সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১)১) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু।২ তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম।৩ ভাৰতীয় আধ্যাত্মিক গুৰু মেহেৰ বাবাৰ মতে তেওঁ এজন তান্ত্ৰিক আৰু তেওঁ চমৎকাৰৰ বাবে তন্ত্ৰ ব্যৱহাৰ কৰিছিল।৪
তেওঁ বিভূতি (পবিত্ৰ ভস্ম) আৰু অন্য সৰু বস্তু যেনে আঙঠি, হাৰ, ঘড়ী আদি প্ৰকট কৰিছিল যিয়ে চমৎকাৰী ৰূপত চিকিৎসা কৰা, পুনৰ জীৱন প্ৰদান কৰা আদিৰ কথা অনেকে কয়। ই যশ আৰু সমালোচনা দুয়োকে আমন্ত্ৰিত কৰিলে। তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰু নকলৰো অভিযোগ উত্থাপিত হৈছিল, কিন্তু তেওঁ তেনে অভিযোগক ষড়যন্ত্ৰ বুলি কৈ, অভিযোগ অস্বীকাৰ কৰিলে।৫৬৭
তেওঁ সদস্যসকলে মানৱ সেৱাৰ দ্বাৰা আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা৮ সত্য সাই সংস্থাৰ ১২৬খন দেশত ১২০০তকৈ অধিক শাখা আছে।৯ এই সংস্থাৰ মাধ্যমেৰে সত্য সাই বাবাই বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়, ক্লিনিক, খোৱা পানীৰ প্ৰকল্প আদি পৰিচালনা কৰিছিল।১০১১১২
জীৱন
আগ জীৱন
সত্য সাই বাবাৰ আগ জীৱনৰ প্ৰায় সকলো তথ্য তেওঁৰ চাৰিওফালে সৃষ্ট হেগিয়'গ্ৰাফি, আৰু ভক্তসকলৰ বাবে বিশেষ মহত্ত্ব থকা আৰু ভক্তসকলে সাই বাবাৰ দিব্য হোৱাৰ প্ৰমাণ বুলি বিশ্বাস কৰা প্ৰবাদৰ পৰা গ্ৰহণ কৰা।৩১৩১৪ এই উৎসসমূহৰ মতে সত্য সাই বাবাৰ জন্ম তেতিয়াৰ ব্ৰিটিছ ৰাজৰ মাদ্ৰাছ প্ৰেচিডেঞ্চিৰ পুত্তপৰ্থিত মীচাৰাগাণ্ডা ঈশ্বৰম্মা আৰু পেড্ডাভেংকামা ৰাজু ৰত্নাকৰমৰ ঘৰত হৈছিল।৩১৫১৬ তেওঁৰ মাতৃ ঈশ্বৰাম্মাই ঐশ্বৰিক বুলি বিশ্বাস কৰা, সত্য সাই বাবাৰ জন্মকো অনেকে অলৌকিক ঘটনাৰে পূৰ্ণ বুলি বিশ্বাস কৰে।২৩১৭
সত্য সাই বাবাৰ এজন ককায়েক ৰত্নাকৰম চেচম ৰাজু (১৯২১-১৯৮৪), দুজনী ভগ্নী ভেংকাম্মা (১৯২৩-১৯৯৩) আৰু পৰ্ৱতমমা (১৯২৮-১৯৯৮)আৰু এজন ভায়েক জানকিৰমিয়াহ (১৯৩০-২০০৩) আছে।১৮
এজন শিশু হিচাপে তেওঁক "অস্বাভাৱিকভাৱে বুদ্ধিমান" আৰু দয়ালু বুলি কোৱা হয়, যদিও শৈক্ষিকভাৱে নহয়, যিহেতু তেওঁৰ ৰুচি আধ্যাত্মিক দিশতহে আছিল।৩১৪ তেওঁ ভক্তি গীত, নৃত্য আৰু নাট্যত অসাধাৰণ পাৰদৰ্শিতা দেখুৱাইছিল।১৪১৯ সৰু বয়সৰ পৰাই তেওঁ খাদ্য, মিঠাই আদি শূন্যৰ পৰা প্ৰকট কৰাত সক্ষম আছিল বুলি কোৱা হয়।২০২১
জাননী
অৱতাৰ বুলি দাবী কৰাৰ পিছত চৈধ্য বছৰীয়া সত্য সাই বাবা।]]
৮ মাৰ্চ ১৯৪০ত, নিজৰ ককায়েক চেঁচাম ৰাজুৰ সৈতে পুত্তপৰ্থিৰ কাষৰ এখন সৰু চহৰ উৰাভাক'ণ্ডাত থাকোঁতে সাই বাবাক এটি বৃশ্চিকে কামোৰিলে।২০২১ তেওঁ কেইবা ঘণ্টাৰ বাবে মূৰ্চিত হ'ল।১৯ তাৰ পাছৰ কেইদিনমানত তেওঁৰ স্বভাৱত ঊল্লেখনীয় পৰিৱৰ্তন দেখা গ'ল।২১ হাঁহি- কান্দোন, চিঞৰ-বাখৰ- মৌনতা আদি লক্ষণ দেখা গ'ল।২১২২ দাবী কৰা হয় যে তেওঁ সংস্কৃতত পদ্য গাবলৈ ধৰিলে, যি ভাষা তেওঁ একেবাৰে নাজানিছিলে।২ চিকিৎসকৰ মতে তেওঁৰ হিস্তেৰিয়া বেমাৰ হৈছিল।২২১ চিন্তিত হৈ তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক পুত্তপৰ্থিলৈ ওভতাই নিলে।২৩ তেওঁক বেজ, ডাক্তৰ আদিৰ ওচৰলৈ লৈ যোৱা হ'ল। কাডিৰিৰ এজন জৰা মেলা কৰা মানুহেটো চিকিৎসাৰ নামত তেওঁক অত্যাচাৰ কৰিবলৈ ধৰিলে; সত্য গোটেই সময় শান্ত হৈ থাকিল, যিয়ে তেওঁৰ পিতৃ-মাতৃক অধিক চিন্তিত কৰিলে।২১২২
২৩ মে' ১৯৪০ত সত্যই বোলে ঘৰৰ মানুহক মাতি তেওঁলোকৰ বাবে প্ৰসাদ আৰু ফুল প্ৰকট কৰিলে।২৪ এই দেখি সত্যৰ দেউতাক ভয়ভীত হ'ল আৰু ভাবিলে সত্যক কোনো ভূতে ধৰিছে। তেওঁ সত্যই নিজৰ প্ৰকৃত পৰিচয় নিদিলে প্ৰহাৰৰ ভাবুকি দিলে। ২০ অক্টোবৰ ১৯৪০ত, সৰু সত্যই শান্ত আৰু দৃঢ়ভাৱে ক'লে "মই সাই বাবা", শিৰডীৰ সাই বাবাৰ এটি প্ৰসংগ।২১৯ প্ৰথমবাৰলৈ তেওঁ শিৰডীৰ সাই বাবা হোৱাৰ কথা ক'লে-- মহাৰাষ্ট্ৰৰ এজন প্ৰখ্যাত সন্ত, যাৰ সত্য জন্ম হোৱাৰ ৮ বছৰ আগতে মৃত্যু হৈছিল।২২৩২৫
প্ৰথম মন্দিৰ আৰু পুত্তপৰ্থিৰ বিকাশ
১৯৪৪ত সত্য সাই বাবাৰ ভক্তসকলৰ বাবে পুত্তপৰ্থিৰ ওচৰত এটা মন্দিৰ নিৰ্মাণ কৰা হ'ল। সেই মন্দিৰক এতিয়া "পুৰণা মন্দিৰ" বোলা হয়।২৬২৭ বৰ্তমানৰ আশ্ৰম প্ৰশান্তি নিলয়মৰ নিৰ্মাণ ১৯৪৮ চনত আৰম্ভ হ'ল আৰু ১৯৫০ চনত শেষ হ'ল।৩২৭ ১৯৫৪ চনত সত্য সাই বাবাই এখন সৰু সাধাৰণ চিকিৎসালয় পুৰ্ত্তিপৰ্থিত স্থাপন কৰিলে।২৮ তেওঁ জাদুৰ শক্তি আৰু চিকিৎসাৰ ক্ষমতাৰ বাবে বিখ্যাত হ'ল।২৯ ১৯৫৭ চনত সত্য সাই বাবাই উত্তৰ ভাৰতত তীৰ্থ ভ্ৰমণ কৰিলে।১৬
ষ্ট্ৰ'ক আৰু পেৰেলাইচিচ
১৯৬৩ত সত্য সাই বাবা চাৰিটা গুৰুতৰ হাৰ্ট এটেকৰ সন্মুখীন হ'ল, যাৰ বাবে তেওঁৰ শৰীৰৰ এটা ফাল জথৰ হ'ল।৩০ তাৰ পিছত, তেওঁ প্ৰশান্তি নিলয়মত গোট খাই তেওঁ সুস্থ হৈ উঠাৰ প্ৰাৰ্থনা কৰা হাজাৰ হাজাৰ লোকৰ আগত নিজক আৰোগ্য কৰে।৩
পুনৰ জন্ম গ্ৰহণ কৰাৰ আগজাননী
আৰোগ্য হোৱাত তেওঁ ঘোষণা কৰিলে যে তেওঁ এদিন "প্ৰেম সাই বাবা"ৰ ৰূপত, কাষৰীয়া ৰাজ্য কৰ্ণাটকত জন্ম গ্ৰহণ কৰিব।৩ তেওঁ ক'লে, "মই শিৱ-শক্তি, এজন ঋষিৰ বৰলাভৰ ফলত ভৰদ্বাজ গোত্ৰত জন্ম গ্ৰহণ কৰিছো। শিবই শিৰডীৰ সাই বাবাৰ গোত্ৰত জন্ম গ্ৰহণ কৰিলে, শিব-শক্তিয়ে মোৰ ৰূপত, আৰু শক্তিয়ে প্ৰেম সাই বাবাৰ ৰূপত কৰ্ণাটকৰ মণ্ড্য জিলাত জন্ম গ্ৰহণ কৰিব। ""৩৩১ তেওঁ ঘোষণা কৰিলে ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যুৰ ৮ বছৰ পিছত তেওঁ পুনৰ জন্ম গ্ৰহণ কৰিব।৩২ but died at the age of 84.৩৩
আফ্ৰিকা
১৯৬৮ চনৰ ২৯ জুনত তেওঁ নিজৰ একমাত্ৰ সামুদ্ৰীক যাত্ৰা কৰি কেন্যা আৰু উগাণ্ডালৈ গ'ল।৩০৩৪ নাইৰ'বিত তেওঁ নিজৰ ব্যক্তিগত উদ্দেশ্যৰ কথা ক'লে:
"মই তোমালোকৰ হৃদয়ত প্ৰেমৰ বন্তি জ্বলাবলৈ আহিছো, চাবলৈ যে ই প্ৰতিদিন আৰু অধিক উজ্জ্বলতাৰ সৈতে জ্বলক। মই কোনো বিশেষ ধৰ্মৰ হৈ অহা নাই। মই কোনো সম্প্ৰদায়, ধৰ্ম বা কাৰণৰ প্ৰচাৰৰ বাবে অহা নাই, মই কোনো বিশ্বাসৰ অনুৰাগী গোটাবলৈও অহা নাই। মই মোৰ নিজৰ আওতালৈ বা আন কোনো আওতালৈ শিষ্য বা ভক্ত গোটোৱাৰ কোনো উদ্দেশ্যৰে অহা নাই। মই তোমালোকক এই একতাৰ বিশ্বাস, এই আধ্যাত্মিক নীতি, এই প্ৰেমৰ পথ, এই প্ৰেমৰ মহত্ত্ব, এই প্ৰেমৰ দায়িত্বৰ বিষয়ে ক'বলৈ আহিছো। "৩৫
পিছৰ কেইবছৰ
১৯৬৮ত তেওঁ মুম্বাইত ধৰ্মক্ষেত্ৰ (ধৰ্মক্সেত্ৰ) বা সত্যম মন্দিৰ (চত্যম মন্দিৰ) প্ৰতিষ্ঠা কৰিলে।৩৬ ১৯৭৩ত তেওঁ হাইদৰাবাদত শিৱম মন্দিৰ (চিৱম মন্দিৰ) স্থাপন কৰিলে।৩৬ ১৯ জানুৱাৰী ১৯৮১ত তেওঁ চেন্নাইত সুন্দৰম মন্দিৰৰ (চুন্দৰম মন্দিৰৰ) শুভাৰম্ভ কৰিলে।৩৬
১৯৯৩ৰ এটি ঘটনাত, চাৰিজন দুৰ্বৃত্ত চাকুৰ সৈতে তেওঁৰ কোঠাত সোমাল, হত্যাৰ উদ্দেশ্যেৰে অথবা তেওঁৰ ভক্তৰ মাজত ক্ষমতাৰ যুদ্ধৰ বাবে। পিছে সাই বাবাৰ কোনো ক্ষতি নহ'ল। ঘটনাটোত দুৰ্বৃত্তকেইটা, আৰু সাই বাবাৰ দুজন সেৱকৰ মৃত্যু হ'ল। পুলিচৰ অনুসন্ধানত বহু কথা নিৰুত্তৰ হৈ ৰ'ল।৩৭৩৮৩৯
মাৰ্চ ১৯৯৫ত সাই বাবাই অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ শুকান ৰায়লচীমা অঞ্চলৰ ১২ লাখ লোকক পানী যোগান ধৰাৰ প্ৰকল্প হাতত ল'লে।৪০
১৯৯৯ৰ এপ্ৰিলত তেওঁ তামিলনাডুৰ মদুৰাইত আনন্দ নিলয়ম মন্দিৰ স্থাপন কৰিলে।২৮
বৃদ্ধাৱস্থা আৰু ৰোগ
২০০৩ত সত্য সাই বাবাৰ কঁকালত ফ্ৰেক্সাৰ হ'ল, যেতিয়া এখন লোহাৰ ষ্টুলত ঠিয় হৈ থকা ল'ৰা আৰু ষ্টুলখন তেওঁৰ ওপৰত পৰিল। তাৰ পিছৰ পৰা তেওঁ গাড়ী বা চকীৰ পৰাই দৰ্শন দিবলৈ ল'লে।৪১৪২
২০০৪ৰ পিছৰ পৰা তেওঁ চকাযুক্ত চকী ব্যৱহাৰ কৰিবলৈ ল'লে আৰু মানুহৰ আগত কমকৈ ওলাবলৈ ল'লে।
মৃত্যু
২৮ মাৰ্চ ২০১১ত তেওঁক শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে শ্ৰী সত্য সাই চুপাৰ স্পেচিয়েলিটি চিকিৎচালয়লৈ লৈ যোৱা হ'ল।৪৩৪৪ প্ৰায় এমাহমান চিকিৎসালয়ত থকাৰ পিছত, য'ত তেওঁৰ স্বাস্থ্য দিনক-দিনে বেয়া হৈ গ'ল, দেওবাৰ, ২৪ এপ্ৰিলৰ ৭:৪০ (ভাৰতীয় মান সময়)ত তেওঁ ইহলীলা সম্বৰণ কৰিলে।৪৫
সাই বাবাই ভবিষ্যতবাণী কৰিছিলে যে তেওঁ ৯৬ বছৰৰ বয়সত শৰীৰ ত্যাগ কৰিব আৰু তেতিয়ালৈকে সুস্থ হৈ থাকিব।৪৬ তেওঁৰ মৃত্যুৰ পিছত, কিছুসংখ্যক ভক্তই ক'লে যে সম্ভৱতঃ তেওঁ চান্দ্ৰ পঞ্জিকাৰ কথাহে কৈছিল, যাক তেলুগু হিন্দুসকলে ব্যৱহাৰ কৰে, আৰু সৌৰ পঞ্জিকাৰ বিষয়ে কোৱা নাছিল,৪৭ আৰু বয়স নিৰ্ণয়ৰ ভাৰতীয় বিধিৰ ব্যৱহাৰ কৰিছিল, যিয়ে আহিবলগীয়া বছৰটো ব্যক্তিৰ জীৱনৰ অংশ বুলি ধৰে।৪৮ অন্য ভক্তসকলে তেওঁৰ পুনৰ্জীৱিত হোৱা, পুনৰ্জন্ম গ্ৰহণ কৰা আৰু জাগ্ৰত থকাৰ কথা ক'লে।৪৯৫০ ২৯ মাৰ্চ ২০১১ত সত্য সাই বাবাক ৱাটকিন্স হাণ্ড্ৰেড স্পিৰিচুৱেল পাৱাৰ লিষ্টত (ৱাটকিনৰ ১০০ আধ্যাত্মিক শক্তিৰ তালিকাত) অন্তৰ্ভুক্ত কৰা হ'ল।৫১
শেষ কৃত্য
তেওঁৰ শৰীৰক দুদিনৰ বাবে ৰাখি থোৱা হ'ল আৰু ২৭ এপ্ৰিল ২০১১ চনত তেওঁক সম্পূৰ্ণ ৰাজ্যিক সন্মানৰ সৈতে কবৰ দিয়া হ'ল।৫২ অনুষ্ঠানটোত প্ৰায় ৫ লাখ মানুহৰ সমাগম ঘটিছিল, আৰু অন্য গণ্য মান্য ব্যক্তিৰ লগতে ভাৰতৰ তেতিয়াৰ প্ৰধান মন্ত্ৰী মনমোহন সিং, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী, গুজৰাটৰ তেতিয়াৰ মুখ্য মন্ত্ৰী নৰেন্দ্ৰ মোদী, ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰ, তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী এচ এম কৃষ্ণা আৰু অম্বিকা চনী আদি আহিছিল।৫৩৫৪৫৫৫৬
সত্য সাই বাবাৰ মৃত্যুৱে ভাৰতীয় ৰাজনীতিবিদ, চলচ্চিত্ৰ তাৰকা, খেলুৱৈ, ঔদ্যোগী আদিৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিলে।৫৭ বহুতে তেওঁক এজন অতি দয়ালু, নিঃস্বাৰ্থ ব্যক্তি হিচাপে স্মৰণ কৰিলে যিয়ে সদায় আনক সহায় কৰিবলৈ কাম কৰিলে, নিজৰ ট্ৰাষ্টৰ হাজাৰ হাজাৰ কোটি টকাৰে।৫৭
তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰা ৰাজনীতিবিদ সকলৰ মাজত তেতিয়াৰ ভাৰতীয় প্ৰধান মন্ত্ৰী মনমোহন সিং,৫২৫৮৫৯ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহিন্দা ৰাজপক্স৬০ আৰু চতুৰ্দশ দালাই লামা অন্যতম।৬১ সেই দিনাই জন্ম দিন থকা বিখ্যাত ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে নিজৰ জন্মদিনৰ সকলো আয়োজন বাতিল কৰিলে।৬২৬৩ বাতৰি কাকত দা হিন্দুত প্ৰকাশ হৈছিল যে "সত্য সাই বাবাৰ আধ্যাত্মিকতা আৰু হিন্দু বিশ্বাসৰ প্ৰচাৰে তেওঁৰ ধৰ্ম-নিৰপেক্ষতাৰ বিশ্বাসত কেতিয়াও বাধা প্ৰদান নকৰিলে। "৬৪
কৰ্ণাটক চৰকাৰে ২৫ আৰু ২৬ এপ্ৰিলৰ দিনকেইটা আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰে ২৫, ২৬ আৰু ২৭ এপ্ৰিলৰ দিনকেইটাক শোক প্ৰকাশৰ দিন হিচাপে ঘোষণা কৰিলে।৫২

বাসস্থল মুকলি
১৭ জুন ২০১১ত, দান বৰঙনিৰে চলা ন্যাস হিচাপে আৰম্ভ হোৱা আৰু আইনীভাৱে ধৰ্মনিৰপেক্ষ শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ৬৫ দুজন বিষয়-ববীয়াই সত্য সাই বাবাৰ ব্যক্তিগত বাসভৱন, চৰকাৰ, বেংক আৰু কৰ বিভাগৰ বিষয়-ববীয়া, উচ্চতম ন্যায়ালয়ৰ বিচাৰক এ পি মিশ্ৰা আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰক ৱেইদ্যনাথ, আই কৰ বিভাগৰ ফালৰ পৰা এজন নিৰ্দ্ধাৰক, আৰু ভাৰতৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ পি এন ভগৱতিৰ৬৬ উপস্থিতিত খোলিলে। সাই বাবাৰ মৃত্যুৰ পিছতেই চীল কৰা বাসভৱনটোত ৯৮ কিলোগ্ৰাম সোণৰ অলংকাৰ যাৰ মূল্য প্ৰায় ২১ কোটি টকা, ৩০৭ কিলোগ্ৰাম ৰূপৰ অলংকাৰ যাৰ মূল্য প্ৰায় ১.৬ কোটি টকা, আৰু ১১.৬ কোটি টকা নগদ পোৱা গ'ল। নগদ পোৱা ধন সাই ন্যাসৰ ষ্টেট বেংকৰ একাউণ্টট জমা কৰা হ'ল। সোণ আৰু অন্যান্য সামগ্ৰী বিশেষ সুৰক্ষিত স্থানত থৈ দিয়া হ'ল। জুলাইত জিলা প্ৰশাসনে অতিৰিক্ত ৭৭ লাখ টকা অন্য ৪টা কোঠাৰ মূল্যৱান বস্তুও লাভ কৰিলে।৬৭ The total value of these items is believed to exceed 7.8 million US dollars.৬৮
য়জুৰ্মন্দিৰত দৈনন্দিন ভক্ত আৰু নিঃস্বাৰ্থ সেৱা কৰা সকলক দিয়া বিভিন্ন বস্তু যেনে হাজাৰ হাজাৰ পাতৰ শাৰী, ধোতি, চোলা, ৫০০জোৰ জোতা, পাৰ্ফ্যুম আৰু হেয়াৰ্স্প্ৰে'ৰ কেইবা দৰ্জন বটল, বৃহৎ পৰিমাণৰ সোণ আৰু ৰূপৰ "মংগল সূত্ৰম্", হীৰাৰ দৰে মূল্যৱান পাত্থৰ আদি পোৱা গ'ল। সাই বাবাই পিন্ধা ৭৫০জোৰ গেৰুৱা আৰু বগা কাপোৰো পোৱা গ'ল।৬৯
জুলাই ২০১১ত তেনেদৰেই বেংগালুৰুৰ আশ্ৰমত ৬ কিলোগ্ৰাম সোণৰ মূদ্ৰা আৰু অলংকাৰ,, ২৪৫ কিলোগ্ৰাম ৰূপৰ সামগ্ৰী আৰু ৮০ লাখ টকা নগদ পোৱা গ'ল।
এই সামগ্ৰীবোৰ বছৰ বছৰ ধৰি সাই বাবাৰ সমগ্ৰ বিশ্বৰ ভক্তই তেওঁক ধাৰ্মিক উপহাৰ হিচাপে দিয়া বুলি বিশ্বাস কৰা হয়।৭০৭১
ইচ্ছা পত্ৰ মুকলি
২ ছেপ্টেম্বৰ ২০১২ত শ্ৰী সত্য সাই বাবাৰ ঘনিষ্ঠ সত্যজিৎ চাইলানে সাইবাবাৰ ২৩ মাৰ্চ ১৯৬৭ত পঞ্জীকৃত ইচ্ছাপত্ৰখন মুকলি কৰি কয় যে সাই বাবা ন্যাসৰ সম্পত্তিৰ ওপৰত তেওঁৰ পৰিয়ালৰ কোনো অধিকাৰ নাই। পত্ৰখনত লিখা হৈছিল:
মই, ভাৰতীয় নাগৰিক, প্ৰশান্তি নিলয়ম ডাকঘৰৰ শ্ৰী সত্য সাইয়ে তলৰ কথা কেইটা ঘোষণা কৰিছো:- ১) মই অনন্তপুৰ জিলাৰ পুত্তপৰ্থিত জন্ম গ্ৰহণ কৰিছিলো আৰু মোৰ বয়স বৰ্তমান ৪৪ বছৰ। মই বিদ্যালয়ত যোগদান কৰিছিলো কিন্তু পঢ়া ত্যাগ কৰি মই সনাতন ধৰ্মৰ প্ৰচাৰৰ প্ৰতি সমৰ্পিত হ'লো। মই অবিবাহিত আৰু মই মোৰ পিতৃ-মাতৃৰ ঘৰ বাৰ বছৰ বয়সত ত্যাগ কৰিছিলো আৰু মই ধাৰ্মিক নিৰ্দেশ গ্ৰহণ কৰি গেৰুৱা সাজ পৰিধান কৰিলো আৰু মোৰ বৈশ্বিক/বা পৰিয়াল সম্বন্ধিত মোহ নাই। মই ঘোষণা কৰো যে যেতিয়া মই মোৰ পিতৃ-মাতৃৰ ঠাই স্থায়ীভাৱে এৰিলো আৰু মোৰ ঘূৰি যোৱাৰ কোনো উদ্দেশ্য নাই। মই পৰিয়ালৰ সম্পত্তিত মোৰ সকলো অধিকাৰ বা ৰুচি, সলাব পৰা আৰু/বা সলাব নোৱাৰা যিয়েই নহওক বা য'তেই নাথাকক ত্যাগ কৰিলো আৰু যে মই কোনো ব্যক্তিগত সম্পত্তি, ধন, মাটিৰ গৰাকী নহয়। মোৰ ভক্তসকলে মোক যিয়েই দিয়ে সেয়া মোৰ পৰিচালনা, নিৰীক্ষণ আৰু নিয়ন্ত্ৰণত এজন ট্ৰেষ্টি হিচাপে থাকিব, জনতাৰ কামত ব্যৱহাৰ হ'বলৈ। মই এই ঘোষণা কৰিছো যাতে কোনেও পৰিয়ালৰ সম্পত্তিৰ অধীনত দাবী কৰিব বা মোক দলিয়াব নোৱাৰে, যদি কোনো।৭২
সত্যজিৎ চাইলানে প্ৰকৃত পত্ৰখনৰ একমাত্ৰ জীৱিত সাক্ষী ইন্দুলাল চাৰ কিছু প্ৰ-পত্ৰও লগ লগালে। সত্যজিৎ চাইলানে কোৱাৰ মতে সাই বাবাৰ নিৰ্দেশ মৰ্মে তেওঁ ১৯৯৮ৰ পৰা পত্ৰখনৰ দায়িত্বত আছে। শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ বিষয়-ববীয়াই কয় যে তেওঁলোকে এই ইচ্ছাপত্ৰৰ প্ৰতি সন্মান জনাব।৭৩৭৪
কৰ্মৰাজীৰ গ্ৰন্থসূচী
"ৱাহিনী" (বাহিনী) সত্য সাই বাবাৰ দ্বাৰা লিখিত গ্ৰন্থৰ এটি ক্ৰম।৭৫
সত্য সাই সংস্থা
সত্য সাই সংস্থা বা শ্ৰী সত্য সাই সেৱা সংস্থা সাই বাবাই ১৯৬০ৰ দশকত স্থাপন কৰিছিল।৮ ভাৰতত প্ৰথম সাই কেন্দ্ৰকেইটা "শ্ৰী সত্য সাই সেৱা সমিতি"ৰ নামেৰে খোলা হৈছিল।৭৬ সত্য সাই সংস্থা "সদস্যসকলে সেৱা কাৰ্যৰে আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ বাবে" খোলা হৈছিল।৮
সত্য সাই সংস্থাই মাহিলী সনাতন সাৰথি নামৰ এখন আনুষ্ঠানিক আলোচনী প্ৰকাশ কৰে।৭৭৭৮৭৮
সত্য সাই বাবাই কৈছিল যে সত্য সাই সংস্থাৰ মূল উদ্দেশ্য "মনুষ্যক নিজৰ ভিতৰত অন্তৰ্নিহিত দিব্যতাৰ পৰিচয় কৰোৱা। সেয়ে, আপুনাৰ দায়িত্ব সেই এজনত জোৰ দিয়া, আপুনি কৰা বা কোৱা সকলোতে সেই এজনক অনুভৱ কৰা। ধৰ্ম বা খেল বা স্তৰ বা ৰঙৰ প্ৰভেদক গুৰুত্ব নিদিবা। এক-ভাৱক তোমাৰ সকলো কামক আকুল কৰিবলৈ দিয়া। তেনে কৰা সকলৰহে এই সংস্থাত ঠাই আছে, বাকী সকলে প্ৰত্যাহাৰ কৰক। "৭৯৮০
সত্য সাই সংস্থাৰ মতে ১১৪খন দেশত প্ৰায় ১২০০টা সত্য সাই বাবা কেন্দ্ৰ আছে।৮১৮২ পিছে সাই বাবাৰ ভক্তৰ সংখ্যা জনোটো কঠিন।৩ ধাৰণাটো ৬০ লাখৰ৮৩ পৰা ১০ কোটিলৈকে।৮৪
ভাৰততে, সাই বাবাৰ প্ৰায়বোৰ ভক্ত উচ্চ মধ্যবৃত্তআৰু চহৰত থাকে, "প্ৰায় ধন, শিক্ষা আৰু পশ্চিমীয়া চিন্তা ধাৰাৰ সৈতে পৰিচিত"।১৩ ২০০২ চনত তেওঁ ১৭৮খন দেশত ভক্ত থকাৰ কথা দাবী কৰিলে।৮৫৮৬
সত্য সাই বাবাই বৃহৎ সংখ্যাত বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, আৰু অন্য তেনে বিনামূলীয়া প্ৰতিষ্ঠান ভাৰতত আৰু বিদেশত স্থাপন কৰিলে, যাৰ খৰচ সাধাৰণতে প্ৰায় ১০ হাজাৰ কোটি টকা বুলি ধৰা হয়।৮৭৮৮৮৯ পিছে, ১.৪ লাখ কোটি টকা বুলিও অনেকে কয়।৯০ সাই বাবাৰ মৃত্যুৰ পিছত, সংস্থাটোৰ খৰচ কেনেদৰে চলোৱা যাব, তাৰ ওপৰত প্ৰশ্ন উঠিল, ই অন্যায়ৰ ধাৰণাও সৃষ্টি কৰিলে, নগদ ধন বা সোণ থকা বাকচ লোকোৱাৰ অভিযোগ উঠিল।৮৯৯১৯২
প্ৰতিষ্ঠান, প্ৰকল্প আৰু অন্য কাম
শৈক্ষিক প্ৰতিষ্ঠান
সত্য সাই বাবাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহে অন্যান্য শৈক্ষিক দিশত পাৰদৰ্শিতা সৃষ্টি কৰাৰ লগতে চৰিত্ৰ শিক্ষা, মানৱীয় মূল্য আৰু নৈতিকতাৰ দিশত গুৰুত্ব আৰোপ কৰে।৯৩

শ্ৰী সত্য সাই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান
১৯৮১ত প্ৰতিষ্ঠিত, কেইবছৰমানৰ বাবে শ্ৰী সত্য সাই বিশ্ববিদ্যালয় নামেৰে জনাজাত, য'ৰ শ্ৰী সত্য সাই বাবা আচাৰ্য আছিল, শ্ৰী সত্য সাই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ চাৰিটা কেম্পাচ আছে, এটা পুত্তপৰ্থিত পুৰুষৰ বাবে, এটা বেংগালুৰুৰ হুৱাইটফিল্ডত পুৰুষৰ বাবে, এটা অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰত মহিলাৰ বাবে, আৰু এটা মুদ্দেনাহাল্লিত পুৰুষৰ বাবে।৯৪
শ্ৰী সত্য সাই উচ্চতৰ মাধ্যমিক বিদ্যালয়
শ্ৰী সত্য সাই উচ্চতৰ মাধ্যমিক বিদ্যালয় ভগৱান শ্ৰী সত্য সাই বাবাই ১৫ জুন ১৯৮১ত পুত্তপৰ্থিৰ প্ৰশান্তি নিলয়মত 'শ্ৰী সত্য সাই ৱিদ্যা গিৰি' কম্প্লেক্সত আৰম্ভ কৰিছিল। ই এক আৱাসিক বিদ্যালয়, য'ত ল'ৰা আৰু ছোৱালীৰ বাবে পৃথক হোষ্টেল আছে। বিদ্যালয়খনে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ফলক, নতুন দিল্লিৰ অধীনত প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান আগবঢ়াই। ২০১৪ত এই বিদ্যালয়ক ভাৰতৰ শীৰ্ষ ১০খন কেন্দীয় মাধ্যমিক শিক্ষা ফলক অধীনস্ত বিদ্যালয়ৰ মাজত গণা হৈছিল।৯৫
অন্যান্য
সত্য সাই বাবাই মুদ্দেনাহাল্লি আৰু কানিভেনাৰায়ণাপুৰ অঞ্চলত মুদ্দেনাহাল্লি-সত্য সাই লোক সেৱা বিদ্যালয় আৰু শ্ৰী সত্য সাই লোক সেৱা ন্যাস শৈক্ষিক প্ৰতিষ্ঠান চলাইছিল। তেওঁ মদিয়ল নাৰায়ণ ভটৰ পৰা শ্ৰী সত্য সাই লোক সেৱা প্ৰতিষ্ঠানৰ দৰে প্ৰতিষ্ঠানো ল'লে।৯৬ বৰ্তমান ইয়াৰ শীৰ্ষ স্থানত গংগাধৰ ভট আছে। তদুপৰি এখন সত্য সাই বাবা বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ২০০ একৰ (০.৮১ কি-মি২) মাটিত চলি আছে। বাবাই কৈছিল যে কেম্পাচটো পুত্তপৰ্থিৰ আধাৰত নিৰ্মাণ কৰা হ'ব আৰু শৈক্ষিকৰ সৈতে আধ্যাত্মিক জ্ঞানো প্ৰদান কৰিব।৯৭৯৮

চিকিৎসালয় আৰু স্বাস্থ্য সেৱা
শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসে কেইবাখনো সাধাৰণ চিকিৎসালয়, দুখন বিশেষ চিকিৎসালয়, চকু চিকিৎসালয় আৰু ভ্ৰাম্যমাণ দিস্পেন্সেৰী চলাই, লগতে গাঁৱলীয়া অঞ্চল আদিত স্বাস্থ্য শিবিৰ চলাই আহিছে।৯৯
শ্ৰী সত্য সাই সাধাৰণ চিকিৎসালয়, হুৱাইটফিল্ড
শ্ৰী সত্য সাই সাধাৰণ চিকিৎসালয় হুৱাইটফিল্ড, বেংগালুৰুত অবস্থিত, যাক ১৯৭৭ত প্ৰতিষ্ঠা কৰা হৈছিল আৰু যিয়ে বিনামূলীয়াকৈ জটিল চাৰ্জাৰি, খাদ্য আৰু দৰৱ প্ৰদান কৰে। চিকিৎসালয়খনে ২০ লক্ষাধিক মানুহক সেৱা আগ বঢ়াইছে।১০০
সত্য সাই উচ্চতৰ চিকিৎসাবিজ্ঞান প্ৰতিষ্ঠান, পুত্তপৰ্থি
শ্ৰী সত্য সাই উচ্চতৰ চিকিৎসাবিজ্ঞান প্ৰতিষ্ঠান এটি ৩০০ বিছনাযুক্ত সুবিধা যিয়ে বিনামূলীয়া চাৰ্জাৰি-সম্বন্ধীয় আৰু চিকিৎসা সেৱা আগবঢ়াই আৰু যাক ২২ নৱেম্বৰ ১৯৯১ত প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে উদ্বোধন কৰিছিল।২৮
চিকিৎসালয়খনত ১১টা চাৰ্জিকেল থিয়েটাৰ, ৫টা বিশেষ সেৱা একক, দুটা কাৰ্ডিয়েক কাঠাটাৰাইজেচন পৰীক্ষাগাৰ, চিকিৎসা সম্বন্ধিত আৰু চাৰ্জিকেল ৱাৰ্ড, আৰু এটা ২৪-ঘণ্টীয়া এমাৰ্জেঞ্চী একক আছিল। "কাৰ্ডিঅ'লজি, কাৰ্ডিঅ' ঠৰাকিক, ভাস্কুলাৰ চাৰ্জাৰি, য়ুৰ'লজি, অফ্থেল্ম'লজি আদি বিষয়ত শীৰ্ষস্থানীয় চিকিৎসক সমগ্ৰ পৃথিৱীৰ পৰা নিজ ইচ্ছাৰে আহে আৰু বিনামূলীয়া সেৱা আগবঢ়়াই আহিছে"।১০১১০২১০৩
চিকিৎসালয়খনৰ নিজৰ এক বেলেগ ইতিহাস আছে। ২৩ নৱেম্বৰ ১৯৯০ত, বাবাৰ জন্মদিনত, দৰিদ্ৰজনে চিকিৎসা সেৱা লাভ নকৰাক লৈ ভাষণ দি থাকোঁতে বাবাই ক'লে যে এবছৰৰ ভিতৰত পুত্তপৰ্থি গাঁৱত এখন নতুন চিকিৎসালয় আহিব যিয়ে সকলো ৰোগীলৈ বিনামূলীয়া চিকিৎসা আগবঢ়াব। চিকিৎসালয়খন অভিলেখ গঢ়ি এবছৰত নিৰ্মাণ কৰা হ'ল আৰু প্ৰথম কাৰ্ডিঅ'ঠৰাটিক অপাৰেচন সুকলমে সম্পন্ন হ'ল।১০৪
শ্ৰী সত্য সাই উচ্চতৰ চিকিৎসা বিজ্ঞান প্ৰথিষ্ঠা, হুৱাইটফিল্ড

প্ৰথম চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ নিৰ্মাণৰ পিছত কৰ্ণাটক চৰকাৰে সাই বাবাক আন এখন চিকিৎসালয় বনাবলৈ ৫৩ একৰ মাটি দিলে, হুৱাইটফিল্ডত।১০৫
এই চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়খনত ৩৩৩খন বিছনা আছে।১০৬ চিকিৎসালয়খন ১৯ জানুৱাৰী ২০০১ত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে উদ্বোধন কৰিছিল।১০৭১০৮ এই চিকিৎসালয়ৰ নিৰ্মাণত প্ৰায় ২০০ কোটি ভাৰতীয় টকা ব্যয় কৰা হ'ল।১০৯ The hospital has provided free medical care to over 250,000 patients.১১০
খোৱা পানী যোগান প্ৰকল্প
অনন্তপুৰ
নৱেম্বৰ ১৯৯৫ত সত্য সাই বাবাই ৰায়ালচীমাত খোৱা পানীৰ অভাৱৰ বাবে তেওঁৰ দুখ হোৱাৰ কথা প্ৰকাশ কৰিলে।১১১ মাৰ্চ ১৯৯৫ত শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসে অনন্তপুৰৰ সকলো গাঁৱত পানী যোগান ধৰাৰ কথা আলোচনা কৰিলে।১১১ ১৯৯৬ত কাম সম্পূৰ্ণ হ'ল, শুকান অনন্তপুৰ অঞ্চলৰ ৭৫০খন গাঁৱৰ ১২ লাখ মানুহক পানী যোগান ধৰা হ'ল।৪০১১২
চেন্নাই
২০০৪ত কাম সম্পন্ন হোৱা চেন্নাই খোৱা পানী প্ৰকল্পই চেন্নাইত পুনৰ্নিৰ্মিত জলমাৰ্গ "সত্য সাই গংগা কেনেল"ৰ দ্বাৰা চেন্নাইত পানী যোগান ধৰে।১১৩১১৪ তামিল নাডুৰ মুখ্য মন্ত্ৰী এম কৰুণানিধিয়ে প্ৰকল্পটো আৰু সাই বাবাৰ কামৰ খুব প্ৰশংসা কৰিলে।১১৫১১৬ অন্য তেনে প্ৰকল্প হ'ল ৪৫০০০০জন লোকক ১৭৯ গাঁৱত উপকাৰ কৰা মেডাক প্ৰকল্প, ১৪১ গাঁৱত ৩৫০০০০জন লোকক উপকাৰ কৰা মহবুবনগৰ জিলা প্ৰকল্প আদি।৪০ জানুৱাৰী ২০০৭ত ন্যাসে মহাৰাষ্ট্ৰৰ লাতুৰত মানুহক পানী যোগান ধৰাৰ কথাও কয়।১১৭১১৮১১৯১২০
উৰিষ্যা
২০০৮ চনত উৰিষ্যাৰ ২০ লাখ মানুহ বানাক্ৰান্ত হ'ল। তাৰ বাবে, ১৬ গাঁৱত প্ৰাথমিক পৰ্যায়ৰ কামৰ অন্তৰ্গত কৰি, ৬৯৯টা ঘৰ নিৰ্মাণ কৰা হ'ল শ্ৰী সত্য সাই সেৱা সংস্থাৰ দ্বাৰা, মাৰ্চ ২০০৯ চনত।১২১
এজুকেয়াৰ
সত্য সাই বাবাৰ এজুকেয়াৰ প্ৰকল্পৰ উদ্দেশ্য সমগ্ৰ বিশ্বতেই বিদ্যালয় স্থাপন কৰা আৰু ছাত্ৰ-ছাত্ৰীক অন্ততঃ ৫টা মানৱীয় মূল্যৰ জ্ঞান দিয়া। সাই এজুকেয়াৰ চাইটৰ মতে, অষ্ট্ৰেলিয়া, মেক্সিকো, যুক্তৰাজ্য, পেৰু আদি ৩৩খন দেশত বিদ্যালয় খোলা হৈছে।১২২১২৩ টাইমছ অৱ যাম্বিয়াৰ মতে-- "যাম্বিয়াৰ শিক্ষা ব্যৱস্থাত সত্য সাই বাবাৰ কামৰ বিশেষ ইতিবাচক প্ৰভাৱ আছে। মানৱীয়মূল্যৰ ওপৰত আধাৰিত শিক্ষা, যি সাই বাবাৰ শৈক্ষিক আদৰ্শৰ ফল, যাম্বিয়াৰ শিক্ষাবিদসকলৰ বাবে চকু খুলি দিয়া বস্তু"১২৪
কানাডাত, কানাডাৰ স্বাধীন অনুসন্ধান আৰু শৈক্ষিক সংস্থা ফ্ৰেচাৰ ইন্সটিটিউটে সত্য সাই বিদ্যালয়ক অণ্টাৰিঅ'ৰ শীৰ্ষ ৩৭খন বিদ্যালয়ৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে।১২৫
আধ্যাত্মিক সংবাদ মাধ্যম
২৩ নৱেম্বৰ ২০০১ত, অংকীয় অনাতাৰ জালকৰ্ম 'সাই গ্ল'বেল হাৰ্মনি'ক ৱৰ্ল্ড স্পেচ অৰ্গেনাইজেচন বা বিশ্ব মহাকাশ সংস্থা, আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ মাধ্যমেৰে আৰম্ভ কৰা হৈছিল। মাইকেল অলেইনিকফ ন’বেলে (আলফ্ৰেড ন'বেলৰ দূৰৰ সম্পৰ্কীয় আৰু অনাতাৰ জালকৰ্মটোৰ বাবে অন্যতম ধন-প্ৰদাতা) ক'লে যে অনাতাৰ জালকৰ্মটোৱে সাইবাবাৰ বিশ্ব সম্প্ৰীতিৰ বাৰ্তাটো বিয়পোৱাত সহায় কৰিব।১২৬
স্বীকৃতি
২৩ নৱেম্বৰ ১৯৯৯ত ভাৰত চৰকাৰৰ ডাক বিভাগে সাই বাবাই গাঁৱত পানী যোগানৰ বাবে কৰা কামক স্বীকৃতি দিবলৈ এটি প'ষ্টেল ষ্টাম্প বা ডাক মোহৰ মুকলি কৰিলে।১২৭
জানুৱাৰী ২০০৭ত চেন্নাইবাসীয়ে চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এটা অনুষ্ঠানৰ আয়োজন কৰিলে, সাই বাবাই অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা নদীৰ পানী চেন্নাইত যোগান ধৰাৰ বাবে ধন্যবাদ স্বৰূপে। চাৰিজন মুখ্য মন্ত্ৰী অনুষ্ঠানটোত উপস্থিত আছিল।১২৮১২৯
সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙে ক'লে যে সাই বাবা এজন লোক যিয়ে "দহো লক্ষ লোকক এটা নৈতিক আৰু অৰ্থপূৰ্ণ জীৱন যাপন কৰিবলৈ প্ৰেৰণা যোগালে"৫৭
ভাৰতীয় ডাক বিভাগে সাই বাবাক স্মৰণ কৰিবলৈ আধ্যাত্মিক গুৰুজনৰ ৮৮তম জন্মদিনত, নৱেম্বৰ ২০১৩ত এটি ষ্টাম্প মুকলি কৰিলে।১৩০১৩১
আশ্ৰম আৰু মন্দিৰ
প্ৰশান্তি নিলয়ম


পুত্তপৰ্থি, য'ত সত্য সাই বাবাৰ জন্ম হৈছিল অন্ধ্ৰপ্ৰদেশৰ এখন সৰু, ভিতৰুৱা গাওঁ আছিল। এতিয়া সেই 'গাঁৱত' এটা বৃহৎ বিশ্ববিদ্যালয় কম্প্লেক্স, এক বিশেষ চিকিৎসালয়, দুটা সংগ্ৰহালয়: "সনাতন সংস্কৃতি" (সৰ্ব ধৰ্ম সংগ্ৰহালয় বুলিও জনা যায়) আৰু "চৈতন্য জ্যোতি" যি সত্য সাই বাবাৰ জীৱন আৰু শিক্ষাৰ ওপৰতেই আধাৰিত (পিছৰটোৱে নিজৰ স্থাপত্যৰ বাবে কেইবাটাও আন্তৰ্জাতিক পুৰস্কাৰ পাইছে) আছে।১৩২ তাত এটি প্লেনেটেৰিয়াম, এটা ৰে'লৱে ষ্টেচন, এটা হিল-ভিউ ষ্টেডিয়াম, এটা প্ৰশাসনিক ভৱন, ইণ্ড'ৰ স্পৰ্টছ ষ্টেডিয়াম আদিও আছে।১৩৩উচ্চ পৰ্যায়ৰ ভাৰতীয় ৰাজনীতিবিদ যেনে পূৰ্বৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম, পূৰ্বৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ী, অন্ধ্ৰপ্ৰদেশৰ পূৰ্বৰ মুখ্য মন্ত্ৰী কনিজেটি ৰচাইয়াহ, কৰ্ণাটকৰ মুখ্য মন্ত্ৰী বি-এচ য়েদ্যুৰাপ্পা আদিও পুত্তপৰ্থিৰ আশ্ৰমৰ আনুষ্ঠানিক অতিথি আছিল।১৩৪১৩৫ দহ লাখতকৈও অধিক লোকে সত্য সাই বাবাৰ ৮০ নং জন্মদিন উপভোগ কৰিছিলে, তাৰে ভিতৰত ভাৰত আৰু ১৮০খন অন্য দেশৰ ১৩০০০ বিশেষ লোক আছিলে।১৩৬
, কৃষ্ণ, শিৰডীৰ সাই বাবা, শিৱ, গৌতম বুদ্ধ, যীচু আৰু যৰথুষ্ট্ৰৰ মূৰ্তি থকা প্ৰশান্তি নিলয়মৰ পাহাৰ]]
সত্য সাই বাবা প্ৰায় নিজৰ মুখ্য আশ্ৰম পত্তিপুৰ্থিৰ প্ৰশান্তি নিলয়মত থাকিছিল। গ্ৰীষ্মত তেওঁ বেংগালুৰুৰ হুৱাইটফিল্ডৰ কাডুগ'ডিৰ আশ্ৰম 'বৃন্দাবন'ত (বৃন্দাৱনত) থাকিছিল। মাজে সময়ে তেওঁ কডাইকানালৰ 'সাই শ্ৰুতি আশ্ৰম'লৈও গৈছিল।১৩৭
সত্যম, শিৱম, সুন্দৰম
সত্য সাই বাবাই তিনিটা মন্দিৰ স্থাপন কৰিছিল। প্ৰথমটো হ'ল মুম্বাইৰ "ধৰ্মক্ষেত্ৰ" ৱা "সত্যম" (১৯৬৮), দ্বিতীয়টো হাইদৰাবাদৰ "শিৱম" (১৯৭৩), আৰু তৃতীয়টো চেন্নাইৰ "সুন্দৰম" (১৯৮১)।৩৬
ভক্তৰ বিশ্বাস আৰু ৰীতি-নীতি
কোনো কোনোৱে সত্য সাই বাবা আন্দোলনটো হিন্দু আন্দোলন বুলি কয়।১৩৮১৩৯১৪০ কিন্তু ২০০৬ চনত চিকাগ' বিশ্ববিদ্যালয়ৰ এন্থ্ৰপলজীৰ অধ্যাপকজন ডি কেলীয়ে ফিজিৰ হিন্দু অভিজানৰ বিষয়ে লিখা এটি লেখত লিখে যে সত্য সাই সংস্থাই নিজকে "হিন্দু" বুলি ক'ব নিবিচাৰে। কেলীৰ মতে, তেওঁলোকে নিজৰ প্ৰতিষ্ঠাপকক জীৱিত ধৰ্মীয় সমন্বয়ৰ ৰূপত চাই আৰু নিজকে আন্তৰ্ধৰ্মীয় আন্দোলন বুলি ক'ব খোজে।
আন্তৰ্জাতিকভাৱে, সত্য সাই বাবাৰ ভক্তসকল দৈনিক, নহ'লে সপ্তাহত এবাৰ, বৃহস্পতিবাৰ বা দেওবাৰে লগ হয় আৰু ভজন,১৪১ প্ৰাৰ্থনা১৪২ আদি গাই, আধ্যাত্মিক ধ্যান, সেৱা১৪৩ আদি কৰে আৰু মানৱীয়মূল্যৰ শিক্ষাত অংশ গ্ৰহণ কৰে, যাক বাল বিকাশ বোলা হয়।১৪২
গুণমুগ্ধ সকলে সাই বাবাৰ দৰ্শন কৰি আধ্যাত্মিক লাভ গ্ৰহণ কৰাত বিশ্বাস কৰিছিল, প্ৰতিদিনে ৰাতিপুৱা আৰু দুপৰীয়া। সাই বাবাই মানুহৰ লগত কথা পাতিছিল, চিঠি লৈছিল, বিভূতি প্ৰকট কৰি বিলাইছিল বা দল অথবা কোনো ব্যক্তিক আধ্যাত্মিক উত্তৰ বিচাৰি আৰু সাধাৰণ পথপ্ৰদৰ্শনৰ বাবে সাক্ষাৎকাৰৰ বাবে মাতিছিল।১৯
সমালোচনা
সাই বাবাৰ সমালোচকে তেওঁৰ ওপৰত হাতৰ চাফাই, যৌন নিৰ্যাতন, কালা ধন ৰখা, সেৱা প্ৰকল্পত গাফিলতি কৰা আৰু হত্যা আদিৰ অভিযোগ আনিছে।৬৭
১৯৭২ চনত আব্ৰাহম কাভুৰে প্ৰথমবাৰৰ বাবে সত্য সাই বাবাক মুকলৈভাৱে সমালোচনা কৰিলে,১৪৪ যেতিয়া তেওঁ এজন ভক্তই মুকলিকে কৰা দাবী এটা চালে১৪৪ যে সত্য সাই বাবাই চেইক' ঘড়ীৰ এটা নতুন মডেলৰ সৃষ্টি কৰিলে, আৰু দাবীটো মিছা পালে।১৪৫১৪৬
এপ্ৰিল ১৯৭৬ত, হচুৰ নৰসিংহাইয়াহ, এজন চিকিৎসক, যুক্তিবাদী আৰু তেতিয়া বাংগাল'ৰ বিশ্ববিদ্যালয়ৰ উপ-আচাৰ্যই "যুক্তিপূৰ্বক আৰু বৈজ্ঞানিকভাৱে চমৎকাৰ আৰু অন্য সত্যা-সত্য প্ৰমাণ কৰিব পৰা অন্ধবিশ্বাসৰ অনুসন্ধান কৰিবলৈ" এখন সমিতি প্ৰতিষ্ঠা আৰু সমিতিখনৰ অধ্যাক্ষতা কৰিলে। নৰসিংহাইয়াহে সত্য সাই বাবালৈ তিনিখন অতিকৈ প্ৰচাৰিত চিঠি প্ৰেৰণ কৰিলে আৰু বাবাক তেওঁৰ চমৎকাৰ নিয়ন্ত্ৰিত চৰ্তত কৰিবলৈ প্ৰত্যাহ্বান জনালে। চিঠিকেইখনক গুৰুত্ব দিয়া নহ'ল।১৪৭ সত্য সাই বাবাই ক'লে যে তেওঁ এই কাৰণে চিঠিকেইখনৰ প্ৰতি সঁহাৰি নজনালে যে "বিজ্ঞানে নিজৰ প্ৰশ্ন কেৱল মানৱ চেতনালৈকেহে সীমিত ৰাখিব লাগে আৰু আধ্যাত্মিকতা চেতনাৰ বাহিৰত।১৪৮ যদি আপুনি আধ্যাত্মিকতাৰ প্ৰকৃতি বুজিব বিচাৰে, সেয়া কেৱল আধ্যাত্মিকতাৰ মাধ্যমেৰেহে সম্ভৱ আৰু বিজ্ঞানৰ মাধ্যমেৰে নহয়। বিজ্ঞানে যি জানিব পাৰিছে সেয়া কেৱল সৃষ্টি সংক্ৰান্তৰ এটা সৰু অংশহে...."১৪৯ নৰসিংহাইয়াহৰ সমিতিখন আগষ্ট ১৯৭৭ চনত ভংগ কৰা হ'ল। এৰ্লেণ্ডুৰ হেৰাল্ডচনৰ মতে সমিতিৰ আনুষ্ঠানিক প্ৰত্যাহ্বান সমিতিৰ নেতিবাচক মনোভাব আৰু সমিতিৰ চাৰিওফালে থকা এক ধূম ধামৰ বাবে অন্ত পৰিল। নৰসিংহাইয়াহে ইয়াকে সত্য মানিলে যে সাই বাবাই তেওঁৰ চমৎকাৰ নকল হোৱাৰ বাবে তেওঁৰ চিঠিক গুৰুত্ব নিদিলে।১৫০ এই ঘটনাৰ পিছত কেইবামাহ ধৰি ভাৰতীয় সংবাদ পত্ৰসমূহত তৰ্ক চলিল।১৫১
১৯৭৬ চনত সত্য সাই বাবাৰ বিৰুদ্ধে অভিযান চলোৱা ভাৰতীয় যুক্তিবিদ বাচাৱা প্ৰেমানন্দই সত্য সাই বাবাক মানুহে কোৱাৰ দৰে সোণৰ বস্তু প্ৰকট কৰি গ'ল্ড কণ্ট্ৰল এক্ট বা স্বৰ্ণ নিয়ন্ত্ৰণ আইন ভংগ কৰাৰ বাবে আইনী দণ্ড বিহাৰ অসফল চেষ্টা কৰিলে। যেতিয়া অভিযোগটো খাৰিজ কৰা হ'ল, প্ৰেমানন্দই অসফলভাৱে আপীল কৰিলে এই ভিত্তিত যে আধ্যাত্মিক শক্তি আইনে স্বীকাৰ কৰা সুৰক্ষা নহয়।১৫২
১৯৯৫ত ৰবাৰ্ট ইগলে যুক্ত ৰাজ্যৰ বাবে প্ৰযোজনা কৰা, লিখা আৰু পৰিচালনা কৰা দূৰদৰ্শনৰ তথ্যচিত্ৰ গুৰু বাষ্টাৰ্চত সত্য সাই বাবাই নকলভাৱে বস্তু প্ৰকট কৰাৰ অভিযোগ কৰিলে।১৫৩ চলচ্চিত্ৰখনৰ ক্লিপটো ডেক্কান ক্ৰনিকালত প্ৰথম পৃষ্ঠাত "ডি ডি টে'প আনভিল্স বাবা মেজিক" শিৰোনামেৰে ২৩ নৱেম্বৰ ১৯৯২ত প্ৰকাশ পালে।১৫৪ কিন্তু হেৰাল্ডচনে ক'লে যে, ডিডি ভিডিঅ'টো অনুসন্ধান কৰোঁতে, গৱেষকে নকল বস্তু প্ৰকটৰ কোনো তথ্য বিচাৰি নাপালে। হেৰাল্ডচনৰ মতে, ভিডিঅ'টো কৰ্পৰেট ঠগনৰ অনুসন্ধান কৰা এটা প্ৰতিষ্ঠানৰ ওচৰত লৈ যোৱা হৈছিল, যিয়ে হাতৰ চাফাইৰ কোনো নিশ্চিত প্ৰমাণ নাপালে।১৫৫
১৯৯৮ত ব্ৰিটিছ সাংবাদিক মিক ব্ৰাউনে নিজৰ কিতাপ দা স্পিৰিচুৱেল টুৰিষ্টত এই মত পোষণ কৰিলে যে সত্য সাই বাবাই আমেৰিকী ভক্ত ৱাল্টাৰ কৱানক পুনৰ্জীৱিত কৰা কথাটো সচা নহ'ব পাৰে।১৫৬ তেওঁৰ মত ইণ্ডিয়ান স্কেপ্টিক আলোচনীত ডাক্টৰে লিখা চিঠিৰ ওপৰত আধাৰিত, যি বাচাৱা প্ৰেমানন্দৰ দ্বাৰা প্ৰকাশিত।১৫৬১৫৭ ব্ৰাউনে একে গ্ৰন্থতেই সাই বাবাই বিভূতি প্ৰকট কৰা চিত্ৰ লণ্ডনৰ কিছু ঘৰত দেখাৰ কথা ক'লে আৰু ক'লে যে সেয়া ভুৱা নহয়।১৫৮ ব্ৰাউনে সাই বাবাৰ সৰ্বজ্ঞ হোৱাৰ দাবীক লৈ ক'লে যে "সংশয়বাদীয়ে তথ্য দেখুৱাইছে যে বাবাই পঢ়া ঐতিহাসিক ঘটনা আৰু বাইবেলত থকা ভবিষ্যদ্বাণী আৰু প্ৰতিষ্ঠিত তথ্যাৰ মাজত অমিল আছে।১৫৬
ভাংকুৱভাৰ চানত ২০০১ত প্ৰকাশ পাইছিলে যে বাবাই অনুগামীসকলক আন্তৰ্জাল ব্যৱহাৰ কৰিবলৈ মানা কৰিছিল১৫৯ এই বুলি কোৱাৰ পিছত যে "এই শিক্ষা (বেদ) অতিকৈ পবিত্ৰ। আজি মানুহে আন্তৰ্জাল আৰু দূৰদৰ্শনত দেখা সকলো কথা বিশ্বাস কৰি লয়, কিন্তু বৈদিক ঘোষণাবোৰত নিজৰ আস্থা দৃঢ় নাৰাখে। আন্তৰ্জাল এটি পেলনীয়া কাগজৰ মোনাৰ দৰে। 'অন্তৰ্জাল'ক বিশ্বাস কৰা, আন্তৰ্জালক নহয়। "১৬০
জানুৱাৰী ২০০২ত ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দূৰদৰ্শন আৰু অনাতাৰ প্ৰসাৰ কোম্পানী ডেনিচ ৰেডিঅ'ই তথ্যচিত্ৰ চিড্যুস্ড বাই চাই বাবাত সাই বাবাৰ কিছু ভিডিঅ' দেখুৱাই কয় যে সাই বাবাৰ চমৎকাৰ হাতৰ চাফাই বুলি প্ৰমাণ কৰিব পৰা যাব।১৬১ তথ্যচিত্ৰখনত আলায়া ৰাহ্মৰ সাক্ষাৎকাৰো দেখোৱা হ'ল, য'ত তেওঁ সত্য সাই বাবাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ আনিলে।৬ তাৰ ফল স্বৰূপে যুক্তৰাজ্যৰ সংসদত ব্ৰিটিছ সৰু ল'ৰাই সত্য সাই বাবাৰ আশ্ৰমলৈ গৈ অকলে লগ কৰাৰ বিপদৰ কথা আলোচনা হ'ল।১৬২
২০০৪ চনত বিবিচিয়ে "দা চিক্ৰেট স্বামি" (গুপ্ত স্বামী) নামৰ তথ্যচিত্ৰ প্ৰচাৰ কৰিলে, "দা ৱৰ্ল্ড আন্কভাৰ্ড" ক্ৰমৰ অংশ হিচাপে। ".১৬৩ বিবিচিৰ তথ্যচিত্ৰখনৰ এটি মুখ্য বিষয় আছিল আলায়া ৰাহ্মৰ যৌন নিৰ্যাতনৰ অভিযোগ।১৬৪ অনুষ্ঠানটোত তেওঁৰ লগত মাৰ্ক ৰ'কৰ সাক্ষাৎকাৰো লোৱা হৈছিল, যিয়ে ১৯৬৯ৰ পৰা নিজৰ জীৱনৰ ২৫ বছৰ আন্দোলনটোৰ লগত জড়িত থাকিলে and alleged abuse by Sai Baba..১৬৪ অনুষ্ঠানটোত সত্য সাই বাবাৰ সমালোচক বাচাৱা প্ৰেমানন্দো উপস্থিত আছিল। তেওঁ কয় যে সত্য সাই বাবা "এজন ঠগেই নহয়, কিন্তু এজন বিপজ্জনক যৌন নিৰ্যাতক"। তেওঁৰ সাক্ষাৎকাৰৰ মতে, তেওঁৰ ওচৰত ৩০ বছৰ ধৰা কাহিনী আছে, আৰু তেওঁ কয় যে তেওঁৰ কাহিনীবোৰ একেধৰণৰ, গুপ্তাংগত তেল সনাৰ ঘটনা। এজন পূৰ্ব-ভক্তই কোৱা মতে সত্য সাই বাবাই "হাতত তেল সানিলে, মোক মোৰ পেণ্ট তললৈ কৰিবলৈ ক'লে আৰু মোৰ গুপ্তাংগত তেল সানিলে"। প্ৰেমানন্দৰ মতে বহু ভাৰতীয় ল'ৰা চিকাৰ হ'ল, কিন্তু প্ৰকাশ কৰিবলৈ ভয় কৰিলে।৬
সমালোচনাৰ প্ৰত্যুত্তৰ
সত্য সাই বাবা আৰু তেওঁৰ ভক্তসকলে তেনে অভিযোগ জোৰদাৰভাৱে নস্যাৎ কৰিলে, যি অভিযোগ কেতিয়াও প্ৰমাণিত নহ'ল। .১০ ভক্ত বিল আইৎকেনে "দা ৱীক"ত কৈছিলে যে সত্য সাই বাবাৰ সুনাম আৰু সন্মান তেওঁৰ বিষয়ে প্ৰকাশিত নেতিবাচক কাহিনীসমূহৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই। তেওঁ ক'লে যে যে যিমান বেছি লোকে তেওঁৰ বিৰুদ্ধে ক'লে, সিমানেই অধিক ভক্ত তেওঁৰ কাষলৈ আহিল। .১৬৫
ডেইলী টেলিগ্ৰাফত লিখা প্ৰবন্ধ "ডিভাইন ডাউনফল"ত সত্য সাই শৈক্ষিক প্ৰতিষ্ঠানৰ পূৰ্বৰ প্ৰধান শিক্ষক অনিল কুমাৰে ক'লে যে তেওঁ বিশ্বাস কৰে যে সমালোচনা সত্য সাই বাবাৰ ঈশ্বৰীয় আঁচনিৰ এটা অংশ আৰু প্ৰতিজন ধৰ্মীয় গুৰুৱেই জীৱনত সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। অনিল কুমাৰে লগতে ক'লে যে সত্য সাই বাবাৰ ওপৰত সৰুৰে পৰা তেনে অভিযোগ অনা হৈছে, কিন্তু প্ৰতিটো অভিযোগৰ সৈতে তেওঁ অধিক কীৰ্তিমান হৈছে। .১৬৬
লৰেঞ্চ এই নিজৰ গ্ৰন্থ "ৰিডেম্প্টিভ এন্কাউণ্টাৰ্চ: থ্ৰি মডাৰ্ণ ষ্টাইল্চ ইন দা হিন্দু ট্ৰেডিচন"ত লিখিছে, "তেওঁ যিয়েই হয়, তেওঁৰ সমালোচকে দাবী কৰাৰ দৰে সাধাৰণ পাৰ্লাৰ জাদুগৰতকৈ অধিক। ""৩
সত্য সাই বাবাই সকলোৰে আগত, ২৫ ডিচেম্বৰ ২০০০ চনত অভিযোগৰ প্ৰত্যুত্তৰ দিলে:
কিছু লোকে নিজৰ তুচ্ছ-মানসিকতাৰ বাবে সাই বাবাৰ ছবিক বেয়া কৰাৰ চেষ্টা কৰে। নাম আৰু যশস্যা মোৰ লক্ষ্য নহয়। সেয়ে, মই মিছা অভিযোগৰ বাবে একো নেহেৰুৱাও। মোৰ মাহাত্ম্য দিনক দিনে বাঢ়ি গৈ থাকিব। ই কেতিয়াও অলপো কম নহয়, যদি তেওঁলোকে মিছা অভিযোগবোৰ সমগ্ৰ বিশ্বত মোটা আখৰতো প্ৰকাশ কৰা হয়। কিছু ভক্ত মিছা বাক্যবোৰৰ বাবে সন্তপ্ত হোৱা দেখা যায়। তেওঁলোক প্ৰকৃত ভক্ত নহয়। সাইৰ শক্তি জনাৰ পিছতো 'কাঁউৰীৰ কাঁ'ৰ পৰা কিয় ভয় খাব লাগে? এজনে বেৰত লিখা, ৰাজনৈতিক মিটিঙত কোৱা বা লিখিত মাধ্যমে প্ৰকাশ কৰা অশ্লীল সাধুৰ ওপৰত বিশ্বাস কৰিব নালাগে। .১৬৭
২৬ ডিচেম্বৰ ২০০০ চনত দ্য টাইমচ অৱ ইণ্ডিয়াত সাই বাবাৰ বক্তব্য প্ৰকাশ পালে:
যীচুও বহু কঠিনতাৰ সন্মুখীন হৈছিল, আৰু ঈৰ্ষাৰ বাবেই তেওঁ ক্ৰচবিদ্ধও হৈছিল। তেওঁৰ চাৰিওফালে থকা বহু লোকে তেওঁ কৰা ভাল কাম আৰু তেওঁ গোটোৱা ধেৰসংখ্যাক অনুগামী সহ্য কৰিব নোৱাৰিলে। তেওঁৰ এজন শিষ্য জুডাচে বিশ্বাসঘাত কৰিলে। সেই সময়ত এজন জুডাচ আছিলে, কিন্তু এতিয়া হাজাৰ হাজাৰ আছে। যিদৰে সেই জুডাচক বিশ্বাসঘাত কৰিবলৈ প্ৰলোভিত কৰা হৈছিল, আজিৰ জুডাচকো মিছা মাতিবলৈ ক্ৰয় কৰা হৈছে। ঈৰ্ষা তেওঁৰ ওপৰত অহা অভিযোগৰ প্ৰেৰক আছিল। .১৬৮
ডিচেম্বৰ ২০০১ চনত তেতিয়াৰ ভাৰতীয় প্ৰধান মন্ত্ৰী আৰু সাই বাবাৰ ভক্ত অটল বিহাৰী বাজপায়ী,৮৬ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ পি এন ভগৱতী, ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চেয়াৰ পাৰ্চন আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ ৰংগনাথ মিশ্ৰা, আন্তৰ্সংসদীয় ইউনিয়নৰ সভাপতি আৰু বিশেষ মানৱ উন্ননয়ন এম্বেচাদৰ নাজমা হেপতুল্লা, ভাৰতীয় সাংসদ, পূৰ্বতে লোকসভাত আৰু কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ পাতিলে একেলগে তলৰ বাক্যকেইটাত স্বাক্ষৰ কৰিলে:
আমি ভগৱান শ্ৰী সত্য সাই বাবাৰ ওপৰত কিছু নিশ্চিত ৰুচী আৰু লোকে অনা বন্য, অচিন্তাশীল, আৰু মিশ্ৰিত অভিযোগৰ বাবে অতিকৈ দুঃখিত। আমি সাধাৰণতে আশা কৰো যে দায়িত্বশীল মাধ্যমে সচা তথ্য প্ৰকাশ কৰাৰ আগতে নিশ্চিত কৰি ল'ব-- বিশেষকৈ যেতিয়া ব্যক্তিজনক সমগ্ৰ বিশ্বতেই প্ৰেম আৰু নিস্বাৰ্থ মানৱ সেৱাৰ স্বৰূপ হিচাপে গ্ৰহণ কৰা হয়। .১৬৯১৭০
উল্লেখনীয় অনুগামী
ৰাজনীতি
- ৰচাৰিয়' মুৰিল'
- কে. জয়কুমাৰ
- কাৰু জয়সুৰীয়া
- এ পি জে আব্দুল কালাম
- নিকলাচ মাডুৰ'
- শিৱৰাজ পাতিল
- মীৰা সন্যাল
- অতল বিহাৰী বাজপেয়ী
- নৰেন্দ্ৰ মোদী
- পি. ভি. নৰসিংহা ৰাও
- নিচেংকে ৱিজেয়েৰেত্নে
- খালেদা জিয়া
- এন. চন্দ্ৰনাবাবু নাইডু
ক্ৰীড়া
- সুনীল গাভাস্কাৰ১৭১
- ভি ভি এচ লক্ষ্মণ১৭২
- শচীন তেণ্ডুলকাৰ
- মুৰলী কাৰ্তিক১৭৩
- অৰ্জুন ৰণতুংগা১৭৪
- সনথ জয়সুৰীয়া১৭৫
- আল্বিন কালিচৰণ১৭৬
- গুণ্ডপ্পা বিশ্বনাথ১৭৬
বিজ্ঞান
- চুৰি ভগৱন্তম
সংগীত, চলচ্চিত্ৰ আৰু কলা
- আমজাদ আলি খান
- জৱান ব্ৰাইন
- এলিচ কল্ট্ৰেন
- অঞ্জলি দেৱী
- মায়নাৰ্স ফাৰ্গুচন
- কুণাল গাঞ্জাৱালা
- গায়ত্ৰী অয়্য়ৰ
- ডানা গিলেস্পি১৭৭
- হৰিহৰণ
- অনুপ জাল'টা
- পণ্ডিত শিৱকুমাৰ শৰ্মা
- পি. সুশীলা
- ঐশ্বৰ্য়া ৰায়
- সুধা ৰঘুনাথম
- জি. পি. ৰাজৰত্নম
- মেণ্ডলিন শ্ৰীনিৱাস
- এম. এচ. সুব্বুলক্ষ্মী
- পৰবীন সুল্তানা
- পংকজ উধাস
অন্য উল্লেখনীয় অনুগামী
- ইন্দ্ৰ দেৱী
- কে. ভি. কমথ
- ৰুচ্চি কৰঞ্জীয়া
- নিৰ্মল চন্দ্ৰ চুৰী
- আইজাক টাইগ্ৰেট
- ৱেণু শ্ৰীনিৱাসম
- ৱেইন ডায়াৰ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (24 April 2011). Obituary: Indian guru Sai Baba. BBC
- ↑ Richard Weiss, Victoria University of Wellington – The Global Guru: Sai Baba and the Miracle of the Modern; Available Online: www.nzasia.org.nz/downloads/NZJAS-Dec05/7_2_2.pd
- ↑ Babb, Lawrence A. (1991). (books.google.com/books?id=B8bMjUt6AqIC Redemptive Encounters: Three Modern Styles in the Hindu Tradition). University of California Press. পৃ. 164. ISBN 0-520-07636-2
- ↑ Lord Meher Revised Online Edition Page 4926. lordmeher.org
- ↑ Harmeet Shah Singh. (24 April 2011). Indian spiritual guru dies at 85. CNN
- ↑ Datta, Tanya. (17 June 2004). Sai Baba: God-man or con man?. BBC News
- ↑ Palmer, Norris W. "Baba's World". In: Forsthoefel, Thomas A.; Humes, Cynthia Ann (eds.). (2005). Gurus in America. State University of New York Press. ISBN 0-7914-6574-8
- ↑ SSSCT- Sri Sathya Sai Seva Organisation. srisathyasai.org.in
- ↑ Our Branches. Official website - International Sai Organisation
- ↑ (27 April 2011). Thousands flock to funeral of India guru Satya Sai Baba. BBC News
- ↑ Sai Baba's legacy. Deccan Herald
- ↑ 'Sai Baba did everything govt could not' - The Times of India. The Times Of India
- ↑ Urban, Hugh B. (2003). Avatar for Our Age: Sathya Sai Baba and the Cultural Contradictions of Late Capitalism. Religion. Elsevier. পৃ. 74
- ↑ Palmer, Norris W. "Baba's World". In: Forsthoefel, Thomas A.; Humes, Cynthia Ann (eds.). (2005). Gurus in America. State University of New York Press. পৃ. 99. ISBN 0-7914-6574-8
- ↑ Haraldsson, Erlendur, Miracles are my visiting cards – An investigative inquiry on Sathya Sai Baba, (1997 revised and updated edition published by Sai Towers, Prasanthi Nilayam, India), p. 55, ISBN 81-86822-32-1
- ↑ John Eade, Christopher Mele: Understanding the City:Contemporary and Future Perspectives
- ↑ CJ: Mazhar Nawaz. Sathya Sai Baba celebrates his 84th birthday. Merinews.com
- ↑ (25 April 2011). Vaastu dosham at hospital he built, say Sai kin. The Times of India
- ↑ Kent, Alexandra. (2005). Divinity and Diversity: A Hindu Revitalization Movement in Malaysia. Nordic Institute of Asian Studies. পৃ. 37–39. ISBN 87-91114-40-3
- ↑ Alexandra Kent – Creating Divine Unity: Chinese Recruitment in the Sathya Sai Baba Movement of Malaysia
- ↑ Larson's Book of World Religions and Alternative Spirituality
- ↑ (8 March 1940). Sathyam Sivam Sundaram Part I: 5.The Serpent Hill. Vahini.org
- ↑ Staff. (23 November 2003). Sathya Sai Speaks Volume 36 (2003): 20. Mother's Role in Human Values. Sri Sathya Sai Books and Publications Trust
- ↑ Masoud Kheirabadi. (March 2005). Sri Satya Sai Baba. Infobase Publishing. পৃ. 28–. ISBN 978-0-7910-8104-4
- ↑ Schulman, Arnold (1971). Baba. Viking Press. pp. 122–124. ISBN 0-670-14343-X
- ↑ Murphet, Howard (1977), Man of Miracles, Weiser, ISBN 0-87728-335-4
- ↑ Bowen, David (1988). The Sathya Sai Baba Community in Bradford: Its origins and development, religious beliefs and practices. Leeds: University Press. ISBN 1-871363-02-0
- ↑ (23 November 2005). Sri Sathya Sai 80th year of Advent. The Hindu
- ↑ Jason Burke. Sai Baba, spiritual guru to millions, dies at 85. the Guardian
- ↑ Murphet, Howard (1977). Man of Miracles. Weiser. ISBN 0-87728-335-4 portions available online books.google.ca/books?id=BPsVFqhclS0C&prints
- ↑ (6 July 1963). Shiva Shakthi. Sathyasai.org
- ↑ About Prema Sai Baba. sathyasai.org
- ↑ (24 April 2011). Satya Sai Baba, Indian guru, dies at 84. BBC News
- ↑ (7 December 1968). Sathyam Sivam Sundaram Part III: 3. The Awakening Continent. Vahini.org
- ↑ Staff. (4-7-1968). Sathya Sai Speaks Volume 8 (1968): 22. The message I bring. Sri Sathya Sai Books and Publications Trust
- ↑ (1 March 2006). Sathyam, Shivam and Sundaram Mandirs. media.radiosai.org
- ↑ (24 April 2011). Who is Sri Sathya Sai Baba?. NDTV
- ↑ (24 April 2011). Religion Obituaries; Satya Sai Baba. The Telegraph
- ↑ Madhusoodan, M K. (25 April 2011). Sathya Sai Baba escaped murder attempt. Daily News and Analysis
- ↑ The Hindu: Water projects: CM all praise for Satya Sai Trust by Our Staff Reporter, 13 February 2004,Available online
- ↑ (7 April 2006). Sai Global Harmony – Prasanthi Bulletin. Radiosai.org
- ↑ Balakrishnan, Deepa. (23 November 2007). Sai Baba turns 82, is still going strong. CNN-IBN "However, he has been confined to a wheelchair for over two years now and his failing health has forced him to make fewer public appearances."
- ↑ (5 April 2011). Sai Baba in stable condition: Hospital. হিন্দুস্তান টাইমছ
- ↑ (6 April 2011). Baba's health condition 'stable'. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (24 April 2011). Spiritual leader Sathya Sai Baba passes away. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Babb, Lawrence. (1986). Redemptive Encounters: Three Modern Styles in the Hindu Tradition. University of California Press. পৃ. 166. ISBN 1-57766-153-2
- ↑ Mohammed Shafeeq. Post. Durban: 27 April 2011. pg. 4
- ↑ Sri Philip M. Prasad, Malayalam Daily. Kerala, India: 25 April 2011. "What Baba has foretold was indeed correct. According to the Roman calendar he has completed 85 years. But one can note that generally in all of Baba’s discourses Baba had been referring to the star (lunar) basis in calculations. In Indian astrology there are 27 stars in a month starting with Aswathy and ending with Revathy. Accordingly a year of 12 months is composed of 324 days. Sai Baba was born on 23 November 1925. From that day till his death day 24 April 2011 there were a total of 33,899 days. If this is divided with 324, we get 95 years and 54 days. Accordingly, under the star basis of calculation he was in his 96th year having completed 54 days when he left his physical body."
- ↑ The Hindustan Times, New Delhi: 25 April 2011
- ↑ Narayan, Sreejith. (2012). Sai, Thy Kingdom Come. ISBN 978-1-62314-842-3
- ↑ 100 Spiritual Power List by Watkins, 2011. watkinsbooks.com
- ↑ News 9, 24 April 2011, 16:00 IST
- ↑ (27 April 2011). Sathya Sai Baba gets a tearful farewell at his Puttaparthi home. ইণ্ডিয়া টুডে
- ↑ Indian guru Sai Baba dies in hospital – Central & South Asia. Al Jazeera English
- ↑ (27 April 2011). Sathya Sai Baba buried in Puttaparthi. DNA
- ↑ (27 April 2011). Tearful farewell to Sathya Sai Baba. CNN-IBN
- ↑ Thousands line up for last glimpse of Indian guru. UTSanDiego.com
- ↑ L.K.Advani Reaction on Sathya Sai Baba's Death:TV9 – Mirchi 9 – Telugu News | Andhra News | Hyderabad | Andhra | India | Brain | Studies | University. Mirchi9.com
- ↑ L.K.Advani Reaction on Sathya Sai Baba's Death, TV9 – L.K.Advani Reaction on Sathya Sai Baba's Death at. 70mmonline.com
- ↑ World has lost a great spiritual leader - Sri Lankan President Mahinda Rajapaksa. asiantribune.com
- ↑ (25 April 2011). Dalai Lama Mourns Sri Sathya Sai Baba's Death. outlookindia.com
- ↑ (24 April 2011). Sachin mourns SaiBaba death on his b'day. IBNLive
- ↑ A sad birthday for Master Blaster. TruthDive
- ↑ (25 April 2011). A secular spiritual leader. The Hindu
- ↑ Radio Sai's E-Journal. Sri Sathya Sai Central Trust Press Meet, 28 June 2011, media.radiosai.org/Journals/Vol_09/01JUN11/11-pr
- ↑ Deccan Herald, Tuesday 17 June. 2011, "Huge amount of gold, silver, cash found in Sai Baba's Chamber" www.deccanherald.com/content/169535/huge-amount-
- ↑ (3 July 2011). Assets worth Rs 77L seized at Sai ashram. Times of India
- ↑ (17 June 2011). Treasure island: Sai Baba's gold trove. Press Trust of India
- ↑ G.S. Radhakrishna. (17 June 2011). Open sesame! Baba & his chamber of secrets. The Telegraph of India and this graphic
- ↑ (21 July 2011). Three-day count at Baba's ashram yields treasure. The Times of India
- ↑ Perfumes, sarees form Sai Baba's inventory. Deccan Herald
- ↑ im.rediff.com/news/2012/sep/02deed-of-declaratio
- ↑ Trust says it respects Sai Baba's will. newstrackindia.com
- ↑ Declaration made by Satya Sai in 1967 released. IBNLive
- ↑ Sri Sathya Sai Books & Publication Trust. Sssbpt.info
- ↑ Sai Baba Of India-Sri Sathya Sai Baba Centers- Sai Baba organisation worldwide. saibabaofindia.com
- ↑ timesofindia.indiatimes.com/topic/Sanathana-Sara)
- ↑ Magazines Established in 1958: Sanathana Sarathi, the Jazz Review, Horizon, Sound. Barnes & Noble
- ↑ Sathya Sai Baba Sathya Sai Speaks IX, 35, 187–188 (old edition)
- ↑ Sathya Sai Baba Avatar Sweden Sverige. sathyasai-se.org
- ↑ (3 December 2009). Sai Baba turns 84. Thestar.com.my
- ↑ The Sai Organization: Numbers to Sai Centres and Names of Countries. Sathyasai.org
- ↑ Adherents cites Chryssides, George. Exploring New Religions. London, UK: Cassells (1999) (10 million) *Brown, Mick (2000-10-28). "Divine Downfall". Daily Telegraph. www.telegraph.co.uk/health/main.jhtml?xml=/healt. Retrieved 2007-03-12 *Edwards, Linda (2001). A Brief Guide to Beliefs: Ideas, Theologies, Mysteries, and Movements. Westminster John Knox Press. ISBN 0-664-22259-5
- ↑ The Economist, "Sai Baba", 14 May 2011, p. 110
- ↑ Bradsher, Keith. (1 December 2002). A Friend in India to All the World. The New York Times
- ↑ Palmer, Norris W. "Baba's World". In: Forsthoefel, Thomas A.; Humes, Cynthia Ann (eds.). (2005). Gurus in America. State University of New York Press. পৃ. 97–98. ISBN 0-7914-6574-8
- ↑ (25 April 2011). Sathya Sai Baba passes away, leaves behind Rs 40,000-cr worth empire with no clear succession plan. Economic Times
- ↑ Amarnath K. Menon. (25 April 2011). Up in the Heir: The secret world of Sathya Sai Baba's Rs 40,000 cr empire. ইণ্ডিয়া টুডে
- ↑ Indo-Asian News Service. (24 April 2011). Sai Baba's death leaves question mark on Rs 40,000 crore empire. Deccan Herald
- ↑ (26 April 2011). Sathya Sai Baba trust worth Rs 1.4 lakh crore?. CNN-IBN
- ↑ (2 June 2011). What's inside Sathya Sai's personal chamber?. Zee News
- ↑ Express News Service. (31 May 2011). Trust hesitant on unlocking Sai Babas residence. CNN-IBN
- ↑ Education for Life, The Sathya Sai Way, Times of India, Chennai, Special Report, 14 April-2010
- ↑ SSSIHL Campuses. sssihl.edu.in
- ↑ Top CBSE-Affiliated Schools: School-Wise Performance Analysis in the CBSE Class-12 Examinations of 2014
- ↑ K.V. Subramanya. Pall of gloom descends on Sri Sathya Sai Gram. The Hindu
- ↑ (7 September 2009). Education Plus: An emerging educational hub. The Hindu
- ↑ (25 November 2008). Varsity for Muddenehalli. The New Indian Express
- ↑ Times of India, "Sathya Sai Baba Trust to set up second superspecialty hospital at Bangalore", 29 May 2000
- ↑ "Sai Baba hospital: A refuge to millions", 1 May 2001, Available online
- ↑ puttaparthi-info.com
- ↑ DNB Gold medal. Sri Sathya Sai Central Trust
- ↑ Souljourns Interview, An Interview with the current director of SSSIHMS. Dr. Choudhary Voleti speaks about SSSIHMS Puttaparthi and its growth
- ↑ www.sssbpt.info/ssspeaks/volume23/sss23-34.pdf
- ↑ আৰ্কাইভ কপি
- ↑ Deccan Harald: "Where service comes first" by Aruna Chandaraju, 17 January 2006 Available online
- ↑ The Hindu: Vajpayee hits out at high cost of medicare by A. Jayaram, 20 January 2001 Available online
- ↑ Times of India, "Sai hospital to host health meet on Saturday", 14 January 2002, Available online
- ↑ puttaparthi-info.com
- ↑ The Times of India: Super-Specialty hospital touches 250,000 cases by Manu Rao, Available online
- ↑ SSSCT-Service Projects - Water Supply - Anantapur. srisathyasai.org.in
- ↑ The Week: Showers of Grace by Hiramalini Seshadri, 26 May 2002 Available online
- ↑ The Hindu: Chennai benefits from Sai Baba's initiative by Our Special Correspondent, 1 December 2004, Available online
- ↑ The Hindu: Project Water by Hiramalini Seshadri, 25 June 2003, Available online
- ↑ Chennai Online: MK hails Sai Baba's service to mankind, 21 January 2007, Available online
- ↑ IBN: Karunanidhi shares dais with Sai Baba, 21 January 2007, Available online
- ↑ The Hindu: Saibaba Trust to undertake drinking water project in Latur, 17 January 2007,Available online
- ↑ Water projects endeared Baba to Chennai - The Times of India. The Times Of India
- ↑ (13 February 2004). Water projects: CM all praise for Satya Sai Trust. The Hindu
- ↑ Natives remember Sathya Sai Baba for philanthropy. indianexpress.com
- ↑ Flood leaves behind a miracle, The Times of India, Chennai, Special Report, 14 April-2010
- ↑ Sai Educare Website, authorized by the Sathya Sai Organization, Available online
- ↑ Sathya Sai Educare. Educare.sathyasai.org
- ↑ Times of Zambia. Times.co.zm
- ↑ School Report Cards by Fraser Institute. Fraserinstitute.org
- ↑ The Hindu, "Saibaba Gospel Goes on Air", 24 November 2001, Available online
- ↑ (23 November 1999). SSSCT-Service Projects – Water Supply – Anantapur. Srisathyasai.org.in
- ↑ Felicitation for Water Project Indian Express
- ↑ (21 January 2007). Indian News. Indiaenews.com
- ↑ (24 November 2013). Postal stamp on Sathya Sai Baba released. The Hindu
- ↑ Postal department to release stamp on Sathya Sai Baba - The Times of India. The Times Of India
- ↑ Krishnamoorthy, M. (2 April 2005). Enlightening experience in India. The Star Online
- ↑ Places to see at Puttaparthi. Available online
- ↑ The Hindu, "A 5-point recipe for happiness" 24 November 2006 Available online
- ↑ The Hindu, "Warm welcome to PM at Puttaparthi",12 February 2004 Available online
- ↑ Deccan Herald, "Sathya Sai's birthday celebrations on" by Terry Kennedy, 23 November 2005, Available online
- ↑ The ashrams of Sathya Sai Baba. Referenced from the official Sathya Sai Organization website, Available online
- ↑ Alexandra Kent Divinity and diversity: a Hindu revitalization movement in Malaysia, NIAS, 2005
- ↑ Handoo, Jawaharlal in Asian Folklore Studies, Vol. 48, No. 2 (1989), pp. 326–32 reviewing Lawrence A. Babb's book Redemptive Encounters. Three Modern Styles in the Hindu Tradition page 1
- ↑ Nagel, Alexandra (note: Nagel is a critical former follower) "De Sai Paradox: Tegenstrijdigheden van en rondom Sathya Sai Baba"/"The Sai Paradox contradictions of and surrounding Sathya Sai Baba" from the magazine "Religieuze Bewegingen in Nederland, 'Sekten' "/"Religious movements in the Netherlands, 'Cults/Sects' ", 1994, nr. 29. published by the Free University of Amsterdam press, (1994) ISBN 90-5383-341-2 Dutch original: "Ofschoon Sai Baba gezegd heeft mensen van allerlei religieuze gezindten te helpen terug te gaan naar oude waarden en normen, en ofschoon zijn logo de symbolen van de andere grote godsdiensten bevat, is de sfeer rondom Sai Baba duidelijk hindoeïstisch gekleurd. Alle moslim-elementen bijv. waarvan verondersteld zou kunnen worden dat hij die zou hebben meegenomen uit zijn leven als Sai Baba van Shirdi, heeft hij laten vallen. Het enig echt herkenbare wat hij van Sh
- ↑ (1 May 2006). Sri Sathya Sai Baba Organization in Canada – Home Page. Sathyasai.ca
- ↑ us.sathyasai.org/resources/06oct15CenterGuidelin
- ↑ The Sri Sathya Sai Baba Centre of Toronto – York. Sathyasaitoronto.org
- ↑ Ruhela S.P., Sri Sathya Sai Baba and the Press, pp. 1–5, 1997 ISBN 81-7533-041-4
- ↑ Ruhela S.P., How to Receive Sri Sathya Sai Baba's Grace, pp. 277, 2006 ISBN 81-7182-089-1
- ↑ Rahul Singh. (2 November 2009). The Spell Breaker. Outlook
- ↑ Haraldson, op. cit, pp 204–205
- ↑ Satya Sai Baba and His Miracles. The Chakra
- ↑ Interview given by Sathya Sai Baba to R. K. Karanjia of Blitz news magazine in September 1976 Available online
- ↑ Haraldsson, pp 209
- ↑ Haraldsson, op. cit., pp. 206
- ↑ Tanya Datta. (17 June 2004). Sai Baba: Goan or con man?. BBC News
- ↑ Eagle & Eagle. Eagletv.co.uk Clip
- ↑ Haraldsson, op. cit., pp. 295–301
- ↑ Haraldsson, op. cit., pp 300, 295–301
- ↑ Mick Brown, The Spiritual Tourist, 1998, Bloomsbury Publishing, ISBN 1-58234-034-X "In the House of God", pp. 73–74
- ↑ Hislop, John S. My Baba and I 1985 published by Birth Day Publishing Company, San Diego, California ISBN 0-9600958-8-8, "The Resurrection of Walter Cowan", pages 28–31
- ↑ Brown Mick, The Spiritual Tourist, "The Miracle in North London", pp. 29–30, 1998 ISBN 158234034X
- ↑ The Vancouver Sun, 27 February 2001, Holy man? Sex abuser? Both?
- ↑ www.sssbpt.info/ssspeaks/volume33/sss33-17.pdf
- ↑ (2002). Seduced by Sai Baba. DR
- ↑ UK Parliament official web site
- ↑ (11 June 2004). Programmes | This World | Secret Swami. BBC News
- ↑ (2004). Secret Swami. BBC News
- ↑ Aitken, Bill (27 November 2005), Miracle of Welfare
- ↑ Brown, Mick (28 October 2000). "Divine Downfall". Daily Telegraph
- ↑ Sathya Sai Speaks Vol.33, pg.389
- ↑ Rao, Manu (26 December 2000), Sai Baba lashes out at detractors timesofindia.indiatimes.com/city/bangalore/sai-b
- ↑ Letter from A.B. Vajpayee (the then Prime Minister of India), www.hindu.com/thehindu/fline/fl2810/stories/2011
- ↑ Official Letter, www.saibaba.ws/images/letter_pm_india.gif
- ↑ (24 April 2011). Gavaskar condoles death of Sri Sathya Sai Baba. The Times Of India
- ↑ Sai Student: Experiences and Musings: The greatest VVS Laxman innings I witnessed off the cricket field
- ↑ India have missed out on a match-winner
- ↑ Last glimpse of Sathya Sai Baba
- ↑ Test of faith. India Today
- ↑ Kallicharan bowled over! - The Times of India. The Times Of India
- ↑ H2H Special: Conversation with Dana Gillespie, British singer, actress and song writer (part 2)- Dec 2011. radiosai.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্য সাই বাবা” প্ৰবন্ধৰ সংশোধন ৬৪০২৬০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।