পূৰ্ণিমা পাঠক শইকীয়া (বিবাহৰ পূৰ্বে পাঠক; Purnima Pathak Saikia) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী। দূৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী ৰূপে তেওঁ দূৰদৰ্শনৰ বহুতো অনুষ্ঠানৰ প্ৰযোজনাও কৰিছে। তেওঁ অভিনয় কৰা কেইখনমান গুৰুত্বপূৰ্ণ ছবি হ’ল- উপগ্ৰহ, দূৰণীৰ ৰঙ, তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আৰু অসমীয়া চলচ্চিত্ৰাভিনেতা প্ৰাঞ্জল শইকীয়া তেওঁৰ স্বামী।১
কৰ্মজীৱন
দুলাল ৰয়ৰ যোগেদি পূৰ্ণিমা পাঠকে নাট্যজগতত প্ৰদাৰ্পন কৰে। ১৯৭৫ চনত দুলাল ৰয়ে গাৰ্চিয়া লৰ্কাৰ নাট বাৰ্ণাৰ্ডা আলবাছ্ হাউছৰ অসমীয়া অভিযোজনা ফাটেমা বিবিৰ ঘৰৰ মূল চৰিত্ৰত তেওঁ অভিনয় কৰাৰ সুযোগ পায়। অসম চৰকাৰৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক হৈ থকা অৱস্থাত ৰয়ে এটা নাট্য বিভাগ খোলে আৰু এই বিভাগত হেমন্ত দত্ত, প্ৰাঞ্জল শইকীয়া, চেতনা দাস, ৰুণু দেৱী, ৰবীন নেওগ আদিয়ে যোগদান কৰে। পিছলৈ ৰয়ৰ পৰামৰ্শ মতেই পূৰ্ণিমা পাঠকে ১৯৭৯-ত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নামভৰ্তি কৰে। ১৯৮২-ত তেওঁ তিনি বছৰীয়া পাঠ্যক্ৰম শেষ কৰি ওলাই আছে।১
নাট্য বিদ্যালয়ৰ পৰা ওলাই অহাৰ পিছত পাঠকে ১৯৮৩ চনত এবছৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰে। তাত তেওঁ ভবেন বৰুৱা ৰচিত কনকলতা নাটকৰ মূল নাৰী চৰিত্ৰটো ৰূপায়ণ কৰিছিল।বছৰচেৰেক পিছত তেওঁ দূৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহীৰ পদৱীত যোগদান কৰে।১
পাঠকে অভিনয় কৰা প্ৰথম বোলছবি মানৱ আৰু দানৱ (১৯৭১)। মেট্ৰিক দি উঠাৰ পিছত তেওঁ এই ছবিখনত অভিনয় কৰাৰ সুযোগ পায়। উপগ্ৰহত (১৯৭২) তেওঁ প্ৰথম নায়িকাৰ চৰিত্ৰত অভিনয় কৰে। ইয়াত তেওঁ বিজয় শংকৰৰ বিপৰীতে অভিনয় কৰিছিল। তেওঁ ত্ৰিশৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।১
চলচ্চিত্ৰপঞ্জী
- মানৱ আৰু দানৱ (১৯৭১)
- উপগ্ৰহ (১৯৭২)
- ললিতা (১৯৭২)
- অভিযান (১৯৭৩)
- দূৰণীৰ ৰঙ (১৯৭৯)
- আজলী নবৌ (১৯৮০)
- সুৰুজ (১৯৮৫)২
- সোণ মইনা (চলচ্চিত্ৰ) (১৯৮৪) ( অতিথি শিল্পী)
- এই দেশ মোৰ দেশ (১৯৮৬)
- ময়ূৰী (১৯৮৬)।
- বান (১৯৮৬)
- হালধীয়া চৰায়ে বাওধান খায় (১৯৮৭)
- প্ৰিয়জন (১৯৯১]]
- যুগান্তৰৰ তেজাল পুৱা (২০০০)
- দাগ (২০০১)
- অন্য এক যাত্ৰা (২০০১)
- লাজ(২০০৪)
- বৰলাৰ ঘৰ (২০১২)
- অদম্য (২০১৪)
- কানীন (২০১৯)
বাহ্যিক সংযোগ
̈
তথ্যসূত্ৰ
- ↑ মনমৰমী মহন্তৰ সৈতে আজিৰ বুলনি'ৰ মজিয়াত পূৰ্ণিমা পাঠক শইকীয়া. প্ৰথম খবৰ ২৪x৭
- ↑ অসমীয়া চিনেমাৰ তথ্যকোষ. cinekatha.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্ণিমা পাঠক শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬২২৯৮৬ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।