ইমৰান শ্বাহ বা নৱাব ইমৰান শ্বাহ১ (Imran Shah, জন্ম: ১৯৩৩) অসমৰ এজন কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক।২ "ঈশান দত্ত", "অনামিকা বৰুৱা", "কুম্ভকৰ্ণ", "অনিমেষ বৰুৱা" আদি ছদ্মনামেৰে তেখেতে লিখামেলা কৰিছিল। তেখেতে ঘাইকৈ অসমীয়া ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ২০১২ চনৰ নৱেম্বৰত তেখেতক অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে।৩৪৫ তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।৬ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ‘ডি লিট’ উপাধি প্ৰদান কৰে৷ ৭
চমু জীৱনী
১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰ জিলাত ইমৰান শ্বাহৰ জন্ম হৈছিল।৮ পিতৃৰ নাম মহম্মদ শ্বাহ আৰু মাতৃৰ নাম মৰিয়ম নিচা৫ তেখেতৰ শিক্ষা জীৱনৰ আৰম্ভণি ১৯৬৩ চনত শিৱসাগৰৰ ২ নং ধাই আলি প্ৰাথমিক বিদ্যালয়ত হৈছিল তেওঁ ১৯৫৮ চনত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ১৯৬২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যক মুখ্য বিষয় হিচাপে লৈ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। শিক্ষাৰ্থী জীৱনৰ অন্তত শ্বাহে গড়গাঁও মহাবিদ্যালয়ৰ অস্থায়ী অধ্যাপক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে।৫ পৰৱৰ্তী বৰ্ষত এই চাকৰি এৰি শিৱসাগৰ মহাবিদ্যালয়ত যোগদান কৰে আৰু অসমীয়া বিভাগৰ মুৰব্বী পদৰ পৰা ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে।৮ তেখেত বৰ্তমান শিৱসাগৰত অৱস্থিত অৰুণোদয় মহাবিদ্যালয়ত অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি আছে।৫
সাহিত্য কৰ্ম
ইমৰান শ্বাহে অতি সৰু কালৰে পৰাই সাহিত্য চৰ্চা কৰি আহিছিল, তেওঁৰ প্ৰথম কবিতা "বনবাসী" নৱম শ্ৰেণীত পঢ়ি থকা সময়তে প্ৰকাশ পাইছিল। পৰৱৰ্তী বছৰটোত তেখেতৰ প্ৰথম উপন্যাস "সংগীতৰ সিপাৰে" প্ৰকাশ পাইছিল।৮
তেখেতৰ আন কিছুমান প্ৰসিদ্ধ ৰচনা হৈছে "ঈশান দত্তৰ নিৰ্বাচিত কবিতা", নিসংগ ধূসৰ, ঢৌ ভাগি ঢৌ, বন্দী বিহংগমে কান্দে, পিয়ামুখচন্দা, ইত্যাদি, পোৰা মাটিৰ মালিতা, হিয়াৰ ফুলনিৰ ফুল, জোনাকৰ ছবি, ক্ৰান্তিৰেখা, কবি পুলিছ, জবানবন্দী আদি।৮
তেখেতৰ এখন উপন্যাস "ৰজনীগন্ধা"ৰ আধাৰত ১৯৭৩ চনত ৰশ্মিৰেখা নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল।৫
প্ৰকাশিত গ্ৰন্থ আদি
- কুকুহা (গল্প সংকলন, প্ৰকাশ ১০ নৱেম্বৰ, ২০১২)২
- ইমৰান শ্বাহ ৰচনাৱলী (সম্পাদনা: ড॰ কৃষ্ণ কুমাৰ মিশ্ৰ, প্ৰকাশ: ২০১০)২
- ঈশান দত্তৰ নিৰ্বাচিত কবিতা (কাব্য সংকলন)
- কবি পুলিছ (উপন্যাস)
- সাগৰিকা (উপন্যাস)
- বৰ্ণালী (উপন্যাস)
- ইনকিলাব (অনুবাদিত উপন্যাস)
- নিসংগ ধূসৰ (কাব্য সংকলন)
- সংগীতৰ সিপাৰে (উপন্যাস, প্ৰকাশ: ১৯৫২)
- বনবাসী (কাব্য সংকলন, প্ৰকাশ: ১৯৫১)
- বিশ্ববন্ধু (জীৱনী)
বঁটা আৰু স্বীকৃতি
২০১০ চনত তেখেতক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।৮ শিৱসাগৰ নাট্য মন্দিৰত অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা তৰুণ গগৈয়ে আজান পীৰ বঁটা প্ৰদান কৰে।৯ ২০১২ চনৰ নৱেম্বৰ মাহৰ ১৮ তাৰিখে তেখেত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।৩১০১১ তেওঁক ভাৰত চৰকাৰে ২০২১ চনত সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।৬
বাহ্যিক সংযোগ
- অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ইমৰান শ্বাহ দেৱৰ সৈতে এক সাক্ষাৎকাৰ, সাহিত্য ডট অৰ্গ, আহৰণ: ৩০ জানুৱাৰী, ২০১২
- ইমৰান শ্বাহ সম্পৰ্কীয় বা-বাতৰি, ছেভেন চিষ্টাৰচ ৱেবছাইটত
- ইমৰান শ্বাহলৈ আজান পীৰ বঁটা, দ্য আসাম ট্ৰিবিউন কাকতত প্ৰকাশিত বাতৰি
- ইমৰাণ শ্বাহ: জীৱন: দৃষ্টি-সৃষ্টি, জামালুদ্দিন আহমেদ, সাহিত্য ডট অৰ্গ, আহৰণ: ৩০ জানুৱাৰী, ২০১২
তথ্যসূত্ৰ
- ↑ Imran Shah. Assam info.com
- ↑ সাহিত্যিক. শিক্ষক.... সভাপতি ইমৰান শ্বাহ, লেখক: ড॰ সব্যসাচী মহন্ত, দৈনিক গণ অধিকাৰ, পৃষ্ঠা নং ৭, তাৰিখ: ২৫ নৱেম্বৰ, ২০১২ (দেওবাৰ)
- ↑ Imran Shah new Sahitya Sabha president. দ্য আছাম ট্ৰিবিউন
- ↑ Imran Shah elected as new president of AXX, দ্য ছেণ্টিনেল, আহৰণ্:২০ নৱেম্বৰ, ২০১২
- ↑ Imran Shah new Asam Sahitya Sabha prez. ছেভেন চিষ্টাৰছ পষ্ট
- ↑ (25 January 2021). Padma Awards: 2021. Ministry of Home Affairs (India). পৃ. 2–5
- ↑ (১৪-২-২৪). সাহিত্যিক ইমৰান শ্বাহলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি প্ৰদান. পৃ. ৭
- ↑ Assam Valley Award for Imran Shah. দ্য আছাম ট্ৰিবিউন
- ↑ ইমৰান শ্বাহলৈ আজান পীৰ বঁটা, ২০০৮, ইউটিউবৰ ভিডিঅ’, আহৰণ: ২০ নৱেম্বৰ, ২০১২
- ↑ TI Trade. The Assam Tribune Online. দ্য আসাম ট্ৰিবিউন
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমৰান শ্বাহ” প্ৰবন্ধৰ সংশোধন ৪৬৭৩১৮ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।