পৰাগ কুমাৰ দাস (জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৬১ - মৃত্যু: ১৭ মে, ১৯৯৬,১) আছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক,২৩৪ সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা।৫৬ পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন্চ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ "মানৱ অধিকাৰ সংগ্ৰাম সমিতি" (MASS)-ৰো প্ৰতিষ্ঠাপক নেতা আছিল।৪৭ তাৰ আগতে তেওঁ "গুৱাহাটী ষ্টক এক্সচেঞ্জ"ত প্ৰবন্ধক হিচাপে কাম কৰিছিল।
১৯৯৬ চনত ছালফাই তেওঁক হত্যা কৰে।২৩৪৫৬৭
চমু জীৱনী
পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল শ্বিলঙত, ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে। গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰপৰা এখেতে ক্ৰমে প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰে। ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে। কটন বিশ্ববিদ্যালয়ৰপৰা বিজ্ঞান শাখাত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয় আৰু দিল্লীৰ 'স্কুল অৱ্ ইকন্মিকছ'ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১
১৯৮৪ চনত পঞ্জাব নেছনেল বেংকত বিষয়া হিচাপে নিযুক্ত হয়। তাৰ পিছত ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰবন্ধক হিচাপে যোগদান কৰে। ১৯৯৫ চনত চাকৰিৰ পৰা পদত্যাগ কৰি 'অসমীয়া প্ৰতিদিন' কাকতৰ কাৰ্যবাহী সম্পাদক পদত যোগ দিয়ে।১
পৰাগ কুমাৰ দাস পূৰবী দাসৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ দুই পুত্ৰ কন্যা আছে।
আশীৰ দশকত অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'দ্য ছেণ্টিনেল' ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল। ১৯৮৯ চনৰ মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰপৰা সাপ্তাহিক 'বুধবাৰ' কাকতৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰে। ১৯৯৪ চনৰপৰা 'আগান' আলোচনীৰ প্ৰকাশক আৰু সম্পাদক। ইয়াৰ পাছতে তেখেতে 'অসমীয়া প্ৰতিদিন' কাকতৰ কাৰ্যবাহী সম্পাদক ৰূপে দায়িত্ব গ্ৰহণ কৰে। মৃত্যুৰ সময়লৈ তেখেত প্ৰতিদিনৰ সম্পাদক হিচাপে কৰ্মৰত আছিল।১
১৯৯৬ চনৰ ১৭ মেৰ দিনা গুৱাহাটীৰ ৰাজগড় পথৰ 'অসম জাতীয় বিদ্যালয়'ৰ সম্মুখত পৰাগ কুমাৰ দাসক গুলীয়াই হত্যা কৰা হয়।১
চৰকাৰী ৰোষ
১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ক্ৰমে 'ৰাষ্ট্ৰীয় নিৰাপত্তা আইন' আৰু 'টাডা আইন'ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। তেখেতৰ ৰছিত 'স্বাধীনতাৰ প্ৰস্তাৱ' নামৰ কিতাপখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰি বাজেয়াপ্ত কৰে।১
সামাজিক জীৱন
১৯৯১ চনৰপৰা পৰাগ কুমাৰ দাসে "মানৱ অধিকাৰ সংগ্ৰাম সমিতি"ৰ আহ্বায়ক আৰু পিছলৈ সচিব প্ৰধান হিচাপে কৰ্যনিৰ্বাহ কৰিছিল। "উত্তৰ-পূব মানৱ অধিকাৰ সমন্বয় ৰক্ষী সমিতি"ৰ সচিব প্ৰধান আছিল। ক্ৰমে ১৯৯২ আৰু ১৯৯৪ চনত গঠিত "বাক্ স্বাধীনতা সংগ্ৰাম সমিতি" আৰু "গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি"ৰ সক্ৰিয় নেতা আছিল।১
পৰাগ কুমাৰ দাস সম্পৰ্কে বিভিন্নজনৰ দৃষ্টিভংগী
- হীৰেন গোহাঁইৰ মতে, “(পৰাগ কুমাৰ দাসে) ...ৰাষ্ট্ৰৰ চৰ্দাৰিৰ বাহিৰত অসমৰ জাতীয় উন্নয়নৰ কথা কৈছিল, আমাৰ সম্পদৰ ভিত্তিত আমাৰ নিয়ন্ত্ৰণত অসমৰ উন্নয়ন ঘটোৱাৰ কথা কৈছিল। তেওঁ নিজৰ চিন্তা আৰু কৰ্মৰে যি পৰিৱেশ ৰচনা কৰিছিল, অসমৰ যুৱ সমাজক যেনেদৰে আলোড়িত কৰিছিল, আজি তাৰ কণমাত্ৰ অৱশেষ বিচাৰিও হাবাথুৰি খাব লাগে। পৰাগ কুমাৰ দাস এজন ব্যক্তি নাছিল, তেওঁ আছিল এক জীৱন্ত শক্তি। বঞ্চিত, শোষিত অসমৰ সৃষ্টিকামী যুৱসমাজৰ মুক্তমনা আত্মপ্ৰতিষ্ঠাৰ আকাংক্ষাৰ তেওঁ মুখপাত্ৰ আছিল।”৮
- “সমাজ জীৱনত নিদৰ্শন দাঙি ধৰিব পৰাকৈ পৰম সততা আৰু নিষ্ঠাৰ গৰাকী তথা অসমখনক, জন্মঠাইখণ্ডক নিৰ্ভেজালকৈ ভালপোৱা মানুহ অসমৰ সাংবাদিকতাৰ জগতখনত এজনেই আছিল বুলি যগি ধৰা হয়- তেন্তে মনলৈ অহা একমাত্ৰ নামটোৱে হ'ল পৰাগ কুমাৰ দাস। ব্যক্তিগত সকলো বিষয়কে তুচ্ছ কৰিব পৰা সাধনালব্ধ মনন আৰু প্ৰচুৰ আত্মোৎসৰ্গৰ জীৱনীশক্তিৰে আজীৱন ৰাজ্যখনৰ সাধাৰণ জনগণৰ হকে যুঁজি যোৱা এক দুৰন্ত সাহসৰ নাম পৰাগ কুমাৰ দাস।”৯
- “পৰাগ কুমাৰ দাস কেৱল এজন প্ৰতিভাৱান সাংবাদিকেই নাছিল, তেওঁ আছিল বিৰাট পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পৰা আৰু তাৰ কাৰণে জীৱনৰ সকলো সুখ-স্বাছন্দ্য ত্যাগ কৰিব পৰা এজন সাহসী, চিন্তাশীল মানুহ।”১০
- ননী গোপাল মহন্তই Confronting The State গ্ৰন্থত লিখিছে, “He has been utilising his newspaper Boodhbar to propagate the ideals of ULFA. Every Edition of his paper is dedicated to the cause and ideals of ULFA; in the process, he has been advocating the secession of Assam from India.”১১
- ময়ূৰ বৰাৰ মতে, “পৰাগ কুমাৰ দাসৰ কলম অসম আৰু অসমীয়া বিৰোধী শক্তিবোৰৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছিল। ষ্টক একচেঞ্জৰ মহাপ্ৰবন্ধকৰদৰে লোভনীয় চাকৰি ইস্তফা দি দাসে কথা আৰু কামৰ জৰিয়তে আমাৰ মানুহক অন্যায়ৰ বিৰুদ্ধে একত্ৰিত কৰিছিল। ...অতিকেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ শোষণকাৰী চৰিত্ৰ উন্মোচন কৰি অসমৰ অৰ্থনৈতিক উন্নয়নক নতুন জীৱন-দৃষ্টি আৰু বীশ্ববীক্ষাৰে তেওঁ দাঙি ধৰিছিল।”১২
- অজিত কুমাৰ ভূঞাৰ মতে পৰাগ কুমাৰ দাসৰ মৃত্যুক 'পৰ্বততকৈয়ো গধুৰ' বুলি কৈছে।১২
- মনোৰম গগৈৰ মতে, “পৰাগ দা প্ৰকৃতাৰ্থত আছিল সত্য, ন্যায় আৰু মানৱতাৰ একনিষ্ঠ পূজাৰী। সুতীক্ষ্ণ মেধা আৰু প্ৰচণ্ড কৰ্মশক্তিৰ অধিকাৰী এই মানুহজনৰ সকলো চিন্তা কেন্দ্ৰীভূত হৈছিল স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা গভীৰ ভালপোৱাত, মানুহ আৰু সমাজৰ প্ৰতি থকা সীমাহীন দায়বদ্ধতাত।”১৩ (উৎস- পৰাগ দাৰ সান্নিধ্যত, মনোৰম গগৈ, ভূমিকাৰ পৰা সংগ্ৰহিত)
- টুনুজ্যোতি গগৈৰ মতে, “পৰাগ কুমাৰ দাসৰ জীৱনাদৰ্শৰ সবাটোকৈ অনুকৰণীয় আৰু ইতিবাচক দিশটো আছিল নিভাঁজ অসম প্ৰেম আৰু আপোচহীন প্ৰতিবাদী সত্তা।”১৪
হত্যা
১৯৯৬ চনৰ ১৭ মে' তাৰিখে নিজৰ পুত্ৰক গুৱাহাটী চান্দমাৰিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা আনি থকা সময়ত পৰাগ কুমাৰ দাসক হত্যা কৰা হয়।২৩৪৫৬৭ এই কাৰ্যত চাৰিজন ছালফা সদস্যক অভিযুক্ত কৰা হৈছিল- মৃদুল ফুকন ওৰফে সমৰ তাঁতী, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিত শইকীয়া আৰু নয়ন দাস ওৰফে গুলী।২৫ তেওঁৰ মুকলি হত্যাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদৰ ঢৌ তোলে।৫
বিচাৰ
২০০১ চনত চি.বি.আই.এ সংযুক্ত মুক্তি বাহিনী, অসমৰ আত্মসমৰ্পণ কৰা সদস্য চাৰিওজন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ জিলা আৰু চেচন আদালতত চাৰ্জশ্বিট দাখিল কৰে। চি.বি.আই.য়ে চাৰ্কশ্বিট দাখিল কৰাৰ আগতেই দিগন্ত বৰুৱা আৰু তপন দত্তক হত্যা কৰা হৈছিল আৰু ২০০৩ চনত ডিব্ৰুগড়ত উন্মত্ত জনতাই নয়ন দাসক হত্যা কৰে। সন্দেহৰ আৱৰ্তত থকা আন দুজন ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণৰ অভাৱত চাৰ্জশ্বিট দাখিল কৰা হোৱা নাছিল।২৪৫ একমাত্ৰ জীৱিত অভিযুক্ত আছিল মৃদুল ফুকন।৫ কিন্তু তেৰ বছৰৰ পিছত ২০০৯ চনৰ ২৮ তাৰিখে জিলা আৰু চেচন ন্যায়ালয়ৰ ন্যায়াধীশে উপযুক্ত প্ৰমাণৰ অভাৱত অভিযুক্তক দোষমুক্ত বুলি ৰায় দিয়ে।২৪৫৬৭
MASSৰ প্ৰতিক্ৰিয়া
মানৱ অধিকাৰ কৰ্মীসকলৰ মতে অভিযুক্তসকলক নিৰ্দোষী সাব্যস্ত কৰিবলৈ আৰু বিষয়টোত চৰকাৰৰ ভূমিকা ঢাকিবলৈ প্ৰধান সাক্ষীসকলক সোধপোচ কৰা হোৱা নাছিল, কিছুমানক ভীতিগ্ৰস্ত কৰা হৈছিল আৰু প্ৰাসংগিক সাক্ষ্য-প্ৰমাণসমূহ নষ্ট কৰা হৈছিল।৫ তিনিজন অভিযুক্তৰ ইতিমধ্যেই মৃত্যু ঘটিছিল।৩৫৭ মানৱ অধিকাৰ কৰ্মী, মিডিয়া, বন্ধু আৰু দাসৰ পৰিয়ালৰ লোক সকলোৱেই ইয়াক চি.বি.আই. আৰু ন্যায়ালয়ৰ প্ৰতাৰণা বুলি ক'ব খোজে।৬ MASS'ৰ নেতা লাচিত বৰদলৈয়ে এই ৰায়ৰ ওপৰত তেওঁৰ হতাশা ব্যক্ত কৰি কয় যে MASS-এ উচ্চ ন্যায়ালয়ৰ ওচৰ চাপি হত্যাৰ বলি হোৱা কৰ্মীজনৰ ন্যায়ৰ বাবে সংগ্ৰাম কৰি যাব।৭
প্ৰকাশিত কিতাপ
- ছাংলট ফেন্লা
- স্বাধীনতাৰ প্ৰস্তাৱ
- নিষিদ্ধ কলম আৰু অন্যান্য
- আমি যি কথা কৈছিলো (অজিত কুমাৰ ভূঞাৰ সৈতে যুটীয়াভাৱে ৰছিত)
- ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি
- মোক স্বাধীনতা লাগে
- স্বাধীন অসমৰ অৰ্থনীতি
আৰু চাওক
- অসমীয়া প্ৰতিদিন
- মানৱ অধিকাৰ সংগ্ৰাম সমিতি
- অসমত হত্যাৰ বলি হোৱা সাংবাদিকৰ তালিকা
তথ্যসূত্ৰ
- ↑ পিছৰ বেটুপাত, জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ নিৰ্বাচিত ৰচনাৱলী, প্ৰথম খণ্ড, সম্পাদনাঃ উদয়াদিত্য ভৰালী, দ্বিতীয় প্ৰকাশ -১৯৯৬ (সুলভ মূল্যৰ সংস্কৰণ), উদাংশ্ৰি প্ৰকাশন, গুৱাহাটী
- ↑ Al-Ahmed, Saikh Md Sabah. (2009-08-04). Parag Das murder verdict: bleeding Fourth Estate. The Assam Tribune
- ↑ Kashyap, Samudra Gupta. (2009-07-30). Assam, editor murder, CBI, main accused. indianexpress.com
- ↑ /VFF%20demands%20retrial%20of%20Parag%20Das%20killer.htm VFF demands retrial of Parag Das killer. Voices For Freedom
- ↑ Borborah, Sanjay. (2009-07-28). 13 Years After: Waiting for Justice in the Parag Das Assassination Case. assam.org
- ↑ (2009-07-28). Prime accused in the Parag Das murder case acquitted. Assam Times
- ↑ (2009-07-28). Parag Das murder suspect acquitted; Assam bandh on Thursday. newkerela.com
- ↑ হীৰেন গোহাঁই. (২০১৭). সমাগট সংকট. মুক্ত চিন্তা প্ৰকাশন. পৃ. ৯৭
- ↑ পৰাগ কুমাৰ দাস. (২০১৩). বেটুপাত. আলিবাট প্ৰকাশন. পৃ. বেটুপাত
- ↑ পৰাগ কুমাৰ দাসৰ নিৰ্বাচিত ৰচনাৱলী
- ↑ ননী গোপাল মহন্ত. Confronting The State. পৃ. ১১৫
- ↑ ময়ূৰ বৰা. (২০১৭). অসমীয়া স্বাভীমানৰ ৰূপৰেখা. বনলতা. পৃ. ১১০
- ↑ পৰাগ দাৰ সান্নিধ্যত. পৃ. ভূমিকা
- ↑ টুনুজ্যোতি গগৈ. (১৭ মে, ২০১৭). আমাক আৰু এজন পৰাগ দাস লাগে. পৃ. ১০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰাগ কুমাৰ দাস” প্ৰবন্ধৰ সংশোধন ৪৩৪৭৭৯ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।