৰাক্তন ছাত্ৰ, ইংৰাজী শিক্ষাৰে শিক্ষিত গুজৰাটী সাংবাদিকজনৰ প্ৰতিষ্ঠানিক ধৰ্মীয় কৰ্তৃত্বৰ প্ৰতি তীব্ৰ অসন্তুষ্টি আৰু খ্ৰীষ্টান ধৰ্মধ্বনি পঢ়াৰ প্ৰতি ধাউতি…
-
কৰ্টনী কাৰ্ডাশিয়ান
কৰ্টনী কাৰ্ডাশিয়ান বাৰ্কাৰ (জন্ম: ১৮ এপ্ৰিল ১৯৭৯) এগৰাকী আমেৰিকান সংবাদ মাধ্যমৰ ব্যক্তিত্ব, চচিয়েললাইট আৰু ব্যৱসায়ী। ২০০৭ চনত তেওঁ আৰু তেওঁৰ পৰিয়ালে ৰিয়েলিটী টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
কৰ্ণ শাক্য
কৰ্ণ শাক্য (জন্ম: ২ এপ্ৰিল, ১৯৪৩) এজন নেপালী পৰিৱেশবিদ, সংৰক্ষণবিদ, হোটেল উদ্যোগী, লেখক আৰু দানশীল ব্যক্তি। শিক্ষাৰফালৰপৰা শাক্য বনকৰ্মী। তেওঁ বন্যপ্ৰাণী বিষয়া হিচাপে কাম কৰিছিল আৰু নেপালত প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল।
-
কৰ্নিফিচিয়া
কৰ্নিফিচিয়া (খ্ৰীষ্টপূৰ্ব ৮৫ – খ্ৰীষ্টপূৰ্ব প্ৰায় ৪০) খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ এজন ৰোমান কবি আৰু এপিগ্ৰামৰ লেখক।
-
কৰ্পূৰী দেৱী
কৰ্পূৰী দেৱী (১৯২৯–৩০ জুলাই ২০১৯) এগৰাকী ভাৰতীয় লোক শিল্পী আছিল। তেওঁ মধুবাণী কলা পৰম্পৰাৰ চিত্ৰকলা আৰু সুজনি পৰম্পৰাৰ বস্ত্ৰ শিল্প সৃষ্টিৰ বাবে জনাজাত আছিল। মধুবাণী কলা বিক্ৰী কৰি তেওঁ সমালোচনাত্মক আৰু ব্যৱসায়িক উভয় ক্ষেত্ৰতে সফলতা অৰ্জন কৰিছিল।
-
খগেন্দ্ৰ নাথ পাঠক
খগেন্দ্ৰ নাথ পাঠক (Khagendra nath Pathak)ৰ জন্ম হয় ১৯৩৬ চনত বৰপেটাৰ পাটবাউসীত। পিতৃ অমৃতৰাম পাঠক পাটবাউসী সত্ৰৰ মূল পাঠক আছিল। পিতৃৰ মৃত্যুৰ পিছত বংশ পৰম্পৰা ৰক্ষা কৰি খগেন্দ্ৰ নাথ পাঠকে ১৯৪৮ চনত পাটবাউসী সত্ৰৰ পাঠকৰ দায়িত্ব গ্ৰহণ কৰে।
-
খনা
খনা (যাক ডাক বা লীলাৱতী বুলিও জনা যায়) এগৰাকী ভাৰতীয় কবি, দাৰ্শনিক আৰু কিংবদন্তি জ্যোতিষী আছিল, যিয়ে নৱমৰপৰা দ্বাদশ শতিকাৰ ভিতৰত মধ্যযুগীয় বাংলা ভাষাত সাহিত্য ৰচনা কৰিছিল। তেওঁ বৰ্তমানৰ পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ বাৰাসাতৰ দেউলীয়া গাঁৱৰ (বেৰাচাম্পাৰ ওচৰৰ চন্দ্ৰকেতুগড়) সৈতে জড়িত।
-
খাছ মহল
খাছ মহল অৰ্থাৎ "প্ৰাসাদৰ সুন্দৰজন", মোগল সম্ৰাট জাহাংগীৰৰ অন্যতম মুখ্য পত্নী আৰু সম্ৰাজ্ঞী আছিল।
-
খাজা ইউনুছ আলী এনায়েতপুৰী
খাজা ইউনুছ আলী এনায়েতপুৰী (আৰবী: يونسعلي العنايتفوري, ইংৰাজী: Yunus Ali Enayetpuri, ১৮৮৬–১৯৫১) বা কেৱল খোৱাজা এনায়েতপুৰী এজন ছুফী সন্ত আছিল। তেওঁ ২০ শতিকাৰ বাংলাদেশৰ অন্যতম প্ৰভাৱশালী চুফী আছিল। তেওঁৰ অনুগামীসকলৰ সংখ্যা আছিল লাখ লাখ।
-
খাদিজা আলিবেয়োভা
খাদিজা আলিবেয়োভা (আজাৰবাইজানী: Xədicə Əlibəyova, ১৮৮৪ – ১৯৬১) আছিল এগৰাকী আজাৰবাইজানী শিক্ষাবিদ, জনপ্ৰচাৰক আৰু প্ৰকাশক। তেওঁ আজাৰবাইজানৰ প্ৰথম মহিলা সম্পাদক হিচাপে বিশেষভাৱে পৰিচিত। কিছুমান উৎস অনুসাৰে তেওঁ আজাৰবাইজানৰ প্ৰথম মহিলা স্ত্ৰীৰোগ বিশেষজ্ঞো আছিল।
-
খাদিজা বিন্ত খুৱাইলিদ
খাদিজা বিন্ত খুৱাইলিদ (প্ৰায় ৫৫৪ – নৱেম্বৰ ৬১৯) আছিল হজৰত মহম্মদৰ প্ৰথম পত্নী। কোৰেইচসকলৰ এটা অভিজাত বংশত জন্মগ্ৰহণ কৰা খাদিজা নিজৰ গুণৰ বলত এগৰাকী ধনী বণিক আছিল আৰু জনগোষ্ঠীৰ ভিতৰতে তেওঁৰ এজন উচ্চ ব্যক্তিত্বৰ অধিকাৰী বুলি জনা গৈছিল।
-
খাদিজা মমতাজ
খাদিজা মমতাজ (জন্ম ১৯৫৫) ভাৰতৰ কেৰালা ৰাজ্যৰ এগৰাকী মালয়ালম লেখিকা। তেওঁ পেশাগতভাৱে এগৰাকী চিকিৎসক আৰু সম্ভৱতঃ কেৰালা সাহিত্য চক্ৰত তেওঁৰ দ্বিতীয়খন উপন্যাস বৰষাৰ বাবে আটাইতকৈ বেছি পৰিচিত যিখনে ২০১০চনত কেৰালা সাহিত্যি অকাডেমী বঁটা লাভ কৰিছিল।
-
খাদিজেহ আফজল বজিৰী
খাদিজেহ আফজল বজিৰী (Khadijeh Afzal Vaziri; ১৮৮৯ – ৩ জানুৱাৰী ১৯৮১) এগৰাকী ইৰাণী মহিলা অধিকাৰ কৰ্মী, সাংবাদিক আৰু শিক্ষাবিদ। তেওঁ বলপূৰ্বকভাৱে চাদৰ পৰিধান কৰাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল আৰু কাছফ-ই হিজাবক সমৰ্থন কৰিছিল।
-
খান ছাৰ
পেছাগতভাৱে খান ছাৰ (Khan Sir) নামেৰে পৰিচিত ফৈজল খান (জন্ম ১৯৯৩) বিহাৰৰ পাটনাত বাস কৰা এজন ভাৰতীয় শিক্ষক আৰু ইউটিউবাৰ। তেওঁ ভাৰতত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এটা প্ৰশিক্ষক কেন্দ্ৰ চলায়।
-
খান জাহান আলি
খান জাহান আলি (১৩৬৯ - ২৫ অক্টোবৰ ১৪৫৯) এজন মুছলিম ধৰ্ম প্ৰচাৰক তথা বাংলাদেশৰ বাগেৰহাটৰ খান-ই-আজম বা স্থানীয় শাসক আছিল। তেওঁৰ অন্যান্য নামসমূহ হৈছে উলুঘ খান, খান-ই-আজম ইত্যাদি। বৰ্তমান ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা “মছজিদৰ মহান চহৰ বাগেৰহাট” তেৱেই নিৰ্মাণ কৰিছিল বিশ্বাস কৰা হয়।
-
খালীদ হোছেইনি
খালীদ হোছেইনি এগৰাকী আফগান তথা আমেৰিকান শৰনাৰ্থী সাহিত্যিক, চিকিৎসক আৰু সমাজসেৱক।
-
খুজিস্তা আখতাৰ বানু
খুজিস্তা আখতাৰ বানু (Khujista Akhtar Banu) ১৯ শতিকাৰ শেষৰ ফালে এগৰাকী সাহিত্যিক, বঙালী সমাজবাদী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক। খুজিস্তা আছিল ১৮৮৭ চনত ছিনিয়ৰ কেম্ব্ৰিজৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা।
-
খুৰমান গাচিমোভা
খুৰমান গাচিমোভা(:Khuraman Gasimova, আজাৰবাইজানী: জুৰাম কাছিমোভা) এগৰাকী আজাৰবাইজান অপেৰা গায়িকা (ছ’প্ৰানো) আৰু অভিনেত্ৰী।ছ'প্ৰানো (ইটালীয় উচ্চাৰণ: [soˈpraːno]) হৈছে একপ্ৰকাৰৰ ধ্ৰুপদী গায়কী কণ্ঠ যাৰ কণ্ঠৰ পৰিসৰ সকলো ধৰণৰ কণ্ঠৰ ভিতৰত সৰ্বোচ্চ।
-
খুৱানা মাৰিয়া
খুৱানা মাৰিয়া (ইংৰাজী: Juana Maria; মৃত্যু: ১৯ অক্টোবৰ ১৮৫৩), ইতিহাসত চান নিকোলাছ দ্বীপৰ একাকিত্ব জীৱন-যাপন কৰা মহিলা বুলিও জনাজাত (তেওঁৰ জন্মনাম অজ্ঞাত), নিকোলেনো জনগোষ্ঠীৰ শেষ জীৱিত সদস্য আছিল।
-
খেমা
খেমা (পালি: खेमा (খেমা); সংস্কৃত: क्षेमा (ক্ষেমা)) আছিল এগৰাকী বৌদ্ধ ভিক্ষুনী বা নান, যি বুদ্ধৰ অন্যতম শীৰ্ষ মহিলা শিষ্য আছিল। বুদ্ধৰ দুগৰাকী প্ৰধান মহিলা শিষ্যৰ ভিতৰত তেওঁক প্ৰথম বুলি গণ্য কৰা হয়, দ্বিতীয় গৰাকী হ'ল উপ্পালবন্ন।
-
খৌ কে কিম
খৌ কে কিম (Khoo Kay Kim, simplified Chinese: 邱继金; traditional Chinese: 邱繼金; Pe̍h-ōe-jī: Khu Ke-kim; pinyin: Qiū Jiājīn; ২৮ মাৰ্চ ১৯৩৭ – ২৮ মে' ২০১৯) এগৰাকী চীনা বংশোদ্ভৱ মালয়েছিয়ান ইতিহাসবিদ আৰু শিক্ষাবিদ আছিল। ২০০১ চনত মালয় বিশ্ববিদ্যালয়ে তেওঁক এমেৰিটাছ অধ্যাপক উপাধিৰে সন্মানিত কৰে।
-
খ্ৰিলি-ইউ কিৰে
খ্ৰিলি-ইউ কিৰে (Khrielie-ü Kire; ১২ জানুৱাৰী ১৯১৮ - ১১ ছেপ্টেম্বৰ ২০১৩) হ'ল এগৰাকী নগা চিকিৎসক আৰু আমোলা, তেওঁ নগাসকলৰ মাজত পশ্চিমীয়া চিকিৎসা অনুশীলন কৰা প্ৰথমগৰাকী মহিলা চিকিৎসক আছিল।
-
খৰ্গেশ্বৰ ভূঞা
খৰ্গেশ্বৰ ভূঞা একাধাৰে সাহিত্যিক, গৱেষক, অধ্যাপক। তেখেতে প্ৰাচীন ধৰ্মশাস্ত্ৰৰ কেতবোৰ চৰিত্ৰ আৰু কাহিনীক অৱলম্বন হিচাপে লৈ ৭খন পুৰাকথাকেন্দ্ৰিক উপন্যাস ৰচনা কৰিছে। বিজ্ঞান,অন্ধবিশ্বাস-কুসংস্কাৰ আদি বিষয়ক অনেক পুথি প্ৰকাশ কৰাৰ লগত বহুকেইখন প্ৰাচীন ধৰ্মশাস্ত্ৰ পুথিৰ সম্পাদনা কৰিছে।
-
গংগাদেৱী
গংগাদেৱী, যাক গংগাম্বিকা বুলিও কোৱা হয়, বৰ্তমান ভাৰতৰ বিজয়নগৰ সাম্ৰাজ্যৰ চতুৰ্দশ শতিকাৰ এগৰাকী ৰাজকুমাৰী আৰু সংস্কৃত কবি আছিল। তেওঁ বিজয়নগৰৰ ৰজা কুমাৰ কম্পনাৰ পত্নী আছিল। কুমাৰ আছিল প্ৰথম বুক্কা ৰায় (প্ৰায় ১৩৬০ - ১৩৭০)ৰ পুত্ৰ।
-
গংগাবাই য়াগনিক
গংগাবাই প্ৰাণশংকৰ য়াগনিক (Gangabai Pranshankar Yagnik, (১৮৬৮-১৯৩৭) হৈছে গুজৰাটী ভাষাৰ এগৰাকী লেখিকা৷ তেখেতে ঊনৈশ শতিকাৰ ভাৰতীয় লেখিকামণ্ডলীৰ অন্তৰ্ভুক্ত৷ তেখেতৰ পেছা আছিল এগৰাকী শিক্ষয়িত্ৰী আৰু আয়ুৰ্বেদ-অনুশীলনকাৰী৷ তেখেতে হুন্নাৰ মহাসাগৰ (১৮৯৮) ৰচনা কৰিছিল য'ত ২০৮০ ধৰণৰ বণিজ, দক্ষতা আৰু…
-
গগন চন্দ্ৰ সোণোৱাল
গগন চন্দ্ৰ সোণোৱাল আছিল সোণোৱাল কছাৰী জাতিৰ লোক-সংস্কৃতিৰ গৱেষক, সু-সাহিত্যিক, আজীৱন শিক্ষাবিদ, নিষ্ঠাবান সাংস্কৃতিক কৰ্মী, সু-সংগঠক, একাধাৰে খেতিয়ক, সাংবাদিক আৰু এজন সোণোৱাল কছাৰী জাতিৰ অভিভাৱকস্বৰূপ।
-
গজমান নোনা
ডোনা ইচাবেলা কোৰানেলিয়া (Donna Isabella Koraneliya; ১০ মাৰ্চ ১৭৪৬-১৫ ডিচেম্বৰ ১৮১৫) বা গজমান নোনা মাতৰ যুগৰ শ্ৰীলংকাৰ এগৰাকী কবি। তাৎক্ষণিকভাৱে সিংহলী ভাষাত কবিতা সৃষ্টি কৰাৰ ক্ষমতাৰ বাবে তেওঁ বিখ্যাত আছিল।