অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অখিল গগৈ

অখিল গগৈ (Akhil Gogoi) অসমৰ এগৰাকী কৃষক নেতা আৰু আৰ টি আই কৰ্মী (RTI activist)। বিগত কেইবাটাও বছৰত তেওঁ ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে।

হালনাগাদ: ৩ জুন ২০২৫ ৮৩৮ শব্দ · ৫ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অখিল গগৈ (Akhil Gogoi) অসমৰ এগৰাকী কৃষক নেতা আৰু আৰ টি আই কৰ্মী (RTI activist)। বিগত কেইবাটাও বছৰত তেওঁ ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে। দুৰ্নীতিৰ বিৰুদ্ধে আৰু চৰকাৰৰ কাৰ্য্যপ্ৰণালীত স্বচ্ছতা অনাৰ বাবে কৰি অহা সংগ্ৰামৰ বাবে তেওঁক প্ৰদান কৰা ২০০৮ বৰ্ষৰ 'Shanmugam Manjunath Integrity Award' ৰ পিছৰে পৰা তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি লাভ কৰে।১ সম্পূৰ্ণ গ্ৰাম ৰোজগাৰ আঁচনি'ৰ ১.২৫ কোটি টকীয়া কেলেংকাৰী আৰু 'ইন্দিৰা আবাস যোজনা'ৰ ৬০ লাখ টকীয়া কেলেংকাৰী তথ্য জনাৰ অধিকাৰ আইনৰ সুপ্ৰয়োগেৰে ধৰা পেলোৱাৰ বাবে ২০১০ বৰ্ষত 'Public Cause Research Foundation (PCRF)'-য়ে তেওঁক 'National Right to Information (RTI)' বটাঁ প্ৰদান কৰে।২ এই বটাঁৰ সম্পূৰ্ণ মূল্য ২১ লাখ টকা তেওঁ কৃষক মুক্তি সংগ্ৰামলৈ দান দিয়ে।৩ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ ৰাইজৰ দলৰ হৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।৪

প্ৰাৰম্ভিক জীৱন

অখিল গগৈৰ জন্ম হৈছিল ১৯৭৬ চনৰ ১ মাৰ্চ তাৰিখে যোৰহাট জিলাৰ চেলেঙহাটৰ লুখুৰাখন গাঁৱত। ১৯৯১ চনত হেমলাই হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৯৩ চনত যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত কলা শাখাত উচ্চতৰ মাধ্যমিক সাং কৰে। ১৯৯৩ চনৰ পৰা ১৯৯৬ চনৰ সময়ছোৱাত তেওঁ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিল। ইয়াৰ পিছত স্নাতকোত্তৰ শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ কৰিছিল যদিও অসম্পূৰ্ণ হৈ ৰ'ল।৫

তেওঁ কটন মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে একেৰাহে দুবাৰ নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতেই গগৈয়ে নক্সালবাদী নেতা সন্তোষ ৰাণা নেতৃত্বাধীন 'চিপিআই-এমএল-পিচিচি' (CPI-ML-PCC)-ৰ গণ-সংগঠন (mass organisation) 'ইউনাইটেড ৰিভ'লুছ'নেৰী মুভমেণ্ট কাউন্সিল অৱ আসাম' (United Revolutionary Movement Council of Assam)-ত যোগ দিছিল। অৱশ্যে, নব্বৈ দশকৰ শেষলৈ তেওঁ ৰাণাৰ পৰা আতঁৰি আহে আৰু নতুন পদাতিক নামৰ আলোচনীখনৰ সম্পাদক হিচাপে আত্মনিয়োগ কৰে। ড॰ হীৰেন গোহাঁইৰ তত্ত্বাৱধানত প্ৰকাশিত নতুন পদাতিক অসমীয়া ভাষাৰ স্বাধীন মাৰ্ক্সবাদী ধ্যান-ধাৰণাৰ আলোচনী। অখিল গগৈ সম্প্ৰতি গুৱাহাটী নিবাসী আৰু তেওঁৰ পত্নী আৰু এগৰাকী পুত্ৰ আছে।

সাহিত্য কৰ্ম

সাহিত্যিক হিচাপে অখিল গগৈৰ বৰ্তমানলৈকে কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। তাৰ ভিতৰত—

  1. উৰিব পৰা হ'লে আকৌ যুঁজিলোহেতেন(পত্নী গীতাশ্ৰী তামুলীৰ সৈতে যুটীয়াভাৱে)
  2. অসমীয়া জাতীয়তাবাদ।
  3. মৰুভূমি আহে লাহে লাহে।
  4. পৰিৱৰ্তনৰ আখৰা।
  5. গণ সংগ্ৰামৰ দিনলিপি।
  6. বিদেশী সমস্যা আৰু জাতীয় আন্দোলনৰ পথ

নদীবান্ধ বিৰোধী সংগ্ৰাম

২০০৯ চনৰ মাজভাগৰে পৰা অখিল গগৈয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰিস্থিতিতান্ত্ৰিক (ecologically) আৰু পাৰিপাৰ্শ্বিক ভাৱে সংবেদনশীল বিভিন্ন স্থানত নিৰ্মীয়মান আৰু প্ৰস্তাৱিত বৃহৎ নদীবান্ধসমূহৰ বিৰুদ্ধে ৰাজ্যজোৰা জনজাগৰণ আৰু আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে। বিশেষকৈ, তেওঁৰ নেতৃত্বৰ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS)-য়ে নিৰ্মীয়মান নামণি সোৱনশিৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবৰ বাবে দাবী জনাই আহিছে। সোৱণশিৰি নদীৰ নামণি অংশত ২০০০ মেগাৱাট ক্ষমতাৰ এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো ৰাষ্ট্ৰীয় জল শক্তি নিগম (NHPC) দ্বাৰা নিৰ্মীয়মান অৱস্থাত আছে।৬

দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম

কিছু সময়ৰ বাবে অখিল গগৈ আন্না হাজাৰেৰ নেতৃত্বত দেশব্যাপী চলা দুৰ্নীতিবিৰোধী আন্দোলন ইণ্ডিয়া এগেইনষ্ট ক'ৰাপছন (India against Corruption, IAC)-ৰ সৈতেও জড়িত আছিল। কিন্তু, IAC-ৰ কেইজনমান সদস্যই ৰাজনৈতিক দল আৰম্ভ কৰিবৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰাৰ পিছত গগৈ IAC-ৰ পৰা আতঁৰি আহে। IAC-ৰ পৰা আতঁৰি অহাৰ কাৰণ সম্পৰ্কে গগৈয়ে এইদৰে কয় যে, জনসাধাৰণে IAC-লৈ আগবঢ়োৱা বিপুল সমৰ্থন এটা শক্তিশালী গণ-আন্দোলন আগবঢ়াই নিবৰ বাবেহে আছিল, নিৰ্বাচন কেন্দ্ৰিক এটা ৰাজনৈতিক দল গঠনৰ বাবে নাছিল।৭

বিতৰ্ক

২০১০ চনৰ এপ্ৰিল মাহত, অসম চৰকাৰৰ এটা গোপন প্ৰতিবেদনত এইবুলি অভিযোগ প্ৰকাশ হৈছিল যে, অখিল গগৈৰ চিপিআই-মাওবাদী (CPI-Maoist)-ৰ সৈতে ওচৰ সম্পৰ্ক আছে।৮ গগৈয়ে এই প্ৰতিবেদনক প্ৰত্যাহ্বান জনাই অসম চৰকাৰক এই অভিযোগ প্ৰতিপন্ন কৰিবলৈ কৈছিল।৯ ৰমন মেগছেছে বঁটা বিজয়ী সন্দীপ পাণ্ডে আৰু মেধা পাটকৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱীয়ে গগৈয়ে মিছায়ে অভিযুক্ত সজাবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাক গৰিহণা দিয়ে।১০ এন ডি টি ভি-ৰ সৈতে এটা সাক্ষাৎকাৰত গগৈয়ে এইদৰে কৈছিল, “I am a Marxist and I do believe in social transformation. But I am not a Maoist. They don't believe in mass activities. We at KMSS are trying to organise the masses for radical change. But the attempt of the government to implicate me as a Maoists shows their frustration because they have been unable to contain the growing popularity of KMSS.”১১১২ এই বিষয়টোৱে অসম চৰকাৰৰ বাবে এটা লজ্জাজনক পৰিস্থিতিৰ উদ্ভৱ কৰিলে আৰু ইয়াৰ পিছত চৰকাৰে বিষয়টো এৰা দিবলৈ বাধ্য হয়।

সমাজহিতৈষী কাৰ্য্যকলাপ

অখিল গগৈ আৰু তেওঁৰ সহকৰ্মী (কমৰে'ড)-সকলে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কেইবাখনো অস্থায়ী খুচুৰা বিক্ৰী কেন্দ্ৰ মুকলি কৰে। ইয়াৰ মুখ্য উদ্দেশ্য আছিল গ্ৰাম্য কৃষকৰ ফচল মধ্যভোগীৰ হাতত নপৰাকৈ নগৰীয়া বজাৰলৈ উলিয়াই অনা। এই ব্যৱস্থাক খুচুৰা বিক্ৰী ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু মাফিয়াৰ দ্বাৰা চালিত ছিণ্ডিকেটৰ এটা বিকল্প ব্যৱস্থা হিচাপে দাবী কৰি অখিল গগৈ আৰু তেওঁৰ সংগঠনে গুৱাহাটীৰ বিভিন্ন স্থানত আৰু অধিক বিক্ৰী কেন্দ্ৰ স্থায়ী ৰূপত খোলাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। মধ্যভোগী আতঁৰাই এই কেন্দ্ৰসমূহ কৃষকসকলে নিজেই পৰিচালিত কৰিব আৰু ফলস্বৰূপে বিক্ৰেয় কৃষি সামগ্ৰীসমূহ অতি কম মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। এই কেন্দ্ৰসমূহ মুকলি কৰাৰ প্ৰথম দিনটোতেই মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে এশ কুইণ্টলতকৈ অধিক পৰিমাণৰ শাক-পাচলি গ্ৰাহকে ক্ৰয় কৰিছিল।১৩

অখিল গগৈয়ে পৃথানীয়াৰ দৰে মাটি মাফিয়াৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰিছে। পৃথানীয়াই গ্ৰাম্য কামৰূপ জিলাৰ অন্তৰ্গত বহুহাজাৰ বিঘা কৃষি ভূমি নিম্ন মূল্যতে ক্ৰয় কৰে। সম্প্ৰতি চৰকাৰে অখিল গগৈৰ দ্বাৰা পৰিচালিত কৃষক মুক্তি সংগ্ৰাম সমিতৰ অভিযোগৰ ভিত্তিত এই বিষয়টো সম্পৰ্কে তদন্ত চলাই আছে।

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধিতা আৰু কাৰাবন্দী জীৱন

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ গৃহীত হোৱাৰ পিছত এই আইনৰ বিৰুদ্ধে দেশজুৰি হোৱা আন্দোলনত অখিল গগৈয়ে ভাগ লয়। আৰু তাৰ পিছতেই ২০১৯ চনৰ ১২ ডিচেম্বৰত যোৰহাটত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।১৪ তাৰপিছত তেওঁক ১৭ ডিচেম্বৰত দহদিনৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ৰ হাতত পঠিওৱা হয়। লগতে সেইদিনাখনেই দিল্লীলৈ সোধাপোছাৰ বাবে নিয়া হয়। আৰু ২৫ ডিচেম্বৰত পুনৰ গুৱাহাটীলৈ ওভটাই আনি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।১৫

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত অখিল গগৈ ৰাইজৰ দলৰ হৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। তেওঁ সমষ্টিটোৰ মুঠ ১,২৪,২১৯টা ভোটৰ ৫৭,২১৯টা ভোট লাভ কৰে।১৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Akhil Gogoi receives award from Kiron Bedi. Assam Times
  2. ↑ TI Trade. (2009-11-29). The Assam Tribune Online. Assamtribune.com
  3. ↑ আৰ্কাইভ কপি
  4. ↑ ECI. GENERAL ELECTION TO VIDHAN SABHA TRENDS & RESULT MAY-2021
  5. ↑ (11th November, 2024). যি ক'ম সঁচা ক'ম. NKTV
  6. ↑ (2012-07-07). Who is Akhil Gogoi?: North, News - India Today. Indiatoday.intoday.in
  7. ↑ Sushanta Talukdar. (2012-08-05). News / National: Akhil Gogoi opposes Team Anna’s decision. The Hindu
  8. ↑ Anti-corruption activist a ‘Maoist’ in Assam report. Indian Express
  9. ↑ (2010-04-06). Assam govt brands RTI activist as Maoist - India News - IBNLive. Ibnlive.in.com
  10. ↑ India's Independent Weekly News Magazine. Tehelka
  11. ↑ News » Videos. NDTV
  12. ↑ ndtv. (2011-03-31). Akhil Gogoi under scanner. YouTube
  13. ↑ Akhil gives ray of hope to Assam farmers. Assam News
  14. ↑ (December 12, 2019). Peasant leader Akhil Gogoi arrested in Assam's Jorhat. INDIA TODAY
  15. ↑ (JAN 07, 2021). Gauhati High Court rejects anti-CAA activist Akhil Gogoi’s bail plea. Hindustan Times
  16. ↑ Assam election results: Anti-CAA activist Akhil Gogoi first in state to win polls from jail. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সমাজকৰ্মীঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অখিল গগৈ” প্ৰবন্ধৰ সংশোধন ৫১৪৬২১ (৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।