অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুনীল গংগোপাধ্যায়

সুনীল গঙ্গোপাধ্যায় বা সুনীল গাংগুলী (Sunil Gangopadhyay; ৭ ছেপ্টেম্বৰ ১৯৩৪ – ২৩ অক্টোবৰ ২০১২) বিংশ শতিকাৰ শেষ ভাগত তেওঁ সক্ৰিয় হৈছিল আৰু মৃত্যুৰ আগলৈকে প্ৰায় চাৰি দশক জুৰি বঙালী ভাষা সাহিত্যৰ এগৰাকী অন্যতম সাহিত্যিক ৰূপে পৰিচিতি লাভ কৰিছিল। তেওঁ কলিকতাৰ এগৰাকী প্ৰাক্তন শ্বেৰিফ আছিল।

হালনাগাদ: ২০ অক্টোবৰ ২০২৫ ৩৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সুনীল গঙ্গোপাধ্যায় বা সুনীল গাংগুলী (Sunil Gangopadhyay; ৭ ছেপ্টেম্বৰ ১৯৩৪ – ২৩ অক্টোবৰ ২০১২) হৈছে কলিকতাৰ এগৰাকী ভাৰতীয় কবি, ইতিহাসবিদ আৰু ঔপন্যাসিক।১ বিংশ শতিকাৰ শেষ ভাগত তেওঁ সক্ৰিয় হৈছিল আৰু মৃত্যুৰ আগলৈকে প্ৰায় চাৰি দশক জুৰি বঙালী ভাষা সাহিত্যৰ এগৰাকী অন্যতম সাহিত্যিক ৰূপে পৰিচিতি লাভ কৰিছিল। তেওঁ কলিকতাৰ এগৰাকী প্ৰাক্তন শ্বেৰিফ আছিল। গঙ্গোপাধ্যায়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বঙালী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৫৩ চনত তেওঁ আৰু তেওঁৰ কেইজনমান বন্ধুৱে কৃত্তিবাস নামৰ এখন বাংলা কবিতা আলোচনী আৰম্ভ কৰিছিল। পিছত তেওঁ বিভিন্ন প্ৰকাশনৰ বাবে লিখিছিল। লেখাৰ ক্ষেত্ৰত তেওঁ নীল লোহিত, সনাতন পাঠক, নীল উপাধ্যায় ছদ্মনাম ব্যৱহাৰ কৰিছিল।

গাংগুলী আছিল বাংলা সাহিত্যৰ বিখ্যাত কাল্পনিক চৰিত্ৰ কাকাবাবুৰ ৰচক। ৰহস্য উদ্ঘাটনকাৰী কাকাবাবুৰ প্ৰকৃত নাম আছিল ৰাজা ৰয় চৌধুৰী। তেওঁ কাকাবাবু শৃংখলাৰ ৩৬ খন উপন্যাস লিখিছিল; এয়া আছিল ভাৰতীয় শিশু সাহিত্যলৈ তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান। তেওঁ ১৯৮৫ চনত তেওঁৰ উপন্যাস দৌজ ডেইজ (সেই সময়)ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।২ তেওঁক শতিকাটোৰ আটাইতকৈ জনপ্ৰিয়, সৃজনীশীল আৰু প্ৰসিদ্ধ বঙালী লেখক হিচাপে গণ্য কৰা হয়।৩৪

প্ৰাৰম্ভিক জীৱন

বৰ্তমান বাংলাদেশৰ ফৰিদপুৰৰ এটা বঙালী হিন্দু পৰিয়ালত গংগোপাধ্যায়ে জন্মগ্ৰহণ কৰিছিল। তেওঁ কম বয়সতে তেওঁ জন্মস্থান এৰি কলিকতাত থাকিবলৈ আহিছিল। পিছলৈ, ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত তেওঁৰ জন্মস্থান পূব পাকিস্তানৰ অংশ হৈ পৰে। তেওঁ সুৰেন্দ্ৰনাথ মহাবিদ্যালয়, দম দম মতিঝিল মহাবিদ্যালয়, চিটি কলেজ, কলকাতাত অধ্যয়ন কৰিছিল – এই সকলোকেইখন মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত পৰে। তাৰ পিছত, ১৯৫৪ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বঙালী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

১৯৬৭ চনৰ ২৬ জানুৱাৰী তাৰিখে তেওঁ স্বাতী বেনাৰ্জীক বিয়া কৰায়। তেওঁৰ একমাত্ৰ পুত্ৰ সৌভিক ১৯৬৭ চনৰ ২০ নৱেম্বৰ তাৰিখে জন্ম হৈছিল, বৰ্তমান তেওঁ বষ্টনত থাকে।

সাহিত্য জীৱন

কৃত্তিবাস

গঙ্গোপাধ্যায় কৃত্তিবাসৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। এইখন আছিল ১৯৫৩ চনৰপৰা প্ৰকাশ হোৱা এখন প্ৰাথমিক কবিতা আলোচনী, যি কাব্যিক বিষয়বস্তু, ছন্দ আৰু শব্দৰ ক্ষেত্ৰত বহুতো নতুন পৰীক্ষা-নিৰীক্ষাৰে নতুন প্ৰজন্মৰ কবিসকলৰ বাবে এক মঞ্চ তৈয়াৰ কৰিছিল।৫

অন্যান্য কাম

পিছত, তেওঁ কলিকতাৰ এক মুখ্য প্ৰকাশন প্ৰতিষ্ঠান আনন্দ বজাৰ গোটৰ বাবে লিখিবলৈ আৰম্ভ কৰে। বহু বছৰ ধৰি তেওঁ এই কাম অব্যাহত ৰাখিছে। ভাৰত ভ্ৰমণ কৰাৰ সময়ত তেওঁ বিট কবি এলেন গিন্সবাৰ্গৰ বন্ধু হৈ পৰে। গিন্সবাৰ্গে তেওঁৰ কবিতা ছেপ্টেম্বৰ জেচোৰ ৰোডত গঙ্গোপাধ্যায়ৰ কথা বিশেষভাৱে উল্লেখ কৰিছিল। ইয়াৰ বিনিময়ত গঙ্গোপাধ্যায়ে তেওঁৰ কিছুমান গদ্যত গিন্সবাৰ্গৰ কথা উল্লেখ কৰিছিল। উপ-সভাপতি হিচাপে পাঁচ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত, তেওঁ ২০০৮ চনৰ ২০ ফেব্ৰুৱাৰীত সাহিত্য অকাডেমিৰ সভাপতি নিৰ্বাচিত হয়।৬

সুনীল গংগোপাধ্যায়, তৰুণ সান্যাল, জ্যোতিৰ্ময় দত্ত আৰু সত্ৰজিৎ দত্তৰ সৈতে হাংগ্ৰি জেনেৰেচন (ভোকাতুৰ প্ৰজন্ম) সাহিত্য আন্দোলনৰ কবি মলয় ৰয় চৌধুৰীৰ বিখ্যাত বিচাৰত প্ৰতিৰক্ষা সাক্ষী হ’বলৈ স্বেচ্ছাই আগবাঢ়ি আহিছিল।৭

মৃত্যু

২০১২ চনৰ ২৩ অক্টোবৰৰ পুৱা ২:০৫ বজাত দক্ষিণ কলকাতাৰ বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ সুনীল গঙ্গোপাধ্যায়ৰ মৃত্যু হয়।৮৯ তেওঁ কিছু সময়ৰ পৰা প্ৰষ্টেট কেঞ্চৰ ৰোগত আক্ৰান্ত হৈ আছিল১০ আৰু চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল।

ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে গঙ্গোপাধ্যায়ৰ মৃত্যুত শোক প্ৰকাশ কৰি কৈছিল;৯

গঙ্গোপাধ্যায়ে তেওঁৰ অনন্য শৈলীৰ জৰিয়তে বাংলা সাহিত্যক সমৃদ্ধ কৰিছিল। তেওঁ তেওঁৰ সমসাময়িকসকলৰ মাজত এগৰাকী শ্ৰেষ্ঠ বুদ্ধিজীৱী আছিল। তেওঁৰ মৃত্যুয়ে যি শূন্যতাৰ সৃষ্টি কৰিছে, সেয়া অপূৰণীয়।

১৯৬৪ চনৰ পৰা লেখকজনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই কৈছিল যে; বঙালী সাহিত্য তেওঁৰ ওচৰত ঋণী হৈ থাকিব।১১

গ্ৰন্থপঞ্জী

কবিতা

  • হঠাৎ নিজৰ জন্যে১২
  • ভোৰবেলাৰ উপহাৰ
  • সাদা পৃষ্ঠা তোমাৰ সংগে
  • সেই মুহুৰ্তে নীৰা
  • কায়দাতা শিখে নিবে
  • যদি নিৰ্বাচন দাও
  • পাগল কতা

উপন্যাসআত্মজীৱনী

  • অৰ্ধেক জীৱন
  • ছবিৰ দেশে, কবিতাৰ দেশে

ভ্ৰমণ কাহিনী

  • বিজনে নিজেৰ সাথে
  • আমাদেৰ ছোট নদী
  • তিন সমুদ্ৰ সাতাইশ নদী

কাকুবাবু শৃংখলাঅনূদিত কিতাপ

  • ফাৰ্ষ্ট লাইট১৩
  • দৌজ ডেইজ১৩
  • ইষ্ট-ৱেষ্ট১৩
  • দ্য লাভাৰচ্‌ এণ্ড দ্য আদাৰ ষ্টৰিজ১৩
  • প্ৰতিধ্বনি১৩
  • মুৰ্মুৰ ইন দ্য উদচ্‌১৩
  • দ্য য়ুথ১৩
  • ৰানু ও ভানু; চিলা সেনগুপ্তাৰ অনুবাদ।
  • দ্য লনলি মনাৰ্ক; স্বপ্না দত্তৰ অনুবাদ।
  • ব্লাড;১৪ দেৱলী মুখাৰ্জীৰ অনুবাদ।

বঁটা আৰু সন্মান

বঁটা

  • ১৯৭২: আনন্দ পুৰস্কাৰ।১৫
  • ১৯৭৯: আকাশবাণী কলিকতাৰ দ্বাৰা জাতীয় কবি আখ্যা।১৫
  • ১৯৮৩: সেই সময় গ্ৰন্থৰ বাবে বংকিম পুৰস্কাৰ।১৫১৬
  • ১৯৮৪: সেই সময় গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা।৮১৫
  • ১৯৮৯: পূৰ্ব-পশ্চিম গ্ৰন্থৰ বাবে আনন্দ পুৰস্কাৰ।৮১৫১৬
  • ১৯৮৯: সাহিত্য সেতু পুৰস্কাৰ।১৫
  • ২০০৩: আনন্দশংকৰ পুৰস্কাৰ।১৫
  • ২০০৪: প্ৰথম আলো উপন্যাসৰ বাবে সৰস্বতী সন্মান।১৫
  • ২০১১: দ্য ফকীৰৰ বাবে দ্য হিন্দু লিটাৰেৰী প্ৰাইজৰ তালিকাভুক্ত।৮১৫
  • ২০১২: ষ্টাৰ আনন্দৰ দ্বাৰা চেৰা বেংগলী জীৱনজোৰা সাধনা বঁটা প্ৰদান।১৫

সন্মান

  • ২০০২: কলিকতাৰ শ্বেৰিফ।১৬
  • বৰ্ধমান বিশ্ববিদ্যালয়ৰ দ্বাৰা সন্মানীয় ডি লিট উপাধি প্ৰদান।

তথ্যসূত্ৰ

  1. ↑ Sunil Gangopadhyay. Library of Congress
  2. ↑ Ruth Vanita; Saleem Kidwai. (22 September 2001). Same-Sex Love in India: Readings from Literature and History. Palgrave Macmillan. পৃ. 336–. ISBN 978-0-312-29324-6
  3. ↑ (23 October 2012). The man who "carried the modern consciousness of Bengal" - The Hindu. দ্য হিন্দু
  4. ↑ Sunil Gangopadhyay
  5. ↑ (1 November 2012). Bengal's literary chameleon. The Age
  6. ↑ (21 February 2008). Gangopadhyay elected Sahitya Akademi president. দ্য হিন্দু
  7. ↑ (1969). Indian and Foreign Review. Publications Division of the Ministry of Information and Broadcasting, Government of India. পৃ. 271
  8. ↑ (20 February 2008). Eminent Bengali writer Sunil Gangopadhyay passes away. Bengal Newz
  9. ↑ Eminent litterateur Sunil Gangopadhyay passes away at his Kolkata residence. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  10. ↑ Bengali writer Sunil Gangopadhyay dies. NDTV
  11. ↑ (23 October 2012). Sunil Gangopadhyay passes away. The Hindu
  12. ↑ Sunil Gangopadhyay dies. BD News
  13. ↑ Translated Books of Sunil Gangopadhyay. Sunil Gangopadhyay's website
  14. ↑ Datta, Sudipta. (2020-05-23). Moving out, moving on: Review of 'Blood' by Sunil Gangopadhyay, trs Debali Mookerjea-Leonard. The Hindu
  15. ↑ Sunil Gangopadhyay awards. Sunil Gangopadhyay website
  16. ↑ Eminent Litterateur Sunil Gangopadhyay Dead. Outlook India

সম্পৰ্কিত শ্ৰেণী

বঙালী কবিসাহিত্যিকসৰস্বতী সন্মান বিজয়ীসাহিত্য অকাডেমি বঁটা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনীল গংগোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৫৪৪৩৪১ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।