এড্ছন আৰাণ্টিছ ড' নাচিমেণ্ট' (Edson Arantes do Nascimento) , বা Pelé (, জন্মৰ প্ৰমাণপত্ৰত নামটো "এডিছন" বুলি দিয়া হৈছিল, জন্ম ২১ অক্টোবৰ ১৯৪০- কিন্তু পেলেৰ মতে তেওঁৰ জন্ম ২৩ অক্টোবৰতহে হৈছিল), এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। তেওঁক বহু কুশলী ব্যক্তি, সমালোচক, পূৰ্বৰ বা বৰ্তমানৰ খেলুৱৈ আৰু গুণগ্ৰাহীয়ে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।১ ১৯৯৯ চনত International Federation of Football History & Statistics সংস্থাই তেওঁক শতিকাৰ বিশ্ব খেলুৱৈ (World Player of the Century) উপাধি প্ৰদান কৰে।২ একে বছৰতে প্ৰভাৱশালী France Football আলোচনীয়ে পূৰ্বৰ বেলন ডিঅ'ৰ বিজয়ীসকলক শতিকাৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ বাছনি কৰিবলৈ অনুৰোধ কৰে। পেলেই ইয়াত প্ৰথম স্থান দখল কৰে।৩ ১৯৯৯ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে পেলেক "শতিকাৰ এথলীট" আখ্যা দিয়ে আৰু তেওঁ টাইম (আলোচনী)ৰ বিংশ শতিকাৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাতো স্থান পায়।৪২০১৩ চনত তেওঁ কেৰিয়াৰ আৰু সফলতাৰ বাবে ফিফা বেলন ডিঅ'ৰ সন্মান লাভ কৰে।৫
IFFHS-ৰ মতে ৫৪১টা লীগ গ'লেৰে পেলে বিশ্বৰ সকলোতকৈ সফল লীগ গ'ল স্ক'ৰাৰ।৬ পেলেই মুঠ ১৩৬৩ খন খেলত ১২৮১টা গ'ল কৰিছিল যাৰ বাবে গিনিজ বিশ্ব ৰেকৰ্ডৰ তৰফৰ পৰা ফুটবলৰ সৰ্বোচ্চ কেৰিয়াৰ গ'ল দিওঁতা হিচাপে তেওঁক সন্মান জনোৱা হয়।৭ খেলুৱৈ কালত কিছু সময়ৰ বাবে পেলে পৃথিৱীৰ সৰ্বাধিক প্ৰাৰিশ্ৰমিক লাভ কৰা এথলীত আছিল।৮ ফুটবলত লাভ কৰা সফলতাৰ বাবে আৰু দুখীয়াৰ সামাজিক অৱস্থা উন্নত কৰিবলৈ তেওঁৰ সমৰ্থনৰ বাবে ব্ৰাজিলত তেওঁক ৰাষ্ট্ৰীয় নায়কৰূপে গণ্য কৰা হয়।৯ ১৯৬১ চনত ৰাষ্ট্ৰপতি জেনিঅ' কোৱাড্ৰ'ছে পেলেক "ৰাষ্ট্ৰীয় সম্পদ" বুলি ঘোষণা কৰিছিল।
কেৰিয়াৰৰ সময়ছোৱাত পেলে "ক'লা মুকুতা" (The Black Pearl/Pérola Negra), "ফুটবলৰ ৰজা" (The King of Football/O Rei do Futebol), "ৰজা পেলে" (The King Pelé/O Rei Pelé) বা "ৰজা" (O Rei) নামেৰে প্ৰসিদ্ধ আছিল।১০
পেলেই ছেণ্ট'ছ ক্লাবৰ হৈ ১৫ বছৰ আৰু ব্ৰাজিল ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ১৬ বছৰ বয়সত খেলা আৰম্ভ কৰে। তেওঁ ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত তিনিটা ফিফা বিশ্বকাপ লাভ কৰিছিল। এনে সফলতা পোৱা তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ। জাতীয় দলৰ তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ গ'লস্ক'ৰাৰো।১১ ছেণ্ট'ছ দলৰ হৈও তেওঁ অভিলেখ সংখ্যক গ'ল দিছিল আৰু ১৯৬২ আৰু ১৯৬৩ দলটোৱে ক'পা লিবাৰ্টাড'ৰ্ছ খিতাপ দখলত সহায় কৰিছিল।১২ পেলেৰ তড়িৎ গতিৰ খেল আৰু দৃষ্টিনন্দন গ'লে তেওঁক পৃথিৱীৰ সকলো ঠাইতে তাৰকা কৰি তুলিছিল। তেওঁৰ জনপ্ৰিয়তাৰ সুযোগ লৈ ছেণ্ট'ছ দলে প্ৰায়েই আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰি বিভিন্ন খেলত অংশ লৈছিল।১৩
১৯৭৭ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত পেলেই বিশ্বজুৰি ফুটবলৰ ৰাজ-দূত (ambassador) হিচাপে কাম কৰিছিল আৰু বিভিন্ন অভিনয় আৰু বাণিজ্যিক কামত হাত দিছিল। ২০১০ চনত তেওঁক নিউ য়ৰ্ক ক'ছম'ছ দলৰ সন্মানীয় সভাপতি নিৰ্বাচিত কৰা হয়।১৪
মৃত্যু
২০২২ চনৰ ২৯ ডিচেম্বৰত তেখেত 'ক'ল'ন কেন্সাৰ' ৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে।১৫
বাহ্যিক সংযোগ
- National Soccer Hall of Fame – Pelé
- Pelé: A Legend Looks Back – slideshow by Life magazine
- List of Goals for Brazil
- Play Soccer with Pele
- Santos Official Website - Pelé
- International Football Hall of Fame
- Planet World Cup
তথ্যসূত্ৰ
- ↑ Pele: The greatest of them all FIFA.com The Best of The Best. RSSF.com "What they said about Pele" . FIFA.com. [http://www.independent.co.uk/sport/football/international/pele-the-perfect-player-743002.html -Bobby Moore: "Pele was the most complete player I've ever seen, he had everything. Two good feet. Magic in the air. Quick. Powerful. Could beat people with skill. Could outrun people. Only 5 ft 8 in tall, yet he seemed a giant of an athlete on the pitch. Perfect balance and impossible vision. He was the greatest because he could do anything and everything on a football pitch. I remember Saldhana the coach being asked by a Brazilian journalist who was the best goalkeeper in his squad. He s
- ↑ Ingo Faulhaber. IFFHS. Iffhs.de
- ↑ France Football's Football Player of the Century Retrieved 1 May 2011
- ↑ Kissinger, Henry. (14 June 1999). The Time 100, Heroes and icons — Pelé. TIME
- ↑ "Pele receives FIFA Ballon d’Or Prix d’Honneur" . FIFA.com. Retrieved 14 January 2014
- ↑ Ingo Faulhaber. IFFHS. Iffhs.de
- ↑ PELÉ: The King of Football FIFA.com. title=Pelé, Olé! - Statistics of Pelé's Career Pelé honoured with two Guinness World Records achievements in London. Guinness World Records. Most Career Goals (football). Guinness World Records
- ↑ Ebony - Google Books. Books.google.se
- ↑ Harris, Harry (2002), Pelé: his life and times. p.190. Welcome Rain Publishers. Retrieved 27 June 2011 "Pelé, King of Futbol" ESPN| accessdate =1 October 2006
- ↑ Pele (Brazilian athlete) - Britannica Online Encyclopedia. Britannica.com Various from many of his biographies, See for example 3rd section, last line: " 'The King' was given to Pelé by the French press in 1961 after he played a few matches with SFC in Europe" Or the already quote Or the book "Pele, King of Soccer/Pele, El rey del futbol – Monica Brown (Author) & Rudy Gutierrez (Illustrator) Rayo Publishing Dec.2008 ISBN 978-0-06-122779-0 " Pele (soccer player) Facts, information, pictures | Encyclopedia.com articles about Pele (soccer player). Encyclopedia.com
- ↑ 10 World Cup Gods! Our look at the best of the best in World Cup history Mail Online. Retrieved 10 May 2011
- ↑ "Intercontinental Cups 1962 and 1963" . FIFA.com.19 November 2012
- ↑ "Pele". Encyclopaedia Britannica Online Pele's Santos go global. FIFA.com
- ↑ Bell, Jack. (1 August 2010). Cosmos Begin Anew, With Eye Toward M.L.S. New York Times
- ↑ ইণ্ডিয়া টুডেই, ২৯ ডিচেম্বৰ, ২০২২; www.indiatoday.in/sports/story/football-legend-p
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেলে” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৬৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।