জুহি চাওলা (Juhi Chawla; জন্ম: ১৩ নৱেম্বৰ, ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছবি প্ৰযোজক আৰু উদ্যোগী৷ ১৯৮৪ চনত অনুষ্ঠিত হোৱা ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰি জুহি চাওলাই আশীৰ দশকৰ শেষৰফালে হিন্দী ছবিজগতৰ এগৰাকী প্ৰতিষ্ঠিত তাৰকা হিচাপে স্ব-প্ৰতিষ্ঠিত হয়৷ কমিক-টাইমিং আৰু প্ৰাণোচ্চল চিনেমেটিক উপস্থিতিৰ বাবে জনাজাত জুহি চাওলাই এঘাৰটা ফিল্মফেয়াৰ মনোনয়ন লাভ কৰিছে আৰু দুটাকৈ ফিল্মফেয়াৰ জয় কৰিছে৷১২৩৪
১৯৮৬ চনত মুক্তিপ্ৰাপ্ত হিন্দী ছবি "ছুলটানত"ৰ জৰিয়তে চাওলাই হিন্দী ছবিৰ জগতত পদাৰ্পণ কৰে৷ তাৰ ঠিক দুবছৰৰ পাছতেই জুহী চাওলাই অভিনয় কৰা উল্লেখযোগ্য ছবি কয়ামট সে কয়ামট টক মুক্তি হয়৷ এইখন ছবি জুহি চাওলাৰ বাবে গুৰুত্বপূৰ্ণ টাৰ্ণি পইণ্ট হিচাপে বিবেচিত হয়৷ ছবিখনৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ সন্মান লাভ কৰে৷ পৰৱৰ্তী সময়ত জুহিয়ে লুটেৰে (১৯৯৩), আইনা (১৯৯৩), ডৰ (১৯৯৩), হাম হ্যেয় ৰাহী প্যাৰ কে (১৯৯৩) আদিৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰি দৰ্শকৰ পৰা প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ হাম হ্যে ৰাহী প্যাৰ কেৰ জৰিয়তে জুহিয়ে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ ইয়েছ বছ, মিষ্টাৰ এণ্ড মিছেছ খিলাড়ী, ইশ্বক জুহি চাওলাই অভিনয় কৰা আন দুখনমান উল্লেখনীয় ছবি৷৫
২০০৫ চনত জুহি চাওলাই স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰা কলাত্মক ছবিৰ অভিনয়ত গুৰুত্ব দিয়ে৷ ঝংকাৰ বিটছ (২০০৩), তিন দিৱাৰে (২০০৩), মাই ব্ৰাডাৰ নিখিল (২০০৫), গোলাব গেং (২০১৪) তাৰে মাজৰ কেইখনমান৷৬৭ ইয়াৰ উপৰি জুহিয়ে পাঞ্জাৱী ভাষাৰ একাধিক ছবিতো অভিনয় কৰে৷ তাৰে ভিতৰত শ্বহীদ উধাম সিং (২০০০) নামৰ আত্মজীৱনীমূলক ছবিখন অন্যতম৷
স্বামী জয় মেহতা, আৰু তাৰকা অভিনেতা শ্বাহৰুখ খানৰ লগত লগ হৈ জুহিয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলকাতা নাইট ৰাইডাৰ্ছ নামৰ দলটোৰ স্বত্বাধিকাৰী হয়৷ খানৰ লগত তেখেতে "ড্ৰিমছ আনলিমিটেড" নামৰ প্ৰযোজনা গোষ্ঠীটোও আৰম্ভণি কৰিছে৷ তেওঁলোকে এতিয়ালৈকে তিনিখন ছবি প্ৰযোজনা কৰিছে৷
প্ৰাৰম্ভিক জীৱন
১৯৬৭ চনৰ ১৩ নৱেম্বৰত হাৰিয়ানাৰ আম্বালাৰ জুহি চাওলাৰ জন্ম হয়৷ তেখেতৰ পিতৃ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আছিল৷৮ মু্ম্বাইস্থিত ফৰ্ট কনভেণ্ট স্কুলৰ পৰা জুহি চাওলাই স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷৯ পৰৱৰ্তী সময়ত তেখেতে মুম্বাইৰ ছাইডেনহাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লয়৷১০ ১৯৮৪ চনত, জুহি চাওলা ফেমিনা মিছ ইণ্ডিয়াৰ বিজয়ী হিচাপে ঘোষিত হয়৷১১ সেই বছৰতে অনুষ্ঠিত হোৱা ব্ৰহ্মাণ্ডসুন্দৰীৰ প্ৰতিযোগিতাতো জুহিয়ে শ্ৰেষ্ঠ সাজসজ্জাৰ বাবে বঁটা লাভ কৰে৷১২
কেৰিয়াৰ
বলীউডত চাওলাৰ প্ৰথম চৰিত্ৰটো আছিল ১৯৮৬ চনৰ চুলতানত ছবিখনৰ সৰু অংশ। ১৯৮৮ চনত আমিৰ খানৰ সৈতে অভিনয় কৰা ‘কায়ামত সে কায়ামত টক’ ছবিত প্ৰথমটো ডাঙৰ চৰিত্ৰ লাভ কৰিছিল। শ্বেক্সপীয়েৰৰ ৰোমিঅ' আৰু জুলিয়েটৰ আধুনিক যুগৰ অভিযোজন কৰা ছবিখনে সমালোচনা আৰু ব্যৱসায়িক দুয়োটা দিশতে এক ডাঙৰ সফলতা লাভ কৰিছিল, খান আৰু চাওলা "ৰাতিটোৰ ভিতৰতে তাৰকা" হৈ পৰিছিল।
তথ্যসূত্ৰ
- ↑ Verma, Sukanya. (11 March 2004). The real stars of Bollywood. Rediff.com
- ↑ Doval, Nikita. (21 March 2005). Juhi II. The Times of India
- ↑ Taliculam, Sharmila. (19 January 2000). There have been many ups and downs. Rediff.com
- ↑ (10 May 2001). Not The End. The Tribune
- ↑ Top India Total Nett Gross 1997. boxofficeindia.com. Box Office India
- ↑ Pereira, Priyanka. (29 October 2012). The Seriously Funny Actor. The Indian Express
- ↑ Verma, Sukanya. (19 March 2008). Readers pick: Bollywood's most under-rated. Rediff.com
- ↑ (13 February 2014). Shah Rukh is still very simple at heart: Juhi Chawla. The Times of India
- ↑ (13 January 2011). Never thought Juhi would take to acting. The Times of India
- ↑ Biography for Juhi Chawla. imdb.com
- ↑ Juhi Chawla - Femina 1990-1981! Contestants - Indiatimes.com . Feminamissindia.indiatimes.com (28 April 2011). Retrieved on 23 December 2013
- ↑ Miss Universe and Juhi Chawla. geocities.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুহি চাওলা” প্ৰবন্ধৰ সংশোধন ৪২২৩০১ (৫ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।