অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ধ্ৰুৱজ্যোতি বৰা

ড°ধ্ৰুৱজ্যোতি বৰা (Dhrubajyoti Borah) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ, আলোচনী সম্পাদক আৰু পেছাগতভাৱে চিকিৎসক। তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ৪৬৩ শব্দ · ৩ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ড°ধ্ৰুৱজ্যোতি বৰা (Dhrubajyoti Borah) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ, আলোচনী সম্পাদক আৰু পেছাগতভাৱে চিকিৎসক।১ তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে। ২০১৪ চনৰ ১৬ নৱেম্বৰ তাৰিখে, দেৰগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ২০১৩-১৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সপ্তম অধিৱেশনত তেখেতক নতুন সভাপতি হিচাপে নিৰ্বাচন কৰা হয়।২। ৩ ২০২৩ বৰ্ষত ড° ধ্ৰুৱজ্যোতি বৰাক তেখেতৰ 'ইনাৰ লেণ্ডস্কে ইপ্‌ছ' শীৰ্ষক উপন্যাসখনৰ বাবে 'অসম প্ৰকাশন পৰিষদ'ৰ সাহিত্য বঁটা প্ৰদান কৰা হয়। ৪ ৫ ২০২৩ বৰ্ষত আঁক-বাক প্ৰকাশনে তেখেতৰ পাঁচটা খণ্ডত ২৭খন উপন্যাসৰ নিৰ্বাচিত সমগ্ৰ প্ৰকাশ কৰিছে। বৰ্তমান তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে।

জন্ম আৰু পৰিচয়

তেখেতৰ জন্ম হয় ১৯৫৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে তেতিয়াৰ শ্বিলঙ চহৰৰ গণেশ দাস হাস্পতালত৷ পিতৃৰ নাম ডঃ মহেন্দ্ৰ নাথ বৰা আৰু মাতৃৰ নাম অমিয়া বৰা৷ পিতৃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ‘ডিন’ আৰু উপাচাৰ্য আছিল৷

কৰ্মজীৱন

তেখেতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেখেতে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে কাৰ্য নিৰ্বাহ কৰি আছে।৬৭ উল্লেখ্য যে বৰা গৰীয়সী আলোচনীৰ সম্পাদক হিচাপেও কিছুদিনৰ বাবে কৰ্মৰত আছিল।

সামাজিক জীৱন

‘ধ্ৰুৱজ্যোতি বৰা মিত্ৰ মণ্ডলী’ৰ উদ্যোগত আৰু ৰাজহুৱা ন্যাস ‘নৰ্থ ইষ্ট ফাউণ্ডেচন’ৰ সহযোগত ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ’ নামেৰে এক সাহিত্য পুৰস্কাৰ প্ৰৱৰ্তন কৰা হৈছে। ২০২১ চনৰ পৰা এই বঁটা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমীয়া সাহিত্যৰ বিভিন্ন দিশত সৃষ্টিশীল, বিশ্লেষণাত্মক, গবেষণাধৰ্মী, সমীক্ষাত্মক ইত্যাদি লিখনিৰে জাতীয় জীৱন আৰু ভাষা-সাহিত্য সমৃদ্ধ কৰা একোখনি গ্ৰন্থৰ বাবে প্ৰতিবছৰে একোগৰাকীকৈ সাহিত্যিকক এই পুৰস্কাৰটি প্ৰদান কৰা হয়। এই পুৰস্কাৰত আছে এখনি চেলেং, প্ৰশস্তি-পত্ৰ, স্মাৰক আৰু নগদ পঞ্চাশ হাজাৰ টকাৰ ধনৰাশি।৮

সাহিত্যিক অৱদান

প্ৰবন্ধ গ্ৰন্থ

  • জাতীয় প্ৰশ্ন আৰু আত্মনিয়ন্ত্ৰণ (১৯৯৩)
  • অ’ মোৰ সুৰীয়া মাত: আধুনিক ভাষা হিচাপে অসমীয়া ভাষাৰ বিকাশ (১৯৯৪)
  • মোৱামৰীয়া গণ-অভ্যুত্থান, বনলতা (২০০১)

ভ্ৰমণ কাহিনী

  • চীনা এডমিৰেলৰ জাল, বনলতা (২০০৪)

উপন্যাস

  • তেজৰ আন্ধাৰ, জ্যোতি প্ৰকাশন (-)
  • লোহা, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ (১৯৮৫)
  • ভোক, জাৰ্ণাল এম্পিৰয়াম (১৯৮৭)
  • যাত্ৰীক আৰু অন্যান্য, বনলতা (১৯৯৪)
  • কালান্তৰৰ গদ্য (১৯৯৭)
  • বৰ্ণবোধ, বনলতা (-)
  • এজাক ৰঙীন চৰাই, খণ্ড-১, খণ্ড২, অসম বুক ডিপো (১৯৯৮)
  • Plesent Revolt in Med
  • সমকালীন টোকাবহী (১৯৯৩)
  • সন্ধানৰ ক্ষণ (১৯৯৩)
  • কৰ্ণ
  • সাধু কথাৰ সাধু
  • ছেলফী
  • অপত্য
  • বনপৰ্ব
  • দধিচীৰ অস্থি
  • আৰণ্যক
  • এটুকুৰা সেউজীয়া পৃথিৱী
  • অৱগ্ৰাহ
  • মৃত ঈশ্বৰ
  • হিপ্ হিপ্ হুৰৰে
  • অৰ্থ, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ (২০০৩)
  • স্বৰ্গাদপি, অসম প্ৰকাশন পৰিষদ
  • কথা ৰত্নাকৰ, অন্বেষা প্ৰকাশন (২০০৭)
  • আজাৰ, অসম বুক ট্ৰাষ্ট
  • কাহিনী, আঁক-বাক
  • এই পৃথিৱীৰ পথেদি, বনলতা (২০২৩)
  • কোন সপোনৰ সন্ধানত, চন্দ্ৰ প্ৰকাশ
  • সহস্ৰ হেমন্তৰ তৃষাগ্নি, জ্যোতি প্ৰকাশন
  • ইনাৰ লেণ্ডস্কে ইপছ, আসাম পাবলিচিং কোম্পানী (২০২১)
  • The Sleepwakers Dream,(টোপনিত খোজকঢ়া মানুহৰ সপোন), পূৰ্বায়ণ প্ৰকাশন (২০২৩)

প্ৰবন্ধ বিষয়ক গ্ৰন্থ

  • ইতিহাস চিন্তা, জ্যোতি প্ৰকাশন, ১৯৯৮
  • অন্বেষণ, শ্ৰী ভূমি প্ৰকাশন, ১৯৯৩
  • সমকালীন টোকাবহী, জাৰ্ণাল এম্প’ৰিয়াম (১৯৯৩)
  • সন্ধানৰ ক্ষণ, বনলতা (১৯৯৩)
  • পোষ্ট মৰ্ডনিজম আৰু অন্যান্য নিবন্ধ
  • চীনাযুদ্ধৰ মালিতা আৰু ছেল্‌ফী, The North-east Foundation
  • আণ্ডাৰষ্টেণ্ডিং আছাম ইন দি নৰ্থ-ইষ্ট (১৯৯৪)
  • ছ’চিয়েল এলিয়েনেশ্বন এণ্ড টেনশ্বনছ ন দি নৰ্থ-ইষ্ট (১৯৯৫)

বুৰঞ্জী বিষয়ক গ্ৰন্থ

  • ফৰাচী বিপ্লৱ (১ম খণ্ড ১৯৯০, ২য় খণ্ড ১৯৯২)
  • দ্বিতীয় মহাসমৰ, জ্যোতি প্ৰকাশন (১৯৭৯)
  • ৰুছ মহাবিপ্লৱ, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ (১৯৯৯)

বঁটা

তথ্যসূত্ৰ

  1. ↑ বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩
  2. ↑ (১৭ নৱেম্বৰ, ২০১৪). অসম সাহিত্য সভাৰ নতুন সভাপতি. জি এল পাব্লিকেশ্যন. পৃ. ১ম পৃষ্ঠা
  3. ↑ আৰ্কাইভ কপি
  4. ↑ (Dec 28, 2023). যশস্বী সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰালৈ ২০২৩ চনৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’. দৈনন্দিন বাৰ্তা
  5. ↑ (29th Dec 2023). Dhurbajyoti Bora awarded sahitya puraskar 2023 by Assam Prakashan Parishad. Guwahati plus
  6. ↑ (Nov 23, 2021). শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে দায়িত্ব ল’লে ডাঃ ধ্ৰুৱজ্যোতি বৰাই. অসমীয়া প্ৰতিদিন
  7. ↑ ড° ধ্ৰুৱজ্যোতি বৰা, নতুন উপাচাৰ্য
  8. ↑ কবি আনিছ উজ্ জামানলৈ ২০২১ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ
  9. ↑ Sahitya Akademi Award

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ঔপন্যাসিকচিকিৎসাবিদঅসম সাহিত্য সভাৰ সভাপতিঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধ্ৰুৱজ্যোতি বৰা” প্ৰবন্ধৰ সংশোধন ৪৪৭৯৯৪ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।