নূতন সামৰ্থ ( Nutan Samarth, ৪ জুন ১৯৩৬- ২১ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি নূতন নামেৰে বহুলভাৱে জনা যায়। প্ৰায় চাৰি দশকৰ কৰ্মময় জীৱনত তেওঁ ৭০তকৈও অধিক হিন্দী চলচ্চিত্ৰত মূল ভূমিকাত অভিনয় কৰিছে। ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অতি দক্ষ অভিনেত্ৰী বুলি তেওঁক গণ্য কৰা হয়।১২৩ নূতনে ৫বাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ ৰেকৰ্ড কৰিছে।৪ ১৯৭৪ত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী প্ৰদান কৰে।
প্ৰাৰম্ভিক জীৱন
এটা মাৰঠী হিন্দু পৰিয়ালত ১৯৩৬ৰ ৪ জুনত নূতনৰ জন্ম হৈছিল। পৰিচালক-কবি কুমাৰসেন সামৰ্থ আৰু অভিনেত্ৰী শোভনাৰ চাৰিটা সন্তানৰ ভিতৰত নূতন জ্যেষ্ঠ আছিল।৫৬৭ তেওঁৰ দুজনী ভনীয়েক আছিল- তনুজা আৰু চতুৰা। এজন ভায়েক আছিল, নামটো আছিল জয়দ্বীপ। জয়দ্বীপৰ জন্মৰ আগতেই মাক-দেউতাকৰ বিচ্ছেদ হৈছিল। পঞ্চগনীৰ চেইণ্ট যোচেফ কনভেণ্ট স্কুলত নূতনে পঢ়া-শুনা কৰিছিল।৮ চলচ্চিত্ৰৰ অভিনয়ত বিশেষ দক্ষতা দেখুৱাব নোৱাৰাত মাকে তেওঁক উচ্চশিক্ষাৰ বাবে ১৯৫৩ চনত চুইজাৰলেণ্ডলৈ পঠাই দিয়ে। চুইজাৰলেণ্ডত কটোৱা এবছৰ তেওঁৰ জীৱন আটাইতকৈ সুখৰ দিন বুলি নূতনে উল্লেখ কৰিছে।৯
অভিনয় জীৱন
নূতনে ১৪ বছৰ বয়সতে ‘হামাৰী বেটী’ (১৯৫০) ছবিৰ যোগেদি চলচ্চিত্ৰ জগতত ভৰি দিয়ে। ছবিখন মাক শোভানাই প্ৰযোজনা কৰিছিল। ‘সীমা’ (১৯৫৫) ছবিখন তেওঁৰ জীৱনৰ মাইল খুঁটি স্বৰূপ, যিখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। দেৱ আনন্দৰ সৈতে কৰা ‘পেয়িং গেষ্ট’তো তেওঁৰ সফলতা অক্ষুণ্ন আছিল। ১৯৫৯ত তেওঁ দুখন হিট ছবিত অভিনয় কৰে- ৰাজ কাপুৰৰ সৈতে ‘আনাৰী’ আৰু সুনীল দত্তৰ সৈতে বিমল ৰায় পৰিচালিত ‘সুজাতা’। ১৯৬০ চনত তেওঁ পুনৰ মনমোহন দেশাইৰ ‘চেইলা’ত ৰাজ কাপুৰৰ বিপৰীতে অভিনয় কৰি ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন পায়।১০
দেৱ আনন্দৰ সৈতে তেওঁৰ যুঁটিটো জনপ্ৰিয় হৈছিল আৰু দুয়োজনে একেলগে চাৰিখন ছবি কৰিছিল- 'পেয়িং গেষ্ট' (১৯৫৭), 'বাৰিশ' (১৯৫৭), 'মঞ্জিল' (১৯৬০) আৰু 'তেৰে ঘৰ কে সামনে' (১৯৬৩)।
ব্যক্তিগত জীৱন
নূতনে ১৯৫৯ৰ ১১ অক্টোবৰত ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট কৰ্ণেল ৰাজনীশ বেহলক বিয়া কৰায়। তেওঁলোকৰ একমাত্ৰ পুত্ৰ মনিশ বেহলৰ জন্ম ১৯৬১ চনত হয়। মনিশ পিছলৈ টিভি আৰু চলচ্চিত্ৰৰ অভিনেতা হয়। মনিশৰ জীয়ৰী প্ৰনূতনো এগৰাকী বলীউডী অভিনেত্ৰী। নূতনে চিকাৰ কৰি ভাল পাইছিল।১১ ১৯৯০ চনত নূতনৰ স্তনৰ কৰ্কট ৰোগ ধৰা পৰে।১২ ১৯৯১ৰ ফেব্ৰুৱাৰীত গা বেয়া কৰাত তেওঁক মুম্বাইৰ ব্ৰীচকেণ্ডি হাস্পাতালত ভৰ্তি কৰা হয়। ২১ ফেব্ৰুৱাৰীৰ দিনা তেওঁৰ মৃত্যু হয়। সেই সময়চোৱাত তেওঁ ‘গৰজনা’ আৰু ‘ইনচানিয়ত’ (১৯৯৪) ছবিত অভিনয় কৰি আছিল।১৩ তেওঁৰ স্বামীৰ এক অগ্নি-দুৰ্ঘটনাত ২০০৪ চনত মৃত্যু হয়।১৪
তথ্যসূত্ৰ
- ↑ (26 May 2002). The Sunday Tribune – Spectrum – Article. Tribuneindia.com
- ↑ rediff.com, Movies: Forever Nutan. Rediff.com
- ↑ The Sunday Tribune – Spectrum. Tribuneindia.com
- ↑ Nutan Upperstall
- ↑ Gupte, Pranay. (2010). Alone and forgotten. The Hindu
- ↑ Renu Saran. (2014). Encyclopedia of Bollywood–Film Actresses. Diamond Books. পৃ. 76
- ↑ Legendary wonderful Actress. The Times of India
- ↑ (10 August 2003). The agony & ecstasy of being Tanuja. The Times of India
- ↑ Sharma, Anshika. (24 January 2017). Nutan: The Woman Who Defined Bold and Beautiful in Bollywood in the 70s
- ↑ From the FIlmfare files..reviews from the 1960s. Filmfare
- ↑ (14 November 2013). Drop-dead gorgeous: Nutan. Filmfare
- ↑ Farook, Farhana. (23 January 2017). 'Her palms smelt of Chandan': A detailed account of the life of the legendary Nutan. Filmfare
- ↑ (22 February 1991). Nutan dead. The Indian Express. পৃ. 1
- ↑ (4 August 2004). Actor Mohnish Behl's father dies in fire. Rediff.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নূতন” প্ৰবন্ধৰ সংশোধন ৫৩৫৯৪৯ (৩০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।