অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰূপা পটংগীয়া কলিতা

অৰূপা পটংগীয়া কলিতা (Arupa Patangia Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, জছনাৰ ঝিটাছ আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৫ ৪৮৯ শব্দ · ৩ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

অৰূপা পটংগীয়া কলিতা (Arupa Patangia Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ।১২ তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত (গ্ৰন্থ), জছনাৰ ঝিটাছ আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল৷

জীৱন

তেখেতে গোলাঘাট মিছন গাৰ্লছ্ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ হায়াৰছেকেণ্ডৰী আৰু স্নাতক ডিগ্ৰী লাভ কৰে ডি.আৰ কলেজৰ পৰা৷ তেখেতে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাৰ্ল এছ বাক (Pearl S. Buck) ৰ নাৰী চৰিত্ৰসমূহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।৩ তেখেত দৰং জিলাৰ টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা ৰূপে কৰ্মনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছে।২

সাহিত্যিক অৱদান

অৰূপা পটংগীয়া কলিতাই ভালেসংখ্যক উপন্যাস তথা চুটিগল্প ৰচনা কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল-২৪-

উপন্যাস

  • মৃগনাভি, বাণী প্ৰকাশ (১৯৮৭)
  • মেপল হাবিৰ ৰং (অনু.) পুথিতীৰ্থ প্ৰকাশন (১৯৮৯)
  • অয়নান্ত (গ্ৰন্থ), লয়াৰ্ছ বুক ষ্টল (১৯৯৪)
  • মৰুভূমিত মেনকা আৰু অন্যান্য (১৯৯৫)
  • মৃগনাভি (পৰিৱৰ্ধিত সংস্কৰণ), পুথি নিকেতন (১৯৯৫)
  • কাইঁটত কেতেকী, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ (১৯৯৯) (শিশু উপন্যাস)
  • অৰুণিমাৰ স্বদেশ, বনলতা, (২০০১)৫
  • ফেলানী, জ্যোতি প্ৰকাশন (২০০৩)
  • ৰঙামাটিৰ পাহাৰটো (অনু.) অন্বেষা প্ৰকাশন (২০১০)
  • টোকোৰা বাহৰ সোণৰ বেজী, লয়াৰ্ছ বুক ষ্টল (২০১৪)
  • তানিয়া, চন্দ্ৰ প্ৰকাশ (২০১৮) (শিশু উপন্যাস)
  • জলতৰঙ্গৰ সুৰ, চন্দ্ৰ প্ৰকাশ (২০১৮)
  • জছনাৰ ঝিটাছ, চন্দ্ৰ প্ৰকাশ (২০২১)
  • সবাটোকৈ নীলা চকুজুৰি, লয়াৰ্ছ বুক ষ্টল (২০২২)

চুটিগল্প সংকলন

  • মৰুযাত্ৰা আৰু অন্যান্য, লয়াৰ্ছ বুক ষ্টল (১৯৯২)
  • মৰুভূমিত মেনকা আৰু অন্যান্য, সৃষ্টিলেখা প্ৰকাশন (১৯৯৫)
  • দেও পাহাৰৰ ভগ্নস্তুপত, সাহিত্য প্ৰকাশ (১৯৯৯)
  • পাছ চোতালৰ কথকতা, জ্যোতি প্ৰকাশন (২০০০)
  • মিলেনিয়ামৰ সপোন (গ্ৰন্থ), জ্যোতি প্ৰকাশন (২০০২)
  • আলেকজান বানুৰ জান, লয়াৰ্ছ বুক ষ্টল (২০০৩) ৬
  • কুৰোশ্বোৱাৰ সপোন, মোৰ সপোন সিহঁতৰ সপোন, বনলতা (২০০৭)
  • পাহাৰ, নদী, সাগৰ আৰু মানুহ, বনলতা (২০১০) (ভ্ৰমণ কাহিনী)
  • সোণালী ঈগলে কণী পাৰিলে, বেলিয়ে উমনি দিলে, চন্দ্ৰ প্ৰকাশ (২০১০)
  • মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, চন্দ্ৰ প্ৰকাশ (২০১২)৭
  • পানী গাভিনী আছিল আৰু অন্যান্য, জ্যোতি প্ৰকাশন (২০১৯) ৫
  • মানুহজনী ফেঁচা হ’ল, জ্যোতি প্ৰকাশন (২০২৪)

অনূদিত উপন্যাস

  • Dawn: A Novel, জুবান, অয়নান্তৰ ইংৰাজীলৈ অনূদিত ৰূপ, অনুবাদক- ৰঞ্জিতা বিশ্বাস
  • দ্য ষ্টৰী অফ ফেলানী, জুবান, দীপিকা ফুকনৰ দ্বাৰা ইংৰাজীলৈ অনূদিত। ক্ৰছৱৰ্ড বুক এৱাৰ্ডত মনোনীত৮
  • ৰিটেন ইন টীয়েৰ্ছ, হাৰ্পাৰ পাৰ্নিয়েল, অনুবাদক-ৰঞ্জিতা বিশ্বাস
  • এক নয়ে চুবাহ, যাত্ৰা বুকচ্, (হিন্দী ভাষালৈ অনুবাদ) অনুবাদক- চুচিতা মিট্টাল
  • দ্য মাস্ক এণ্ড দ্য আডাৰ ষ্টৰী, নিয়য়োগী বুকচ্
  • ফেলানী, বিকি পাব্লিচাৰ্চ্, ২০১৯ (বাাংলা ভাষালৈ অনুবাদ) অনুবাদক- সুশান্ত কৰ
  • The Lonliness of Hira Baruah, পান মাচমিলন, ২০২০ (ইংৰাজী ভাষালৈ অনুবাদ), অনুবাদক- ৰঞ্জিতা বিশ্বাস
  • তনয়া, পেংগুইন ৰেনডম হাউচ, ২০২২, অনুবাদক-মিনাক্ষী বৰকটকী
  • Aa ma Sobnai Fwtharo Jwsa Mainao, (বড়ো ভাষালৈ অনুবাদ), অনুবাদক-ৰীতা বড়ো
  • The Invitation -অৰুণাভ ভূঞাৰ দ্বাৰা ইংৰাজীলৈ অনূদিত।

বঁটা আৰু সন্মান

  • শৈলেশ চন্দ্ৰ দাসগুপ্ত সাহিত্য সেতু বঁটা (১৯৯৩) ৯
  • ভাৰতীয় ভাষা পৰিষদৰ বঁটা (১৯৯৫)
  • কথা বঁটা (১৯৯৮) ‘দৈৱকীৰ দান’ গল্পৰ বাবে
  • Aka Abong Koyakjon Sahitya Sanskriti Sanmman (২০০৯)
  • লেখিকা সমাৰোহ সাহিত্য বঁটা (২০১০)
  • প্ৰবীণা শ‍ইকীয়া বঁটা (২০১২)১০
  • দ্য ইকনমিষ্ট ক্ৰছ ৱৰ্ড বুক এৱাৰ্ড ফ’ৰ ট্ৰেন্সলেশ্যন (২০১১)
  • সাহিত্য অকাডেমি বঁটা (২০১৪)
  • Distinguised Women Award (২০১৫) প্ৰাগ চেনেলৰ দ্বাৰা প্ৰদান কৰা হৈছে৷
  • অসম উপত্যকা সাহিত্য বঁটা (২০১৭)১১
  • শ্ৰীময়ী অসমী বঁটা (২০১৭)
  • গোলাঘাট জাতীয় বিদ্যালয় বঁটা (২০১৯)
  • ত্ৰৈলোক্যনাথ গোস্বামী মেমৰিয়েল এৱাৰ্ড ‘কথা সাহিত্য বঁটা’ (২০১৯)
  • পৰীমল চন্দ্ৰ ব্ৰহ্ম লিটাৰেৰী এৱাৰ্ড (২০২৩)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Arupa Patangia Kalita. Samanvayindianlanguagesfestival.org
  2. ↑ Women's Writing. Womenswriting.com
  3. ↑ Arupa Patangia Kalita. Samanvayindianlanguagesfestival.org
  4. ↑ Friday, Jun 14, 2013. (2013-04-06). Arupa Patangia Kalita gets Prabina Saikia award News - By assamonline.in. News.assamonline.in
  5. ↑ কলিতা, অৰূপা পটংগীয়া. (২০২১). জছনাৰ ঝিটাছ. চন্দ্ৰ প্ৰকাশ. পৃ. বেটুপাত. ISBN ৯৭৮৮১২৪৪০৬৭১৭
  6. ↑ (2006-01-14). The Telegraph - Calcutta: Guwahati. Telegraphindia.com
  7. ↑ (2014-12-20). The Times of India. Timesofindia.indiatimes.com
  8. ↑ Felanee by Arupa Kalita Patangia Translated by Deepika PhukanKanvas Journal. Kanvasjournal.com
  9. ↑ Arupa Patangia Kalita. Samanvayindianlanguagesfestival.org
  10. ↑ TI Trade. (2013-04-06). The Assam Tribune Online. Assamtribune.com
  11. ↑ Khan, Shajid. (1 January 2017). Assam Valley Literary Award for Dr.Arupa Patangia Kalita. Assam Times

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ঔপন্যাসিকঅসমীয়া গল্পকাৰঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীঅসম উপত্যকা সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰূপা পটংগীয়া কলিতা” প্ৰবন্ধৰ সংশোধন ৫৩৭২২৬ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।