অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেম সৰস্বতী

হেম সৰস্বতী এজন মধ্যযুগীয় প্ৰাক-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ কমতাধিপতি দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ দুখন কাব্য গ্ৰন্থ ৰচনা কৰে৷

হালনাগাদ: ১৪ মে’ ২০২৬ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হেম সৰস্বতী এজন মধ্যযুগীয় প্ৰাক-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ কমতাধিপতি দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ দুখন কাব্য গ্ৰন্থ ৰচনা কৰে৷১

আত্ম পৰিচয়

হেম সৰস্বতীয়ে তেওঁৰ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ কাব্য গ্ৰন্থ দুখনত নিজৰ আত্ম পৰিচয় দিছে৷ কিন্তু দুয়োখনৰ মাজত কিছু প্ৰভেদ দেখা যায়৷

প্ৰহ্লাদ চৰিত্ৰ' অনুসৰি-

কমতামণ্ডল দুলৰ্ভনাৰায়ণ নৃপবৰ অনুপম৷ তাহান ৰাজ্যত ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম৷৷ তাহান তনয় হেমসৰস্বতী ধ্ৰুৱৰ অনুজ ভাই৷

১

হৰগৌৰী-সংবাদ অনুসৰি-

ভূপ দুলৰ্ভনাৰায়ণ পাত্ৰপশুপতিসুত সৰ্বশাস্ত্ৰে পণ্ডিত সুজান৷ তাহান তনয় চাৰি ধনঞ্জয় আদি কৰি, ধ্ৰুৱ ভৈল কুলত প্ৰধান৷৷ অপৰ হেমন্ত কৰি হৰগৌৰীপদ সেৱি হেমসৰস্বতী ভৈল নাম৷

১

ইয়াৰপৰা জানিব পৰা দেউতাকৰ নাম 'পশুপতি' আৰু মাকৰ নাম দেৱযানী আছিল। দেৱযানীৰ পিতৃ আছিল 'ৰুদ্ৰসৰস্বতী'। হৰগৌৰী সংবাদত হেম সৰস্বতীৰ আন নাম 'হেমন্ত' বুলিও কোৱা হৈছে২ আৰু তেওঁৰ পিতৃ দুৰ্লভনাৰায়ণৰ "মহাপাত্ৰ"(মন্ত্ৰী) আছিল।৩ হেম সৰস্বতী পুৰুষানুক্ৰমে পণ্ডিত বংশৰ ল'ৰা আছিল৷ ককাক ৰুদ্ৰসৰস্বতীও সংস্কৃতজ্ঞ আছিল৷ 'সৰস্বতী' উপাধিটো পাণ্ডিত্যসূচক।

কাব্যপুথি

হেম সৰস্বতীয়ে বামন-পুৰাণৰ পৰা এশ পদবিশিষ্ট "প্ৰহ্লাদ চৰিত্ৰ" ৰচনা কৰিছিল৷ ইয়াত দানৱৰাজ হিৰণ্যকশিপুৰে পুতেক প্ৰহ্লাদক বিষ্ণুভক্তিৰ বাবে কৰা অত্যাচাৰ আৰু শেষত নৰসিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপুৰ বধৰ বৰ্ণনা পোৱা যায়। মাজে মাজে কাব্যখনত বিষ্ণু-ভক্তিৰ মাহাত্ম্য আৰু তত্বমূলক উপদেশ আছে। সেইবাবে 'প্ৰহ্লাদ চৰিত্ৰ'ক "প্ৰথম অসমীয়া বৈষ্ণৱ গ্ৰন্থ" বুলি কালিৰাম মেধিয়ে অভিমত প্ৰকাশ কৰিছে।২

আনহাতে ৮৯৯ টা পদবিশিষ্ট "হৰগৌৰী-সংবাদ"ত কালিকা পুৰাণ, কুমাৰ সম্ভৱ, নৃসিংহ পুৰাণ আদি গ্ৰন্থৰ প্ৰভাৱ পৰিছে৷২ ইয়াত তাৰকাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভষ্ম, হৰ-পাৰ্বতীৰ বিবাহ, কাৰ্তিকৰ জন্ম আদিৰ বৰ্ণনা আছে। এইখন পুথি কবিৰ পৰিণত বয়সৰ ৰচনা বুলি ধাৰণা কৰা হয়।১

বৰ্হি সংযোগ

  • Pre-Vaishnavite era of Assamese literature

তথ্যসূত্ৰ

  1. ↑ ড: সত্যেন্দ্ৰনাথ শৰ্মা. (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰতিমা দেৱী. পৃ. ৫৩-৫৪
  2. ↑ ড: হেমন্তকুমাৰ শৰ্মা. (১৯৯৭). অসমীয়া সাহিত্যত দৃষ্টিপাত. শান্তিৰঞ্জন দে', বীণা লাইব্ৰেৰী. পৃ. ৬৫-৬৬
  3. ↑ Kakati, Banikanta. (1953). Aspects of Early Assamese Literature. Gauhati University. পৃ. 43

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবিঅসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেম সৰস্বতী” প্ৰবন্ধৰ সংশোধন ৬০৬২১২ (১৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।