ফাৰহান আখতাৰ (জন্ম ৯ জানুৱাৰী, ১৯৭৪) এগৰাকী ভাৰতীয় কথাছবি পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, অভিনেতা, গায়ক, গীতিকাৰ আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালক। তেওঁৰ পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী। সৰুৰে পৰাই হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰভাৱ লাভ কৰা ফাৰহান আখতাৰে লমহে (১৯৯১) আৰু হিমালয় পুত্ৰ (১৯৯৭) চলচ্চিত্ৰৰ সহকাৰী পৰিচালক হিচাপে বলিউডত আত্মপ্ৰকাশ কৰে।
ফাৰহান আখতাৰে ৰিতেশ চিধৱানীৰ সৈতে লগ হৈ এক্সেল এণ্টাৰটেইনমেণ্ট নামেৰে এটা প্ৰযোজনা সংস্থা খোলে আৰু ২০০১ চনত দিল চাহতা হে শীৰ্ষক প্ৰথমখন তেওঁ নিজে পৰিচালনা কৰা হিন্দী চলচ্চিত্ৰই মুক্তি লাভ কৰে। আধুনিক প্ৰজন্মটোক প্ৰতিফলিত কৰা এই চলচ্চিত্ৰখনে সমালোচকৰ বিশেষ দৃষ্টি লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল। ২০০৪ চনত লক্ষ্য আৰু সেইবছৰতে ব্ৰাইড এণ্ড প্ৰেজুডিছ শীৰ্ষক হলীউডৰ এখন ছবিৰ গানৰ কথা ৰচনা কৰি হলীউডতো খোজ পেলায়। ২০০৬ চনত তেওঁ ব্যৱসায়িকভাৱে সফল ডন আৰু এইড্ছ ৰোগ সজাগতা বৃদ্ধিৰ বাবে পজিটিভ নামেৰে এখন চুটি ছবিও পৰিচালনা কৰিছিল।
ফাৰহান আখতাৰে ৰক অন! ছবিৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ নিজে প্ৰযোজনা কৰা চলচ্চিত্ৰখনে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হয়। আখতাৰে ২০১১ চনত জিন্দেগী না মিলেগী দোবাৰা শীৰ্ষক চলচ্চিত্ৰখনি প্ৰযোজনা কৰে, য’ত তেওঁ নিজে অভিনয় কৰাৰ লগতে চিত্ৰনাট্যৰ আৰু সংলাপ লিখিছিল। এই ছবিখনে শ্ৰেষ্ঠ সহকাৰী অভিনেতাসহিতে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে সমালোচক আৰু ব্যৱসায়িকভাৱেও সফল হৈছিল। সেই বৰ্ষতে তেওঁ ডন ২ শীৰ্ষক ছবিখনো নিৰ্মাণ কৰে যিখন এতিয়ালৈকে তেওঁৰ সৰ্বাধিক আৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈ আছে। ২০১৩ চনত তেওঁ মিলখা সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰা ছবি ভাগ মিলখা ভাগ-ৰ বাবে ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল।
জীৱন আৰু আনুষংগিক
ফাৰহান আখতাৰৰ পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী, ভগ্নী জয়া আখতাৰ। তেওঁৰ সৰুকালতেই মাক দেউতাকৰ বিবাহ বিচ্ছেদ হোৱাৰ পাছত দেউতাকে ১৯৮৪ চনত শ্বাবানা আজমীক বিয়া কৰায়।১ ফাৰহান আখতাৰ বিখ্যাত উৰ্দু কবি মাজটাৰ খেইৰাবাদীৰ আজোনাতি আৰু জান নিচাৰ আখতাৰৰ নাতি। তদুপৰি তেওঁ ফাৰহা খান আৰু চাজিদ খানৰ ভতিজা।২৩ তেওঁ মুম্বাইৰ মানেকজী কুপাৰ স্কুলত স্কুলীয়া শিক্ষা সাং কৰি মুম্বাইৰে এইচ আৰ কলেজত আইনী শিক্ষা গ্ৰহণাৰ্থে নামভৰ্তি কৰে৪ যদিও দ্বিতীয় বৰ্ষত নিম্ন শ্ৰেণী উপস্থিতিৰ হাৰৰ বাবে তেওঁক কলেজৰ পৰা বহিষ্কাৰ কৰা হয়। ফাৰহান আখতাৰে ২০০০ চনত অধুনা ভৱানীক বিয়া কৰায়৫৬ আৰু তেওঁলোক সাক্ষ্য আৰু আকিৰা নামেৰে দুটি সন্তানৰ অভিভাৱক।
কেৰিয়াৰ
১৭ বছৰ বয়সতে তেওঁ য়ছ চোপ্ৰাৰ লমহে ছবিৰ চিত্ৰগ্ৰহণ আৰু পৰিচালনাৰ সহায়ক হিচাপে আত্মপ্ৰকাশ কৰে আৰু পাছত স্ক্ৰিপ্ট শ্বপ শীৰ্ষক এটি বিজ্ঞাপন প্ৰযোজনা সংস্থাত অন্তৰ্ভুক্ত হয় আৰু প্ৰায় ৩ বছৰ কাল তাত কাম কৰে।৭ ১৯৯৭ চনত পংকজ পৰাশৰৰ পৰিচালনাত মুক্তি পোৱা ছবি হিমালয় পুত্ৰ-ৰ সহকাৰী হিচাপে কাম কৰিছিল।৮
পৰিচালনা, লিখন আৰু প্ৰযোজনা
১৯৯৯ চনত ৰীতেশ চিধৱানীৰ সৈতে লগ হৈ ফাৰহান আখতাৰে প্ৰতিষ্ঠা কৰা প্ৰযোজনা সংস্থা এক্সেল এণ্টাৰটেইনমেণ্টৰ সৌজন্যত ২০০১ চনত তেওঁ নিজে লিখা আৰু পৰিচালনা কৰা ছবি দিল চাহতা হে-ই সমালোচকৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হয়।৯ এই ছবিখন প্ৰায় তিনিমাহ ধৰি ছিডনী, গোৱা আৰু মুম্বাইত শ্বুটিং কৰা হৈছিল।১০ ফাৰহান আখতাৰে এই ছবিখনক তেওঁৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট হিচাপে অভিহিত কৰিছে।১১ ছবিখনে ২০০২ চনৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। চলচ্চিত্ৰখন ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেল ইণ্ডিয়া আৰু অষ্টিন ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল।
আখতাৰৰ দ্বিতীয়খন চলচ্চিত্ৰ হৈছে লক্ষ্য, য’ত অভিনয় কৰিছিল হৃত্বিক ৰৌছন আৰু প্ৰীতি জিণ্টাই। চলচ্চিত্ৰখন লাডাখ, দেঢ়াডুন আৰু মুম্বাইত শ্বুটিং কৰা হৈছিল আৰু পৰিচালক হিচাপে আখতাৰে আৰ্মীৰ জীৱন সম্বন্ধে যথেষ্ট অধ্যয়ন কৰিবলগীয়া হৈছিল। চলচ্চিত্ৰখন ব্যৱসায়িকভাৱে বিফল হৈছিল। ২০০৪ চনত ভগ্নী জয়া আখতাৰৰ সৈতে লগ লাগি গোৰিন্দৰ ছঢ়াৰ ছবি ব্ৰাইড এণ্ড প্ৰেজুডিছ-ৰ বাবে ইংৰাজী গানৰ কথা ৰচনা কৰে।১২ ২০০৬ চনত আখতাৰে শ্বাহৰুখ খানক মুখ্য চৰিত্ৰ হিচাপে লৈ ১৯৭৮ চনৰ ছবি ডন-ৰ ৰিমেক ছবিখন প্ৰযোজনা, পৰিচালনা তথা চিত্ৰনাট্য ৰচনা কৰে।১৩ ছবিখনে ২০০৬ চনৰ ২০ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰিছিল আৰু বিশ্বজুৰি প্ৰায় ১০৫ কোটি টকা আৰ্জনেৰে বক্স অফিচত সফল ছবি হিচাপে পৰিগণিত হৈছিল। ২০০৭ চনত আখতাৰে হনিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড নামেৰে এখন চলচ্চিত্ৰ আৰু পজিটিভ শীৰ্ষক এইড্ছ ৰোগৰ সজাগতা বৃদ্ধিমূলক ১২ মিনিট দৈৰ্ঘ্যৰ এখন চুটি ছবি নিৰ্মাণ কৰে।
২০১১ চনৰ আৰম্ভণিতে মুক্তি পায় তেওঁ প্ৰযোজনা কৰা এখন অসফল ছবি হৈছে গেম। আনহাতে সেই বছৰৰে পাছৰফাললৈ তেওঁ ডন ২-ৰ প্ৰযোজনা, পৰিচালনা আৰু চিত্ৰনাট্য ৰচনা কৰে। এই ছবিখনে যথেষ্ট সফলতাৰ মুখ দেখাৰ লগতে বিদেশতো সৰ্বাধিক আৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়। তাৰ পিছৰ বৰ্ষত তেওঁ প্ৰযোজনা তথা সংলাপ লিখা ছবিখন হৈছে তালাছ: দ্য আনছাৰ লায়জ ৱিদিন। তেওঁ প্ৰযোজনা কৰা অন্য দুখন কমেডী চলচ্চিত্ৰ হৈছে ফুক্ৰে (২০১৩) আৰু বেংগিষ্টান (২০১৫)।
অভিনেতা আৰু গায়ক হিচাপে
২০০৮ চনত তেওঁ ৰক অন! শীৰ্ষক চলচ্চিত্ৰৰ জৰিয়তে অভিনয়ৰ লগতে গায়ক হিচাপেও আত্মপ্ৰকাশ কৰে।১৪ সেই চলচ্চিত্ৰখনৰ সংলাপ লিখাৰ লগতে প্ৰযোজনাও তেওঁৰেই আছিল। এ. আৰ. ৰহমানৰ সংগীতৰ এলবাম ব্লু-ত গান গোৱাৰ প্ৰস্তাৱ নাকচ কৰি১৫ আখতাৰে লাক বাই চাঞ্চ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰে। তাৰপাছতেই অভিনয় কৰা আন এখন চিত্ৰ দ্য ফকিৰ অৱ ভ্যেনিছ। ২০১০ চনত তেওঁ নিজে প্ৰযোজনা কৰা চলচ্চিত্ৰ কাৰ্থিক কলিং কাৰ্থিক-ত কাৰ্থিক চৰিত্ৰ তেওঁ ৰূপায়ণ কৰে। তাৰ পাছতেই তেওঁ ভগ্নী জয়া আখতাৰৰ ছবি জিন্দেগী না মিলেগী দোবাৰা-ৰ ইমৰান চৰিত্ৰটি ৰূপায়ণ কৰি সমালোচকৰ প্ৰশংসা লাভ কৰে। চলচ্চিত্ৰখনৰ সংলাপো ফাৰহান আখতাৰেই ৰচনা কৰা। ডন ২-ৰ পিছতেই তেওঁ মিলখা সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ভাগ মিলখা ভাগ-ৰ মিলখা সিং চৰিত্ৰৰ বাবে চুক্তিবদ্ধ হয় আৰু চৰিত্ৰটি ফুটাই তুলিবৰ বাবে ব্যায়ামাগাৰত এক কঠিন ট্ৰেইনিং লবলগীয়া হৈছিল। ২০১৪ চনত তেওঁ চাডী কে চাইড এফেক্টছ, ২০১৫ চনত দিল ঢড়কনে দো ছবিত অভিনয় কৰে।
অন্যান্য কৰ্ম
ফাৰহান আখতাৰক ২০০২ চনত ফেমিনা মিছ ইণ্ডিয়াৰ বিচাৰক হিচাপে দেখা গৈছিল। ২০০৫ চনৰ নাচ বলিয়ে নামৰ নৃত্য প্ৰতিযোগিতাৰো বিচাৰক হিচাপে যোগদান কৰিছিল। সেই বৰ্ষতে এন ডি টিভি ইমাজিন চেনেলৰ অ’য়ে ইটছ ফ্ৰাইডে শীৰ্ষক অনুষ্ঠানটোৰ সঞ্চালক হিচাপে অৱতীৰ্ণ হৈছিল। ২০১২ চনৰ আগষ্টত বলাৎকাৰ আৰু নাৰীৰ সুৰক্ষা আৰু সমতাৰ বাবে তেওঁ MARD (Men against Rape and Discrimination) নামেৰে এটি অনুষ্ঠান খোলে।১৬
তথ্যসূত্ৰ
- ↑ Indo-Asian News Service. (24 July 2011). Farhan Akhtar: For the love of friendship. The Tribune
- ↑ Neeru Saluja. (30 November 2011). Farhan Rocks... The Times of India
- ↑ Watkins, Beth. (17 January 2012). Bollywood Journal: Career Favorites from Farah Khan. Wall Street Journal
- ↑ (12 January 2012). Just How Educated Are These Bollywood Actors?. Rediff
- ↑ (4 May 2009). Stars, and their lesser known loves. Rediff
- ↑ Haimanti Mukherjee. (19 September 2011). Men hit on Farhan Akhtar. The Times of India
- ↑ Sanjoy Narayan. (2 December 2011). Farhan Akhtar. Hindustan Times
- ↑ Katyal, Gauri. (12 December 2008). Fresh faces of 2008. NDTV
- ↑ (30 August 2008). Culture list | Farhan Akhtar — Culture. Live Mint
- ↑ (6 August 2001). Dimple: The Dil Chahta Hai surprise. Rediff
- ↑ Joshi, Sonali; Varma, Lipika. (29 December 2011). Farhan Akhtar's turning point Dil Chahta Hai. India Today
- ↑ Roy, Saumya. (17 May 2004). Farhan Akhtar. Outlook
- ↑ Don — The Chase Begins Again Cast & Crew. Bollywood Hungama
- ↑ Rock On!! (August 29, 2008) – Released. Bollywood Hungama
- ↑ Jha, Subhash K. (8 September 2009). Farhan refuses A R Rahman's offer to sing a song in Blue. MiD-DAY
- ↑ Farhan Akhtar launches campaign against 'rape and discrimination'. The Times Of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰহান আখতাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৪০১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।