অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুৰ্গা খোটে

দুৰ্গা খোটে ( Durga Khote; ১৪ জানুৱাৰী ১৯০৫ − ২২ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি তেওঁৰ সময়ৰ এগৰাকী আগশাৰীৰ মহিলা অভিনয়শিল্পী আছিল। তেওঁ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ লগতে থিয়েটাৰতো সক্ৰিয় হৈ আছিল। ৫০ বছৰীয়া কৰ্মজীৱনত তেওঁ প্ৰায় ২০০খন চলচ্চিত্ৰ আৰু আৰু অসংখ্য নাটকত অভিনয় কৰি গৈছে।

হালনাগাদ: ২২ মে’ ২০২৬ ৩৬৫ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

দুৰ্গা খোটে ( Durga Khote; ১৪ জানুৱাৰী ১৯০৫ − ২২ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি তেওঁৰ সময়ৰ এগৰাকী আগশাৰীৰ মহিলা অভিনয়শিল্পী আছিল। তেওঁ হিন্দী ভাষা আৰু মাৰাঠী ভাষা চলচ্চিত্ৰৰ লগতে থিয়েটাৰতো সক্ৰিয় হৈ আছিল। ৫০ বছৰীয়া কৰ্মজীৱনত তেওঁ প্ৰায় ২০০খন চলচ্চিত্ৰ আৰু আৰু অসংখ্য নাটকত অভিনয় কৰি গৈছে।

২০০০ চনত ইণ্ডিয়া টুডেৰ এক সহস্ৰাব্দ সংখ্যাত তেওঁক "ভাৰতক আকৃতি দিয়া ১০০ জন লোকৰ" মাজত স্থান দিছিল। আলোচনীখনে উল্লেখ কৰিছিল: "দুৰ্গা খোটে ভাৰতীয় চলচ্চিত্ৰৰ মহিলাসলৰ আৰম্ভণীকালৰ পৰ্যায় চিহ্নিত কৰে।"১ কিয়নো তেওঁ সন্মানীয় পৰিয়ালৰ প্ৰথম মহিলাসকলৰ ভিতৰত এগৰাকী আছিল, যি চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰিছিল আৰু এনেদৰে এক সামাজিক নিষিদ্ধ পৰম্পৰা ভংগ কৰিছিল।২

তেওঁ হিন্দী চলচ্চিত্ৰত মাতৃৰ চৰিত্ৰত অভিনয় কৰা শীৰ্ষৰ দহগৰাকী অভিনেত্ৰীৰ ভিতৰত স্থান লাভ কৰিছে।৩ ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল কে আচিফৰ মোগল-ই-আজমত (১৯৬০) যোধাবাই হিচাপে আৰু বিজয় ভাটৰ কালজয়ী ভাৰত মিলাপত (১৯৪২) কৈকেয়ী হিচাপে। মাতৃ হিচাপে তেওঁৰ অন্যান্য স্মৰণীয় চৰিত্ৰসমূহ হ’ল- চৰণো কি দাসী (১৯৪১); মিৰ্জা গালিব; ববি (১৯৭৩) আৰু বিদায় (১৯৭৪)। ভাৰতীয় চলচ্চিত্ৰত আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা – দাদাচাহেব ফাল্কে বঁটাৰে (১৯৮৩) সন্মানিত কৰা হয়।

প্ৰাৰম্ভিক জীৱন

গোৱাৰ এটা কোংকণীভাষী পৰিয়ালত খোটেৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ নাম ভিতা লাড়।৪ তেওঁৰ দেউতাকৰ নাম আছিল পাণ্ডুৰং শামৰাও আৰু মাকৰ নাম মঞ্জুবাই।৪ তেওঁ কান্দেৱাড়ীৰ এটা ডাঙৰ যৌথ পৰিয়ালত তেওঁ ডাঙৰ-দীঘল হয়। তেওঁ কেথেড্ৰেল হাইস্কুল আৰু চেইণ্ট জেভিয়াৰ্চ কলেজত স্নাতক মহলালৈ পঢ়াশুনা কৰে। কলেজত পঢ়ি থকা অৱস্থাতে তেওঁৰ খোটে পৰিয়ালৰ সৈতে বিবাহ-বন্ধনত আবদ্ধ হয়।৫

২৬ বছৰ বয়সত খোটে বিধবা হয়। সেই সময়ত তেওঁ বকুল আৰু হৰিণ নামৰ দুটা সন্তানৰ মাতৃ আছিল। সন্তান দুটাৰ বাবেই তেওঁ চলচ্চিত্ৰত অভিনয় কৰিবলৈ বাধ্য হৈছিল।

কৰ্মজীৱন

খোটেই প্ৰথমবাৰৰ বাবে ১৯৩১ চনত প্ৰভাত কোম্পানীৰ নিৰ্বাক ছবি ফৰেবি জালত এটা সৰু চৰিত্ৰত ভুমুকি মাৰিছিল। ইয়াৰ পিছত অভিনয় কৰে মায়া দৰ্পনত (১৯৩২)। অতি কম সময়ৰ ভিতৰতে তেওঁ হিন্দী ভাষা আৰু মাৰাঠী ভাষা দুটা ভাষাত নিৰ্মিত প্ৰভাত কোম্পানীৰ অন্য এখন ছবি অযোধ্যাচা ৰাজাত নায়িকাৰ চৰিত্ৰ লাভ কৰে। এইখন মাৰাঠী ভাষাৰ প্ৰথম চলচ্চিত্ৰ।অতি জনপ্ৰিয় হোৱা ছবিখনত তেওঁ ৰাণী তাৰামতীৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।৬

বঁটা আৰু সন্মান

খোটেৰ সন্মানত প্ৰকাশিত ডাক টিকট
খোটেৰ সন্মানত প্ৰকাশিত ডাক টিকটছবি: India Post, Government of India · GODL-India

বাহ্যিক সংয়োগ

তথ্যসূত্ৰ

  1. ↑ Women of Substance, ইণ্ডিয়া টুডে
  2. ↑ Ten most important women stars in Indian films Gautam Rajadhyaksha, Rediff.com
  3. ↑ Memorable Moms The Statesman, 4 October 2008
  4. ↑ Archived copy
  5. ↑ Durga Khote Profile on Cineplot.com
  6. ↑ Profile with photographs
  7. ↑ 6th Annual BFJA Awards – Awards For The Year 1942 BFJA Awards Official website
  8. ↑ Dadasaheb Phalke Award 15th Recipient – 1983 – Durga Khote . Ultraindia.com. Retrieved on 2018-11-09
  9. ↑ Shakespeare in India internetshakespeare.uvic.ca

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীদাদাচাহেব ফাল্কে বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্গা খোটে” প্ৰবন্ধৰ সংশোধন ৬০৭৮৬৯ (২২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।