অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুক্মিণী দেৱী অৰুণ্ডেল

ৰুক্মিণী দেৱী অৰুণ্ডেল (২৯ ফেব্ৰুৱাৰী ১৯০৪ – ২৪ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক। তেওঁ ভাৰতনাট্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ এগৰাকী পশু অধিকাৰ কৰ্মীয়ো আছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৪২১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰুক্মিণী দেৱী অৰুণ্ডেল (২৯ ফেব্ৰুৱাৰী ১৯০৪ – ২৪ ফেব্ৰুৱাৰী ১৯৮৬১) এগৰাকী ভাৰতৰ শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক। তেওঁ ভাৰতনাট্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ এগৰাকী পশু অধিকাৰ কৰ্মীয়ো আছিল। ১৯৫২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰিছিল। ৰাজ্যসভালৈ মনোনীত হোৱা তেওঁ প্ৰথম গৰাকী মহিলা। তেওঁ মন্দিৰৰ দেৱদাসী সকলৰ মাজত সীমিত ভাৰতনাট্যমৰে সাধীৰ শৈলীৰ পুনৰজীৱিত কৰাৰ বাবে জনাজায়। ইয়াৰ লগতে তেওঁ ভাৰতৰ পাৰম্পৰিক শিল্প সমূহৰ লগত জড়িত কলা-কৌশলী সকলৰ উন্নয়ন আৰু পুনৰ সংস্থাপনৰ বাবে কাম কৰিছিল।২

তেওঁ ইণ্ডিয়া টুডে কাকতৰ 'ভাৰতক আকৃতি প্ৰদান কৰা ১০০ গৰাকী শ্ৰেষ্ঠ ব্যক্তি'-ৰ তালিকাত স্থান লাভ কৰিছিল।৩ ১৯৫৬ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৪ ১৯৬৭ চনত তেওঁ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক ফেল'শ্বিপ লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯০৪ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে মাদুৰাইত ৰুক্মিণী দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নীলকান্ত শাস্ত্ৰী গড়কাপ্তানী বিভাগৰ অভিযন্তা আৰু এগৰাকী বিদ্বান লোক আৰু মাতৃ শেষাম্মল এগৰাকী সংগীতপ্ৰেমী আছিল। তেওঁৰ পিতৃৰ সঘনে বদলি হৈ থকাৰ বাবে তেওঁলোকে বহু ঠাইত থাকিবলগীয়া হৈছিল। ১৯০১ ছবিত তেওঁৰ পিতৃ এনী বেছাণ্টৰ দ্বাৰা প্ৰভাৱিত হৈ ব্ৰহ্মবাদ সমাজৰ লগত জড়িত হৈ পৰিছিল। সৰুৰে পৰা ৰুক্মিণী দেৱীয়েও ব্ৰহ্মবাদৰ লগে লগে সংস্কৃতি, থিয়েটাৰ, সংগীত আৰু নৃত্যৰ প্ৰতি আকৰ্ষিত হৈছিল। ব্ৰহ্মবাদী জৰ্জ অৰুণ্ডেলক লগ পোৱাৰ পিছত৫ ১৯২০ চনত বিবাহপাশত আৱদ্ধ হয়।৬ বিয়াৰ পিছত তেওঁ গোটেই বিশ্ব ভ্ৰমণ কৰে আৰু অন্যান্য ব্ৰহ্মবাদী সকলক লগ পায়।১ ২০২৩ চনত তেওঁ সৰ্বভাৰতীয় যুৱ ব্ৰহ্মবাদী সংঘৰ অধ্যক্ষ পদ লাভ কৰে। তাৰপিছত ১৯২৫ চনত তেওঁ বিশ্ব যুৱ ব্ৰহ্মবাদী সংঘৰ অধ্যক্ষ পদ লাভ কৰিছিল।৭

বঁটা আৰু সন্মান

১৯৮৭ চনৰ ভাৰতীয় ডাক টিকটত ৰুক্মিণী দেৱী
১৯৮৭ চনৰ ভাৰতীয় ডাক টিকটত ৰুক্মিণী দেৱীছবি: India Post, Government of India · GODL-India

১৯৯৪ চনৰ জানুৱাৰী মাহত ৰুক্মিণী দেৱী অৰুণ্ডেলৰ দ্বাৰা স্থাপিত কলাক্ষেত্ৰক ভাৰতীয় সংসদে ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি প্ৰদান কৰে।৮৯ ২০০৪ চনৰ ২৯ ফেব্ৰুৱাৰীত তেওঁৰ শততম জন্মদিন কলাক্ষেত্ৰৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছিল।১০১১ সেইদিনা দিল্লীত অৱস্থিত ললিত কলা একাডেমীত তেওঁৰ জীৱনৰ আধাৰত এক ফটো প্ৰদৰ্শনী মুকলি কৰা হৈছিল। উক্ত অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ এ পি জে আব্দুল কালামৰ উপস্থিতিত ড॰ সুনীল কোঠাৰিয়ে সংকলিত কৰা ৰুক্মিণী দেৱীৰ ফটো জীৱনী উন্মোচন কৰা হৈছিল।১২১৩১৪ ২০১৬ চনত তেওঁৰ ১১২তম জন্মদিনৰ লগত সংগতি ৰাখি গুগলে তেওঁৰ সন্মানত এক বিশেষ ডুডল প্ৰদৰ্শন কৰে।১৫১৬১৭ ২০১৭ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা প্ৰদৰ্শিত গুগল ডুদলটো ৰুক্মিণী দেৱীয়ে স্থান লাভ কৰিছিল।১৮

ৰুক্মিণী দেৱী অৰুণ্ডেলে সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বৰূপে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ পৰা বঁটা আৰু সন্মান লাভ কৰিছে। উল্লেখযোগ্য সমূহ হ'ল:

  • পদ্মভূষণ, ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান (১৯৫৬)
  • সংগীত নাটক একাডেমী বঁটা (১৯৫৭)
  • দেশিত্তোম সন্মান, বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ সন্মান (১৯৭২)
  • সংগীত নাটক একাডেমী ফেল'শ্বিপ, সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান (১৯৬৭)
  • প্ৰাণী মিত্ৰ, ভাৰতীয় প্ৰাণী কল্যাণ বৰ্ড (১৯৬৮)
  • ৰাণী ভিক্টোৰিয়া ৰূপৰ পদক, ৰয়েল ছ'চাইটি ফৰ দা প্ৰিভেঞ্চন অফ ক্ৰুয়েলিটি টু এনিমেল, লণ্ডন
  • কালিদাস সন্মান, মধ্য প্ৰদেশ চৰকাৰ (১৯৮৪)
  • ৰ'ল অফ অনাৰ, বিশ্ব প্ৰাণী সুৰক্ষা সংঘ, দা হেগ
  • সন্মানীয় ডক্টৰেট, ৱেনে ষ্টেট বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ
  • স্ক্ৰলছ অফ অনাৰ, লছ এঞ্জেলেছ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sharma, Shoba and Gangadean, Ashok (January 31, 2004) Rukmini Devi Arundale Centenary Celebration at Haverford College, February 28, 2004. Naatya.org. Retrieved on 10 December 2018
  2. ↑ www.narthaki.com/info/articles/art87.html
  3. ↑ Raman, N. Pattabhi. Rukmini Devi. India Today
  4. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  5. ↑ (March 2004). Rukmini Devi Arundale: A life dedicated to Art. Rediff.com
  6. ↑ (2004-03-08). A tribute to Rukmini Devi Arundale. specials.rediff.com
  7. ↑ Meduri, Avanthi (2 March 2001) Rukmini Devi, the visionary . The Hindu
  8. ↑ RUKMINI DEVI ARUNDALE. chennaibest.com
  9. ↑ Kalakshetra Foundation Act 1993 Ministry of Law And Justice
  10. ↑ Muthiah, S. (27 January 2003) Another centenary celebration. The Hindu
  11. ↑ (4 March 2004). A legend lives on.. It was time to pay tribute to Rukmini Devi Arundale, the czarina of dance.. The Hindu
  12. ↑ (22 February 2004). Her spirit still reigns. দ্য হিন্দু
  13. ↑ (27 February 2003). Time to celebrate. দ্য হিন্দু
  14. ↑ Centenary celebrations nartaki.com
  15. ↑ (29 February 2016). Google Pays Tribute To Famous Bharatanatyam Dancer Rukmini Devi Arundale On Her Birthday. NDTV
  16. ↑ (29 February 2016). Archived Google Doodle honouring Rukmini Devi. Google
  17. ↑ Santhanam, Radhika. (25 February 2016). Kalakshetra celebrates its 80th year. The Hindu
  18. ↑ International Women's Day 2017. Google.com (8 March 2017). Retrieved on 2018-12-10

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীপদ্মভূষণ বঁটা বিজয়ীসংগীত নাটক একাডেমী ফেলোশ্বিপ প্ৰাপক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুক্মিণী দেৱী অৰুণ্ডেল” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৬৪ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।