মাদ্ৰী (Madri) হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰতৰ নকুল আৰু সহদেৱৰ মাতৃ তথা পাণ্ডুৰ পত্নী আৰু যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুনৰ মাহী মাক আছিল মদ্ৰৰ কুঁৱৰী মাদ্ৰী।১২
পাণ্ডু, কুন্তী, আৰু মাদ্ৰী
কুন্তীৰ দেউতাক যাদৱ বংশৰ ৰজা শূৰসেন। তেওঁৰ আচল নাম আছিল পৃথ্বা। দেউতাকে সম্পৰ্কীয় ভায়েক কুন্তীভোজ সন্তানহীন হোৱা বাবে কুন্তীকে ডাঙৰ-দীঘল কৰিবলৈ দিয়ে।
এবাৰ দুৰ্বাসা মুনি কুন্তীভোজৰ ঘৰলৈ আহিল। কুন্তীয়ে তেওঁক কৰা সেৱা-শুশ্ৰূষাত মুনি সন্তুষ্ট হ'ল। তেওঁক কুন্তীক এটা মন্ত্ৰ শিকালে যাৰ সহায়ত কুন্তীয়ে যিকোনো দেৱতাক আহ্বান কৰি তেওঁৰ পৰা সন্তান লাভ কৰিব পাৰিব।
কৌতূহলী কুন্তীয়ে এদিন সেই মন্ত্ৰৰে ভগৱান সূৰ্যক আহ্বান কৰিলে। সূৰ্যই কুন্তীৰ লগত সহবাস কৰি এটা সন্তান দিলে আৰু লগতে কুন্তীৰ সতীত্বও পুনৰ প্ৰদান কৰিলে। এইমতেই কৰ্ণৰ জন্ম হয়। সমাজৰ ৰোষত পৰাৰ ভয়ত কুন্তীয় সন্তানটোক নৈত উটুৱাই দিয়ে। কুন্তীভোজে কুন্তীৰ স্বয়ম্বৰ আয়োজন কৰিলে। স্বয়ম্বৰত কুন্তীয়ে হস্তিনাপুৰৰ ৰজা পাণ্ডুক বৰণ কৰে। ইয়াৰ পাছত ৰাজ্য বঢ়োৱাৰ সংক্ৰান্তত পাণ্ডুৱে মদ্ৰৰ কুঁৱৰী মাদ্ৰীক বিয়া কৰায়।
এদিন পাণ্ডুৱে অৰণ্যত চিকাৰ কৰি থাকোঁতে ভুলতে সংগমত লিপ্ত মৃগয়াৰূপী ঋষি কিন্দম আৰু তেওঁৰ পত্নীক কাঁড় মাৰি হত্যা কৰে। মৃত্যুৰ আগে আগে ঋষিয়ে ৰজাক অভিশাপ দিয়ে যে ৰজাই যেতিয়াই সংগম কৰি তেতিয়াই তেওঁৰ মৃত্যু হ'ব। ইয়াৰ পাছত পাণ্ডুৱে ৰাজ্য পৰিত্যাগ কৰি দুইগৰাকী পত্নীৰে সৈতে বনবাসলৈ প্ৰস্থান কৰে।
কেইজনমান মুনিয়ে পাণ্ডুক কয় যে সন্তানহীন হৈ থাকিলে তেওঁ স্বৰ্গ লাভ কৰিব নোৱাৰিব। এই কথা পাণ্ডুৱে কুন্তীক জনাই কোনো সুপুৰুষৰ পৰা সন্তান লাভ কৰিবলৈ তেওঁক পৰামৰ্শ দিয়ে। কুন্তীয়ে তেতিয়া দুৰ্বাসাৰ পৰা পোৱা মন্ত্ৰ খটুৱাই তিনিজন পুত্ৰৰ মাতৃ হয়— যম দেৱতাৰ পৰা যুধিষ্ঠিৰ, বায়ুৰ পৰা ভীম আৰু ইন্দ্ৰৰ পৰা অৰ্জুন।৩ কুন্তীয়ে মাদ্ৰীকো সেই মন্ত্ৰ শিকাই দিয়াত মাদ্ৰীয়ে অশ্বিন দেৱতা দুজনৰ পৰা নকুল আৰু সহদেৱ নামৰ যঁজা পুত্ৰদ্বয় লাভ কৰে।১
এদিন পাণ্ডুৱে হিতাহিত জ্ঞান হেৰুৱাই মাদ্ৰীৰ লগত সংগম কৰিব খোজাত তেওঁৰ মৃত্যু হয়। ৰজাৰ মৃত্যুৰ কাৰণ হোৱা বুলি মাদ্ৰী সতী হৈ প্ৰাণ ত্যাগ কৰে। ইয়াৰ পাছত কুন্তীয়ে পাঁচোজন পুত্ৰক লৈ হস্তিনাপুৰ যায়গৈ।
বংশ পৰিচয়
মাদ্ৰী আছিল মদ্ৰৰ কুঁৱৰী। কুন্তীদেৱী আছিল তেওঁৰ পতি পাণ্ডুৰ পত্নী। মাদ্ৰী নিজ সন্তান আছিল নকুল আৰু সহদেৱ। তেওঁৰ তোলনীয়া পুত্ৰ অৰ্থাৎ কুন্তীৰ পুত্ৰ আছিল ক্ৰমে- যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুন।
বংশলতা
মূল প্ৰবন্ধ: মহাভাৰতৰ পাত্ৰ
তথ্যসূত্ৰ
- ↑ শইকীয়া, প্ৰদীপ. (2015). কথা মহাভাৰত. বনলতা প্ৰকাশন. ISBN 81-7339-384-2
- ↑ KMG Mahabharata
- ↑ Edward Delavan Perry, Indra in the Rig-Veda. Journal of the American Oriental Society vol. 11.1885. পৃ. 121
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাদ্ৰী” প্ৰবন্ধৰ সংশোধন ৫৬৫২৩৬ (১৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।