অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঈছা

ঈছা ইবনে মাৰিয়াম (عيسى), যিজননক বাইবেলৰ নতুন নিয়মত যীশু নামেৰে পৰিচিত) ইছলাম ধৰ্মত তেখেত এজন নবী আৰু ৰাছুল; লগতে মছিহ হিচাপে স্বীকৃত। খ্ৰীষ্টান ধৰ্মৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন নবী আৰু ৰাছুল; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্ৰুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়।

হালনাগাদ: ২৬ জুলাই ২০২৩ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ঈছা ইবনে মাৰিয়াম (عيسى), যিজননক বাইবেলৰ নতুন নিয়মত যীচু নামেৰে পৰিচিত) ইছলাম ধৰ্মত তেখেত এজন নবী আৰু ৰাছুল; লগতে মছিহ হিচাপে স্বীকৃত।১

খ্ৰীষ্টধৰ্মৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন নবী আৰু ৰাছুল; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্ৰুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়। কোৱা হয় যে, ক্ৰুশবিদ্ধ কৰাৰ আগতেই আল্লাহে তেখেতক ওপৰলৈ উঠাই লয়। ইছলাম ধৰ্মত কোৱা হয়, ঈছা বৰ্তমানে জীৱিত অৱস্থাত জান্নাতত অৱস্থান কৰি আছে। কিয়ামতৰ পূৰ্বে দাজ্জালৰ আবিৰ্ভাৱৰ পাছত ঈছা নবী মুহাম্মাদ (ছাঃ)ৰ এজন উম্মত বা অনুসাৰী হিচাপে পুনৰ পৃথিৱীত অবতৰণ কৰিব আৰু দাজ্জালক হত্যা কৰিব। ইয়াৰ পাছত গোটেই পৃথিৱীৰ শাসনভাৰ গ্ৰহণ কৰিব আৰু পৃথিৱীত শান্তি, সুশাসন প্ৰতিষ্ঠা কৰিব। সৰ্বশেষত তেখেতে এজন ৰজা হিচাপে মৃত্যু বৰণ কৰিব আৰু মুহাম্মাদ (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক সমাহিত কৰা হ'ব; যি কাৰণত মদীনাত নবী মুহাম্মাদ (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক কবৰ দিয়াৰ বাবে ঠাই প্ৰস্তুত কৰি ৰখা হৈছে। ইছলামৰ মতে, তেখেত হ'ল মছিহ; মানে আল্লাহএ তেখেতক মনোনীত কৰিছে যে শেষ কালত তেখেতে দুনিয়াৰ চক্ৰবতি হ'ব আৰু পৃথিৱীত তেখেতে সৰ্ব শান্তি আনিব আৰু সকলো ধৰ্ম একলগ কৰি ইছলামৰ ছাঁ'ৰ তলত আনিব।

তথ্যসূত্ৰ

  1. ↑ Smith, Cyril Glassé; introduction by Huston. (2001). The new encyclopedia of Islam. AltaMira Press. পৃ. 239. ISBN 9780759101906

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈছা” প্ৰবন্ধৰ সংশোধন ৩৭২৪৩৫ (২৬ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।