অনুপমা চোপ্ৰা (জন্ম ২৩ ফেব্ৰুৱাৰী ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক। তেওঁ MAMI মুম্বাই ছবি মহোৎসৱৰ অধ্যক্ষা। ১ চিনেমাসম্পৰ্কীয় ডিজিটেল প্লেটফৰ্ম "ফিল্ম কম্পেনিয়ন"ৰ তেখেত প্ৰতিষ্ঠাতা আৰু সম্পাদক। ২৩ ভাৰতীয় ছবি সম্পৰ্কে তেখেতে কেইবাখনো গ্ৰন্থ ইতিমধ্যে লিখি উলিয়াইছে। তদুপৰি এনডিটিভি, ইণ্ডিয়া টুডেৰ লগতে হিন্দুস্তান টাইমছৰ বাবেও ছবি সমালোচকৰ দায়িত্ব পালন কৰিছে।,৪ ষ্টাৰ ৱৰ্ল্ড চেনেলত তেখেতে দ্য ফ্ৰণ্ট ৰ' উইদ অনুপমা চোপ্ৰা নামৰ সাপ্তাহিক ছবি-সমালোচনাৰ অনুষ্ঠান এটাও পৰিৱেশন কৰিছিল।৫ ৪৮ তম ৰাষ্ট্ৰীয় ছবি মহোৎসৱত অনুপমা চোপ্ৰাই তেওঁ লিখা প্ৰথমখন গ্ৰন্থ শ্বোলে: দ্য মেকিং অৱ এ ক্লাছিকৰ বাবে "চিনেমা সম্পৰ্কীয় শ্ৰেষ্ঠ গ্ৰন্থ"ৰ বঁটা লাভ কৰে। বৰ্তমান তেখেতে "ফিল্ম কম্পেনিয়ন"ত ছবি সমালোচনাৰ উপৰিও তাৰকাসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে।
প্ৰাৰম্ভিক জীৱন
কলিকতাত অনুপমা চন্দ্ৰা হিচাপে জন্মলাভ কৰা অনুপমাই উত্তৰ প্ৰদেশৰ বাদায়ুন চহৰতো কিছু সময় কটাইছে। তেখেতৰ পিতৃ নবীন চন্দ্ৰ দিল্লী নিবাসী আছিল। মাতৃ কামনা চন্দ্ৰা আছিল এগৰাকী চিত্ৰনাট্যকাৰ। তেখেতে প্ৰেম ৰোগ (১৯৮২) আৰু চান্দনী (১৯৮৯)ৰ দৰে ছবিৰ সংলাপ লিখিছে। অনুপমাই মুম্বাইত তেওঁৰ ককাই-ভনীৰ লগত ডাঙৰ-দীঘল হয়। তেখেতৰ ভগ্নী তনুজা চন্দ্ৰা এগৰাকী পৰিচালক আৰু চিত্ৰনাট্যকাৰ। আনহাতে ভ্ৰাতৃ বিক্ৰম চন্দ্ৰা (ঔপন্যাসিক) এগৰাকী ঔপন্যাসিক।৬ কিশোৰীকালত অনুপমাই কেইটামান বছৰ হংকঙতো আছিলগৈ। ১৯৮৭ চনত তেওঁ মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা ইংৰাজী সাহিত্যত মেজৰসহ স্নাতক ডিগ্ৰী লাভ কৰে। ৬
পৰৱৰ্তী কালত অনুপমাই নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ মেডিল স্কুল অৱ জাৰ্ণেলিজমৰ পৰা সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। মেডিলত থকা কালতেই তেখেতে "academic excellence and promise for success in the field of magazine journalism"ৰ বাবে হেৰিংটন বঁটা লাভ কৰে। তেখেতে পাছত কয় যে-"ছবি সাংবাদিকতা সেইসময়ত অস্পৃশ্য আছিল। প্ৰত্যেকেই লজ্জা অনুভৱ কৰিছিল আৰু মই ছবিৰ লগত কাম কৰাৰ কথাটো কোনেও প্ৰকাশ কৰা নাছিল। "৬
কৰ্মজীৱন
শিক্ষাগ্ৰহণৰ অন্তত, অনুপমা চোপ্ৰাই এগৰাকী চিত্ৰ-সাংবাদিক আৰু সমালোচক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পিচৰ বছৰসমূহত তেখেতে চিনেমা, বিশেষকৈ বলিউডৰ বিষয়ে একাধিক গ্ৰন্থ ৰচনা কৰে। ১৯৯৩ চনৰ পৰাই তেখেতে হিন্দী ছবি উদ্যোগৰ বিষয়ে লিখিবলৈ লৈছিল আৰু ছপা, টেলিভিছন আৰু ডিজিটেল-এই তিনিওটা মাধ্যমৰ ছবিৰ ওপৰতে আলোকপাত কৰি আহিছে। তেখেতেৰ প্ৰথমখন গ্ৰন্থ শ্বোলে: দ্য মেকিং অৱ এ ক্লাছিক(২০০০)-এ ২০০১ চনৰ ৰাষ্ট্ৰীয় ছবি বঁটাত "চিনেমা সম্পৰ্কীয় শ্ৰেষ্ঠ গ্ৰন্থ" বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেখেতৰ আন দুখন গুৰুত্বপূৰ্ণ আৰু সমাদৃত গ্ৰন্থ হৈছে: দিলৱালে দুলহানিয়া লে জায়েংগে আৰু কিং অৱ বলিউড: শ্বাহ ৰুখ খান এণ্ড দ্যা ছিডাকটিভ ৱৰ্ল্ড অৱ ইণ্ডিয়ান চিনেমা।৭
এনডিটি নিউজ চেনেলত অনুপমা চোপ্ৰাই পিকচাৰ দিছ নামৰ ছবি-সমালোচনাৰ অনুষ্ঠান এটা পৰিৱেশন কৰিছিল।৮ ২০১২ চনত তেখেতে সাপ্তাহিক ছবি-সমালোচনাৰ অনুষ্ঠান The Front Row with Anupama Chopra আৰম্ভ কৰে। সেইটো অনুষ্ঠান সম্প্ৰচাৰিত হয় ষ্টাৰ ৱৰ্ল্ডত। অনুষ্ঠানটো ২০১৪ৰ জুনলৈকে চলে।৮৯১০ ২০১৪ চনতেই তেখেতে 'ষ্টাৰ ভাৰ্ডিক্ট' নামৰ অনুষ্ঠানটো আৰম্ভ কৰে ষ্টাৰ প্লাছত। বৰ্তমান তেখেতে ইউ টিউবত ফিল্ম কম্পেনিয়নৰ যোগেদি ছবি-সমালোচনাৰ কাম আগুৱাই নিছে।১১
২০১৪ চনৰ নৱেম্বৰত, অনুপমা চোপ্ৰা মুম্বাই ছবি মহোৎসৱৰ মুৰব্বী হয়। তেওঁৰ পূৰ্বে সেই আসনখনত শ্যাম বেনেগাল অধিষ্ঠিত হৈছিল। এই মহোৎসৱৰ উদ্যোক্তা হৈছে Mumbai Academy of the Moving Image; চমুকৈ মামি(MAMI)।১২১৩
ব্যক্তিগত জীৱন
বলিউডৰ প্ৰসিদ্ধ ছবি প্ৰযোজক আৰু পৰিচালক বিধু বিনোদ চোপ্ৰাৰ লগত অনুপমা চোপ্ৰাৰ বিবাহ হয়।১৪ তেওঁৰ জী জুনি চোপ্ৰা তিনিখনকৈ গ্ৰন্থৰ লেখিকা। আনহাতে পুত্ৰ অগ্নি দেৱ চোপ্ৰা এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন ক্ৰিকেটাৰ। ১৫
গ্ৰন্থাৱলী
- শ্বোলে: দ্য মেকিং অৱ এ ক্লাছিক. Penguin Books, 2000. .
- ডিলৱালে ডলহানিয়া লে জায়েংগে , British Film Institute, 2002. .
- কিং অৱ বলিউড:শ্বাহৰুখ খান এণ্ড দ্য ছিডাকটিছ ৱৰ্ল্ড অৱ ইণ্ডিয়ান চিনেমা,. Grand Central Publishing, 2007. .
- ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বো: ৰাইটিংছ ফ্ৰম দ্য বলিউড ট্ৰেন্সেছ. Penguin Books India, 2011. .
- ''ফ্ৰিজ ফ্ৰেমছ. Om Books, 2013. .
- হাণ্ড্ৰেড ফিল্মছ টু ছি বিফৰ ইউ ডায়. BCCL, New Delhi, 2013. .
- দ্য ফ্ৰণ্ট ৰ': কনভাৰ্ছেছন অন চিনেমা. HarperCollins Publishers India, 2015. .
- ইন কনভাৰ্ছেছনছ উইথ দ্য ষ্টাৰছ্. Rupa Publications, 2019.
বাহ্যিক সংযোগ
- ফিল্ম কম্পেনিয়ন
- ফিল্ম কম্পেনিয়ন ইউটিউব
- ফিল্ম কম্পেনিয়নৰ সমালোচনা
- হিন্দুস্তান টাইমছত অনুপমা চোপ্ৰাৰ সমালোচনা
তথ্যসূত্ৰ
- ↑ Jio MAMI Film Festival
- ↑ Film Companion
- ↑ Film Companion Youtube
- ↑ Anupama Chopra, Consulting Editor, Films, NDTV NDTV website
- ↑ Chopra, Anupama. (2 March 2012). Anupama Chopra's review: Paan Singh Tomar. Hindustan Times
- ↑ Ramnath, Nandini. Home truths Anupama Chopra. Time Out Mumbai
- ↑ 48th National Film Awards. Directorate of Film Festivals
- ↑ Rajyasree Sen. (30 April 2012). The Front Row with Anupama Chopra is the reel thing. Firstpost
- ↑ The Front Row with Anupama Chopra. STAR World
- ↑ The Front Row with Anupama Chopra. STAR Tv India
- ↑ (August 2014). Film Companion in Anupama (Land). Book My Show
- ↑ MAMI has a new chairperson - Times of India. The Times of India
- ↑ Anupama Chopra on Balancing Life as a Critic and Festival Director. The Quint
- ↑ (8 May 2010). Sleeping with the Enemy. OPEN
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপমা চোপ্ৰা” প্ৰবন্ধৰ সংশোধন ৪২২৮১৬ (১১ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।