অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

জতুৱা ঠাঁচ

জতুৱা ঠাঁচ (Idiom) হৈছে কোনো শব্দ সমষ্টি যাৰ অৰ্থ শব্দসমূহ সামুহিকভাবে ললেহে ওলাই, গাইগুটীয়াকৈ নহয়। জতুৱা ঠাঁচৰ ব্যৱহাৰে এটা ভাষাক অধিক শক্তিশালী আৰু সৌন্দৰ্য্যশালী কৰি তোলে।

হালনাগাদ: ২ জুলাই ২০২৬ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

জতুৱা ঠাঁচ (Idiom) হৈছে কোনো শব্দ সমষ্টি যাৰ অৰ্থ শব্দসমূহ সামুহিকভাবে ললেহে ওলাই, গাইগুটীয়াকৈ নহয়।১ জতুৱা ঠাঁচৰ ব্যৱহাৰে এটা ভাষাক অধিক শক্তিশালী আৰু সৌন্দৰ্য্যশালী কৰি তোলে।

বিৱৰণ

কোনো শব্দই যেতিয়া কোনো ধাতুৰ লগত লগলাগি ইয়াৰ আক্ষৰিক অৰ্থতকৈ বেলেগ অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক জতুৱা ঠাঁচ বুলি কোৱা। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। উদাহৰণস্বৰূপে, অসমীয়া ভাষাত ব্যৱহৃত এটা জতুৱা ঠাঁচ হৈছে ‘কাণ কটা’। ইয়াৰ দুয়োটা শব্দৰ অৰ্থ গাইগুটিয়াকৈ চালে দেখা যায়২ ‘কাণ’ হৈছে শ্ৰৱণ অংগ আৰু ‘কটা’ মানে যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে গতিকে গাইগুটিয়াকৈ ললে ইয়াৰ অৰ্থ হ’ব যাৰ কাণ কটা বা ছেদন কৰা হৈছে। শব্দকেইটা সামুহিকভাৱে ললে বা বাক্যত ব্যৱহাৰ কৰিলে ‘কাণ কটা’ জতুৱা ঠাঁচটোৱে ‘নিলাজ মানুহ’ক বুজায়। যেনে - ‘‘তোৰ দৰে কাণ কটা ল’ৰা মই দেখা নাই দেই, মাৰ খায়ো স্বভাৱ সলনি নহ’ল। ’’ ৩

উদাহৰণ

অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান জতুৱা ঠাঁচ হৈছে - মাটিৰ মানুহ (সহজ-সৰল লোক), চকুত লগা (ধুনীয়া), খাই পাত ফলা (অশলাগীলোক), তলা-নলা (আঁত-গুৰি নোহোৱা), চকুৰ মণি (আদৰৰ বস্তু), মন পা (মনৰ কথা বুজা), মাটি কৰ (কষ্ট কৰ), হাত পাত (সহায় বিচৰা), চিলিম চিগা (আশা ভংগ হোৱা), জাকত জিলিকা (অতি ধুনীয়া) আদি ৩ অসমীয়া ভাষাত অলেখ জতুৱা ঠাঁচ আছে। জতুৱা ঠাঁচৰ প্ৰয়োগে অসমীয়া ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰিছে।

তথ্যসূত্ৰ

  1. ↑ ঠাঁচ XOBDO.OR DICTIONARY
  2. ↑ জতুৱা ঠাঁ‌চ. xobdo.org
  3. ↑ (ফেব্ৰুৱাৰী, ২০০৪). ৰচনা সঞ্চয়ন, ২০০৪. অসম পাবলিচিং কোম্পানি. পৃ. ১৫৮-১৬০. ISBN 81-86384-28-6

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ব্যাকৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জতুৱা ঠাঁচ” প্ৰবন্ধৰ সংশোধন ৬১৫২৪৬ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।