দুলাল ৰয় (Dulal Roy; জন্ম ১ এপ্ৰিল ১৯৪৩) অসমৰ এগৰাকী নাট্যকাৰ, নাট আৰু চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত অধ্যয়ন কৰিছিল। দুলাল ৰয়ে অসমৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ত যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মঞ্চ পৰিচালনা পৰীক্ষা-নিৰীক্ষাৰ বাবে জনাজাত; বিশেষকৈ আধুনিক ইউৰোপীয় নাটৰ প্ৰসংগত। তেওঁ চলচ্চিত্ৰৰ বাবেও চিত্ৰনাট্য আৰু পৰিচালনাৰ কাম কৰিছে।১ ৰয়ে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন হৈছে আশ্ৰয় (১৯৭৯)।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪৩ চনৰ ১ এপ্ৰিলত গুৱাহাটীত তেওঁৰ জন্ম হয়। দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা ১৯৬৬ চনত পৰিচালনা বিভাগত তেওঁ শিক্ষাগ্ৰহণ কৰে। লগতে তেওঁ পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা সম্পাদনাত ডিপ্লোমা লাভ কৰে। ইয়াৰ পিছতে, ৰয়ে হিন্দী ছবি পৰিচালনাৰ কাম শিকিবলৈ মুম্বাইলৈ যায় আৰু চাৰিখনকৈ হিন্দী ছবিত সম্পাদনাৰ সহকাৰী হিচাপে কাম কৰে। তেওঁ কাম কৰা চাৰিখন ছবিৰ ভিতৰত পুৰস্কাৰপ্ৰাপ্ত দুখন ছবি আছিল ৰাজেন্দ্ৰ সিং বেদীৰ দস্তক আৰু অসিত সেনৰ চফৰ।২
নাট ৰচনা
যুক্তিতৰ্ক, বিস্মৃতি, পণ ৰক্ষা আদি ৰয়ে ৰচনা কৰা কেইখনমান একাংকিকা নাট। তেওঁ ৰচনা কৰা কেইখনমান পূৰ্ণাংগ নাট হ’ল- কনকলতা, স্বাৰ্থপৰ দৈত্য, ড্ৰেগন, ভকত, হুদুমদেউ, কামৰূপ কি কাহানী, ষ্টাফ ফটোগ্ৰাফাৰ, ফাতেমা বিবিৰ ঘৰ আদি। ইয়াৰোপৰি তেওঁৰ সৃষ্টিসমূহৰ মাজত আছে- টেলিফিল্ম যাত্ৰা আৰু বন্দীয়াৰ, টেলিনাট- ভূত আৰু বাঢ়নী, লিলি ঐ লিলি, নিংনি ভাওৰীয়া আদি।৩
চলচ্চিত্ৰৰ সৈতে সম্পৰ্ক
ৰয়ে এখন মাত্ৰ অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল- ১৯৭৯-ত মুক্তি পোৱা আশ্ৰয়। অভিনয় কৰিছে অপৰূপা (১৯৮২), পাপৰি (১৯৮৬), অনল (১৯৯৯), ইমান মৰম কিয় লাগে (২০০২), অন্তহীন যাত্ৰা (২০০৪) আৰু জাহ্ন বৰুৱাৰ অপৰূপাৰ হিন্দী সংস্কৰণ অপেক্ষাত। ৰয়ে মুন্না আহমেদৰ অন্তহীন যাত্ৰাৰ চিত্ৰনাট্যও লিখিছে।২
সন্মান
- সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে দুলাল ৰয়লৈ অসম চৰকাৰে ২০১৯ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়ায়। ২০০৪ চনত ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই বঁটা প্ৰবৰ্তন কৰা হৈছিল।৩
- ১৯৯৮-ত ৰয়ে পৰিচালনা শিতানত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
- ২০২২ চনত ৰয়ে সংগীত নাটক অকাডেমীৰ সৰ্বোচ্চ সন্মান অকাডেমিৰ ফেলোশ্বিপ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ পৰা লাভ কৰে।২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Dulal Roy, Indian Theatre Personality. indianetzone.com
- ↑ (29 january 2020). অসমীয়া শিল্পী জগতৰ স্বনামধন্য ব্যক্তি “দুলাল ৰয়”. rupaliparda.com
- ↑ (25 July 2019). দুলাল ৰয়, আৰতি দাস বৈৰাগীলৈ ২০১৯ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা. janambhumi.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুলাল ৰয়” প্ৰবন্ধৰ সংশোধন ৬০৫৪৪৭ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।