জিজিয়া (جزية ) হ'ল ইছলামিক ৰাষ্ট্ৰত ইছলামিক আইনেৰে অনুকূলভাৱে স্থায়ীভাবে বসবাস কৰা অমুছলিমসকলৰজন প্ৰতি বছৰেকীয়া ধাৰ্যকৃত কৰ।১২৩ মুছলিম ফকীহসকলৰ অভিমত এই যে অমুছলিম সকলৰ মাজত সেইসকল প্ৰাপ্তবয়স্ক, স্বাধীন, বিবেকী পুৰুষ হ'ব লাগিব।৪ কিন্তু নাৰী, শিশু, বয়স্ক, বিকলাঙ্গ বা প্ৰতিবন্ধী, অসুস্থ, উন্মাদ, সন্ন্যাসী, দাস সকলক নিস্কৃতি দিয়া হৈছে।৫৬৭৮৯ ওচৰা-ওচৰি মুছতামিনছ —অমুছলিম বিদেশী, যিজন অস্থায়ীভাৱে মুছলিম দেশত আশ্ৰয় লয়৫১০ আৰু যিজন অমুছলিমে সামৰিক বাহিনীত যোগদান কৰিব বিছাৰে১১১২১৩ আৰু যদি সিহঁত দিবলৈ অসমৰ্থ তেতিয়াহ'লে সিহঁতক এই কৰৰ পৰা নিস্কৃতি দিয়া হৈছে১৪১৫১৬
হাদিছো জিজিয়া কৰ সম্পৰ্কে উল্লেখ আছে, কিন্তু পৰিমাণ উল্লেখ নাই।১৭ যিয়েই নহওক ফকীহষকল এই বিষয়ে একমত যে পূৰ্বে মুছলিম শাসকসকলে যেনেকৈ বাইজেণ্টাইন আৰু ছাছানীয় সাম্ৰাজ্যত এইটো আদায় কৰিছিল।১০১৮১৯২০২১
ইছলামিক ইতিহাসত ইয়াৰ প্ৰয়োগ বিভিন্ন ৰকম দেখা যায়। বহুত সময়ত জিজিয়াক খাৰাজ ৰ সৈতে সাধাৰণ কৰ হিচাপেও আদায় কৰা হৈছে২২২৩২৪ আৰু ইছলামিক ৰাজনীতিত ৰাজস্ব আদায়ৰ প্ৰধান উৎস আছিল।২৫ জিজিয়া কৰ কৰ দাতাৰ সামৰ্থ অনুসৰি বছৰেকীয়াভাবে নিৰ্ধাৰিত হৈছিল।২৬ বিভিন্ন সময় স্থান,কাল ইত্যাদিৰ ওপৰত ভিত্তি কৰি ভিন্ন সময়ত ধাৰ্যকৃত কৰৰ পৰিমাণ ভিন্ন হৈছে২৭১২৮২৯৩০
এই প্ৰসংগত কোৰআনৰ ছুৰা তওবা’ৰ ২৯ নং আয়াতত কোৱা হৈছে, “যিসকলৰ ওপৰত কিতাপ (কোৰআন) অবতীৰ্ণ হৈছে সিহঁতৰ মাজত যিসকলে আল্লাহক বিশ্বাস নকৰে আৰু পৰকালতো নহয়, আৰু আল্লাহ ও তেওঁৰ ৰাছুলে যিবোৰ হাৰাম কৰিছে সেয়া হাৰাম নাভাবে আৰু সত্যধৰ্ম অনুসৰণ নকৰে, সিহঁতৰ সৈতে যুদ্ধ কৰিবা যেতিয়ালৈকে সিহঁতে বশ্যতা স্বীকাৰ কৰে: আনুগত্যৰ নিদৰ্শন স্বৰূপ স্বেচ্ছায় জিজিয়া দিয়ে”।৩১৩২
ওছমানীয় তুৰস্কত ১৯ শতকৰ মধ্যভাগ লৈকে জিজিয়া বলবৎ আছিল। মুছলিম সকলক বাধ্যতামূলকভাবে সামৰিক বিভাগত যোগদান হ'ব লগা হৈছিল আৰু তাৰ পৰিৱৰ্তে অমুছলিম সকলৰ ওপৰত এটা কৰ ধাৰ্য কৰা হয়। কিন্তু সকলো ধৰ্মৰ নাগৰিক সকলৰ বাবে বাধ্যতামূলক সামৰিক কৰ্ম প্ৰবৰ্তিত হোৱাৰ পাছত এই কৰৰো বিলোপ হয়। মধ্য যুগত পৃথিৱীৰ অন্যান্য মুছলিম শাসিত দেশতো অমুছলিম সকলৰ ওপৰত জিজিয়া কৰ ধাৰ্য কৰা হয়। ভাৰতত আকবৰে এইটো ৰহিত কৰিছিল, কিন্তু সম্ৰাট ঔৰঙ্গজেৱৰ আমলত এইটো পুনঃপ্ৰবৰ্তিত হয়।৩৩৩৪
তথ্যসূত্ৰ
- ↑ Abdel-Haleem, Muhammad. (2010). Understanding the Qur'ān: Themes and Style. I. B. Tauris & Co Ltd. পৃ. 70, 79. ISBN 978-1845117894
- ↑ Abou Al-Fadl 2002, পৃ. 21
- ↑ Jizyah The Oxford Dictionary of Islam (2010), Oxford University Press
- ↑ M. Zawati, Hilmi. (2002). Is Jihād a Just War?: War, Peace, and Human Rights Under Islamic and Public International Law (Studies in religion & society). Edwin Mellen Press. পৃ. 63–4. ISBN 978-0773473041
- ↑ Wael, B. Hallaq. (2009). Sharī'a: Theory, Practice and Transformations. Cambridge University Press. পৃ. 332–3. ISBN 978-0-521-86147-2
- ↑ Ellethy 2014, পৃ. 181
- ↑ Alshech, Eli. (2003). Islamic Law, Practice, and Legal Doctrine: Exempting the Poor from the Jizya under the Ayyubids (1171-1250). Islamic Law and Society
- ↑ Rispler-Chaim, Vardit. (2007). Disability in Islamic law. Springer. পৃ. 44. ISBN 1402050526
- ↑ Majid Khadduri, War and Peace in the Law of Islam, pp. 192-3
- ↑ Mirza, editor, Gerhard Bowering; associate editors, Patricia Crone .. [et al.]; assistant editor, Mahan. (2013). The Princeton encyclopedia of Islamic political thought. Princeton University Press. পৃ. 283. ISBN 0691134847
- ↑ Abdel Haleem 2010, (Ellethy/2014/p=181)
- ↑ "Mapel,Nardin"; Mapel, D.R. and Nardin, T., eds. (1999), International Society: Diverse Ethical Perspectives, p. 231. Princeton University Press. ISBN 9780691049724
- ↑ "ArnoldPoI", Shah/2008/pp=19–20)
- ↑ Ellethy 2014, পৃ. 181
- ↑ Ghazi Kalin Kamali, পৃ. 240–1
- ↑ Abdel-Haleem 2012, পৃ. 75–6, 77
- ↑ Sabet, Amr (2006), The American Journal of Islamic Social Sciences 24:4, Oxford; pp. 99–100
- ↑ Bravmann 2009, পৃ. 199–201, 204–5, 207–12
- ↑ Mohammad, Gharipour. (2014). Sacred Precincts: The Religious Architecture of Non-Muslim Communities Across the Islamic World. BRILL. পৃ. XV. ISBN 9004280227
- ↑ Shah 2008, পৃ. 20
- ↑ Walker Arnold, Thomas. (1913). Preaching of Islam: A History of the Propagation of the Muslim Faith. Constable & Robinson Ltd. পৃ. 59 ff (online)
- ↑ Morony, Michael. (2005). Iraq after the Muslim conquest. Gorgias Press. পৃ. 109, 99–134. ISBN 978-1-59333-315-7
- ↑ Levy, Reuben. (2002). The social structure of Islam. Routledge. পৃ. 310–1. ISBN 978-0-415-20910-6
- ↑ Satish Chandra (1969), Jizyah and the State in India during the 17th Century, Journal of the Economic and Social History of the Orient, Vol. 12, No. 3, pp. 322–40, quote="Although kharaj and jizyah were sometimes treated as synonyms, a number of fourteenth century theological tracts treat them as separate"
- ↑ Oded Peri; Gilbar (Ed), Gad. (1990). Ottoman Palestine, 1800-1914: Studies in economic and social history. E.J. Brill. পৃ. 287. ISBN 978-90-04-07785-0
- ↑ Abu Khalil, Shawkiy. (2006). al-Islām fī Qafaṣ al-ʾIttihām. Dār al-Fikr. পৃ. 149. ISBN 1575470047 (online)
- ↑ Charles Hamilton (1957), Hedaya, Lahore
- ↑ Ghazi Kalin Kamali, পৃ. 82–3
- ↑ The French scholar Gustave Le Bon writes "that despite the fact that the incidence of taxation fell more heavily on a Muslim than a non-Muslim, the non-Muslim was free to enjoy equally well with every Muslim all the privileges afforded to the citizens of the state." Mun'im Sirry (2014), Scriptural Polemics: The Qur'an and Other Religions, p. 179. Oxford University Press. ISBN 978-0199359363
- ↑ Abu Zahra, Muhammad. Zahrat al-Tafāsīr. Dār al-Fikr al-ʿArabī. পৃ. 3277–8
- ↑ তাফছিৰ
- ↑ quran-usc-9/29, Nasr, Seyyed Hossein; Dagli, Caner K.; Dakake, Maria Massi; Lumbard, Joseph E.B.; Rustom, Mohammed. (2015). The Study Quran: A New Translation and Commentary. HarperCollins
- ↑ ইহুদি-খ্ৰীষ্টানৰ বাবেও আৰৱ ভূমিৰ অধিকাৰ সঙ্কুচিত কৰাৰ নিৰ্দেশ
- ↑ হজৰত উমৰ ইবনে আব্দুল আজিজ ৰহঃ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিজিয়া” প্ৰবন্ধৰ সংশোধন ৬৩১৫৭৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।