অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দ্বিবন বৰুৱা

দ্বিবন বৰুৱা (Dwiban Baruah) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেওঁ আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ মুঠ ৭খন চলচ্চিত্ৰৰ পৰিচালক আছিল।

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৪ ২৪০ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

দ্বিবন বৰুৱা (Dwiban Baruah) অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেওঁ আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ মুঠ ৭খন চলচ্চিত্ৰৰ পৰিচালক আছিল।

জন্ম আৰু পৰিয়াল

কামৰূপ জিলাৰ বিহদিয়া গাঁৱৰ চন্দ্ৰনাথ বৰুৱা গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল। তেখেতে একে জিলাৰ কৰৰা গাঁৱৰ জোনপ্ৰভাক বিয়া কৰাইছিল। চাকৰি সংক্ৰান্তত বিভিন্ন ঠাইত ঘূৰি পকি অৱশেষত গুৱাহাটীৰ লতাশিলত নিজাকৈ এটা ঘৰ নিৰ্মাণ কৰে। এই ঘৰটিতে চন্দ্ৰনাথ বৰুৱাৰ ঔৰষত আৰু জোনপ্ৰভাৰ গৰ্ভত বৰুৱাৰ জন্ম হৈছিল। বৰুৱা দম্পতীয়ে নজন পুত্ৰ সন্তান আৰু চাৰিজনী কন্যা সন্তানৰ জন্ম দিছিল। পুত্ৰ সন্তান কেইজন আছিল ক্ৰমে ব্ৰজেন বৰুৱা, দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, নিপ বৰুৱা, গিৰিণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বীপেন বৰুৱা। কন্যা সন্তানকেইজনীৰ নাম আছিল পদ্মাৱতী দাস বৰুৱা, প্ৰতিভা বৰুৱা দাস, ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা নভীছ। এই আটাইকেইজন ভাই-ভনীয়ে পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল১২।

অসমীয়া চলচ্চিত্ৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এই বৰুৱা পৰিয়ালত এক সাংস্কৃতিক পৰিবেশ বিৰাজ কৰিছিল। সন্ধিয়া আটাইকেইজন ভাই-ভনী চৰাঘৰৰ মজিয়াত বহে, যেন সঙ্গীতৰহে আসৰ। ঘৰখনত এটা পুৰণি হাৰমনিয়াম আছিল। সকলোৱে হাৰমনিয়ামত স্বৰ টানিবলৈ চেষ্টা কৰে। নিপ বৰুৱাই বাঁহী, দ্বিবন বৰুৱাই তবলা বজায়; ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গায়। এটা শুৱলা কণ্ঠস্বৰৰ গৰাকী ব্ৰজেন বৰুৱাৰ মাতৃয়ে ভাত ৰান্ধোঁতে, বাচন ধোওঁতে, চোতাল সাৰোঁতে, তাঁত বওঁতে অনবৰত কিবা এটা গীত গুণগুণাই থাকে। পিছলৈ বৰুৱাই মাতৃৰ মুখত শুনা "ও প্ৰাণগোপাল পাতিলা মায়াৰে খেলা" শীৰ্ষত লোকগীতটো মুকুতা ছবিখনত অন্তৰ্ভুক্ত কৰে।১

অভিনয়

বৰুৱাই মাক আৰু মৰম (চলচ্চিত্ৰ) (১৯৫৭), তৰামাই (১৯৭৫), মৰম (১৯৭৮), মন আৰু মৰম (১৯৮০) আদি বহুকেইখন অসমীয়া ছবিত অভিনয় কৰিছে। মন আৰু মৰমত তেওঁ সঙ্গীত পৰিচালনাও কৰিছে।৩

পৰিচালিত চলচ্চিত্ৰ

দ্বিবন বৰুৱাই যোগ-বিয়োগ চলচ্চিত্ৰৰ দ্বাৰা পৰিচালক ৰূপে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। বৰুৱাই মুঠতে ৭খন ছবি পৰিচালনা কৰিছিল।৪৫৩

ছবিৰ নামবৰ্ষটোকা
যোগ-বিয়োগ১৯৭১
তৰামাই১৯৭৫
মৰম১৯৭৮
ৰজা হৰিশ্চন্দ্ৰ১৯৮০
মন আৰু মৰম১৯৮০
উত্তৰ শূন্য১৯৮১
অজলা ককাই১৯৮৯৫

তথ্যসূত্ৰ

  1. ↑ নিভা ৰাণী ৰায়. (২০০৬). ঐতিহ্যমণ্ডিত সেই ঘৰখন. অসমীয়া সা ৰে গা মা
  2. ↑ ঈশান বৰুৱা. (২০০৬). লতাশিলৰ বৰুৱা পৰিয়াল. অসমীয়া সা ৰে গা মা
  3. ↑ Mon Aru Morom (1980) - Assamese Movie. Youtube
  4. ↑ (2013-01-22). Film Directors. enajori.com
  5. ↑ Diban Baruah`s. Nth Wall

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালকঅসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্বিবন বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪০৮৩২০ (২৭ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।