অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সমৰেন্দ্ৰ নাৰায়ণ দেৱ

সমৰেন্দ্ৰ নাৰায়ণ দেৱ (Samarendra Narayan Dev) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, টেলিফিল্ম-নিৰ্মাতা, ধাৰাবাহিকৰ পৰিচালক, নাট্যকাৰ। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অৰণ্য নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল৷ তেখেতে মুঠতে…

হালনাগাদ: ১৯ জুন ২০২৬ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সমৰেন্দ্ৰ নাৰায়ণ দেৱ (Samarendra Narayan Dev) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, টেলিফিল্ম-নিৰ্মাতা, ধাৰাবাহিকৰ পৰিচালক, নাট্যকাৰ। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী১ অৰণ্য নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল৷ তেখেতে মুঠতে ৬খন অসমৰ চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা দ্বিতীয়খন চলচ্চিত্ৰ "পুতলা ঘৰ"-য়েও ১৯৭৬ চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তেওঁ অসমত 'এবছাৰ্ড' নাট্যধাৰা জনপ্ৰিয়কৰণতো আগভাগ লৈছিল৷ চলচ্চিত্ৰৰ উপৰি তেওঁ টেলিফিল্ম আৰু ধাৰাবাহিকৰ নিৰ্মাণতো সক্ৰিয়ভাৱে জড়িত হৈছিল৷ সমৰেন্দ্ৰ নাৰায়ণ দেৱে ৬খন চলচ্চিত্ৰ, ৪খন টেলিফিল্ম, ৫খন তথ্যচিত্ৰ আৰু ৮খন ধাৰাবাহিক নিৰ্মাণ কৰিছিল৷ ২

প্ৰাৰম্ভিক জীৱন

১৯৪০ চনৰ ১৩ অক্টোবৰত মঙ্গলদৈৰ হাউলী মোহনপুৰত এটি কোচ ৰাজপৰিয়ালত সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ জন্ম হয়। পিতৃৰ নাম ভূপেন্দ্ৰ নাৰায়ণ দেৱ আৰু মাতৃ সৰোজ দেৱী। তেওঁৰ পিতৃ আছিল অবৈতনিক দণ্ডাধীশ আৰু অসম বিধানসভাৰ সদস্য৷ তেওঁৰ দুই পুত্ৰ ক্ৰমে, জ্যোতিস্মান নাৰায়ণ দেৱ আৰু অংশুমান নাৰায়ণ দেৱ।৩ নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত তেওঁ 'পোহৰ বিচাৰি' নামৰ নাটখন লিখে৷ ৪ সমৰেন্দ্ৰ নাৰায়ণ দেৱে শ্বিলঙৰ ছেইণ্ট এডমাণ্ড, ছেইণ্ট এন্থনী আৰু মঙলদৈ মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল৷ ৪ কলেজত পঢ়ি থকা সময়ত তেওঁ 'চিৰাজ' নাটকত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ লগত অভিনয় কৰে৷ ২

কৰ্মজীৱন

পৰৱৰ্তী সময়ত সমৰেন্দ্ৰ নাৰায়ণ দেৱে 'ভিক্ষা' আৰু 'বান্দৰ আৰু জখলা' নামৰ নাটক দুখন ৰচনা কৰে৷ এই দুখন নাটকৰ জৰিয়তে তেওঁ অসমত 'এবছাৰ্ড' (উদ্ভট) নাট্যধাৰাৰ সূচনা কৰে৷৪ ১৯৬৭ চনত তেওঁ কলিকতালৈ গমন কৰে৷ নাট দুখনৰ জৰিয়তে তেওঁ অসম নাট্য সন্মিলনীৰ পৰা শ্ৰেষ্ঠ নাটক আৰু শ্ৰেষ্ঠ নাট পৰিচালনাৰ বঁটা২ লাভ কৰে৷ সংগীত নাটক একাডেমীয়ে প্ৰকাশ কৰা নাট্য-সংকলনত তেওঁৰ দ্বাৰা লিখিত ভেকোঁ-ভাওনাই স্থান লাভ কৰিছিল৷২ তেওঁৰ উদ্দেশ্য আছিল নাটক আৰু চলচ্চিত্ৰ সম্বন্ধে উচ্চতৰ অভিজ্ঞতা আৰু জ্ঞানাৰ্জন কৰা৷ কলিকতাত তেওঁ চলচ্চিত্ৰ-নিৰ্মাতা আশুতোষ বেনাৰ্জীৰ সান্নিধ্য লাভ কৰে৷ তেখেতৰ পৰা দেৱে চলচ্চিত্ৰ-নিৰ্মাণ সম্বন্ধীয় কাৰিকৰী জ্ঞান অৰ্জন কৰে৷ তেওঁ বেনাৰ্জীৰ সৈতে তিন ভুৱনেৰ পাৰ নামৰ চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপে যোগদান কৰে৷ ইয়াৰ পিছত তেওঁ অসমলৈ আহে আৰু চলচ্চিত্ৰ পৰিচালনাৰ কামত মনোনিৱেশ কৰে৷

১৯৭১ চনত তেওঁ নিজা কাহিনী আৰু পৰিচালনাৰে অৰণ্য (১৯৭০) নিৰ্মাণ কৰে৷ বিজু ফুকন, বিদ্যা ৰাও, তচদ্দুক ইউচুফ আৰু বিষ্ণু খাৰঘৰীয়াই অভিনয় কৰা ছবিখনে চোৰাং চিকাৰ আৰু অৰণ্য ধ্বংসযজ্ঞক বিষয়বস্ত হিচাপে গ্ৰহণ কৰে৷ ছবিখনে ১৯তম (১৯৭১) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটা লাভ কৰে। ৫৪৬

১৯৭৬ চনত তেওঁ নিজা ৰচনা, পৰিচালনা আৰু চিত্ৰনাট্যৰে তেওঁৰ দ্বিতীয়খন ছবি 'পুতলা ঘৰ' (১৯৭৬) নিৰ্মাণ কৰে৷ তচদ্দুক ইউচুফ আৰু কাশ্মিৰি শইকীয়াই অভিনয় কৰা ছবিখনেও ২৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে৷৪

পৰৱৰ্তী সময়ত তেওঁ সোণৰ হৰিণ (১৯৭৯), ৰাজা (১৯৮১), কাজিৰঙাৰ কাহিনী(১৯৮২) আৰু বীৰ চিলাৰায় (২০১২) নামৰ ছবিকেইখন নিৰ্মাণ কৰে৷ ৪

চলচ্চিত্ৰ নিৰ্মাণৰ উপৰি সমৰেন্দ্ৰ নাৰায়ণ দেৱে দূৰদৰ্শন কেন্দ্ৰৰ বাবে একাধিক টেলিফিল্মো নিৰ্মাণ কৰিছিল৷ তেওঁৰ দ্বাৰা নিৰ্মিত হিন্দী ভাষাৰ টেলিফিল্ম 'দৰ্পন' উল্লেখযোগ্য৷ ৪ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে তেওঁ ডাৱৰ, মোৰ গাঁৱৰ সাধুকে ধৰি সাঁচিপাতৰ পুথি, এজাক বৰষুণৰ অপেক্ষাত আদি ধাৰাবাহিক পৰিচালনা কৰিছিল৷ কভিডৰ সময়ত তেওঁ ভাইৰাছ এটি হুমুনিয়াহ নামৰ নাট এখন লিখি আখৰা কৰাইছিল৷ মৃত্যু হোৱাৰ পূৰ্বে তেওঁ অৰণ্য ছবিখনৰ চিকুৱেল 'আকৌ অৰণ্য'ৰ চিত্ৰনাট্য প্ৰস্তুত কৰি আছিল৷ এগৰাকী প্ৰযোজকৰ লগত আলোচনাও আগবাঢ়িছিল৷ কিন্তু প্ৰয়োজনীয় চুক্তিৰ অভাৱত তেওঁ সেই দিশত আগবাঢ়িব নোৱাৰিলে৷ ৪

ব্যক্তিগত জীৱন

সমৰেন্দ্ৰ নাৰায়ণ দেৱ ফুটবল খেলুৱৈ হিচাপেও পৰিচিত আছিল৷ ৪

মৃত্যু

সমৰেন্দ্ৰ নাৰায়ণ দেৱ মধুমেহ আৰু বৃক্কৰ সমস্যাৰ বাবে বহুদিন চিকিৎসাধীন হৈ থাকি ২০২৫ চনৰ ২৬ জানুৱাৰী, দেওবাৰৰ পুৱা ৪ বাজি ৪৫ মিনিটত৪ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।৩ মঙলদৈৰ হাউলী মোহনপুৰৰ ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন হয়৷ ৪

বঁটা-সন্মান

১৯৭১ চনত অৰণ্য নামৰ চলচ্চিত্ৰখনৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৭৬ চনত পুতলা ঘৰ ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৭

সৃষ্টিৰাজি

চলচ্চিত্ৰ

সমৰেন্দ্ৰ নাৰায়ন দেৱে মুঠতে ৬ খন ছবি পৰিচালনা কৰিছিল১

ছবিৰ নামবৰ্ষ
অৰণ্য১৯৭১
পুতলা ঘৰ১৯৭৬
সোণৰ হৰিণ১৯৭৯
ৰাজা১৯৮১
কাজিৰঙাৰ কাহিনী১৯৮২
বীৰ চিলাৰায়২০১২৮

টেলিফিল্ম

তেওঁ ৮খন টেলিফিল্মো নিৰ্মাণ কৰিছিল।৩

টেলিফিল্মৰ নামবৰ্ষ
ডাৱৰ১৯৮৯
দৰ্পন১৯৯৫
নিষিক্ত প্ৰদাহ১৯৯৮
মোৰ গানৰ সাধু (ইংৰাজী)২০০১
ইন্তেজাৰ (হিন্দী)২০০২
এজাক বৰষুণৰ অপেক্ষাত২০০২
মেৰে ৱতন (হিন্দী)২০০৮
আন্ধাৰত নিজৰ মুখ

তথ্যচিত্ৰ

তেওঁৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰকেইখন হৈছে-

বাহ্যিক সংযোগ

  1. New road for a veteran Personality-Samarendra Narayan Dev
  2. India Heritage:Performing Arts:Cinema In India:Regional Cinema

তথ্যসূত্ৰ

  1. ↑ (2013-01-22). Film Directors. enajori.com
  2. ↑ (২৮ জানুৱাৰী ২০২৫). অৰণ্য, পুতলাঘৰৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দেহাৱসান. নিয়মীয়া বাৰ্তা. পৃ. ১,১৩
  3. ↑ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়াণ দেৱ
  4. ↑ (২৮ জানুৱাৰী ২০২৫). প্ৰবীণ চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যু. দৈনিক অসম. পৃ. ১,৬
  5. ↑ Das Arunlochan. (2013). ((১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত)). Shashi Shisu Prakashan, Guwahati. পৃ. 181
  6. ↑ (27 jan 2025). বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যু. niyomiyabarta. niyomiya barta
  7. ↑ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যু
  8. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিচিত্ৰনাট্য লেখকৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত) বিজয়ীভাৰতৰ চলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমৰেন্দ্ৰ নাৰায়ণ দেৱ” প্ৰবন্ধৰ সংশোধন ৬১৩১০৫ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।