গাইটি হাছান (Gaiti Hasan; ১৯ নৱেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় বিজ্ঞানী। আণৱিক জীৱবিজ্ঞান, জেনেটিক্স, স্নায়ুবিজ্ঞান আৰু কোষ সংকেত তেওঁৰ গৱেষণাক্ষেত্ৰ।১ হাছান ভাৰতীয় বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ শীৰ্ষ সংস্থা ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ (আই.এন.এছ.এ.) এগৰাকী ফেল'।১ ২০১৩ চনৰ পৰা তেওঁ বাংগালোৰৰ নেশ্যনেল চেণ্টাৰ ফৰ বায়'লজিকেল ছায়েন্স (এনচিবিএছ)-ত জ্যেষ্ঠ অধ্যাপক হিচাপে সেৱা আগবঢ়াই আহিছে।২ হাছান ভাৰতীয় বিজ্ঞানী আৰু প্ৰযুক্তিবিদৰ শীৰ্ষ সংস্থা ইণ্ডিয়ান নেচনেল ছায়েন্স একাডেমী (INSA)ৰ এগৰাকী ফেল'।১ তেওঁ ২০১৩ চনৰ পৰা বাংগালুৰুৰ নেচনেল চেণ্টাৰ ফৰ বায়’লজিকেল ছায়েন্সেছ (এনচিবিএছ)ত জ্যেষ্ঠ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।১২
শিক্ষা
সৰুতে হাছানে আলিগড়ত পঢ়া-শুনা কৰিছিল। মাক-দেউতাকে বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু ভনীয়েক দুগৰাকীয়ে ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিছিল।৩ তাৰ পিছত ১৯৭৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছৰ পৰা প্ৰাণীবিজ্ঞানত বি এছ চি ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনত জীৱ বিজ্ঞানত এম এছ চি আৰু দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ১৯৮০ চনত এম ফিল. ডিগ্ৰী লাভ কৰে।১৩ ১৯৮৩ চনত ট্ৰাইপেন’ছ’মা ব্ৰুচেইৰ ৰাইব’জ’মেল আৰ এন এ জিনৰ বিষয়ে গৱেষণা কৰি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পি. এইচডি. লাভ কৰে।৪ হাছানৰ মতে, পি. এইচডি.-ৰ বাবে বিশ্ববিদ্যালয়ত আৱেদন কৰাৰ সময়ত তেওঁ প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিছিল যে, "সংখ্যালঘু শ্ৰেণীৰ অন্তৰ্গত হ'লে বৈষম্যৰ সৃষ্টি হ'ব পাৰে।" তেওঁৰ মতে ইয়াৰ ফলত তেওঁ "সচেতনভাৱে আন মহিলা বিজ্ঞানীসকলক সমৰ্থন কৰিবলৈ চেষ্টা কৰিছে, সেয়া ছাত্ৰীয়েই হওক বা সহকৰ্মীয়েই হওক।" ৩
কেৰিয়াৰ
বৰ্তমান তেওঁ এন চি বি এছ (নেচনেল চেণ্টাৰ ফৰ বায়'লজিকেল চাইন্সেছ)৫-ত কৰ্মৰত; তাত তেওঁ প্ৰাণীৰ আন্তঃকোষীয় কেলচিয়ামৰ মাত্ৰাৰ পৰিৱৰ্তনৰ প্ৰণালীৱদ্ধ আৰু কোষীয় পৰিণতিৰ সন্দৰ্ভত গৱেষণা কৰি আছে। ১৯৮৩ চনত হাছানে মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টিআইএফআৰ)ত আণৱিক জীৱবিজ্ঞান ইউনিটৰ ভিজিটিং ফেল' আৰু গৱেষক সহযোগী হিচাপে তেওঁ যোগদান কৰে।১ ১৯৯২ চনত ব্ৰেণ্ডেইছ ইউনিভাৰ্চিটি মেছাচুচেটছৰ জীৱবিজ্ঞান বিভাগৰ তেওঁ অতিথি বিজ্ঞানী আছিল।৪
বঁটা আৰু স্বীকৃতি
হাছানে ইনলাকছ ফাউণ্ডেশ্যনৰ পৰা বৃত্তি,৬ ব্ৰিটিছ অভাৰচিজ ৰিচাৰ্চ ষ্টুডেণ্ট এৱাৰ্ড, ৱেলকাম ট্ৰাষ্টৰ পৰা ফেল'শ্বিপ আৰু ৰকফেলাৰ বায়'টেকন'লজিৰ পৰা কেৰিয়াৰ ফেল'শ্বিপ লাভ কৰিছে। ২০০৬ চনত বাংগালুৰুৰ ইণ্ডিয়ান একাডেমী অৱ চাইন্সেছৰ ফেল' আৰু ২০০৭ চনত তেওঁ এছিয়া-পেচিফিক মলিকুলাৰ বায়’লজি নেটৱৰ্কৰ সদস্য হিচাপে নিৰ্বাচিত হয়।১ তেওঁ ইণ্ডিয়ান নেচনেল ছায়েন্স একাডেমী (ইনছা)-ৰ এগৰাকী ফেল'।
তথ্যসূত্ৰ
- ↑ Gaiti Hasan – INSA Fellow. Indian National Science Academy www.insaindia.org
- ↑ NCBS Faculty. National Centre for Biological Sciences www.ncbs.res.in
- ↑ (2008). Science and the Art of Detection. Lilavati's Daughters: The Women Scientists of India. Indian Academy of Sciences. পৃ. 128–131
- ↑ NISER Gaiti Hasan bio. National Institute of Science Education and Research www.niser.ac.in
- ↑ NCBS Faculty. ncbs.res.in
- ↑ Inlaks Shivdasani Scholarships – Gaiti Hasan. Inlaks Shivdasani Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাইটি হাছান” প্ৰবন্ধৰ সংশোধন ৪৮৫১৪১ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।