অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ঘৰুৱাকৰণ

ঘৰুৱাকৰণ হৈছে কোনো জীৱসমষ্টিৰ কৰ্ষণ বা পালন কৰা। ই ঘৰুৱা বা ব্যৱসায়িকভাৱে পৰ্যায়ত হ'ব পাৰে। ঘৰুৱাকৰণত জীৱৰ ভৌতিক অৱস্থিতি, আচৰণগত বৈশিষ্ট, শাৰীৰিক আকাৰ, নোমৰ গুণগত মান বা বৰণ, বৃদ্ধিৰ হাৰ, জীৱন কাল, উৎপাদন, আৰু অন্য বহু দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

হালনাগাদ: ৩ জুন ২০২০ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

ঘৰুৱাকৰণ হৈছে কোনো জীৱসমষ্টিৰ কৰ্ষণ বা পালন কৰা। ই ঘৰুৱা বা ব্যৱসায়িকভাৱে পৰ্যায়ত হ'ব পাৰে। ঘৰুৱাকৰণত জীৱৰ ভৌতিক অৱস্থিতি, আচৰণগত বৈশিষ্ট, শাৰীৰিক আকাৰ, নোমৰ গুণগত মান বা বৰণ, বৃদ্ধিৰ হাৰ, জীৱন কাল, উৎপাদন, আৰু অন্য বহু দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। পালিত জীৱবোৰ মানুহ বা মানুহৰ ক্ৰিয়াকলাপৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, কেতিয়াবা এনে প্ৰাণীবোৰে বন্য জীৱন যাপন কৰাৰ ক্ষমতাও হেৰুৱাই পেলাই। ঘৰুৱাকৰণ আৰু পালন কাৰ্যৰ মাজৰ পাৰ্থক্য হৈছে, এই ক্ষেত্ৰত জীৱবোৰৰ কেৱল আচৰণ বা পৰিৱেশতান্ত্ৰিক সামাজিকতাই সলনি নহয় লগতে ধ্বনিগত প্ৰকাশভংগী আৰু জিনীয় প্ৰকাৰো সলনি হয়। ঘৰুৱাকৰণ বুলিলে কেৱল প্ৰাণীৰ পোহ-পাল কৰাকে নুবুজাই, ই উদ্ভিদ, ভেঁকুৰ আৰু অন্য জীৱকো ঘৰুৱা ভাৱে কৰ্ষণ কৰা বুজায়। প্ৰাথমিকভাৱে সৌন্দৰ্য বৰ্ধনৰ বাবে ঘৰুৱাকৰণ কৰা উদ্ভিদসমূহক ঘৰুৱা বা আলংকৰিক উদ্ভিদ বোলে, আৰু খাদ্য উৎপাদনৰ বাবে বৃহৎ পৰিসৰত পালন কৰা উদ্ভিদবোৰ হৈছে শস্য। এনে ঘৰুৱা উদ্ভিদ আৰু বন্য প্ৰজাতিবোৰৰ মাজত কোনো পাৰ্থক্য নেথাকে। ঘৰুৱাভাৱে সংগলাভৰ বাবে পালন কৰা প্ৰাণীবোৰক পোহনীয়া আৰু ব্যৱসায়িক লাভালাভৰ বাবে পালন কৰা প্ৰাণীবোৰক ফাৰ্ম এনিমেল বা পালিত পশু বোলে।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘৰুৱাকৰণ” প্ৰবন্ধৰ সংশোধন ২৩৪৭৫০ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।