ইতিহাস
প্ৰাচীন সভ্যতাৰ পৰা আধুনিক কাললৈ — ৰাজ্য, যুদ্ধ, আন্দোলন আৰু ঘটনাপ্ৰবাহ · ৫৮৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মু'ঙ
মু'ঙ (,আহোম ভাষা:𑜉𑜢𑜤𑜂𑜫 চীনা ভাষা:勐,থাই ভাষা: เมือง,লাও ভাষা: ເມືອງ,শান ভাষা: မိူင်း,ইংৰাজী: Mueng) টাইসামাজিক প্ৰথা অনুসৰি টাইজনগোষ্ঠীৰে বসবাস কৰা অঞ্চল যি উত্তৰ-পূব ভাৰত আৰু দক্ষিণ চীন সংলগ্ন হৈ থাইলেণ্ড, লাওছ, বাৰ্মা, কম্বোডিয়া, উত্তৰ ভিয়েতনাম দেশলৈকে বিয়পি আছে।
-
মুজিৰিছ
মুচিৰি (তামিল: [musiri], প্ৰাচীন তামিল: Muciṟi; মালয়ালম: [mutːʃiri]), যাক মুচিৰী আৰু প্ৰাচীন গ্ৰীক-ৰোমান নাম মুজিৰিছ/মাউজিৰিছ (প্ৰাচীন গ্ৰীক: Μουζιρίς) বুলিও জনা যায়, আছিল দক্ষিণ ভাৰতৰ মালাবাৰ উপকূলৰ এক প্ৰাচীন বন্দৰ আৰু নগৰীয় কেন্দ্ৰ।
-
সাংখ্যিক অংক
সাংখ্যিক অংক বা গণনাৰ অংক বা সংখ্যা অকলশৰীয়াকৈ (যেনে "১") বা সংমিশ্ৰণত (যেনে "১৫") ব্যৱহৃত একক চিহ্ন, বা সংখ্যা ব্যৱস্থাত সংখ্যাসমূহক প্ৰতিনিধিত্ব কৰিবলৈ এটা অৱস্থান।
-
সাতঘৰীয়া আহোম
সাতঘৰীয়া আহোম হৈছে আহোমসকলৰ সাতটা ফৈদ (ঘৰ) বা সামাজিক ভাগ। তৃতীয়জন আহোম স্বৰ্গদেৱ চুবিণ্ফাৰ ৰাজত্বকালত আহোমসকলৰ মাজত আনুষ্ঠানিকভাৱে শাসক আৰু শাসিত শ্ৰেণীৰ সৃষ্টি হৈছিল। সাতঘৰীয়া আহোম পৰিয়ালকেইটা শাসক শ্ৰেণীত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাকী লোকসকল শাসিত শ্ৰেণীত সোমাই পৰিছিল।
-
সোমপুৰ মহাবিহাৰ
সোমপুৰ মহাবিহাৰ বা পাহাৰপুৰ বৌদ্ধবিহাৰ বাংলাদেশৰ এটা প্ৰধান বৌদ্ধ মঠ (mahavihara)। এই বৌদ্ধবিহাৰ বৰ্তমান বাংলাদেশৰ বাদালগাছি, নাওগাঁওত অৱস্থিত। ভাৰত উপমহাদেশৰ বৌদ্ধ বিহাৰসমূহৰ ভিতৰত এইটো এটা অন্যতম আৰু দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান।
-
স্বৰসন্ধি
ওচৰা-উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে। সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ আটাইতকৈ বেছি। সন্ধি সংস্কৃত সাহিত্যৰ অবিচ্ছেদ্য অংগ। সেইবাবে ইয়াক সংস্কৃত সাহিত্যৰ অলংকাৰ বুলি ক’লেও বড়াই কোৱা নহয়।
-
অপাৰেচন অল ক্লিয়াৰ
অপাৰেচন অল ক্লিয়াৰ হৈছে ৰয়েল ভূটান আৰ্মীৰ দ্বাৰা ভূটানৰ দক্ষিণ অংশত থিতাপি লৈ থকা অসমৰ বিচ্ছিন্নতাবাদী সংগঠনৰ ঘাটি উচ্ছেদ কৰিবলৈ ২০০৩ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩ জানুৱাৰীলৈ চলোৱা এক সামৰিক অভিযান। ৰয়েল ভূটান আৰ্মীয়ে চলোৱা এইটো আছিল প্ৰথম অভিযান।
-
অসম শোধনাগাৰ আন্দোলন
অসম শোধানাগাৰ আন্দোলন (The Refinery Movement in Assam) অসমৰ খাৰুৱা তেলেৰে (crude oil) অসমৰ সলনি কেন্দ্ৰীয় চৰকাৰে বিহাৰৰ বাৰাউনীত শোধানাগাৰ স্থাপন কৰিব বিচৰা সিদ্ধান্তৰ প্ৰতিবাদ কল্পে ১৯৫৬-৫৭ চনত সংঘটিত এক আন্দোলন। স্বাধীনতাৰ পিছত ভাৰতত সকলোতকৈ বৃহৎ তৈলক্ষেত্ৰখন আৱিষ্কৃত হৈছিল অসমৰ নাহৰকটীয়াত।
-
অসুৰৰ আলিৰ সন্ধি
অসুৰৰ আলিৰ সন্ধি ১৬৩৯ চনৰ ফেব্ৰুৱাৰী মাহত মোগল সম্ৰাজ্যৰ ফৌজদাৰ আল্লাহ য়াৰ খান আৰু আহোম ৰাজ্যৰ মোমাই তামুলী বৰবৰুৱাৰ মাজত স্বাক্ষৰিত হৈছিল। ১৬১৫ চনৰপৰা কেইবাবাৰো মোগলে আহোমক আক্ৰমণ কৰি অসম নিজৰ অধীনলৈ আনিবলৈ কৰা বিফল চেষ্টাৰ পিছত ১৬৩৮ চনৰ নৱেম্বৰ মাহত দুইমুনিশিলা যুদ্ধত মোগল আহোমৰ হাতত বেয়াকৈ…
-
আকবৰৰ নৱৰত্ন
ভাৰতৰ মহান মোগল বাদশ্বাহ আকবৰ স্বয়ং নিৰক্ষৰ হোৱা সত্ত্বেও ইতিহাসবিদ, চিত্ৰকাৰ, বিচাৰক, ধৰ্মগুৰু, কলাকাৰ তথা বুদ্ধিজীৱীৰ বিশেষ প্ৰেমী আছিল। কোৱা হয় যে আকবৰৰ ৰাজসভাত এনে ন(৯)জন গুণী ব্যক্তি আছিল যাক কালক্ৰমত আকবৰৰ নৱৰত্ন বুলি জনা গৈছিল।
-
আনাৰকলী
আনাৰকলী (; Anarkali; জন্ম. শৰিফ-উন-নিচা) বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত লাহোৰৰ এগৰাকী নৰ্তকী আছিল। তেওঁৰ জন্মৰ নাম শৰিফ-উন-নিচা আৰু তেওঁক নাদিৰা বেগম বুলিও জনা যায়।
-
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ
২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰে আৰু ২০১৪ চনৰ পৰা আৰম্ভ হোৱা ৰুছ-ইউক্ৰেইন যুদ্ধৰ বৃহৎ তীব্ৰতা বৃদ্ধি কৰে। এই আক্ৰমণত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ আটাইতকৈ ডাঙৰ আৰু মাৰাত্মক সংঘাত লাখ লাখ সামৰিক হতাহতিৰ সৃষ্টি কৰিছে আৰু লাখ লাখ ইউক্ৰেইনৰ অসামৰিক লোকৰ মৃত্যু।
-
উম-ফা
ক্ষেক উম-ফা হৈছে আহোম সকলে পালন কৰা এক প্ৰকাৰৰ উৎসৱ। উৎসৱ ৰ প্ৰধান উপাস্য দেৱতা হ'ল ফা ন্যুৰু লেংদন। এই লেংদন স্বৰ্গদেৱে চীনৰ ম্যু-ফী ৰাজ্যৰ পৰা খুন্লুং আৰু খুন্লাইক ম্যুৰি-মুংৰামলৈ পঠাওঁতে যি উৎসৱ পালন কৰা হৈছিল সিয়েই কালক্ৰমত ওম্ফা উৎসৱ ৰ ৰূপ গ্ৰহণ কৰা বুলি বিশ্বাস কৰা হয়।
-
কৈহাটীৰ ঢুলীয়া
কৈহাটীৰ ঢুলীয়া অসমৰ ঐতিহ্য বহনকাৰী এক আপুৰুগীয়া কৃষ্টি। ই সম্পূৰ্ণৰূপে লৌকিক আৰু অতি জনপ্ৰিয় অনুষ্ঠান। ঢুলীয়া অনুষ্ঠানটিত ভাগ লোৱা লোকসকলৰ অভিনয় কৌশল আৰু হাস্য-ব্যংগ অভিনয়েই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ। কৈহাটীৰ ঢুলীয়া কামৰূপীয়া ঢুলীয়াৰ অংশবিশেষ। কৈহাটীৰ স্থানীয় ভাষাত ঢুলীয়াক ভাইৰা বোলা হয়।
-
চুতীয়া–আহোম ৰাজ্যৰ যুদ্ধ
চুতীয়া–আহোম ৰাজ্যৰ যুদ্ধসমূহ আছিল উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত চুতীয়া ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত সংঘটিত এক শৃংখল সামৰিক সংঘাত, যাৰ পৰিণতিত চুহুংমুংৰ শাসনকালত চুতীয়া ৰাজ্য আহোমসকলৰ দ্বাৰা বিজিত হয়।
-
চৌৰী চোৰা ঘটনা
চৌৰী চোৰা ঘটনা সংঘটিত হৈছিল ১৯২২ চনৰ ৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ ভাৰতৰ গোৰক্ষপুৰ জিলা (বৰ্তমানৰ উত্তৰ প্ৰদেশ) চৌৰী চোৰাত। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰা এক বৃহৎ প্ৰতিবাদকাৰী দল আৰু পুলিচৰ সৈতে সাধাৰণ তৰ্ক পৰা সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু প্ৰতিবাদকাৰীৰ ওপৰত গুলিবৰ্ষণ কৰিছিল।
-
ছন্দ
ভাৰতীয় অলংকাৰ শাস্ত্ৰৰ বিভিন্ন তাত্ত্বিক দিশবিলাকৰ ভিতৰত ছন্দ অন্যতম। কাব্য সৃষ্টিৰ অন্তৰালত বা কাব্যৰ সৌন্দৰ্য পানৰ ক্ষেত্ৰত যিদৰে ৰস, ধ্বনি, বক্ৰোক্তি, অলংকাৰ আদিয়ে স্বকীয় ভূমিকা পৰিগ্ৰহণ কৰে, ঠিক তেনেদৰে ছন্দইও কাব্যৰ শৰীৰ নিৰ্মাণৰ ক্ষেত্ৰত অভিনৱত্ব গ্ৰহণ কৰে।
-
ছাইমন কমিশ্যন
ছাইমন কমিশ্যন (Simon Commission) বা ভাৰতীয় সংবিধানিক কমিশ্যন (Indian Statutory Commission) ছাৰ জন ছাইমনৰ নেতৃত্বত গঠিত ব্ৰিটিছ সদনৰ সাতজন সাংসদৰ এক গোটৰ নাম আছিল। এই কমিশ্যন ভাৰতৰ সংবিধানিক পুনৰ্গঠন অধ্যয়নৰ বাবে ১৯২৮ চনত ভাৰতত উপস্থিত হয়।
-
ছাক
ছাক (বা চাক বা ক্লাছিক মায়ান ভাষাত ছাহক বুলিও বানান কৰা হয়) বৰষুণ, বজ্ৰপাত আৰু বিজুলীৰ মায়া দেৱতাৰ নাম। বিজুলীৰ কুঠাৰেৰে ছাকে ডাৱৰবোৰত খুন্দা মাৰে, যাৰ ফলত ডাৱৰবোৰে বজ্ৰপাত আৰু বৰষুণৰ সৃষ্টি কৰে। এজটেকসকলৰ মাজত ছাক ট্লালক আৰু জাপোটেকসকলৰ মাজত কোচিজোৰ সৈতে মিল আছে।
-
জিন ৰাজবংশ
জিন ৰাজবংশ বা জিন সাম্ৰাজ্য যাক কোনো কোনোৱে চিমা জিন বা দুই জিনৰ নামেৰেও অভিহিত কৰে, এটি সাম্ৰাজ্যবাদী চীনা ৰাজবংশ। এই ৰাজবংশ ২৬৬ৰ পৰা ৪২০ চনলৈ অস্তিত্বত আছিল। চিমা য়ান, যি চিমা ঝাওৰ জ্যেষ্ঠ পুত্ৰ, এই সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক, যাৰ বিপৰীতে, চিমা ঝাও আছিল জিনৰ ৰজা।
-
তাৰকাময় যুদ্ধ
তাৰকাময় যুদ্ধ (সংস্কৃত: तारकामय युद्ध, আক্ষৰিক অৰ্থ:'তাৰাৰ প্ৰেমৰ বাবে যুদ্ধ') হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এখন প্ৰাচীন যুদ্ধ৷ চন্দ্ৰ দেৱতা সোমে বৃহস্পতিৰ পত্নী তাৰাক পলোৱাই নিয়াৰ ফলত এই যুদ্ধৰ সূত্ৰপাত হৈছিল।
-
দন্তবক্ৰ
দন্তবক্ৰ (সংস্কৃত: दन्तवक्र) হিন্দু ধৰ্মত কৰুষৰ ৰজা। দন্তবক্ৰ বিষ্ণুৰ দুৱাৰ ৰক্ষক বিজয়ৰ তৃতীয় আৰু শেষ জন্ম, আনহাতে তেওঁৰ ভাতৃ জয় হৈছিল শিশুপাল।
-
নিধানপুৰ তাম্ৰলিপি
নিধানপুৰ তাম্ৰলিপি বা নিধানপুৰ তাম্ৰশাসন (Nidhanpur copperplate inscription) সপ্তম শতিকাৰ কামৰূপ ৰাজ্যৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত জাৰি কৰা তামৰ ফলিত খোদিত তাম্ৰলিপি বা তাম্ৰশাসন।
-
প্ৰাৰ্থনা সমাজ
প্ৰাৰ্থনা সমাজ (Prarthana Samaj বা Prayer Society) আছিল ভাৰতৰ বোম্বাইত আৰম্ভ হোৱা এটা সামাজিক আৰু ধৰ্মীয় আন্দোলন। ইয়াৰ ভেটি আছিল পূৰ্ববৰ্তী সংস্কাৰ আন্দোলনসমূহ। প্ৰাৰ্থনা সমাজৰ গুৰি ধৰে দাদোবা পাণ্ডুৰাং আৰু তেখেতৰ ভ্ৰাতৃ আত্মাৰাম পাণ্ডুৰাঙে, ১৮৬৩ চনত।
-
বলপূৰ্বক ধৰ্মান্তৰকৰণ
বলপূৰ্বক ধৰ্মান্তৰকৰণ বুলিলে কোনো ব্যক্তি, গোট বা সমাজৰ ওপৰত তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে সংঘাতৰ অজুহাতত বা অজুহাত নোহোৱাকৈ অন্য কোনো ধৰ্মীয় বিশ্বাস জাপি দিয়া নতুবা তেওঁক নিজৰ ধৰ্ম এৰি আন ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰা। আবু হানিফা আৰু আবু ইউছুফৰ মতে অমুছলমানে নিজৰ ধৰ্ম নিৰ্বিশেষে জিজিয়া কৰ দিব লাগিব।
-
বাইজেণ্টাইন সাম্ৰাজ্য
বাইজেণ্টাইন সাম্ৰাজ্য (Βασιλεία Ῥωμαίων, Basileía Rhōmaíōn) আছিল প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ পূৰ্ব অংশৰ উত্তৰসূৰি, যিয়ে মধ্যযুগৰ সময়ছোৱাত ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ বিস্তৃত অঞ্চলত আধিপত্য বিস্তাৰ কৰিছিল।
-
বিদ্যুৎ চুম্বকীয় বিকিৰণ
বিদ্যুৎ-চুম্বকীয় বিকিৰণ (Electromagnetic radiation) হৈছে আধানযুক্ত কণিকাৰ দ্বাৰা বিকিৰিত কৰা আৰু শোষিত কৰা শক্তিৰ এটা ৰূপ, যিয়ে মহাকাশৰ মাজেৰে পৰিভ্ৰমণ কৰোঁতে তৰংগ সদৃশ ধৰ্ম দেখুৱায়।
-
ভিয়েটনাম যুদ্ধ
ভিয়েটনাম যুদ্ধ (Chiến tranh Việt Nam) (১ নৱেম্বৰ ১৯৫৫ – ৩০ এপ্ৰিল ১৯৭৫) আছিল ভিয়েটনাম, লাওছ আৰু কম্বোডিয়াত উত্তৰ ভিয়েটনাম (ভিয়েটনাম গণতান্ত্ৰিক গণৰাজ্য) আৰু দক্ষিণ ভিয়েটনাম (ভিয়েটনাম গণৰাজ্য) আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ মাজত হোৱা সশস্ত্ৰ সংঘাত।
-
মৈত্ৰেয়ী
মৈত্ৰেয়ী (Maitreyi, নামৰ অৰ্থ: "বন্ধুসুলভ") প্ৰাচীন ভাৰতৰ বৈদিক যুগৰ এগৰাকী হিন্দু দাৰ্শনিক। বৃহদাৰণ্যক উপনিষদ অনুসৰি তেওঁ বৈদিক ঋষি যাজ্ঞবল্ক্যেৰ দুই পত্নীৰ অন্যতম আছিল। ঋষি যাজ্ঞবল্ক্য আনুমানিক খ্ৰীষ্টপূৰ্ব ৮ম শতাব্দীৰ আছিল।
-
মৌখিক ইতিহাস
মৌখিক ইতিহাস (Oral history) হ'ল ব্যক্তি, পৰিয়াল, গুৰুত্বপূৰ্ণ ঘটনা, বা দৈনন্দিন জীৱনৰ বিষয়ে ঐতিহাসিক তথ্যৰ সংগ্ৰহ আৰু অধ্যয়ন, য'ত অডিঅ' ট্ৰেপ, ভিডিঅ' ট্ৰেপি, বা পৰিকল্পিত সাক্ষাৎকাৰৰ প্ৰতিলিপি ব্যৱহাৰ কৰা হয়।