ইতিহাস
প্ৰাচীন সভ্যতাৰ পৰা আধুনিক কাললৈ — ৰাজ্য, যুদ্ধ, আন্দোলন আৰু ঘটনাপ্ৰবাহ · ৫৮৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আধুনিকতাবাদ
আধুনিকতাবাদ (Modernism) হৈছে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা ষষ্ঠ দশকৰ সময়ছোৱাত পশ্চিমৰ শিল্প আৰু সাহিত্যত এক বিশিষ্ট ৰাজনৈতিক, সামাজিক আৰু বৌদ্ধিক পটভূমিত ঐতিহ্যৰ পৰা বিছিন্ন হৈ গঢ় লৈ উঠা এটা অন্তৰ্মুখী, ব্যক্তিনিষ্ঠ আন্দোলন। এই আন্দোলনে জীৱন সম্পৰ্কীয় কিছু মৌলিক প্ৰশ্ন আৰু সন্দেহ উত্থাপন কৰিছিল।
-
জতুৱা ঠাঁচ
জতুৱা ঠাঁচ (Idiom) হৈছে কোনো শব্দ সমষ্টি যাৰ অৰ্থ শব্দসমূহ সামুহিকভাবে ললেহে ওলাই, গাইগুটীয়াকৈ নহয়। জতুৱা ঠাঁচৰ ব্যৱহাৰে এটা ভাষাক অধিক শক্তিশালী আৰু সৌন্দৰ্য্যশালী কৰি তোলে।
-
তেভাগা আন্দোলন
টেভাগা বিদ্ৰোহ (Tebhaga movement) আছিল বংগত হোৱা এক কৃষক বিদ্ৰোহ৷ ১৯৪৬-৪৭ চনত হোৱা এই বিদ্ৰোহৰ নেতৃত্ব দিছিল সৰ্বভাৰতীয় কিষাণ সভাই৷ এওঁলোক আছিল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কৃষক সদস্যসকলে৷ সেই সময়ত অংশীদাৰীসকলে (Sharecropper) তেওঁলোকৰ শস্যৰ আধা অংশ জমিদাৰসকলক দিবলৈ চুক্তিবদ্ধ হৈছিল।
-
বেলতলা
গুৱাহাটী মহানগৰীৰ প্ৰায় দক্ষিণ স্থিত বেলতলা মহানগৰীৰ আটাইতকৈ ঐতিহাসিকভাৱে পুৰণি অঞ্চল। ই মহানগৰীৰ আন্তগাথনিত উল্লেখযোগ্য অঞ্চল।
-
মহামন্দা
মহামন্দা বা বৃহৎ অৰ্থনৈতিক পতন (Great Depression) আছিল এক গুৰুতৰ বিশ্বজুৰা তীব্ৰ অৰ্থনৈতিক মন্দাৱস্থা যি ১৯৩০-ৰ দশকত ঘটিছিল। ইয়াৰ আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সমগ্ৰ বিশ্বত মহামন্দাৰ সময় বিভিন্ন আছিল; বেছিভাগ দেশত, ই ১৯২৯ চনত আৰম্ভ হৈছিল আৰু ১৯৩০ দশকৰ শেষভাগলৈ আছিল।
-
মাদ্ৰী
মাদ্ৰী (Madri) হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰতৰ নকুল আৰু সহদেৱৰ মাতৃ তথা পাণ্ডুৰ পত্নী আৰু যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুনৰ মাহী মাক আছিল মদ্ৰৰ কুঁৱৰী মাদ্ৰী।
-
আহোম-মোগলৰ সংঘৰ্ষ
আহোম-মোগলৰ সংঘৰ্ষ বুলিলে আহোম ৰাজ্যত প্ৰথমবাৰ ১৬১৫ চনত হোৱা মোগলৰ আক্ৰমণৰ পৰা ১৬৮২ চনৰ শেষ ৰণ অৰ্থাৎ ইটাখুলিৰ যুদ্ধলৈকে গোটেই সময়ছোৱাকে সামৰি লোৱা হয়। এই সময়ছোৱাত দুয়োপক্ষৰে সলনা-সলনিকৈ ক্ষমতা লাভৰ লগতে কোচ হাজোৰ পতন দেখা যায়।
-
ঋষ্যশৃংগ
ঋষ্যশৃংগ (ऋष्यशृंग) হৈছে খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ শেষৰ ফালৰ, ভাৰতীয় (হিন্দু আৰু বৌদ্ধ) শাস্ত্ৰত উল্লেখ কৰা ঋষি। হিন্দু মহাকাব্য ৰামায়ণৰ মতে, তেওঁ অপ্সৰা উৰ্বশীৰ গৰ্ভত আৰু ঋষি বিভাণ্ডকৰ ঔৰষত হৰিণৰ শিঙৰ সৈতে জন্মগ্ৰহণ কৰিছিল।
-
ঝৌ ৰাজবংশ
ঝৌ ৰাজবংশ (; Old Chinese (B&S): *tiw) এটি চীনা ৰাজবংশ যিয়ে শ্বাং ৰাজবংশৰ পাছত শাসন কৰিছিল। এই ৰাজবংশৰ শাসন ৭৮৯ বছৰলৈকে চলিছিল। ই চীনা ইতিহাসৰ আতাইতকৈ দীৰ্ঘ কালৰ বাবে ৰাজ কৰা বংশ। এই ৰাজবংশৰ উপাধি আছিল জি। তেওঁলোকৰ সামৰিক নিয়ন্ত্ৰণ চলিছিল খ্ৰীষ্টপূৰ্ব ১০৪৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ৭৭১লৈ।
-
টেঙ্ক
টেংক হৈছে ফ্ৰণ্ট লাইন স্থল যুদ্ধত প্ৰাথমিক আক্ৰমণাত্মক অস্ত্ৰ হিচাপে উদ্দেশ্য কৰা এখন সাজসজ্জিত যুদ্ধ বাহন। টেংকৰ ডিজাইন হৈছে গধুৰ অগ্নিশক্তি, শক্তিশালী কৱচ, আৰু ট্ৰেক আৰু এটা শক্তিশালী ইঞ্জিনৰ দ্বাৰা প্ৰদান কৰা যুদ্ধক্ষেত্ৰৰ গতিশীলতাৰ ভাৰসাম্য; তেওঁলোকৰ মূল অস্ত্ৰ-শস্ত্ৰ প্ৰায়ে এটা টাৰেটৰ ভিতৰত…
-
ধৰ্ম পাল
ধৰ্ম পাল (১০৩৫–১০৬০) কামৰূপ ৰাজ্যৰ পাল বংশৰ শাসক আছিল। তেওঁ হৰ্ষ পালৰ পুত্ৰ আৰু উত্তৰাধিকাৰী আছিল।
-
পাণ্ড্য ৰাজবংশ
পাণ্ড্য ৰাজবংশ (Pandya dynasty) দক্ষিণ ভাৰতৰ এটা প্ৰাচীন তামিল ৰাজবংশ আছিল। তেওঁলোকক মাদুৰাইৰ পাণ্ড্য বুলিও কোৱা হয়। তামিলাকমৰ তিনিটা প্ৰখ্যাত বংশৰ অন্যতম; আন দুটা ৰাজবংশ হৈছে চোল আৰু চেৰা।
-
বৰগোহাঞি
বৰগোহাঞি বা চাও থাও লৌঙ (ইংৰাজী ভাষা:Chao Thao Lung or Borgohain, আহোম ভাষা: 𑜌𑜧𑜨 𑜉𑜢𑜤𑜂𑜫 𑜏𑜤𑜂𑜫) আহোম সাম্ৰাজ্যৰ দ্বিতীয়জন পৰামৰ্শদাতা ৰাজমন্ত্ৰী। তেওঁক আহোম চাওফাই চাওফা হ’বৰ অযোগ্য সাতঘৰীয়া ফৈদৰ আহোম পৰিয়ালৰ পৰা নিৰ্বাচিত কৰিছিল। অন্যজন পৰামৰ্শদাতা ৰাজমন্ত্ৰী আছিল বুঢ়াগোহাঞি।
-
ভাৰতৰ ইতিহাস
ভাৰতৰ ইতিহাসে মূলতঃ ভাৰতীয় উপমহাদেশৰ প্ৰাচীন-মধ্যযুগীয় আৰু প্ৰাক-আধুনিক ইতিহাসক বুজায়, খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দৰ পৰা খ্ৰীষ্টীয় ২০ শতিকাৰ মাজভাগলৈকে। খ্ৰীষ্টৰ জন্মৰ প্ৰায় দহ লাখ(?) বছৰৰ আগৰ দেশত প্ৰথম মানৱ বসতি দেখা যায়।
-
মিটু আন্দোলন
মি-টু (MeToo movement) হৈছে যৌন নিৰ্যাতন, যৌন উৎপীড়ন আৰু ধৰ্ষণ সংস্কৃতিৰ বিৰুদ্ধে এক সামাজিক আন্দোলন, য'ত মানুহে বিশেষকৈ মহিলাসকলে যৌন নিৰ্যাতন বা যৌন উৎপীড়নৰ অভিজ্ঞতা প্ৰচাৰ কৰে।
-
লৌহ যুগ
লৌহ যুগ (ইং: Iron Age) হৈছে ব্ৰঞ্জ যুগৰ পৰৱৰ্ত্তী কাল য’ত আধুনিক মানুহে লোৰ ব্যৱহাৰ শিকিছিল আৰু বহুলভাৱে ইয়াৰ ব্যৱহাৰ কৰিছিল। অতি কমেও ১২০০ খ্ৰী:পূ:তে এনাটলিয়াত লোৰ উৎপাদন কৰাৰ প্ৰমাণ পোৱা গৈছে। লৌহ যুগটো লো আৰু তীখাৰ বহুল ব্যৱহাৰৰ কাৰণে জনাজাত।
-
সাতবাহন ৰাজবংশ
সাতবাহন (Satavahana dynasty) দাক্ষিণাত্য অঞ্চলৰ এটা প্ৰাচীন ভাৰতীয় ৰাজবংশ আছিল, যাক পুৰাণত অন্ধ্ৰ বুলিও কোৱা হৈছে। আধুনিক বিজ্ঞসকলৰ অধিকাংশই বিশ্বাস কৰে যে সাতবাহন শাসন খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ শেষৰ ফালে আৰম্ভ হৈছিল আৰু খ্ৰীষ্টীয় তৃতীয় শতিকাৰ আৰম্ভণিলৈকে চলিছিল যদিও কিছুমানে পুৰাণৰ ভিত্তিত…
-
ইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাস
ইজৰাইল-পেলেষ্টাইন সংঘাতৰ ইতিহাসে আমাক লৈ যায় ১৯ শতিকাৰ সেই সময়চোৱালৈ যেতিয়া জায়নিষ্টসকলে অট্টোমান নিয়ন্ত্ৰিত পেলেষ্টাইনত ইহুদী জনসাধাৰণৰ বাবে এক গৃহভূমি প্ৰতিষ্ঠা কৰিব বিচাৰিছিল।
-
চৰকাৰী ভাষা আন্দোলন (অসম)
চৰকাৰী ভাষা আন্দোলন বা চমুকৈ ভাষা আন্দোলন Official language movement) ১৯৬০-৬১ চনত সমগ্ৰ অসমত সংঘটিত হোৱা এক ভাষাকেন্দ্ৰিক আন্দোলন। স্বাধীনতাৰ পিছৰে পৰা সময়ে-সময়ে অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন হৈ আহিছিল।
-
প্ৰাক-ইতিহাস
প্ৰাক-ইতিহাস (Prehistory)-ৰ অৰ্থ "ইতিহাসে ঢুকি পোৱাৰ আগৰ"। 'মূল ইংৰাজী শব্দ Prehistory (অৰ্থ: "before history", অথবা "before knowledge acquired by investigation") লেটিন ভাষাৰ præ (আগতে), and historia (ইতিহাস) শব্দৰ সংযোগত সৃষ্টি হৈছে।
-
বংগৰ বিভাজন (১৯৪৭)
১৯৪৭ চনৰ বংগৰ বিভাজন হ'ল ভাৰতৰ বিভাজনৰ এটি অংশ, য'ত ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰদেশক ৰেডক্লিফ ৰেখাৰে বিভাজিত কৰা হৈছিল। বংগৰ এভাগ (পশ্চিম দিশৰ হিন্দু সংখ্যাগড়িষ্ঠতা থকা ভাগ) থাকিল ভাৰতৰ ওচৰত (পশ্চিমবংগ ৰাজ্য) আৰু আনটো ভাগ (পূব দিশৰ মুছলিম সংখ্যাগড়িষ্ঠতা থকা ভাগ) হৈ পৰিল পাকিস্তানৰ অংগ (পূব পাকিস্তান)।
-
মাৰাঠা সাম্ৰাজ্য
মাৰাঠা সাম্ৰাজ্য (Marathi: मराठा साम्राज्य) সোতৰ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে (১৬৭৪ - ১৮১৮) সমগ্ৰ ভাৰতবৰ্ষৰ অধিকাংশ অঞ্চলতে বিদ্যমান এক ঐতিহাসিক সাম্ৰাজ্য।
-
সাংস্কৃতিক বিপ্লৱ
সাংস্কৃতিক বিপ্লৱ (Cultural Revolution), আনুষ্ঠানিকভাৱে মহান সৰ্বহাৰা সাংস্কৃতিক বিপ্লৱ (Great Proletarian Cultural Revolution), আছিল ১৯৬৬ চনৰ পৰা ১৯৭৬ চনলৈ গণপ্ৰজাতন্ত্ৰী চীনত চলা এক সামাজিক তথা ৰাজনৈতিক আন্দোলন। এই বিপ্লৱটো আৰম্ভ কৰিছিল চীনৰ কমিউনিষ্ট দলৰ সভাপতি মাও জেদঙে।
-
স্বৰাজ
স্বৰাজ (Swarajस्वराज; স্ব- "নিজ", ৰাজ "শাসন") বুলিলে সাধাৰণতে স্বায়ত্ত্বশাসন বুজায় আৰু মহৰ্ষি দয়ানন্দ স্বৰস্বতীয়ে "গৃহ-শাসন"ৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিছিল যি পিছলৈ মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰিছিল কিন্তু শব্দটোৱে প্ৰকৃততে বিদেশী দমনৰ পৰা ভাৰতৰ স্বাধীন,গান্ধীৰ ধাৰণাক বুজাইছিল।
-
কাৰবালাৰ যুদ্ধ
কাৰবালাৰ যুদ্ধ (مَعْرَكَة كَرْبَلَاء) ৬৮০ চনৰ ১০ অক্টোবৰত (ইছলামিক কেলেণ্ডাৰৰ ৬১ হিজৰীত ১০ মহৰম) দ্বিতীয় উমাইয়াদ খলিফা প্ৰথম ইয়াজিদ (ৰাজত্ব ৬৮০-৬৮৩)ৰ সৈন্য আৰু নেতৃত্বত এটা সৰু সৈন্যৰ মাজত কাৰ্বালা যুদ্ধ হৈছিল।
-
কোচিন ৰাজ্য
কোচিন ৰাজ্য বা কোচিন ষ্টেটক পেৰুম্পাদাপ্পু স্বৰূপম বুলিও জনা যায়। ইয়াৰ ৰাজধানী কোচি চহৰৰ নাম অনুসৰি এই নাম ৰখা হৈছিল। বৰ্তমানৰ কেৰালা ৰাজ্যৰ মধ্যভাগত এই ৰাজ্যখন অৱস্থিত আছিল। দ্বাদশ শতিকাৰ আৰম্ভণিতে ইয়াৰ উৎপত্তি হৈছিল। ১৯৪৯ চনত ভাৰতীয় অধিৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱালৈকে ইয়াৰ শাসন চলিছিল।
-
ঘৰুৱাকৰণ
ঘৰুৱাকৰণ হৈছে কোনো জীৱসমষ্টিৰ কৰ্ষণ বা পালন কৰা। ই ঘৰুৱা বা ব্যৱসায়িকভাৱে পৰ্যায়ত হ'ব পাৰে। ঘৰুৱাকৰণত জীৱৰ ভৌতিক অৱস্থিতি, আচৰণগত বৈশিষ্ট, শাৰীৰিক আকাৰ, নোমৰ গুণগত মান বা বৰণ, বৃদ্ধিৰ হাৰ, জীৱন কাল, উৎপাদন, আৰু অন্য বহু দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।
-
চম্পাৰণ সত্যাগ্ৰহ
চম্পাৰণ সত্যাগ্ৰহ (Champaran Satyagraha) ব্ৰিটিছ ঔপনিৱেশিক কালত ভাৰতৰ বিহাৰৰ চম্পাৰণ জিলাত সংঘটিত হোৱা কৃষকৰ বিদ্ৰোহ আছিল। ১৯১৬ চনৰ সংঘটিত হোৱা চম্পাৰণ সত্যাগ্ৰহ ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত প্ৰথম সত্যাগ্ৰহ আন্দোলন আছিল।
-
চিন্তা
চিন্তা (Thought ) আৰু বিচাৰ শব্দ দুটাই অতি সাধাৰণ অৰ্থত সংবেদনশীল উদ্দীপনাৰ পৰা স্বাধীনভাৱে হ’ব পৰা জ্ঞানমূলক প্ৰক্ৰিয়াক বুজায়। ইহঁতৰ আটাইতকৈ পেৰাডাইমেটিক ৰূপসমূহ হ’ল বিচাৰ, যুক্তি, ধাৰণা গঠন, সমস্যা সমাধান, আৰু বিবেচনা।
-
জিজিয়া
জিজিয়া (جزية ) হ'ল ইছলামিক ৰাষ্ট্ৰত ইছলামিক আইনেৰে অনুকূলভাৱে স্থায়ীভাবে বসবাস কৰা অমুছলিমসকলৰজন প্ৰতি বছৰেকীয়া ধাৰ্যকৃত কৰ। মুছলিম ফকীহসকলৰ অভিমত এই যে অমুছলিম সকলৰ মাজত সেইসকল প্ৰাপ্তবয়স্ক, স্বাধীন, বিবেকী পুৰুষ হ'ব লাগিব।